ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10 Social Science Important Notes

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10 Social Science Important Notes to each chapter are provided in the list so that you can easily browse through different chapters ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10 Social Science SEBA Important Notes and select need one.

Class 10 Social Science Important Notes ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10 Social Science Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Social Science Important Notes ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Here we have given Solutions for All Subjects, You can practice these here.

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

Chapter – 4

SOCIAL SCIENCE

IMPORTANT NOTES

শুদ্ধ উত্তৰ বাছি উলিওৱা:

১। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন আছিল— 

(ক) মিলন।

(খ) বন্তি।

(গ) জ্ঞান বিকাশ।

(ঘ) স্বাধীন।

উত্তৰঃ (ক) মিলন।

২। অসম ছাত্র সন্মিলন গঠন হৈছিল—

(ক) ১৯১৪ চনত।

(খ) ১৯১৬ চনত।

(গ) ১৯১৫ চনত।

(ঘ) ১৯১৭ চনত।

উত্তৰঃ (খ) ১৯১৬ চনত।

৩। অসমীয়া ভাষা-উন্নতি সাধিনী” সভাই প্রকাশ কৰা আলোচনীখন হ’ল—

(ক) অৰুণোদয।

(খ) যুগান্তৰ।

(গ) জোনাকী। 

(ঘ) বন্দেমাতম।

উত্তৰঃ (গ) জোনাকী।

৪। অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল— 

(ক) ১৮৮৮ চনত।

(খ) ১৮৭৩ চনত।

(গ) ১৯৮৮ চনত।

(ঘ) ১৮৩৭ চনত।

উত্তৰঃ (ক) ১৮৮৮ চনত।

৫। অসমীয়া লিটাৰেৰী ছচাইটী’ নামৰ সংগঠনটো গঠন হৈছিল—

(ক) ১৮৬২ চনত।

(খ) ১৮৬৭ চনত।

(গ) ১৮৭২ চনত।

(ঘ) ১৮৭৬ চনত।

উত্তৰঃ (গ) ১৮৭২ চনত।

৬। অসমীয়া লিটাৰেৰী চ’চাইটী” নামৰ সংগঠনটো গঠন হৈছিল— 

(ক) দৰঙৰ।

(খ) যোৰহাটত।

(গ) গুৱাহাটীত।

(ঘ) কলিকতাত।

উত্তৰঃ (ঘ) কলিকতাত।

৭। সদৌ অসম ৰায়ত সভা গঠন হৈছিল—

(ক) ১৯২৮ চনত।

(খ) ১৯৩৩ চনত।

(গ) ১৯৩২ চনত।

(ঘ) ১৯৩০ চনত।

উত্তৰঃ (খ) ১৯৩৩ চনত।

৮। সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিবেশন বহিছিল— 

(ক) দেৰগাঁৱত।

(খ) তেজপুৰত।

(গ) নগাঁৱত।

(ঘ) শিৱসাগৰত।

উত্তৰঃ (ক) দেৰগাঁৱত।

৯। সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিবেশনত সভাপতিত্ব কৰিছিল—

