মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Class 10 Social Science Important Notes

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Class 10 Social Science Important Notes to each chapter are provided in the list so that you can easily browse through different chapters মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Class 10 Social Science SEBA Important Notes and select need one.

Class 10 Social Science Important Notes মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Class 10 Social Science Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Social Science Important Notes মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Here we have given Solutions for All Subjects, You can practice these here.

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

Chapter – 2

SOCIAL SCIENCE

IMPORTANT NOTES

শুদ্ধ উত্তৰ বাছি উলিওৱা:

১। ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ ‘কেবিনেট মিছন’ পঠিয়াইছিল—

(ক) ১৯৩৫ চনৰ আগষ্ট মাহত।

(খ) ১৯৪৫ চনৰ জুলাই মাহত।

(গ) ১৯৪৬ চনৰ মাৰ্চ মাহত।

(ঘ) ১৯৪৭ চনৰ আগষ্ট মাহত।

উত্তৰঃ (গ) ১৯৪৬ চনৰ মাৰ্চ মাহত।

২। ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰ ঘোষণা কৰা বৃটিছ প্ৰধানমন্ত্ৰীজন আছিল—

(ক) ৰামছে মেকডোনাল্ড।

(খ) ক্লিমেণ্ট এটলি।

(গ) উইনষ্টন চাৰ্চিল।

(ঘ) থেৰেচা মে’ই।

উত্তৰঃ (ক) ৰামছে মেকডোনাল্ড।

৩। ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল—

(ক) ফেব্ৰুৱাৰী, ১৯৪৭

(খ) জুলাই, ১৯৪৭

(গ) জুন, ১৯৪৭

(ঘ) মাৰ্চ, ১৯৪৭

উত্তৰঃ (খ) জুলাই, ১৯৪৭

৪। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগানটো দিছিল—

(ক) আইন অমান্য আন্দোলনত।

(খ) খিলাফৎ আন্দোলনত।

(গ) অসহযোগ আন্দোলনত।

(ঘ) ভাৰত ত্যাগ আন্দোলনত।

উত্তৰঃ (ঘ) ভাৰত ত্যাগ আন্দোলনত।

৫। চৌৰীচৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল—

(ক) ৫ ফেব্ৰুৱাৰী, ১৯২২

(খ) ৮ আগষ্ট, ১৯৪২

(গ) ৩১ জানুৱাৰী, ১৯৩০

(ঘ) ৬ এপ্ৰিল, ১৯১৯

উত্তৰঃ (ক) ৫ ফেব্ৰুৱাৰী, ১৯২২

৬। সত্যাগ্ৰহ শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল—

(ক) সুভাষ চন্দ্ৰ বসুৱে।

(খ) মহাত্মা গান্ধীয়ে।

(গ) জৱাহৰলাল নেহৰুৱে।

(ঘ) মৌলানা চৌকত আলিয়ে।

উত্তৰঃ (খ) মহাত্মা গান্ধীয়ে।

৭। মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ নীতি পোন প্ৰথমে প্ৰয়োগ কৰিছিল—

