বংগ বিভাজন আৰু স্বদেশী আন্দোলন Class 10 Social Science Important Notes

বংগ বিভাজন আৰু স্বদেশী আন্দোলন Class 10 Social Science Important Notes to each chapter are provided in the list so that you can easily browse through different chapters বংগ বিভাজন আৰু স্বদেশী আন্দোলন Class 10 Social Science SEBA Important Notes and select need one.

Class 10 Social Science Important Notes বংগ বিভাজন আৰু স্বদেশী আন্দোলন

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. বংগ বিভাজন আৰু স্বদেশী আন্দোলন Class 10 Social Science Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Social Science Important Notes বংগ বিভাজন আৰু স্বদেশী আন্দোলন Here we have given Solutions for All Subjects, You can practice these here.

বংগ বিভাজন আৰু স্বদেশী আন্দোলন

Chapter – 1

SOCIAL SCIENCE

IMPORTANT NOTES

শুদ্ধ উত্তৰ বাছি উলিওৱা:

১। ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল—

(ক) ১৬ অক্টোবৰ।

(খ) ২৬ জানুৱাৰী।

(গ) ১২ ডিচেম্বৰ।

(ঘ) ১৫ আগষ্ট।

উত্তৰঃ (ক) ১৬ অক্টোবৰ।

২। কোন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল—

(ক) লৰ্ড ৰিপণ।

(খ) লৰ্ড নেথানিয়েল কাৰ্জন।

(গ) লৰ্ড মিণ্টো।

(ঘ) লৰ্ড হামিল্টন।

উত্তৰঃ (খ) লৰ্ড নেথানিয়েল কাৰ্জন।

৩। বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল—

(ক) ১৯০৩ চনৰ ২৬ আগষ্ট।

(খ) ১৯০২ চনৰ ৫ আগষ্ট।

(গ) ১৯০৪ চনৰ ১৫ আগষ্ট।

(ঘ) ১৯০৬ চনৰ ১১ মাৰ্চত।

উত্তৰঃ (ঘ) ১৯০৬ চনৰ ১১ মাৰ্চত।

৪। মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী হ’ল—

(ক) হেমপ্ৰভা মজুমদাৰ।

(খ) নবাব ইকবাল।

(গ) নবাব ছলিমউল্লা।

(ঘ) মহম্মদ আলি জিন্না।

উত্তৰঃ (গ) নবাব ছলিমউল্লা।

৫। ব্ৰিটিছ চৰকাৰে বংগ-ভংগ আঁচনি বাতিল কৰিছিল—

(ক) ১৯১১ চনৰ ২ ডিচেম্বৰত।

(খ) ১৯১১ চনৰ ১৬ ডিচেম্বৰত।

(গ) ১৯১১ চনৰ ২০ ডিচেম্বৰত।

(ঘ) ১৯১১ চনৰ ১৮ ডিচেম্বৰত।

উত্তৰঃ (ক) ১৯১১ চনৰ ২ ডিচেম্বৰত।

৬। ১৯০৬ চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন হ’ল—

(ক) লৰ্ড কাৰ্জন।

(খ) লৰ্ড মিণ্টো।

(গ) লৰ্ড ৰিপণ।

(ঘ) লৰ্ড কৰ্ণৱালিছ।

উত্তৰঃ (খ) লৰ্ড মিণ্টো।

৭। বংগ বিভাজন কাৰ্যকৰী হৈছিল—

(ক) ১৯০৮ চনত।

(খ) ১৯০৪ চনত।

(গ) ১৯০৫ চনত।

(ঘ) ১৯০৩ চনত।

উত্তৰঃ (গ) ১৯০৫ চনত।

৮। ‘ভাৰতী’ নামৰ পত্ৰিকাখন সম্পাদনা কৰে—

(ক) ভগিনী নিবেদিতাই।

(খ) কুমিদিনী সেন।

(গ) ভূপেন্দ্ৰনাথ দত্তই।

(ঘ) সৰলা দেৱী চৌধুৰীণী।

উত্তৰঃ (ঘ) সৰলা দেৱী চৌধুৰীণী।

৯। ৰেগুলেটিং এক্ট প্ৰৱৰ্তন কৰা হৈছিল—

