অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ Class 10 Social Science Important Notes

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ Class 10 Social Science Important Notes to each chapter are provided in the list so that you can easily browse through different chapters অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ Class 10 Social Science SEBA Important Notes and select need one.

Class 10 Social Science Important Notes অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ Class 10 Social Science Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Social Science Important Notes অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ Here we have given Solutions for All Subjects, You can practice these here.

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

Chapter – 3

SOCIAL SCIENCE

IMPORTANT NOTES

শুদ্ধ উত্তৰ বাছি উলিওৱা:

১। অসমত দাস প্ৰথাৰ বিলুপ্তি হৈছিল—

(ক) ১৮৪৩ চনত।

(খ) ১৮৪৫ চনত।

(গ) ১৮৪০ চনত।

(ঘ) ১৮৩৯ চনত।

উত্তৰঃ (ক) ১৮৪৩ চনত।

২। মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল— 

(ক) মিলচ চাহাবে।

(খ) মধুমল্লিক।

(গ) মহিৰাম মুক্তিয়াৰ।

(ঘ) মণিৰাম দেৱাণে।

উত্তৰঃ (খ) মধুমল্লিক।

৩। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল—

(ক) মধুমল্লিকে।

(খ) দুতিৰাম বৰুৱাই।

(গ) বাহাদুৰ গাঁওবুঢ়াই।

(ঘ) মণিৰাম দেৱানে।

উত্তৰঃ (ঘ) মণিৰাম দেৱানে।

৪।  ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ ‘কেবিনেট মিছন’ পঠিয়াইছিল?

(ক) ১৯৩৫ চনৰ আগষ্ট মাহত।

(খ) ১৯৪৫ চনৰ জুলই মাহত।

(গ) ১৯৪৬ চনৰ মাৰ্চ মাহত।

(ঘ) ১৯৪৭ চনৰ আগষ্ট মাহত।

উত্তৰঃ (গ) ১৯৪৬ চনৰ মাৰ্চ মাহত।

৫। মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচিকাঠত ওলমোৱা হৈছিল— 

(ক) জিউৰাম দুলীয়া বৰুৱাক।

(খ) পিয়লি বৰুৱাক।

(গ) গোমধৰ কোঁৱৰক।

(ঘ) দুতিৰাম বৰুৱাক।

উত্তৰঃ (খ) পিয়লি বৰুৱাক।

৬। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল— 

(ক) শম্ভু ধন কছাৰীয়ে।

(খ) ওকিয়াং নং বাহে।

(গ) ) টিকেন্দ্রজিতে।

(ঘ) ৰাজেন্দ্ৰ সিঙে।

উত্তৰঃ (ক) শম্ভু ধন কছাৰীয়ে।

৭। জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়—

(ক) ১৮৩০ চনত।

(খ) ১৮৪৫ চনত।

(গ) ১৮৩৫ চনত।

(ঘ) ১৮৬১ চনত।

উত্তৰঃ (গ) ১৮৩৫ চনত।

৮। অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল—

(ক) ১৮২৪ চনত।

(খ) ১৮২৮ চনত।

(গ) ১৮৩০ চনত।

(ঘ) ১৮২৬ চনত।

উত্তৰঃ (ঘ) ১৮২৬ চনত।

৯। পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত জিলাধিপতি আছিল—

(ক) জে আৰ বেৰিংটন।

(খ) লেফটেনেণ্ট হার্বাট স্কন্স।

(গ) ৰেনছম চাহাব।

(ঘ) জে ডি এণ্ডাৰছন।

উত্তৰঃ (ঘ) জে ডি এণ্ডাৰছন।

১০। ব্ৰিটিছে টিকট কৰ প্ৰৱৰ্তন কৰিছিল—

(ক) ১৮৪৮ চনত।

(খ) ১৮৫৮ চনত।

(গ) ১৮৬৩ চনত।

(ঘ) ১৮৭৮ চনত।

উত্তৰঃ (ক) ১৮৪৮ চনত।

অতি চমু প্ৰশ্ন উত্তৰ

১। ব্ৰিটিছে অসমত দাস প্রথা কেতিয়া বন্ধ কৰিছিল?