(ক) চম্পাৰণৰ কৃষক আন্দোলনত।

(খ) খেড়াৰ কৃষক আন্দোলনত।

(গ) দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলনত (১৮৯৩)।

(ঘ) ১৯৯৯ চনৰ সত্যাগ্ৰহ আন্দোলনত।

উত্তৰঃ (গ) দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলনত (১৮৯৩)।

৮। মুছলমানৰ বাবে পৃথক গৃহভূমিৰ দাবী উত্থাপন কৰিছিল—

(ক) ছালিম উল্লাই।

(খ) লিয়াকৎ আলিয়ে।

(গ) আব্দুল গফুৰ থানে।

(ঘ) মহম্মদ আলি জিন্নাই।

উত্তৰঃ (ঘ) মহম্মদ আলি জিন্নাই।

৯। সত্যাগ্ৰহৰ ভিত্তি হ’ল—

(ক) অহিংসা।

(খ) সত্য।

(গ) গ্ৰাম্য।

(ঘ) স্বৰাজ।

উত্তৰঃ (ক) অহিংসা।

১০। ১৯১৭ চনত ইতিহাসত কোনটো বিপ্লৱ সংঘটিত হৈছিল—

(ক) আগষ্ট বিপ্লৱ।

(খ) ৰুছ বিপ্লৱ।

(গ) ফৰাচী বিপ্লৱ।

(ঘ) সেউজ বিপ্লৱ।

উত্তৰঃ (খ) ৰুছ বিপ্লৱ।

১১। সবর্মতী আশ্ৰম  ক’ত অৱস্থিত—

(ক) বিহাৰত।

(খ) ৰাজস্থানত।

(গ) গুজৰাটত।

(ঘ) নেপালত।

উত্তৰঃ (গ) গুজৰাটত।

১২। জালিৱানৱালাবাগ ক’ত অৱস্থিত—

(ক) অসমত।

(খ) পশ্চিমবংগত।

(গ) বিহাৰত।

(ঘ) পাঞ্জাৱত।

উত্তৰঃ (ঘ) পাঞ্জাৱত।

১৩। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল—

(ক) ক্লিমেণ্ট এটলী।

(খ) উইনষ্টম চাৰ্চিল।

(গ) প্ৰধানমন্ত্ৰী ডিজৰেলী।

(ঘ) ৰামজে মেক ডোনাল্ড।

উত্তৰঃ(গ) প্ৰধানমন্ত্ৰী ডিজৰেলী।

১৪। আজাদ হিন্দ ফৌজৰ জন্ম ক’ত হৈছিল—

(ক) জাপানত।

(খ) জাৰ্মানীত।

(গ) চিংগাপুৰত।

(ঘ) ভাৰতবৰ্ষত।

উত্তৰঃ (ক) জাপানত।

১৫। দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল—

(ক) ১৯১৩ চনত।

(খ) ১৯৩১ চনত।

(গ) ১৯২৩ চনত।

(ঘ) ১৯৩২ চনত।

উত্তৰঃ (খ) ১৯৩১ চনত।

অতি চমু প্ৰশ্ন উত্তৰ

১। সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোন প্ৰথমতে প্ৰয়োগ কৰিছিল?

উত্তৰঃ সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে দক্ষিণ আফ্ৰিকা দেশত পোন প্ৰথমতে প্ৰয়োগ কৰিছিল।

২। কাৰ কাৰ নেতৃত্বত ভাৰতৰ খিলাফৎ আন্দোলনৰ সূচনা হৈছিল?

উত্তৰঃ মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত ভাৰতৰ খিলাফৎ আন্দোলনৰ সূচনা হৈছিল।

৩। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিবেশনত ভাৰতীয় সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯২৯ চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছৰ অধিৱেশনত।

৪। সত্যাগ্ৰহ শব্দটোৰ প্ৰকৃত অৰ্থ কি?

উত্তৰঃ সত্যাগ্ৰহ শব্দটো সত্য আৰু আগ্ৰহ এই দুটা শব্দ লগ হৈ সৃষ্টি হৈছে। সত্যাগ্ৰহ শব্দটোৰ প্ৰকৃত অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ।

৫। সত্যাগ্ৰহ শব্দটো কোনে সৰ্বপ্ৰথম ব্যৱহাৰ কৰিছিল?

উত্তৰঃ সত্যাগ্ৰহ শব্দটো মহাত্মা গান্ধীয়ে সৰ্বপ্ৰথম ব্যৱহাৰ কৰিছিল।

৬। গান্ধী-আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৯৩১ চনৰ ৫ মাৰ্চ তাৰিখে ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত গান্ধী আৰউইন চুক্তি সম্পন্ন হৈছিল।

৭। গান্ধী-আৰউইন চুক্তিৰ এটা পৰিণতি উল্লেখ কৰা?