(ক) ১৭৭৩ চনত।

(খ) ১৭০০ চনত।

(গ) ১৬০০ চনত।

(ঘ) ১৭৮৪ চনত।

উত্তৰঃ (ক) ১৭৭৩ চনত।

১০। বন্দে মাতৰম গীতটোৰ ৰচক—

(ক) দাদাভাই নৌৰজী।

(খ) বংকিমচন্দ্ৰ চট্টোপাধ্যায়।

(গ) আচাৰ্য প্ৰফুল্ল ৰায়।

(ঘ) ভূপেন্দ্ৰনাথ দত্ত।

উত্তৰঃ (খ) বংকিমচন্দ্ৰ চট্টোপাধ্যায়।

১১। দেশ বিভাজনৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদী সভা অনুষ্ঠিত গৈছিল—

(ক) ঢাকা।

(খ) কলিকতা।

(গ) পাবনা।

(ঘ) খুলনা।

উত্তৰঃ (ঘ) খুলনা।

১২। পূর্ববঙ্গ আৰু অসমৰ ৰাজধানী ক’ত স্থাপন কৰা হৈছিল—

(ক) গুৱাহাটীত।

(খ) কলিকতাত।

(গ) ঢাকাত।

(ঘ) শ্বিলঙত।

উত্তৰঃ (গ) ঢাকাত।

১৩। ব্ৰিটিছক ‘নাইটহুড’ উপাধি ঘূৰাই দিয়া ব্যক্তিজন হ’ল—

(ক) গোপালকৃষ্ণ গোখলে।

(খ) লালা লাজপত ৰায়।

(গ) বিপিন চন্দ্ৰ পাল।

(ঘ) বাল গংগাধৰ তিলক।

উত্তৰঃ (ক) গোপালকৃষ্ণ গোখলে।

১৪। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে গীত ৰচনা কৰে—

(ক) ২৬ টা।

(খ) ২৩ টা।

(গ) ১২ টা।

(ঘ) ২৭ টা।

উত্তৰঃ (খ) ২৩ টা।

১৫। প্ৰথম ভাৰতীয় উদ্যোগ সন্মিলন গঢ়ি উঠিছিল—

(ক) ভূপেন্দ্ৰনাথ দত্তৰ নেতৃত্বত।

(খ) নীলৰতন চৰকাৰৰ নেতৃত্বত।

(গ) আৰ চি দত্তৰ নেতৃত্বত।

(ঘ) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত।

উত্তৰঃ (গ) আৰ চি দত্তৰ নেতৃত্বত।

১৬। অসম প্ৰদেশৰ মুখ্য আয়ুক্ত আছিল—

(ক) লৰ্ড কাৰ্জন।

(খ) ৰবাৰ্ট ক্লাইব।

(গ) অন্ড্ৰু ফ্ৰেজাৰ।

(ঘ) আৰ, এইচ কীটিঞ্জী।

উত্তৰঃ (ঘ) আৰ, এইচ কীটিঞ্জী।

১৭। “পলাশীৰ প্রায়শ্চিও” নাটকৰ ৰচক—

(ক) ক্ষীৰোদ প্ৰসাদ।

(খ) গিৰীশ ঘোষ।

(গ) অমৃতলাল বসু।

(ঘ) অমৰেন্দ্ৰ নাথ দত্ত।

উত্তৰঃ (ক) ক্ষীৰোদ প্ৰসাদ।

১৮। অসম নামৰ প্ৰদেশখন গঠন হৈছিল—

(ক) ১৮৮৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

(খ) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

(গ) ১৮৮৫ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

(ঘ) ১৮৮৭ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

উত্তৰঃ (খ) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

১৯। স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্ৰমথনাথ ৰায় চৌধুৰীৰ গ্ৰন্থখন হ’ল—

(ক) জাপানী বীচ।

(খ) কেশৰী।

(গ) জয় সংগীত।

(ঘ) যুগান্তৰ।

উত্তৰঃ (গ) জয় সংগীত।

২০। ‘বন্দে মাতৰম’ সংবাদপত্ৰৰ সম্পাদক—

(ক) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়।

(খ) বংকিমচন্দ্ৰ চট্টোপাধ্যায়।

(গ) ৰবীন্দ্ৰনাথ ঠাকুৰ।

(ঘ) ঋষি অৰবিন্দ ঘোষ।

উত্তৰঃ (ঘ) ঋষি অৰবিন্দ ঘোষ।

অতি চমু প্ৰশ্নোত্তৰ

১। স্বদেশী আন্দোলন কেই বছৰ চলিছিল?