উত্তৰঃ ১৮৪৩ চনত।

২। ব্ৰিটিছে অসমত কেতিয়া চাহ-বাগান স্থাপন কৰিছিল?

উত্তৰঃ ১৯ শতিকাৰ আৰম্ভণিতে।

৩। ১৯ শতিকাৰ কৃষক বিদ্রোহ সমূহক কোনে নেতৃত্ব দিছিল?

উত্তৰঃ ৰাইজমেল সমূহে।

৪। ব্ৰিটিছে কেতিয়া আফুগুটিৰ খেতি সম্পূৰ্ণৰূপে বন্ধ কৰিছিল?

উত্তৰঃ ১৮৬১ চনত। 

৫। ফুলগুৰিৰ কৃষক বিদ্ৰোহক কোনটো জনগোষ্ঠীয় সম্প্রদায়ে নেতৃত্ব দিছিল? 

উত্তৰঃ তিৱা জনগোষ্ঠীয়ে।

৬। ১৮৬১ চনত নগাঁৱৰ উপায়ুক্ত কোন আছিল?

উত্তৰঃ লেফটেনেণ্ট হার্বাট স্কন্স।

৭। ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ ১৮৯৩ চনৰ ২৪ ডিচেম্বৰত।

৮। কোন চনত জয়ন্তীয়া ৰাজ্য ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা ব্ৰিটিছৰ হাতলৈ যায়?

উত্তৰঃ ১৮৩৫ চনত।

৯। মণিৰাম দেৱানৰ কোনে বিচাৰ কৰিছিল? 

উত্তৰঃ কেপ্টেইন হলৰইডে।

১০। উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে প্ৰদান কৰিছিল?

উত্তৰঃ শম্ভুধন কাছাৰীয়ে।

১১। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ক’ত ফাঁচী দিয়া হৈছিল?

উত্তৰঃ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাট জেলত ফাঁচি দিয়া হৈছিল।

১২। আয়কৰ কেতিয়া লগোৱা হৈছিল? 

উত্তৰঃ ১৯৬০ চনত।

১৩। টিকেন্দ্রজিৎ কোন আছিল?

উত্তৰঃ টিকেন্দ্ৰজিৎ মণিপুৰত হোৱা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ সেনাপতি আছিল।

১৪। জয়ন্তীয়া বিদ্ৰোহৰ কেতিয়া অন্ত পৰিছিল?

উত্তৰঃ১৮৬৩ চনত।

১৫। টিকেন্দ্রজিৎ কোন আছিল?

উত্তৰঃ টিকেন্দ্ৰজিৎ মণিপুৰত হোৱা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ সেনাপতি আছিল।

১৬। টিকট কৰ কেতিয়া লগোৱা হৈছিল?

উত্তৰঃ ১৮৫৮ চনত।

চমু প্ৰশ্ন উত্তৰ

১। ইতিহাসত ফুলগুৰি ধাৱাৰ বিষয়ে এটি চমু টোকা লিখা।

উত্তৰঃ ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা প্ৰথম বিদ্রোহটোৱেই হ’ল ফুলগুৰিৰ ধাৱা। ১৮৬১ চনত ফুলগুৰি ধাৱা সংঘটিত হৈছিল। ফুলগুৰি হ’ল তিৱা জনগোষ্ঠীৰ এখন গাওঁ য’ত আফু খেতি বৃহৎ পৰিমাণত হয়। কিন্তু চৰকাৰে এই আফু খেতি বন্ধ কৰি দিছিল, কিয়নো তেওঁলোকে নিজে তৈয়াৰ কৰা কানি বিক্ৰী কৰিব। ইয়াৰ পিছতে কৃষকসকলে প্রতিবাদ আৰম্ভ কৰিছিল আৰু তেওঁলোকে ফুলগুৰিত ৰাইজমেল পাতিছিল। নগাঁৱৰ উপায়ুক্ত হার্বার্ট স্কন্সে ৰাইজক অতি বেয়া ব্যৱহাৰ কৰিছিল আৰু তাৰ ফলত ৰাইজ ক অধিক ক্ষোভিত হৈ পৰিছিল, তাৰ পিছতে কৃষকসকলে ফুলগুৰিত প্ৰথমতে ৰাইজমেল পাতিছিল। প্রথমদিনা সমবেত প্রায় এহেজাৰ লোক লাঠিৰে সৈতে সজ্জিত আছিল। হার্বার্ট স্কলে তেওঁৰ সহকাৰী উপায়ুক্ত ছিংগাৰক সভাস্থলীলৈ পঠিয়ালে। ছিংগাৰে ৰাইজৰ এই প্ৰতিবাদৰ উদ্দেশ্য জনাৰ পিছত, ৰাইজক সেই প্রতিবাদীস্থলী ত্যাগ কৰিবলৈ নির্দেশ দিয়ে। ছিংগাৰৰ এই কাৰ্যৰ ফলত ৰাইজ আৰু ছিংগাৰৰ মাজত লাঠি টনাটনি লাগে আৰু তেনে সময়তে বাবু কৈৱৰ্ত্ত নামৰ এজন মাছমৰীয়াই ছিংগাৰক মুৰত কোবাই। ছিংগাৰ মাটিত ঢলি পৰে আৰু থিতাতে মৃত্যুবৰণ কৰে। আন পুলিচবাহিনীবোৰ ভয়তে সেই ঠাইৰ পৰা পলাই পত্রং দিয়ে। এই ঘটনাটোকে ইতিহাসত ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হৈছে।