উত্তৰঃ গান্ধী-আৰউইন চুক্তিৰ পৰিণতিত কংগ্ৰেছক দ্বিতীয় ঘুৰণীয়া মেজমেললৈ নিমন্ত্ৰণ জনোৱা হয়।

৮। কাৰ নেতৃত্বত জালিৱানৱালাবাগৰ হত্যাকাণ্ড হৈছিল?

উত্তৰঃ ১৯১৯ চনৰ ১৩ এপ্ৰিলত জেনেৰেল ডায়াৰৰ নেতৃত্বত।

৯। সীমান্ত গান্ধী নামেৰে কাক জনা যায়?

উত্তৰঃ খান আব্দুল গফুৰ খানক।

১০। মহাত্মা গান্ধীয়ে তেওঁৰ অনুগামীসকলৰ সৈতে কিমান দিনৰ পিছত দাণ্ডিত উপস্থিত হৈছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে তেওঁৰ অনুগামীসকলৰ সৈতে ২৫ দিনৰ পিছত দাণ্ডিত উপস্থিত হৈছিল।

চমু প্ৰশ্ন উত্তৰ

১। কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া।

উত্তৰঃ দেশৰ স্বাধীনতা লাভৰ বাবে মহাত্মা গান্ধীয়ে আৰম্ভ কৰা শেহৰটো গণ আন্দোলন আছিল ভাৰত ত্যাগ আন্দোলন। গান্ধীজীৰ মতাদর্শক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যে কংগ্রেছ ৱর্কিং কমিটিয়ে ১৯৪২ চনৰ আগষ্টত ৱার্ধাত মিলিত হৈ ভাৰত ত্যাগ প্রস্তাৱ গৃহীত কৰে। ১৯৪২ চনৰ ৭ আৰু ৮ আগষ্টত বোম্বাইত মিলিত হৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ প্রস্তাৱৰ কিছু ৰূপান্তৰ ঘটাই ইয়াক গৃহীত কৰে। 

ভাৰত ত্যাগ আন্দোলনৰ সূচনা হোৱা পৰিস্থিতি কেইটা তলত উল্লেখ কৰা হ’ল-

(ক) ক্ৰিপছমিছনৰ ব্যৰ্থতা। 

(খ) জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি।

(গ) পূর্ববংগৰ সন্ত্রাস। আৰু

(ঘ) ব্ৰিটিছে ভাৰতক সুৰক্ষা প্রদান কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত সঞ্চাৰ হোৱা উপলব্ধি। এই তীব্র গণ আন্দোলনে ভাৰতৰ ব্ৰিটিছ চৰকাৰৰ ভেটি কঁপাই তুলিছিল। এই ঘটনাই স্বাধীনতা প্রাপ্তিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছিল।

২। সত্যাগ্রহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্রথমতে প্রয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা।

উত্তৰঃ দক্ষিণ আফ্রিকাত থকা অৱস্থাত মহাত্মা গান্ধীয়ে সত্যাগ্রহৰ ধাৰণাটোৰ বিকাশ সাধন কৰিছিল। দক্ষিণ আফ্ৰিকাৰ চৰকাৰৰ বৈষম্যমূলক পদক্ষেপৰ বিৰুদ্ধে প্ৰতিৰোধৰ মুখ্য অস্ত্র হিচাপে তেওঁ এই ধাৰণাটো ব্যৱহাৰ কৰিছিল। সত্যাগ্রহ শব্দটো ‘সত্য’ আৰু ‘আগ্রহ’ শব্দ দুটা মিলিত হৈ সৃষ্টি হৈছে।