(ক) জ্যোতিপ্ৰসাদ আগৰৱালাই।

(খ) তৰুণৰাম ফুকনে।

(গ) নবীন চন্দ্ৰ বৰদলৈয়ে।

(ঘ) যতীন্দ্ৰ নাথ দুৱৰাই।

উত্তৰঃ (গ) নবীন চন্দ্ৰ বৰদলৈয়ে।

১০। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সভাপতি আছিল— 

(ক) কুলধৰ চলিহা।

(খ) গোপীনাথ বৰদলৈ।

(গ) অম্বিকাগিৰী ৰায় চৌধুৰী।

(ঘ) লক্ষ্মীনাথ বেজবৰুৱা।

উত্তৰঃ (ক) কুলধৰ চলিহা।

১১। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সম্পাদক আছিল— 

(ক) পদ্মনাথ গোহাঞিবৰুৱা।

(খ) অমিয় কুমাৰ দাস।

(গ) নবীন চন্দ্ৰ বৰদলৈ।

(ঘ) কুলধৰ চলিহা।

উত্তৰঃ (গ) নবীন চন্দ্ৰ বৰদলৈ।

১২। আছাম এছ’চিয়েছনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল—

(ক) শিৱসাগৰত।

(খ) যোৰহাটত।

(গ) গোলাঘাটত।

(ঘ) ডিব্ৰুগড়ত।

উত্তৰঃ (ঘ) ডিব্ৰুগড়ত।

১৩। ১৯০৩ চনত কোনে আছাম এছ’চিয়েছন গঠন কৰিছিল—

(ক) পদ্মনাথ গোহাঁই বৰুৱা।

(খ) মাণিক চন্দ্ৰ বৰুৱা।

(গ) হেমচন্দ্ৰ গোস্বামী।

(ঘ) নবীনচন্দ্ৰ বৰদলৈ।

উত্তৰঃ (খ) মাণিক চন্দ্ৰ বৰুৱা।

১৪। ১৯২১ চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল—

(ক) কুলধৰ চলিহা।

(খ) গোপীনাথ বৰদলৈ।

(গ) নবীন চন্দ্ৰ বৰদলৈ।

(ঘ) বিষ্ণুৰাম মেধি।

উত্তৰঃ (ক) কুলধৰ চলিহা।

১৫। উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ’ল—

(ক) ডিব্ৰুগড় বিশ্ববিদ্যালয়।

(খ) অসম বিশ্ববিদ্যালয়।

(গ) গুৱাহাটী বিশ্ববিদ্যালয়।

(ঘ) তেজপুৰ বিশ্ববিদ্যালয়।

উত্তৰঃ (গ) গুৱাহাটী বিশ্ববিদ্যালয়।

অতি চমু প্ৰশ্ন উত্তৰ

১। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?

উত্তৰঃ ১৮৩৬ চনৰ পৰা।

২। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?

উত্তৰঃ ১৮৭৩ চনত।

৩। য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?

উত্তৰঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে।

৪। কোম্পানীৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয় ?

উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ।

৫। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?

উত্তৰঃ ১৯৩৩ চনত।

৬। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল?

উত্তৰঃ মিলন।

৭। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় ?

উত্তৰঃ ১৯৬০ চনৰ ২০ ছেপ্তেম্বৰ।

৮। হেমকোষ’ খনৰ ৰচক কোন?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।

৯। শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ ১৯৬৮ চনত।

১০। ছাইমন কমিছন কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৯২৭ চনত।

১১। পূৰ্ণ স্বৰাজ দিৱস’ কেডিয়া পালন কৰা হৈছিল? 

উত্তৰঃ ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে।

১২। আহোম সভাৰ সম্পাদক কোন আছিল?

উত্তৰঃ পদ্মনাথ গোঁহাইবৰুৱা।

১৩। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰঃ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰা।

১৪। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল?

উত্তৰঃ সৰুপথাৰত ৰেল বগৰোৱাৰ অপৰাধত ǀ

১৫। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ ১৯৪৮ চনৰ ২৬ জানুৱাৰীত।

১৬। অসম এছ’চিয়েচনৰ প্ৰথমখন অধিৱেশনৰ নিৰ্বাচিত সভাপতিৰ নাম লিখা?

উত্তৰঃ গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা।

১৭। অসম এছ’চিয়েচনৰ প্ৰথমখন অধিৱেশনৰ সাধাৰণ সম্পাদকৰ নাম লিখা?

উত্তৰঃ মাণিক চন্দ্ৰ বৰুৱা।

১৮। আহোম সভাৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী কি আছিল?

উত্তৰঃ আহোম জনগোষ্ঠীৰ মাজৰপৰা কানিৰ প্ৰচলন বন্ধ কৰা এই সভাৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল।

১৯। আছাম এছ’চিয়েচনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ডিব্ৰুগড়ত।

২০। ‘জোনাকী’ৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

চমু প্ৰশ্ন উত্তৰ

১। বৃটিছ শাসনাধীন অসমত আসাম এছ ‘চিয়েচনৰ সমাজ সংস্কাৰৰ বাবে আগবঢ়েৱা অৱদান সম্পর্কে লিখা।

উত্তৰঃ আছাম এছ’চিয়েচনে অসমৰ ৰাইজৰ মুখপত্র হিচাপে সেৱা আগবঢ়াইছিল। অৱশ্যে ই প্রত্যক্ষ বা সক্রিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা লোৱা নাছিল। ই শান্তিপূর্ণভাৱে আৰু সাংবিধানিক, প্রশাসনিক সংস্কাৰৰ মাধ্যমেৰে ৰাইজৰ সমস্যাসমূহ সমাধানৰ পোষকতা কৰিছিল। 