২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যর্থ হোৱাৰ কাৰণবোৰ আলোচনা কৰা। 

উত্তৰঃ বিভিন্ন কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল-

(ক) প্রথমতে অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল। ইয়াৰ সমৰ্থকসকল যোৰহাট আৰু শিৱসাগৰৰ বাহিৰত নাছিল। গতিকে আন ঠাইত ইবিশেষ সমর্থন লাভ কৰা নাছিল।

(খ) দ্বিতীয়তে বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল, গতিকে প্রস্তুতিবোৰ কাৰ্যকৰী কৰা নাছিল। ইয়াৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ বাবে যথেষ্ট সময় লাভ কৰিছিল।

(গ) তৃতীয়তে মণিৰাম দেৱান বিদ্ৰোহস্থলীৰ পৰা দূৰৈত অৱস্থান কৰিছিল। ফলত প্রশাসনিক অভিজ্ঞতা থাকিলেও বিদ্ৰোহৰ নেতৃত্বৰ বাবে দক্ষতা দেৱানৰ নাছিল।

(ঘ) চতুর্থতে বিদ্রোহীসকলে গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ – হৈছিল আৰু বিভিন্ন পৰিকল্পনাসমূহ আগতীয়াকৈ ধৰা পৰিছিল।

এইদৰে বিভিন্ন কাৰণত এই বিদ্রোহ ব্যর্থ হৈছিল।

৩। ভাৰতৰ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণসমূহ আৰু অসমত ইয়াৰ প্ৰভাৱ চমুকৈ আলোচনা কৰা। 

 উত্তৰঃ ভাৰতৰ ১৮৫৭-৫৮ চনৰ বিদ্রোহ আছিল ভাৰতীয়সকলৰ মাজত পুঞ্জীভূত অসন্তুষ্টিৰ বহিঃপ্রকাশ। 

এই বিদ্ৰোহৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) বৃটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্রা অর্থনীতিয়ে সৰ্বসাধাৰণ মানুহৰ মনত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। এই মুদ্রা অর্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু জনসাধাৰণে এই সুদখোৰ মহাজন শ্ৰেণীৰ পৰা টকা ধাৰলৈ লৈ হ’লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল।

(খ) সাধাৰণ শ্ৰেণীৰ অৱস্থাৰ বিপৰীতে অভিজাত শ্ৰেণীৰ লোকসকলৰো অৱস্থা শোচনীয় আছিল। অভিজাত শ্ৰেণীৰ কিছুসংখ্যক লোকে আৰম্ভণিৰে পৰা বৃটিছ শাসনৰ লগত জড়িত হ’বলৈ চেষ্টা কৰিছিল যদিও আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱা বাবে বহুতে নতুন প্রশাসনত অংশ ল’বলৈ সক্ষম হোৱা নাছিল। ইংৰাজ শাসকেও প্রশাসন চলাবলৈ বংগদেশৰ পৰা বঙালী শিক্ষিত লোকক আমদানি কৰিবলৈ বাধ্য হৈছিল।