ইয়াৰ অৰ্থ হৈছে ‘সত্যৰ প্রতি আগ্রহ’। সত্যাগ্রহৰ ভিত্তি হৈছে অহিংসা আৰু সত্য। এয়া হৈছে ক্ষোভ- অসন্তুষ্টি প্রকাশৰ শান্তিপূর্ণ উপায় অৱলম্বনেৰে ক্ষমতাৰ বিৰুদ্ধে নিৰস্ত্র সংগ্রাম। এয়া হৈছে বেয়াৰ বিৰুদ্ধে ভাল, ঘৃণাৰ বিৰুদ্ধে প্রেম আদিৰে কৰা সংগ্ৰামৰ অনুশীলন’।

অৱশেষত দক্ষিণ আফ্রিকা আৰু ভাৰত উভয়তে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত সত্যাগ্রহ গান্ধীজীৰ মুখ্য অস্ত্র হৈ পৰিল। ১৯১৫ চনত গান্ধীজীয়ে ভাৰতত উপনীত হৈ সঠিক ধৰণে আৰু বিস্তৃতভাবে সত্যাগ্রহ আন্দোলন সংগঠিত কৰিছিল। দক্ষিণ আফ্রিকাত তেওঁ আহৰণ কৰা শিকনি তেওঁৰ পথ প্ৰদৰ্শনকাৰি নীতি হৈ পৰে।

যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্রথমতে প্রয়োগ কৰিছিল। 

সেই তিনিটাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

(ক) চম্পাৰণ (উত্তৰ ৰিহাৰ) বিবাদঃ ১৯১৭ চনত গান্ধীয়ে বিহাৰৰ চম্পাৰণৰ নিপীড়িত নীল খেতিৰ শ্ৰমিকসকলৰ বিষয়টোত দৃষ্টি নিবদ্ধ কৰিছিল। শ্রমিকসকলে চহকী নীল খেতিৰ গৰাকীসকলৰ অসংগত ব্যৱস্থাপনাৰ বাবে অশেষ যাতনা ভোগ কৰিবলগীয়া হৈছিল।

(খ) খেড়া (গুজৰাট) বিবাদঃ ১৯১৮ চনত গুজৰাটৰ খেড়া জিলাত শস্য নষ্ট হোৱাৰ সত্ত্বেও চৰকাৰে ভূমি ৰাজহ ৰেহাই দিবলৈ অমান্তি হৈছিল, সম্পূর্ণ মাত্ৰাত ৰাজহ সংগ্ৰহৰহে পোষকতা কৰিছিল। মহাত্মা গান্ধীয়ে কৃষকসকলক সমৰ্থন কৰিছিল আৰু কৃষকসকলৰ ৰাজহ ৰেহাইৰ দাবী মানি নোলোৱালৈকে ৰাজহ পৰিশোধন কৰিবলৈ তেওঁলোক পৰামৰ্শ প্রদান কৰিছিল।

(গ) আহমেদাবাদ (গুজৰাট) বিবাদঃ আহমেদাবাদৰ মিল শ্রমিক আৰু মিল মালিকসকলৰ মাজৰ বিবাদ মীমাংসা কৰিবলৈ সত্যাগ্রহক কৌশল হিচাপে প্রয়োগ কৰিছিল।

৩। গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনৰ আঁৰত কি আছিল? তেখেতে এই আন্দোলন কেনেকৈ পৰিচালিত কৰিছিল?

উত্তৰঃ ১৯৪২ চনৰ আগষ্ট মাহত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল। গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনৰ আঁৰত আছিল—

(ক) দ্বিতীয় বিশ্বযুদ্ধ: ১৯৩৯ চনত আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধত ব্রিটিছে সম্পূর্ণ স্বাধীনতাৰ প্রস্তাৱ গ্রহণ কৰিলে ভাৰতবৰ্ষই তেওঁলোকক সহায়ৰ প্রতিশ্রুতি দিছিল। কিন্তু ব্ৰিটিছে তেওঁলোকৰ প্রস্তাৱ অগ্রাহ্য কৰি ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থাৰ লগতে সংবিধান প্রণয়নৰ বাবে প্রধানমন্ত্রী উইলষ্টন চার্চিলে ষ্টেফ’ৰ্ড ক্রিপছকহে ভাৰতলৈ পঠাইছিল। কিন্তু ক্রিপছ মিছনৰ ব্যৰ্থতাব বাবে মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন কৰিবলৈ সিদ্ধান্ত লৈছিল।