উত্তৰঃ ১৯০৫ চনৰ পৰা ১৯১১ চনলৈকে ৭ বছৰ চলিছিল।

২। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?

উত্তৰঃ বংগ বিভাজন লৰ্ড কাৰ্জন ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল।

৩। বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?

উত্তৰঃ বংগদেশৰ একত্ৰিকৰণ ১৯১১ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰত হৈছিল।

৪। কিমান চনত বংগ বিভাজন কাৰ্যকৰী হৈছিল?

উত্তৰঃ ১৯০৫ চনৰ ১৬ অক্টোবৰত বংগ বিভাজন কাৰ্যকৰী হৈছিল।

৫। বংগ বিভাজনত লৰ্ড কাৰ্জনক সহায় কৰা এজন ইংৰাজ বিষয়াৰ নাম লিখা?

উত্তৰঃ বংগ বিভাজনত লৰ্ড কাৰ্জনক সহায় কৰা এজন ইংৰাজ বিষয়াৰ নাম হ’ল অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰ।

৬। বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ ১১০৫ চনৰ ২০ জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত অনুষ্ঠিত এক বিশাল জনসভাত বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।

৭। স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখনৰ সম্পাদনা কোনে কৰিছিল?

উত্তৰঃ স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখনৰ সম্পাদনা ভূপেন্দ্ৰনাথ দত্তই কৰিছিল।

৮। বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?

উত্তৰঃ বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো ১৯০৬ খ্ৰীষ্টাব্দৰ ১১ মাৰ্চত গঠন কৰা হৈছিল।

৯। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?

উত্তৰঃ দাদাভাই নৌৰজীৰ পৌৰোহিত্যত ১৯০৬ চনত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

১০। ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল?

উত্তৰঃ ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা হ’ল— আচাৰ্য প্ৰফুল্ল ৰায়।

১১। এলাহাবাদ সন্ধি কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ এলাহাবাদ সন্ধি শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত হৈছিল।

১২। কোন চনত বংগ বিভাজন প্ৰতিবাদ সাব্যস্ত কৰি শ্ৰেণীকোঠা ত্যাগ কৰা হৈছিল?

উত্তৰঃ ১৯০৫ চনৰ ১৮ জুলাইত বংগ বিভাজন প্ৰতিবাদ সাব্যস্ত কৰি শ্ৰেণীকোঠা ত্যাগ কৰা হৈছিল।

১৩। কোনটো ৰাজনৈতিক দল গঢ়ি তোলাত লৰ্ড মিণ্টোয়ে মুছলমানসকলক সহায় কৰিছিল?

উত্তৰঃ সৰ্বভাৰতীয় মুছলিম লীগ।

১৪। বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ এটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা?

উত্তৰঃ ঢাকা।

১৫। কোনখন আইনৰ দ্বাৰা বংগৰ গৱৰ্ণৰগৰাকীক গৱৰ্ণৰ জেনেৰেল পদবীলৈ উন্নীত কৰা হৈছিল?

উত্তৰঃ ১৭৭৩ খ্ৰীষ্টাব্দৰ নিয়ন্ত্ৰণকাৰী আইনৰ।

১৬। স্বদেশী আন্দোলনৰ সময়ত কিমানখন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে?

উত্তৰঃ স্বদেশী আন্দোলনৰ সময়ত ৩,০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে।

১৭। কাছাৰ কেতিয়া ব্ৰিটিছৰ অধীন হৈছিল?

উত্তৰঃ কাছাৰ ১৮২৩ চনত ব্ৰিটিছৰ অধীন হৈছিল।

১৮। স্বদেশী আন্দোলনৰ সময়ত কিমানখন মাধ্যমিক বিদ্যালয় স্থাপন হৈছিল?

উত্তৰঃ স্বদেশী আন্দোলনৰ সময়ত ৬২ খন মাধ্যমিক বিদ্যালয় স্থাপন হৈছিল।

১৯। স্বদেশী আন্দোলনে কি কি দিশত প্রভাৱ পেলাইছিল?

উত্তৰঃ ভাৰতৰ সমাজ সাহিত্য, অৰ্থনীতি আৰু শিক্ষা আদিৰ দিশত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল।

২০। বংগদেশৰ এজন কৃতী সন্তানৰ নাম লিখা?