(গ) ভাৰতবৰ্ষৰ ভিন ভিন ৰাজ্যত বৃটিছ শাসনে কুটীৰ শিল্পৰ অৱনতিত অৰিহণা যোগাইছিল। বৃটিছে ভাৰতীয় বস্তুৰ বিপৰীতে বিলাতী বস্ত্ৰৰ আমদানিত পৃষ্ঠপোষকতা কৰাত এই কুটীৰ শিল্পৰ লগত জড়িত মানুহখিনিৰ অৱস্থা শোচনীয় হৈ পৰিছিল।

অসমত ১৮৫৭-৫৮ চনৰ প্ৰভাৱৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

(ক) বৃটিছ শাসনৰ বিৰুদ্ধে অসমীয়া জনসাধাৰণ জাগ্ৰত হৈ উঠিছিল। ১৮৫৭ চনৰ বিদ্রোহে অসমৰ অভিজাত সাধাৰণ শ্ৰেণীটোক বৃটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্র প্রতিষ্ঠা কৰাৰ এক সোণালী সুযোগ প্রদান কৰিছিল।

(খ) ব্রহ্মপুত্র উপত্যকাত কিছুসংখ্যক লোকে অসমত অৱস্থান কৰা বৃটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টি বিয়পাই অসমতো চিপাহী বিদ্ৰোহৰ উত্থান ঘটাই আহোম ৰাজপৰিয়ালৰ এজন কোঁৱৰক অসমৰ ৰজা হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল।

(গ) উত্তৰ ভাৰতত যেতিয়া বিদ্রোহ আৰম্ভ হৈছিল, অসমত তেতিয়া ইংৰাজ সৈন্যৰ দুটা ৰেজিমেন্ট আছিল- ডিব্ৰুগড়ৰ প্ৰথম আসাম লাইট ইনফেণ্ট্রী আৰু গুৱাহাটীৰ দ্বিতীয় আসাম লাইট ইনফেণ্ট্রী। বিহাৰত চিপাহী বিদ্ৰোহৰ খবৰ পাই এই ৰেজিমেণ্টত থকা ছাউনীৰ মাজতো অসন্তুষ্টি বিয়পি পৰা দেখা গৈছিল।

৪।  অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে আলোচনা কৰা। 

উত্তৰঃ মণিৰাম দেৱানৰ আচল নাম আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা। মণিৰাম দেৱান অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ মূল নায়ক আছিল। অসমৰ পৰা ব্রিটিছ শাসনৰ অৱসান ঘটাবলৈ আৰু কন্দপেশ্বৰ সিংহক সিংহাসনত বহুৱাবলৈ তেওঁ আপ্রাণ চেষ্টা কৰিছিল।

১৮২৮ চনত ব্রিটিছে মণিৰাম দেৱানক চিৰস্তাদাৰ (ৰাজহৰ হিচাপ ৰক্ষক) হিচাপে যোৰহাটত নিযুক্তি দিয়ে। এই পদবীত থাকোতে তেওঁ ৰাজহ বিভাগৰ বহুখিনি সংস্কাৰ কৰি নিজৰ কৰ্মদক্ষতা প্রদর্শন কৰিছিল।

পুৰন্দৰ সিংহক যেতিয়া উজনি অসমত ব্রিটিছচৰকাৰে পুনৰ প্ৰতিষ্ঠা কৰিছিল, তেতিয়া মণিৰাম দেৱানে পুৰন্দৰ সিংহৰ অধীনত দেৱান হিচাপে যোগদান কৰিছিল। অজ্ঞাত কাৰণত মণিৰাম দেৱানে এই পদবীৰপৰা ইস্তাফা দি অসম টি কোম্পানীত (ব্রিটিছ মালিকনাধীন) যোগদান কৰে। ১৮৪৪ চনত তেওঁ এই পদবীৰপৰা ইস্তাফা দি নিজেই যোৰহাটত চাহ বাগিচা খুলিছিল। যেতিয়া মিৰাটত প্রথমবাৰৰ বাবে ভাৰতীয় সৈন্যই বিদ্রোহ ঘোষণা কৰিছিল, মণিৰাম দেৱানে কলিকতাত বাহৰ পাতি আছিল। এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্রদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্র প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁ কলিকতালৈ ব্রিটিছ চৰকাৰক এখন আর্জি পেচ কৰিবলৈ গৈছিল।