(খ) জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি: ১৯৪২ চনৰ এপ্রিল মাহৰ মাজভাগলৈ জাপান আৰু থাইলেণ্ডে মিত্রশক্তিৰ অপূৰণীয় ক্ষতি সাধন কৰি বহুলোকক যুদ্ধবন্দী কৰিছিল। সেয়েহে, তেনে সময়ছোৱাত জাপানৰ ভাৰত আক্ৰমণৰ সম্ভাৱনাই দেখা দিছিল।

১৯৪২ চনৰ আগষ্ট মাহত সূচনা হোৱা ভাৰত ত্যাগ আন্দোলনত গান্ধীজীয়ে সত্যাগ্রহৰ সলনি ‘কৰিম কিম্বা মৰিম’ শ্লগানেৰে উদ্বুদ্ধ হৈ ওলাই আহিছিল। এই আন্দোলনত মহাত্মা গান্ধীৰ সৈতে ছাত্র, শ্রমিক, মহিলা, কৃষকসকল আগবাঢ়ি অহাত আন্দোলনটোৱে এক নতুন মাত্রা লাভ কৰিছিল। আন্দোলনটি আৰম্ভ কৰাৰ বাবে মহাত্মা গান্ধীকে ধৰি ভালেমানলোক কাৰাবন্দী হৈছিল। তথাপিও মহাত্মা গান্ধীৰ সবল নেতৃত্ববাদী মনোভাৱ আৰু অনবদ্য অৱদানৰ বাবেই আন্দোলনটিৰ পৰিণামস্বৰূপে ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল।

৪। ভাৰতত আইন অমান্য আন্দোলন কেতিয়া সংঘটিত হৈছিল? মহাত্মা গান্ধীয়ে এই আন্দোলনটো কেনেকৈ পৰিচালনা কৰিছিল?

উত্তৰঃ ভাৰতত আইন অমান্য আন্দোলন ১৯৩০ চনৰ মাৰ্চ মাহত সংঘটিত হৈছিল। ভাৰতত আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণ আছিল- ব্ৰিটিছ চৰকাৰৰ দ্বাৰা ছাইমন কমিছন গঠন আৰু পূৰ্ণ স্বৰাজৰ দাবী। ১৯৩০ চনৰ ৩১ জানুৱাৰী তাৰিখে গান্ধীয়ে ব্রিটিছ অপশাসনৰ অৱসান বিচাৰি কেইবাটাও দাবী সম্মিলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰে আৰু তাত উল্লেখ কৰে যে যদি পত্ৰত উল্লেখিত দাবীসমূহ মানি লোৱা নহয় তেন্তে দেশে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিব। তাৰ সমান্তৰালভাৱে ১৯৩০ চনৰ মাৰ্চ মাহত মহাত্মা গান্ধীয়ে লোণ সত্যাগ্রহৰ জৰিয়তে আইন অমান্য আন্দোলন আৰম্ভ কৰে যাক ঐতিহাসিক দাণ্ডিযাত্রা নামেৰে জনা যায়। গান্ধীৰ আহ্বান ক্রমে এই আন্দোলন সর্বত্রে বিয়পি পৰিছিল আৰু দেশৰ অন্যান্য প্রান্ততো লোণ আইনক ‘প্রত্যাহ্বান জনোৱা হৈছিল। উত্তৰ-পশ্চিম সীমান্ত প্রদেশত ‘ৰেড চার্টছ’সকলে এই আন্দোলনটো চলাই নিছিল। এই আন্দোলনত গান্ধীজীৰ লগতে হাজাৰ হাজাৰ স্বাধীনতাপ্রেমী পুরুষ, মহিলা আৰু ল’ৰা-ছোৱালীয়ে গ্রেপ্তাৰ বৰণ কৰিছিল। আইন অমান্য আন্দোলন চলি থকাৰ বাবে কংগ্ৰেছে লণ্ডনত অনুষ্ঠিত প্রথমখন ঘূৰণীয়া মেজমেল বৰ্জন কৰিছিল। মহাত্মা গান্ধীয়ে ১৯৩১ চনৰ ৫ মার্চ তাৰিখৰ গান্ধী-আৰউইন চুক্তি অনুসৰি আইন অমান্য আন্দোলনৰ কাৰ্যসূচী প্রত্যাহাৰ কৰিছিল। কিন্তু লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেল বর্জন হোৱাত গান্ধীয়ে পুনৰ আইন অমান্য আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছিল। ১৯৩৪ চনৰ মে’ মাহত মহাত্মা গান্ধীয়ে এই আন্দোলন সম্পূৰ্ণৰূপে প্রত্যাহাৰ কৰে।