এই সংস্থাই কৰা কেইটামান কাম হ’ল-

(ক) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰা।

(খ) এছ ‘চিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণৰ দাবী উত্থাপন কৰিছিল।

(গ) বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।

(৪) ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী জনাইছিল।

(৫) বিধানসভাত প্রতিনিধিত্ব কৰাৰ দাবী উত্থাপন কৰিছিল।

২। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।

উত্তৰঃ প্রথমতে গঠন হোৱা আটাইতকৈ গুৰুত্বপূর্ণ ৰায়ত সভা দুখন হৈছে ১৮৮৪-৮৫ চনত গঠন হোবা তেজপুৰ ৰায়ত সভা আৰু ১৮৮৬-৮৭ চনত গঠন হোৱা নগাঁও ৰায়ত সভা। এই ৰায়ত সভাসমূহৰ পৰিকল্পনা অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে চূড়ান্ত কৰাৰ লগতে কাৰ্যকৰী কৰিছিল। কৃষকৰ অধিকাৰৰ বাবে সংগ্রাম কৰাটোৱেই ৰায়ত সভাৰ উদ্দেশ্য আছিল।

ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। গ্রেজিং কৰ বন্ধ কৰা মাটিৰ খাজনা হ্রাসকৰা আদি দাবীও ৰায়ত সভাই উত্থাপন কৰিছিল। এই সভাই পূৰ্ববংগৰ পৰা অসমলৈ হোৱা প্ৰব্ৰজন ৰোধ কৰিবলৈও দাবী উত্থাপন কৰিছিল।

অৱশ্যে লক্ষ্যণীয় কথাটো এয়ে যে ১৮৯৩-৯৪ চনত নগাঁও, দৰং আৰু কামৰূপ জিলাৰ বিভিন্ন অংশত সূত্রপাত হোৱা কৃষক বিদ্ৰোহসমূহত ৰায়ত সভাই সক্রিয় ভূমিকা পালন কৰা নাছিল। ঊনবিংশ শতিকাৰ আৰম্ভণিতে ৰায়ত সভাসমূহৰ প্ৰাৰম্ভিক অৱস্থিতিৰ অন্ত পৰে।

১৯৩০ চনৰ পৰা ১৯৩৪ চনলৈ আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসম প্রদেশ কংগ্রেছ কমিটিয়ে এই ৰায়ত সভাসমূহৰ পুনৰ গঠন কৰে। এই সময়ছোৱাত ৰায়ত সভাসমূহে মাটিৰ খাজনা ৫০ শতাংশ হ্রাস কৰিবলৈ দাবী-উত্থাপন কৰিছিল।

ৰাজ্যখনত ৰায়ত সভাসমূহৰ কাৰ্যৰ সমন্বয় সাধন কৰিবলৈ আৰু সামুহিক লক্ষ্যত উপনীত হ’বলৈ কংগ্রেছ নেতা নবীন চন্দ্ৰ বৰদলৈৰ তত্ত্বাৱধানত ১৯৩৩ চনৰ ৮ এপ্ৰিলত সদৌ অসম ৰায়ত সভাৰ গঠন হয়। পৰৱৰ্তী কেইটামান বর্ষত প্রায় ৩০০ খন ৰায়ত সভাৰ গঠন হয়।

অৱশ্যে, ১৯৪০ চনৰ শেষৰফালে ৰায়ত সভাসমূহৰ কাম কাজ নোহোৱা হৈ পৰিছিল আৰু বুজন সংখ্যকে অসম প্রদেশ কংগ্রেছ কমিটিৰ লগত চামিল হৈ পৰিছিল।

৩। অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।

উত্তৰঃ গান্ধীজীয়ে ভাৰতৰ সকলো লোককে যেতিয়া অসহযোগ আন্দোলনত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছিল তেতিয়া আছাম এছ’চিয়েছনে আন্দোলনত অংশগ্ৰহণ কৰাৰ সন্দৰ্ভত নিশ্চয়তা প্রদান কৰা নাছিল। গংগাগোবিন্দ বৰুৱা, তাৰা প্ৰসাদ চলিহা, ঘনশ্যাম বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱাই আন্দোলনত অংশগ্রহণ নকৰিবলৈ সিদ্ধান্ত লৈছিল।