উত্তৰঃ বংগদেশৰ এজন কৃতী সন্তানৰ নাম হ’ল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।

চমু প্ৰশ্ন উত্তৰ

১। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?

উত্তৰঃ স্বদেশী আন্দোলনৰ সময়ছোৱাত ভাৰতবৰ্ষৰ ব্যৱসায় আৰু জাতীয় শিল্পৰ ক্ষেত্ৰত এক নতুন যুগৰ সৃষ্টি হৈছিল। এই আন্দোলনৰ ফলত ভাৰতবাসীৰ মনত বিদেশী বস্তু বর্জন কৰি স্বদেশী বস্তু গ্রহণৰ মানসিকতা গঢ় লোৱাত জাতীয় শিল্পব বিকাশ হৈছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ বাবে বিভিন্ন কুটিব শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গঢ়লৈ উঠিছিল। ক্ষুদ্র আৰু মজলীয়া তাঁত-শাল উদ্যোগ, সুতা কটা কল, চাবোন, চেনি, সৰিয়হৰ তেল, বিস্কুট, জুইশলা আদি বহুতো কাৰখানা গঢ়ি উঠাৰ লগতে জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী গঢ়ি উঠিছিল। ৰবীন্দ্রনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ (১৮৯৭), স্বদেশী আন্দোলনৰ ফলস্বৰূপে এটা জাকতজিলিকা বস্ত্র প্রতিষ্ঠানত পৰিণত হৈছিল। স্বদেশী আন্দোলনৰ ভৰপক সময়ত কৃষ্ণবিহাৰী সেন আৰু যোগেশচন্দ্ৰ চৌধুৰীৰ প্ৰচেষ্টাত কলিকতাৰ বউবজাৰত ‘ইণ্ডিয়ান ষ্টোৰ্ছ’ নামৰ প্রতিষ্ঠানটো গঢ়ি উঠিছিল। সকলো প্ৰকাৰৰ স্বদেশী সামগ্রী এই প্রতিষ্ঠানত বিক্ৰী কৰা হৈছিল। ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কর্ণৱালিছ স্ট্রীটত (বর্তমান বিধান সৰণী) ‘লক্ষী ভাণ্ডাৰ’ প্রতিষ্ঠা কৰিছিল। আব্দুল হালিম গজনবিয়ে লাল বজাৰত ‘ইউনাইটেড বেংগল ষ্টোৰ্ছ’ প্রতিষ্ঠা কৰিছিল।

নীলৰতন চৰকাৰৰ উদ্যোগত ‘বংগলক্ষী কটন মিল’ আৰু আচার্য প্রফুল্ল ৰায়ে ‘বেংগল কেমিকেল্ল্’ নামৰ উদ্যোগ প্রতিষ্ঠানটো মুকলি কৰিছিল যাতে বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতাৰ বাতাৱৰণ গঢ়ি উঠে। জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭) গঢ়ি তুলিছিল। বিদেশী বস্তু বৰ্জনৰ ফলত বিদেশী আমদানিকৃত পণ্যৰ পৰিমাণ ভাৰতবৰ্ষত উল্লেখনীয়ভাবে হ্রাস পাইছিল। বংগদেশৰ ৰাজনৈতিক আন্দোলনক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্রদেশত আধুনিক শিল্প উদ্যোগৰ বুনিয়াদ গঢ়ি উঠিছিল।

২। বংগ বিভাজনে সৃষ্টিকৰা ‘পূর্ববংগ আৰু অসম’ বি নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্রধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।

উত্তৰঃ বংগদেশত দ্রুতভারে উন্মেষ হোৱা জাতীয়তাবাদ ধ্বংস কৰিবলৈ আৰু ইয়াত বিৰাজ কৰা হিন্দু-মুছলমানৰ মাজৰ একতা বিনষ্ট কৰিবলৈ ভাইচৰয় লর্ড কার্জনৰ প্রতিনিধিত্বত ব্ৰিটিছ চৰকাৰে বংগদেশক দুখন প্রদেশত বিভক্ত কৰিবলৈ সিন্ধান্ত গ্রহণ কৰে। অসমৰ লগত বংগদেশৰ নিমোক্ত তিনিটা সংমণ্ডল সংলগ্ন কৰি ‘পূর্ববংগ আৰু অসম’ নামৰ নতুন প্রদেশখন গঠন কৰা হয়- 

(ক) ঢাকা। 

(খ) চট্টগ্রাম। আৰু 

(গ) ৰাজশাহী।

৩। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কাৰ্যসূচী গ্রহণ কৰিছিল?