৫। কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে অহিংসা আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে এই আন্দোলন কিয় বন্ধ কৰিবলগীয়া হৈছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে অহিংসা নীতিৰে ব্ৰিটিছ শাসনৰ অৱসান ঘটাবলৈ দৃঢ়প্রতিজ্ঞ হৈছিল। জাতীয় নেতাসকলে এইটো বুজি উঠিছিল যে সাংবিধানিক সংশোধনৰ দ্বাৰা ভাৰতীয়সকলক ন্যার্য প্রদান কৰাটো পর্যাপ্ত নাছিল। সেই কাৰণে তেওঁলোকে ১৯২০ চনৰ ১ আগষ্টত কলিকতাত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন বিশেষ সভাত গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল।

 ইয়াৰ কাৰ্যসূচীসমূহ আছিল-

(ক) এই আন্দোলনৰ মূল লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূর্ণভাৱে অটুট ৰখা। হেজাৰ হেজাৰ সাধাৰণ মানুহ এই উদ্দেশ্যেৰে আন্দোলনত নামিছিল।

(খ) ১৯১৯ চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্রিটিছৰ দমনমূলক নীতিও বৃদ্ধি পাইছিল। ই অসহযোগ আন্দোলনত অৰিহণা যোগাইছিল। হিন্দু মুছলমানৰ একতা বৃদ্ধি হৈছিল আৰু একেলগে আন্দোলনত অংশগ্রহণ কৰিছিল।

(গ) বিদেশী ব্যয়-বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰা হৈছিল। 

(ঘ) বৃহৎ সংখ্যক ছাত্র-ছাত্রীয়ে চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় ত্যাগ কৰিছিল।

(ঙ) বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ কাটল নিদিয়াৰ সপক্ষে প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল।

(চ) কংগ্রেছে কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল।

(ছ) শেঠ যমনলাল বাজাজে কাছাৰী ত্যাগ কৰা উকীলসকলৰ পৰিয়ালৰ ভৰণ-পোষণৰ বাবে বছৰি এক লাখকৈ টকা দিয়াৰ ঘোষণা কৰিছিল।

(জ) কংগ্রেছে প্রায় চল্লিশ লাখ, স্বেচ্ছাসেৱকক সদস্যভুক্ত কৰিছিল, বিশ হাজাৰ চৰখা নিৰ্মাণ কৰা হৈছিল।

(ঝ) নানান ধৰণৰ ব্যক্তিগত আৰু ৰাজহুৱা বিবাদবোৰৰ সমাধান ৰাইজৰ আদালতত কৰা হৈছিল।

(ঞ) অসহযোগ আন্দোলনৰ খৰচ-পাতিৰ বাবে গঢ়ি তোলা তিলক-স্বৰাজ পুঁজিয়ে খুব কম সময়ৰ ভিতৰতে এক কোটিতকৈয়ো অধিক টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