১৯২০ চনৰ ডিচেম্বৰ মাহত তেজপুৰত অনুষ্ঠিত আছাম এছ’চিযেছনৰ ১৭ তম অধিবেশনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনত অংশগ্রহণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হয়। ইয়াৰ ফলস্বৰূপে ১৯২১ চনৰ জুন মাহত আছাম এছ’চিয়েছন অসম প্রদেশ কংগ্রেছ কমিটিলৈ ৰূপান্তৰিত হয়।

১৯২১ চনত মহাত্মা গান্ধীয়ে অসমত পদার্পণ কৰাৰ পাছত অসহযোগ আন্দোলনৰ গতিতীব্ৰতৰ হৈছিল। হাজাৰ হাজাৰ লোকে তেওঁৰ সভাত অংশগ্রহণ কৰিছিল। মহাত্মা গান্ধীৰ আহ্বান ক্রমে বহুতো লোকে আন্দোলনত অংশগ্ৰহণৰ পদক্ষেপেৰে শিক্ষানুষ্ঠান- চৰকাৰী কাৰ্যালয় আৰু আদালত বৰ্জন কৰিছিল।

অসহযোগ আন্দোলনলৈ পূর্ণ সমর্থন আগবঢ়োৱা অন্য এটা গোট আছিল চাহ বাগিছাৰ শ্ৰমিকসকল। তেওঁলোকে ঔপনিবেশিক শশাষণৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰাৰ সুযোগ গ্রহণ কৰিলে। ১৯২১ চনত কৰিমগঞ্জ মহকুমাৰ প্ৰায় ৮০০০ হেজাৰ চাহ শ্রমিকে কংগ্ৰেছৰ নেতৃত্বত ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল।

তেওঁলোকে মজুৰি বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰিছিল। অৱশ্যে, চৰকাৰে কঠোৰভাৱে এই বিক্ষোভ দমন কৰিছিল। ইয়াৰ ফলত ভালেমান শ্ৰমিকৰ মৃত্যু হৈছিল আৰু বাকীসকলে পুনৰায় কামত যোগদান কৰিবলৈ বাধ্য হৈছিল।

অসহযোগ আন্দোলনৰ এটা ইতিবাচক প্রভাৱ এয়ে যে ইয়াৰ ফলত গুৱাহাটী, নলবাৰী, যোৰহাট, তেজপুৰ, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ আৰু মৌলবী বজাৰকে ধৰি অসমৰ ভিন্ন ঠাইত জাতীয় শিক্ষানুষ্ঠান স্থাপিত হৈছিল।

অসমত স্থাপিত প্রথমটো জাতীয় শিক্ষানুষ্ঠান আছিল ১৯২১ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীত স্থাপিত তিলক সোঁৱৰণী স্কুল। এই আন্দোলনৰ অন্য এটা ইতিবাচক প্রভাৱ এয়ে যে ইয়াৰ ফলত কানিৰ ব্যৱহাৰ হ্রাস পাইছিল। পূর্বতে অসম ৰাজ্যত বিস্তৃতভাবে কানিৰ ব্যৱহাৰ হৈছিল।

কিন্তু কংগ্ৰেছৰ নেতৃত্বত হোৱা কানি বিৰোধী অভিযানৰ বাবে কানিৰ বিক্ৰী আৰু ব্যৱহাৰ যথেষ্ট  হ্রাস পায়। কানি বিক্ৰীৰ জৰিয়তে আয় হোৱা ৰাজহ ১৯ লাখ টকা পর্যন্ত হ্রাস পাইছিল।

৪। অসমত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ অবদান সম্পর্কে আলোচনা কৰা।

উত্তৰঃ অসমত অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধিনী সভা অঃ ভাঃ উঃ সাঃ ৰ অৱদান সম্পর্কে তলত আলোচনা কৰা হ’ল-

(ক) অসমীয়া ভাষা উন্নতি সাধিনী সভাই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ ভাৱ গঢ়ি তুলিবলৈ সক্ষম হৈছিল।

(খ) উক্ত সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল।

(গ) অঃ ভাঃ উঃ সাঃ সভাই অসমৰ এক সর্বাত্মক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ পুথিসমূহ অসমীয়ালৈ অনুবাদ কৰাৰ কামো অতি তৎপৰতাৰে হাতত লৈছিল।

(ঘ) এই সভাৰ প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ অত্যুৎকৃষ্ট কৃতি হেমকোষ চপোৱাৰ প্ৰকাশৰ কাম হাতত লৈছিল।