উত্তৰঃ স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশে ব্রিটিছ চৰকাৰে গ্ৰহণ কৰা আন্দোলনবিৰোধী কাৰ্যসূচীসমূহ আছিল এনেধৰণৰ— 

(ক) ব্ৰিটিছ চৰকাৰে জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলক এই আশাতেই বিভিন্ন উপাধি, পদক আৰু পদ যাচিছিল যাতে তেওঁলোকে চৰকাৰৰ ক্ৰিয়াকলাপত সহযোগিতা কৰিব। উদাৰপন্থী কংগ্রেছ নেতাসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ, ব্রিটিছ সংসদ সদস্যপদ যচা হৈছিল।

সুৰেন্দ্ৰনাথ বেনাৰ্জী, গোপাল কৃষ্ণ গোখলে, বিপিন চন্দ্র পাল প্রমুখ্যে কংগ্রেছ নেতাসকলৰ স্থিতি দৃঢ় আছিল আৰু চৰকাৰে আগবঢ়োবা প্রস্তাব প্রত্যাখ্যান কৰিছিল।

(খ) ব্ৰিটিছ চৰকাৰে মুছলমান নেতাসকলক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিল যাতে তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ফালৰি কাটি আহে। কংগ্ৰেছৰ প্রতি বিৰোধ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে মুছলমানসকলৰ এটা ৰাজনৈতিক দল গঠন কৰিবলৈ তেওঁলোকক উৎসাহিত কৰিছিল। এই ক্ষেত্ৰত তেওঁলোক যথেষ্ট সফল হয়।

৪। বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।

উত্তৰঃ ব্ৰিটিছ চৰকাৰে প্ৰশাসনীয় সুবিধা প্রাপ্তিয়েই বংগ বিভাজনৰ প্রধান উদ্দেশ্য বুলি ঘোষণা কৰিছিল যদিও ইয়াৰ অন্তর্নিহিত উদ্দেশ্য ভিন্ন আছিল।

ব্রিটিছ চৰকাৰৰ দ্বাৰা বংগ বিভাজনৰ প্রধান উদ্দেশ্যসমূহ হল-

(ক) বংগ প্রদেশত দ্রুতভাৱে উন্মেষ হোৱা জাতীয়তাবাদৰ ঢৌ প্ৰতিৰোধ কৰা। বংগ প্রদেশক জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ হিচাপে বিবেচনা কৰা হৈছিল।

(খ) ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ সুস্থিৰতাৰ ক্ষেত্ৰত ভাবুৰি অৱতাৰণা কৰিব পৰা হিন্দু-মুছলমানৰ মাজৰ একতা বিনষ্ট কৰা।

(গ) বংগ প্রদেশক এনেদৰে ভাগ কৰা যাতে নতুনকৈ বিভক্ত হোৱা প্ৰদেশৰ এখনত হিন্দুসকল সংখ্যালঘুত পৰিণত হয় আৰু আনখন প্রদেশত মুছলমানসকল সংখ্যালঘুত পৰিণত হয়। এই পদক্ষেপে দুয়োটা গোটে সংঘবদ্ধভাৱে চৰকাৰৰ বিৰুদ্ধে যুদ্ধত অৱতীর্ণ হোৱাৰ সম্ভাৱনা নাইকিয়া কৰিব।

(ঘ) মুছলমান নেতাসকলক সন্তুষ্ট কৰা আৰু জাতীয়তাবাদ বিকাশত অগ্রণী ভূমিকা লোৱা হিন্দু বঙালীসকলক দুৰ্বল কৰা।

(ঙ) কংগ্ৰেছ দলৰ ব্রিটিছ বিৰোধী চৰমপন্থীসকলক নিয়ন্ত্রণ কৰা।

৫। বংগ বিভাজনবিৰোধী ‘আন্দোলনে স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা।