(ট) জনসাধাৰণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীয়ে প্রায় গোটেই দেশখনেই ভ্ৰমণ কৰিছিল।

১৯২২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্থানীয় পুলিচ আৰু প্রতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘর্ষ সংঘটিত হৈছিল। এই সংঘর্ষত তিনিজন প্রতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২ জন পুলিচক হত্যা কৰে। এই ঘটনাক লৈ গান্ধী মর্মাহত হোৱাৰ লগতে আন্দোলনে যে অহিংস নীতি পৰিহাৰ কৰিছে বাৰুকৈয়ে উপলব্ধি কৰিছিল। সেয়েহে তেওঁ আন্দোলন বন্ধ কৰি তিনি সপ্তাহৰ অনশনত বহিছিল।

৬। মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰা আৰু এই আন্দোলন স্থগিতকৰণৰ কাৰণ উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্রেছৰ নেতৃত্বত এই অসহযোগ আন্দোলন ১৯২০ চনৰ পৰা ১৯২২ চনলৈ চলিছিল। গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্রিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্রতিজ্ঞ হৈছিল। আকৌ বিভিন্ন কাৰণতো এই আন্দোলনৰ জন্ম হৈছিল। তাৰ ভিতৰত প্ৰথম বিশ্বযুদ্ধৰ পিছত ভাৰতীয়সকলৰ অসন্তুষ্টি আৰু ভাৰতৰ অৰ্থনীতি আৰু ইয়াৰ মানৱ সম্পদৰ ওপৰত পেলোৱা বিৰূপ প্রভাৱ। ১৯১৯ চনত ৰাওলাট এক্টৰ জৰিয়তে ব্ৰিটিছৰ বৰ্দ্ধিত দমনমূলক নীতি আৰু একে সময়তে জালিৱানৱালাবাগৰ হত্যাকাণ্ড। ব্রিটিছে ভাৰতীয়সকলক শোষণৰ লগতে খিলাফৎ আন্দোলনৰ প্রতি সমর্থন আদি বিভিন্ন কাৰণতে গান্ধীজীয়ে এই অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলনৰ কার্যসূচীসমূহ আছিল গঠনমূলক আৰু প্রতিশোধমূলক। গঠনমূলক কাৰ্যৰ ভিতৰত শিক্ষাৰ জাতীয়কৰণ, স্বদেশী আদর্শ গ্রহণ আৰু প্ৰচাৰ, সেৱাদলত ভর্তি আদি। প্রতিশোধমূলক ব্যৱস্থা আছিল আইন-আদালত বৰ্জন কৰা, ব্রিটিছ শিক্ষা বর্জন, ব্রিটিছ সামগ্রী বর্জন আদি।

এনেদৰে বিভিন্ন প্ৰকাৰে আন্দোলন কৰা বাবে চৰকাৰে শ্ৰমিক আৰু কৃষকসকলৰ ওপৰত নিৰ্যাতন চলাইছিল আৰু হাজাৰ হাজাৰ লোকক জেলত ভৰাই থৈছিল। পুলিচৰ অত্যাচাৰত অতিষ্ট হৈ উত্তৰ প্ৰদেশৰ কৃষকসকলে ১৯২২ চনত পুলিচ চকীত জুই জ্বলাই দিয়ে আৰু তাৰ ফলত ২২ জন পুলিচৰ মৃত্যু হয়। গান্ধীজীয়ে এই খবৰটো শুনি বৰ দুখ পাইছিল। কাৰণ তেওঁ অহিংস পদ্ধতিৰেহে আন্দোলনটো চলাব বিচাৰিছিল। তেতিয়া গান্ধীজীয়ে ১৯২২ চনৰ ১২ ফেব্ৰুৱাৰীত আন্দোলনটো বন্ধ কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছিল।