কলিকতাত মণিৰাম দেৱানে মধুমল্লিক নামৰ এজন বাঙালী মুক্তিয়াৰৰ লগ লাগি অসমৰ পৰা ইংৰাজক খেদোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। বাহাদুৰ গাঁওবুঢ়া, ফর্মুদ আলী, পিয়লি ফুকনকে ধৰি অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকে তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল। এইটো ঠিক হৈছিল যে আহোম কোঁৱৰ কন্দপেশ্বৰ সিংহৰ অধীনত অসমৰ চিপাহীসকলে বিদ্রোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্র-শস্ত্রসহ কলিকতাৰপৰা আহি সহায়ৰ হাত আগবঢ়াব। ইংৰাজ চৰকাৰে এইষড়যন্ত্ৰৰ উমান পাই বিদ্রোহীসকলক দমন কৰিবলৈ চেষ্টা কৰিছিল।

১৮৫৭ চনৰ ছেপ্তেম্বৰত শিৱসাগৰৰ প্রিন্সিপাল এছিছটেন্ট কেপ্তেইন হলৰইডে মণিৰাম দেৱানে লিখা ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ উল্লেখ থকা বহুকেইখন চিঠি ধৰা পেলাই। কেপ্তেইন হলৰইডৰ আহ্বানত কেপ্তেইন লউডাৰে এটি ব্রিটিছ ফৌজৰ সৈতে যোৰহাটত উপস্থিত হয় আৰু ৭ ছেপ্তেম্বৰ তাৰিখে কন্দপেশ্বৰ সিংহক আটক কৰে। কন্দপেশ্বৰ সিংহৰ গ্রেপ্তাৰৰ পিছতেই কলিকতাত মণিৰাম দেৱানক গ্রেপ্তাৰ কৰা হয়।

কেপ্তেইন হলৰইডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে দোষী সাব্যস্ত কৰি ফাঁচীৰ হুকুম দিয়ে। ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত দুয়োজনকে ৰাজহুৱাকৈ ফাঁচী দিয়া হয়।

৫। “পথৰুঘাটৰ কৃষক বিদ্রোহ’ৰ ওপৰত এটা টোকা লিখা।

উত্তৰ কামৰূপৰ বিদ্ৰোহৰ অন্ত নহওঁতে দৰং জিলাৰ অন্তর্গত মঙলদৈ মহকুমাৰ পথৰুঘাটতো ১৮৯৪ চনৰ ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ এক বিদ্ৰোহৰ সূচনা হৈছিল।

কাৰণ: (ক) বর্ধিত হাৰত খাজনা বৃদ্ধি।

(খ) খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰা।

ৰাইজমেলৰ প্ৰস্তুতি: ১৮৯৪ চনৰ জানুৱাৰী মাহৰ মাজভাগৰ পৰাই মঙলদৈ মহকুমাৰ কলাইগাঁও, ছিপাঝাৰ, মঙলদৈ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত ২৬-২৮ জানুৱাৰী তাৰিখলৈ তিনিদিনীয়া ৰাইজমেল অনুষ্ঠিত কৰিছিল।

ৰাইজমেল বন্ধৰ পদক্ষেপ: ৰাইজমেলৰ প্ৰস্তুতিৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে. ডি. এণ্ডাৰছনক সেই সম্পর্কে অৱগত কৰাত পুলিচ আৰু সামৰিক বাহিনীৰ এটা ফৌজ লৈ পুলিচ অধীক্ষক জে. আৰ. বেৰিংটনৰ সৈতে আহি ২৭ জানুৱাৰীত পথৰুঘাটত উপস্থিত হৈছিল।