উত্তৰঃ ১৯০৩ খ্রীষ্টাব্দৰ ৬ ডিচেম্বৰত ব্রিটিছ কর্তৃপক্ষই বংগ বিভাজনৰ প্রস্তাৱ উত্থাপন কৰে। অতি সোনকালে সুৰেন্দ্রনাথ বেনার্জী, বিপিন চন্দ্র পাল, অৰবিন্দ ঘোষ, ৰবীন্দ্রনাথ ঠাকুৰ, ৰাসবিহাৰীবসু আদি নেতাসকলে বংগ প্রদেশত তীব্রভাৱে বংগ বিভাজনবিৰোধী আন্দোলন গঢ়ি তোলে।

তেওঁলোকে অনুভৱ কৰিছিল যে প্রদেশখনত বিৰাজ কৰা হিন্দু-মুছলমানৰ একতা বিনষ্ট কৰিবলৈহে এই প্ৰয়াস কৰা হৈছিল। তেওঁলোকে তীব্ৰ জনমত গঠনৰ উদ্দেশ্য আৰু জনসচেতনতা সৃষ্টিৰ উদ্দেশ্য স্বাক্ষৰ সংগ্ৰহৰ অভিযান আৰম্ভ কৰিছিল। তেওঁলোকে ভাৰত সচিবৰ ওচৰত ৭০,০০০ স্বাক্ষৰ থকা প্রতিবাদপত্র অর্পণ কৰিছিল যদিও ব্রিটিছ চৰকাৰ আঁকোৰগোজ হৈ থাকিল।

জনসাধাৰণে ব্ৰিটিছ চৰকাৰৰ এই পৰিকল্পনাৰ বিৰুদ্ধে প্রবল প্রতিবাদীকাৰ্যসূচী আৰু বিক্ষোভ গঢ়ি তুলিছিল। ব্রিটিছ চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে বংগদেশত তীব্র জনসংগ্ৰামৰ অৱতাৰণা হয়। জাতি- বর্ণ নির্বিশেষে সকলো লোকে এই আন্দোলনত যোগদান কৰে।

জাতীয় কংগ্রেছ নেতাসকলে এই নতুন গণ আন্দোলনৰ বৃহৎ সম্ভাবনা উপলব্ধি কৰি ইয়াক জাতীয় আন্দোলনলৈ ৰূপান্তৰিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। ১৯০৫ চনৰ ডিচেম্বৰত বাৰাণসীত অনুষ্ঠিত অধিৱেশনত তেওঁলোকে বিভাজন বিষয়টোৰ উর্ধ্বলৈ গতি কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। এই নতুন আন্দোলনক স্বদেশী আন্দোলন বুলি অভিহিত হৈছিল।

কিয়নো ই বংগৰ সীমা অতিক্রম কৰিছিল আৰু সমগ্র দেশৰ মানুহে বিদেশী বস্তু বর্জন, স্বদেশী বস্তু গ্রহণ আৰু চৰকাৰ প্ৰদত্ত খিতাপ আৰু পদবী প্রত্যাহাৰৰ ধাৰণা আকোৱালি লৈছিল। এনেদৰে, ব্রিটিছৰ বিৰুদ্ধে হোৱা এই আন্দোলনৰ পৰ্যায়টোক ‘স্বদেশী আন্দোলন’ বুলি অভিহিত হৈছিল।

৬। স্বদেশী আন্দোলনৰ সময়ছোৱাত জাতীয় কংগ্রেছে বঙ্গ বিভাজনৰ বিৰুদ্ধে কি ভূমিকা পালন কৰিছিল, চমুকৈ আলোচনা কৰা।

উত্তৰঃ স্বদেশী আন্দোলনৰ সময়ছোৱাত জাতীয় কংগ্রেছে বংগ বিভাজনৰ বিৰুদ্ধে যথেষ্ট গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। 

তলত সেই বিষয়ে আলোচনা কৰা হ’ল—

(ক) ১৯০৩ চনত লালমোহন ঘোষৰ পৌৰহিত্যত মাদ্রাজত অনুষ্ঠিত হোৱা জাতীয় কংগ্রেছৰ ঊনবিংশতিতম অধিৱেশনে চৰকাৰক বংগ বিভাজনৰ পৰিকল্পনা ত্যাগ কৰিবলৈ সকীয়াই দিছিল।