৭। ১৯৩১ চনৰ গান্ধী আৰউইন চুক্তিৰ ৪টা চৰ্ত লিখা।

উত্তৰঃ (ক) চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিব লগতে অসংগ্ৰহীৰ জৰিমনা মাফ কৰিব।

(খ) চৰকাৰে সাগৰৰ পাৰৰ গাওঁবাসীক প্রয়োজনীয় নিমখ তৈয়াৰ কৰাৰ অনুমতি দিব।

(গ) তৃতীয় পক্ষৰ ওচৰত বিক্ৰী নকৰা সত্যাগ্রহীৰ পৰা অধিগ্রহণ কৰা মাটি চৰকাৰে ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে।

(ঘ) শান্তিপূর্ণ আৰু অহিংস ধৰ্মঘট কৰাৰ অনুমতি দিয়ে।

৮। মহাত্মা গান্ধীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? অসহযোগ আন্দোলনৰ ৫টা কাৰ্যসূচী লিখা।

উত্তৰঃ ১৯২০ চনৰপৰা ১৯২২ চনলৈ অহিংস পথেৰে ব্ৰিটিছ শাসনৰপৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। 

অসহযোগ আন্দোলনৰ ৫টা কাৰ্যসূচী হ’ল-

(ক) এই আন্দোলনৰ মুখ্য লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূর্ণভাৱে অটুট ৰখা। হেজাৰ হেজাৰ সাধাৰণ মানুহ এই উদ্দেশ্যেৰে আন্দোলনত নামিছিল। এই আন্দোলনে মানুহৰ আৱেগক উজ্জীৱিত কৰি তুলিছিল।

(খ) বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়- মহাবিদ্যালয় ত্যাগ কৰিছিল।

(গ) বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ-কাটল নিদিয়াৰ সপক্ষে প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল।

(ঘ) কংগ্রেছে সেই সময়ছোৱাত কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল।

(ঙ) জনসাধাৰণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীয়ে প্রায় গোটেই দেশখনেই ভ্ৰমণ কৰিছিল।

৯। ভাৰত স্বাধীন আইন কোনে আৰু কেতিয়া অনুমোদন কৰে? এই আইনৰ দফাকেইটা লিখা।

উত্তৰঃ ১৯৪৭ চনৰ জুলাই মাহত ব্রিটিছ সংসদে ভাৰত স্বাধীন আইন অনুমােদন কৰে।

এই আন্দোলনৰ দফাকেইটা হ’ল-

(ক) ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব।

(খ) ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্ব-শাসিত দেশ গঠন কৰা হ’ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই ব্রিটিছ কমনৱেলথত দেশ দুখনে যোগ দিব নে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল’ব।

(গ) প্রতিখন স্ব-শাসিত দেশতে একোজনকৈ গৱৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব।

(ঘ) দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূর্ণ নিজাববীয়াকৈ আইন প্রণয়নৰ অধিকাৰ লাভ কৰিব।

১০। ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল?

উত্তৰঃ প্রথম বিশ্বযুদ্ধত তুর্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে, খলিফাৰ গুৰুত্ব একেবাৰে কমি গৈছিল। মুছলমানসকলে তুৰস্কৰ সম্ৰাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে মানিছিল। কিন্তু খলিফাই নিজৰ সাম্রাজ্যৰে পৱিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল। ভাৰতীয় মুছলমানসকলে খলিফাৰ দুর্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত এখন খিলাফৎ সমিতি গঠন কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মর্যাদালৈ ঘূৰাই অনা। গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ ইয়াক এটা সুযোগ হিচাপে গ্রহণ কৰি খিলাফৎ আন্দোলনলৈ মুকলি সমর্থন জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। মহাত্মা গান্ধী, মতিলাল নেহৰু, মদনমোহন আদি নেতায়ো খিলাফৎ সমিতিক ৰাষ্ট্ৰীয় স্বাৰ্থত পূর্ণ সমর্থন আগবঢ়াইছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top