ব্ৰিটিছৰ লগত বিদ্ৰোহীৰ সংঘৰ্ষ: পুলিচ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰা কাৰ্যত ২০০ জন কৃষকে বেৰিংটন চাহাবক আগুৰি ধৰাত তেওঁ কোনোমতেহে পলাই গৈ জিৰণি শিবিৰত থকা এণ্ডাৰছনক ঘটনাৰ সবিশেষ জনায়। কেই ঘণ্টামান পিছত হাতত লাঠি আৰু বাঁহৰ কামি লৈ প্রায় ২০০ জনমান উত্তেজিত কৃষক ‘জিৰণি শিবিৰত উপস্থিত হৈছিল। তেতিয়া এণ্ডাৰছনে সকলোকে ঘৰাঘৰি যাব দিয়াত লাঠি জোকাৰি, দলি-ফর্মুটি মাৰি আৰু বেছি ওচৰলৈহে গৈছিল। তেনেতে পুলিচ অধীক্ষকৰ নিৰ্দেশত হোৱা গুলীচালনাত ১৪০ জন কৃষকৰ মৃত্যু হোৱাৰ লগতে ১৫০ জন লোক আহতো হয়।

ফলাফল: (ক) বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ বাবে ৩৭ জন কৃষকক গ্ৰেপ্তাৰ কৰা হৈছিল।

(খ) ইয়াৰে আকলু শ্বেখ, আৰু অন্য ছয়জনক শাস্তি প্রদান কৰা হৈছিল আৰু বাকীখিনিক মুক্তি দিয়া হৈছিল।

পথৰুঘাটত সংঘটিত এই বিদ্রোহে পৰৱৰ্তী সময়ত অসমীয়া জনগণক স্বাধীনতা সংগ্ৰামৰ প্ৰতি অনুপ্ৰেৰণা যোগাইছিল।

৬। ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ এটি চমু বিৱৰণ লিখা। 

উত্তৰঃ ১৮৯৩ চনৰ ২৪ ডিচেম্বৰৰ দিনাখন ৰঙিয়া বজাৰ লুট-পাটেৰে ৰঙিয়া কৃষক বিদ্ৰোহৰ আৰম্ভণি হয়। 

১৮৯৪ চনৰ ৮ জানুৱাৰিৰ দিনা পুলিচে ১৫ জন কৃষকক এখন ৰাইজমেলৰ পৰা গ্রেপ্তাৰ কৰে। এই মেলখনত তেওঁলোকে উপায়ুক্তক তেওঁলোকৰ দুখ-দুর্দশাৰ বিষয়ে কিদৰে অৱগত কৰিব সেই বিষয়ে আলোচনা কৰিবলৈ লগ হৈছিল। ১০ ডিচেম্বৰৰ দিনা ৰঙিয়া থানাৰ সমীপত প্রায় ৩০০০ কৃষক বিভিন্ন মৌজাৰপৰা আহি গোট খাইছিল। উপায়ুক্ত মেক কেবেই তেওঁলোকক আঁতৰি যাবলৈ আদেশ দিয়াটো তেওঁলোক আঁতৰা নাছিল। তেতিয়া মেক কেবেই বিষয়সমূহৰ বিষয়ে আলোচনা কৰিবলৈ কৃষকসকলৰ মাজৰ পৰা প্ৰতিনিধি বিচৰাত সকলো কৃষকে চিঞৰি উঠিল যে আমি বর্ধিত হাৰত খাজনা নিদিওঁ। যেতিয়া তেওঁলোকে থানাৰ ভিতৰলৈ জোৰেৰে প্ৰৱেশৰ চেষ্টা কৰিলে তেতিয়া মেক কেবে আৰক্ষীক গুলীচালনা কৰিবলৈ আদেশ দিয়ে। ফলত কৃষকসকলে প্রস্থান কৰে। মেক কেবেই ১০ জানুৱাৰিৰ দিনা এখন জাননীযোগে উপায়ুক্তৰ অনুমতি অবিহনে ৰাইজমেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নির্দেশ জাৰি কৰে।

কিন্তু ব্ৰিটিছৰ এনে দমনমূলক নীতিয়ে কৃষকসকলক মেল অনুষ্ঠিত কৰাৰ পৰা বিৰত ৰাখিব পৰা ‘নাছিল। নলবাৰী, বৰমা, বজালী আদিৰ কৃষক ৰাইজ আগৰদৰেই সক্রিয় আছিল আৰু চৰকাৰৰ ৰাজহ সংগ্ৰহতো পূৰ্ণ বাধা প্রয়োগ কৰিছিল।

৭। অসমত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা সম্পর্কে আলোকপাত কৰা।