(খ) বংগ ভংগ কাৰ্যকৰী কৰাৰ আগে আগে জাতীয় কংগ্ৰেছৰ প্রতিনিধি হিচাপে লালা লাজপত ৰায় আৰু গোপাল কৃষ্ণ গোখলে লণ্ডনত উপস্থিত হৈ প্ৰস্তাৱিত বংগ বিভাজনৰ আঁচনি পৰিত্যাগ কৰিবলৈ চৰকাৰৰ ওচৰত আবেদন জনাইছিল।

(গ) জাতীয় কংগ্ৰেছৰ শীর্ষ নেতাসকলে জাতীয় কংগ্ৰেছৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত বংগ বিভাজনৰ বিৰুদ্ধে জনমত সু-সংগঠিত কৰিবলৈ সক্ষম হৈছিল। তদুপৰি, জাতীয় কংগ্ৰেছৰ নেতাসকলে ব্রিটিছ আৰোপিত উপাধি, পদক আৰু পদ আদিবোৰ ঘূৰাই দিছিল বা পৰিত্যাগ কৰিছিল।

এনেদৰে, জাতীয় কংগ্ৰেছৰ যোগেদি সমগ্র ভাৰতবৰ্ষত এই আন্দোলন বিয়পি পৰিছিল আৰু অৱশেষত ১৯১১ চনত ইংৰাজ চৰকাৰে বংগ একত্ৰিকৰণ কৰিবলৈ বাধ্য হৈছিল।

৭। স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা?

উত্তৰঃ স্বদেশী আন্দোলনৰ তিনিটা অৱদান হৈছে—

(ক) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হয় ǀ দেশৰ সমূহ জণগণ একগোট হৈ শক্তিশালী ইংৰাজৰ বিৰুদ্ধে থিয় হলে গণ আন্দোলনত যে বিজয় নিশ্চিত , সেই শিক্ষা স্বদেশী আন্দোলনৰ যোগদানৰ জৰিয়তে জানিব পাৰিছিলǀ

(খ) স্বদেশী আন্দোলনৰ যোগেদি ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল ǀ স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিৱেশনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিলǀ

(গ) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিলǀ আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিলǀ

৮। স্বদেশী আন্দোলনৰ ফলাফলৰ বিষয়ে লিখা?

উত্তৰঃ স্বদেশী আন্দোলনৰ ফলাফলবোৰ হ’ল-

(ক) প্রায় সাতবছৰীয়া এই ৰাজনৈতিক আন্দোলনৰ ফলত ১৯১১ চনত ইংৰাজ চৰকাৰে বংগ বিভাজন বাতিল কৰি বংগ একত্রিতকৰণ কৰিবলৈ বাধ্য হয়।

(খ) এই আন্দোলনৰ পটভূমিত বিভিন্ন সংবাদপত্র, আলোচনী, গ্রন্থ, গীত, নাটক আৰু প্ৰৱন্ধ আদি প্রকাশিত হৈছিল। সংবাদপত্র যেনে- সুৰেন্দ্ৰনাথ বন্দোপাধ্যায় সম্পাদিত ‘বেংগলী’, ভূপেন্দ্রনাথ দত্তৰ ‘যুগান্তৰ’, অৰবিন্দ ঘোষৰ ‘বন্দে মাতৰম’ ইত্যাদি। স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযোগ্য নাটকসমূহ আছিল ক্ষীৰোদ প্ৰসাদৰ ‘পলাশীৰ প্রায়শ্চিত্ত’, গিৰীশ ঘোষৰ ‘ছিৰাজউদ্দৌলা’ আৰু ‘মিৰ কাছিম’। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে ৰচনা কৰা ২৩টি গীত ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব। ‘আমাৰ সোণাৰ বাংলা আমি তোমোকে ভালবাসি’ শীর্ষক গীতটিয়ে পৰৱৰ্তী সময়ত স্বাধীন বাংলাদেশৰ (১৯৭২) ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছিল। 

(গ) স্বদেশী আন্দোলনে ভাৰতীয়সকলক শিল্প-কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গঢ়ি উঠিছিল। সূতা কটা কল, সৰিয়হৰ তেল, ক্ষুদ্র আৰু মজলীয়া তাঁত-শাল উদ্যোগ, চাবোন, জুইশলা, চেনি বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল। 

(ঘ) এই আন্দোলনৰ দ্বাৰা ভাৰতবাসীয়ে ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top