(ঙ) অঃ ভাঃ উঃ সাঃ সভাই প্রকাশ কৰা জোনাকীয়ে অসমত এক নতুন যুগৰ সৃষ্টি কৰিছিল যাক জোনাকী যুগ বুলি জনা যায়।

৫। যোৰহাট সার্বজনিক সভাৰ উদ্দেশ্য আৰু কার্যাৱলী সম্পর্কে লিখা।

উত্তৰঃ যোৰহাট সার্বজনিক সভাৰ ১৮৮৪ চনত যোৰহাটত গঠন হয়। এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুবা।

যোৰহাট সার্বজনিক সভাৰ প্রধান উদ্দেশ্যসমূহ—

(ক) চৰকাৰক ৰাইজৰ আশা-আকাংক্ষা সম্পর্কে জনোৱা।

 (খ) চৰকাৰৰ নীতিসমূহ ৰাইজক ব্যাখ্যা কৰা।

(গ) জনসাধাৰণৰ দুখ-দুর্দশা হ্রাস কৰা।

যোৰহাট সার্বজনিক সভাৰ কাৰ্যৱলীসমূহ—

(ক) এই সভাই অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ আইন, ১৮৮৬ ৰ বিৰোধিতা কৰিছিল।

(খ) ১৮৯২-৯৩ চনত চৰকাৰে বৰ্দ্ধিত নিৰিখৰ ৰাজহ আৰোপ কৰাৰ বাবে সভাই কৃষক সমাজৰ সৈতে প্রতিবাদ সাব্যস্ত কৰিছিল।

(গ) ১৮৯৩ চনত কানিৰ ব্যৱসায় অব্যাহত ৰাখিবলৈ ৰাজকীয় কানি আয়োগলৈ এখন স্মাৰক পত্র প্ৰেৰণ কৰিছিল।

(ঘ) এই সভাই ১৯০৫ চনৰ বংগ বিভাজনৰ বিৰুদ্ধে আৰম্ভণিতে বিৰোধিতা কৰিছিল যদিও তদানীন্তন অসমৰ মুখ্য আয়ুক্ত ব্যামফিল্ড ফুলাৰে অসমৰ সৈতে পূৰ্ববংগৰ চামিল কৰণৰ ফলত অসম উপকৃত হ’ব বুলি ব্যক্ত কৰাত ইয়াৰ বহুততা সদস্যই ধাৰণাটোৰ সমৰ্থন কৰিছিল।

৬। আছাম এছ’চিয়েচনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা।

উত্তৰঃ আছাম এছ’চিয়েছনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত ডিব্রুগড়ত অনুষ্ঠিত হৈছিল। এই অধিৱেশনত ৰাজা প্রভাত চন্দ্ৰ বৰুৱাক সভাপতি আৰু মানিক চন্দ্ৰ বৰুৱাক সাধাৰণ সম্পাদক হিচাপে নির্বাচিত কৰা হয়। ১৯০০ চনৰ পৰা ১৯২০ চনলৈ এই সংগঠনে জনসাধাৰণৰ মুখপাত্র হিচাপে সেৱা আগবঢ়ায়।

ই জনসাধাৰণৰ অভাব-অভিযোগ আৰু আশা- আকাংক্ষা সম্পর্কে কর্তৃপক্ষক অৱগত কৰিছিল। ইয়াৰ বহুতো সদস্য আইন সভাৰ সদস্য হোৱা বাবে তেওঁলোকে চৰকাৰক প্রভাৱিত কৰিব পাৰিছিল আৰু এনেদৰে অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি উন্নীতকৰণৰ বাবে এই সংগঠনে প্রশংসনীয় ভূমিকা পালন কৰিছিল। আছাম এছচিয়েছৰ কেইটামান পদক্ষেপ তলত উল্লেখ কৰা হ’ল-

(ক) পৌৰসভাত চৰকাৰী বিষয়া আৰু স্থানীয় – সমিতিত চাহ খেতিয়কসকলৰ আধিপত্যৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল।