উত্তৰঃ ঊনবিংশ শতিকাৰ ত্ৰিছ আৰু চল্লিছৰ দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানী এক শক্তিশালী শাসকৰ ৰূপত প্রতিষ্ঠিত হৈছিল। কোম্পানীয়ে অসমত নতুন ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল কিন্তু এই ৰাজহ ব্যৱস্থাত বিদেশী চৰকাৰখনে কৰ-কাটল সংগ্রহতহে বেছি গুৰুত্ব প্রদান কৰিছিল। ইংৰাজ চৰকাৰে টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটল সংগ্ৰহৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্রা অর্থনীতিয়ে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। তদুপৰি, ইংৰাজে ঊনবিংশ শতিকাৰ আগভাগতে উজনি অসমত চাহ বাগিচা স্থাপন কৰিছিল। চাহ খেতিয়কক উৎসাহিত কৰিবলৈ চাহ বাগিচাৰ অন্তর্গত ভূমিৰ ৰাজহ ৰেহাই দিছিল। ফলস্বৰূপে ভূমি ৰাজহৰ বোজা দুখীয়া সাধাৰণ কৃষকে বহন কৰিবলগীয়া হৈছিল। অসমত বহুতো ঠাইত ৰাজহ সংগ্ৰহৰ বাবে ব্ৰিটিছে বাহিৰৰ পৰা লোক আনি নিয়োগ কৰিছিল।

এনেদৰে ব্ৰিটিছে অসমত এক নতুন ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।

৮। অসমৰ কৃষক বিদ্ৰোহত ‘ৰাইজমেলৰ’ ভূমিকা লিখা। ৰাইজ মেলৰ বিষয়ে লিখা।

উত্তৰঃ ঊনবিংশ শতিকাত সংঘটিত হোৱা কৃষক বিদ্রোহত ৰাইজমেল সমূহে নেতৃত্ব লৈছিল। অসমত গঢ়ি উঠা ৰাইজ মেলসমূহত কোনো ৰাজনৈতিক সংগঠন নাছিল যদিও ইয়াৰ গুৰুত্ব অপৰিসীম আছিল। এই ৰাইজমেলসমূহ আহোম শাসনৰ দিনৰেপৰা ব্ৰিটিছ শাসনলৈকে অসমীয়া গ্রাম্য জনজীৱনৰ লগত বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ওতঃপ্রোতভাৱে জড়িত আছিল। ব্রিটিছ শাসনৰ শোষণ নীতিৰ বিৰুদ্ধে এই ৰাইজমেলসমূহে কৃষকৰ মাজত জাগৰণৰ সৃষ্টি কৰি নগাঁও, কামৰূপ আৰু দৰঙৰ বিভিন্ন স্থানত ব্ৰিটিছ চৰকাৰক স্থানীয়ভাৱে অচল কৰি দিবলৈ সমর্থ হৈছিল। কৃষক তথা সৰ্বসাধাৰণক ৰাজনৈতিকভাৱে সচেতন কৰি তুলিবলৈ’ এই ৰাইজমেলসমূহে চেষ্টা কৰিছিল। ৰাইজমেলসমূহ গাওঁবুঢ়া, দলৈ গোঁসাই আদি সমাজৰ মুখীয়াল লোকসকলৰ তত্বাৱধানত গঢ়ি উঠিছিল আৰু তেওঁলোকৰ দ্বাৰাই পৰিচালিত হৈছিল। এই মেলসমূহ গাঁও পঞ্চায়তৰ দৰে মাত্র একোখন গাঁৱত সীমাবদ্ধ নাথাকি কেইবাখনো গাঁও সামৰি গঠন হৈছিল। জাত-পাত আৰু সম্প্রদায় নির্বিশেষে সকলোৱেই ৰাইজমেলসমূহত অংশগ্রহণ কৰিব পাৰিছিল। অসমীয়াত এষাৰ কথা আছে-ৰাইজেই ৰজা, জ্ঞাতিয়েই গংগা। ৰাইজমেলসমূহে এই বাক্যশাৰীক সঠিক ৰূপত প্রতিফলিত কৰিছিল। ৰাইজে লোৱা সমূহীয়া সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱাৰ গণতান্ত্রিক প্রশিক্ষণ এই ৰাইজমেলসমূহৰ ফলশ্রুতি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top