(খ) স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ বাবে দাবী জনাইছিল। 

(গ) কৰ, আৱকাৰী শুল্ক আদিৰ বৃদ্ধিত বিৰোধিতা কৰিছিল।

(ঘ) কানিৰ বিক্ৰী আৰু ব্যৱহাৰত সম্পূর্ণ নিষেধাজ্ঞা বলবৎ কৰাৰ দাবী উত্থাপন কৰিছিল।

(ঙ) কলিকতা বিশ্ববিদ্যালয়ৰ সংস্থাত অসমীয়া লোক প্রতিনিধিত্ব আৰু কটন মহাবিদ্যালয়ত অসমীয়া শিক্ষকৰ নিযুক্তিৰ দাবীউত্থাপন কৰিছিল।

(চ) ৰাজ্যখনত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ আহ্বান কৰিছিল। 

(ছ) ১৯০৫ চনত পূর্ব বংগৰ সৈতে অসমক সংলগ্ন কৰাৰ বিৰোধিতা কৰিছিল।

(জ) ১৯১৯ চনৰ মন্টেগা-ছেমছফ’ৰ্ড সংস্কাৰ অসমত প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰিছিল।

(ঝ) অসমত বিশ্ববিদ্যালয় স্থাপনৰ দাবী উত্থাপন কৰিছিল।

৭। গোপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ ১৯৪৬ চনত অনুষ্ঠিত সাধাৰণ নির্বাচনৰ পাছত গোপীনাথ বৰদলৈৰ নেতৃত্বত কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিছিল। বিধান সভাত কংগ্ৰেছ দলে ১০৮ খন আসনৰ ৫৮ খন আসন লাভ কৰে। ফলস্বৰূপে, গোপীনাথ বৰদলৈ প্রথমগৰাকী মুখ্যমন্ত্রীত পৰিণত হয়। সেই সময়ত মুখ্যমন্ত্রীক প্রধানমন্ত্রী বুলি কোৱা হৈছিল।

নতুন মন্ত্রীসভাই তলত দিয়া সমস্যাসমূহৰ সন্মুখীন হৈছিল-

(ক) স্বাধীনতাৰ সময়লৈকে অসমত উপযুক্ত শৈক্ষিক আন্তঃগাঁথনি নাছিল। গতিকে, মানৱ সম্পদ উন্নয়নৰ বাবে নতুন চৰকাৰে উপযুক্ত শৈক্ষিক গাঁথনি প্রতিষ্ঠা কৰিবলগীয়া হৈছিল।

(খ) স্বাধীনতাৰ পিছত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সীমা নির্ধাৰণৰ বিষয়টোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছিল।

(গ) ১৯৪৭ চনৰ আগষ্টত হোৱা ভাৰত বিভাজনে অসমৰ সৈতে ভাৰতৰ অন্যান্য অঞ্চলৰ যোগাযোগ বিঘ্নিত কৰিছিল। পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰে’লপথ আৰু নদী পৰিবহণ পূর্ব পাকিস্তানৰ অন্তর্ভুক্ত হৈ পৰিছিল। গতিকে, পৰিবহণৰ নতুন পথৰ বিকাশ সাধন কৰিবলগীয়া হৈছিল।

(ঘ) বিভাজনে বংগ-অসম-আৰাকান অঞ্চলৰ মাজত বিৰাজ কৰা জটিল অর্থনৈতিক সম্পর্কত ব্যাঘাত জন্মাইছিল।

(ঙ) স্বাধীনতাৰ আগতে চাহ, নীল, মৰাপাট, ৰেছম আৰু কপাহী বস্তুৰ বাবে আন্তঃৰাষ্ট্রীয় পর্যায়ত অসম প্রসিদ্ধ আছিল। বিভাজনে এই সকলোবোৰতে প্রভাৱ বিস্তাৰ কৰিছিল।

(চ) ৰাজ্যখনৰ সামগ্রিক অর্থনৈতিক অৱস্থা নিম্ন পৰ্যায়ৰ আছিল। ইয়াৰ ফলত জনমূৰি আয় নিম্ন হয় আৰু মানুহৰ জীৱন ধাৰণৰ মানদণ্ডও নিম্ন হয়। এই পৰিস্থিতি উন্নত কৰিবলৈ চৰকাৰে জটিল পদক্ষেপ গ্রহণ কৰিবলগীয়া হৈছিল।

(ছ) স্বাধীনতাৰ পিছত পূব পাকিস্তানৰ পৰা জনপ্ৰব্ৰজন আৰম্ভ হয়। চৰকাৰে ইয়াৰ লগত মোকাবিলা কৰিবলগীয়া হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top