ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10 Social Science Important Notes

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10 Social Science Important Notes to each chapter are provided in the list so that you can easily browse through different chapters ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10 Social Science SEBA Important Notes and select need one.

Class 10 Social Science Important Notes ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10 Social Science Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Social Science Important Notes ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Here we have given Solutions for All Subjects, You can practice these here.

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

Chapter – 5

SOCIAL SCIENCE

IMPORTANT NOTES

শুদ্ধ উত্তৰ বাছি উলিওৱা:

১। তলত দিয়া জনগোষ্ঠীৰ কোনটো বৌদ্ধধর্মালম্বী?

(ক) খাছী।

(খ) খামতি।

(গ) আদি।

(ঘ) কাৰ্বি।

উত্তৰঃ (খ) খামতি।

২। কোনজন আহোম ৰজাই কেবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল—

(ক) ৰুদ্ৰসিংহ।

(খ) চক্ৰধ্বজ সিংহ।

(গ) চন্দ্ৰকান্ত সিংহ।

(ঘ) ৰাজেশ্বৰ সিংহ।

উত্তৰঃ (ক) ৰুদ্ৰসিংহ।

৩। কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা-সাংস্কৃতিকলৈ আগবঢ়োৱা অৱদান সমূহৰ এবিধ অৱদান—

(ক) নিগ্ৰোসকলৰ।

(খ) দ্ৰাবিৰসকলৰ।

(গ) মংগোলীয়সকলৰ।

(ঘ) অষ্ট্ৰিকসকলৰ।

উত্তৰঃ (ঘ) অষ্ট্ৰিকসকলৰ।

৪। তলৰ কোনটো ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ—

(ক) কথাকলি।

(খ) ভাৰতনাট্যম।

(গ) কুচিপুড়ী।

(ঘ) অ’ডিছি।

উত্তৰঃ (গ) কুচিপুড়ী।

৫। অসমৰ প্ৰথম বার্তালোচনী ‘অৰুণোদয়’ প্ৰকাশ হৈছিল—

(ক) ১৮৪৬ চনত।

(খ) ১৮৪০ চনত।

(গ) ১৮২০ চনত।

(ঘ) ১৮৩৯ চনত।

উত্তৰঃ (ক) ১৮৪৬ চনত।

৬। সিন্ধু সভ্যতাৰ পতন হৈছিল—

(ক) খ্ৰীষ্টপূৰ্ব ২৫০০ চনত।

(খ) খ্ৰীষ্টপূৰ্ব ১৫০০ চনত।

(গ) খ্ৰীষ্টপূৰ্ব ১০০০ চনত।

(ঘ) খ্ৰীষ্টপূৰ্ব ২০০০ চনত।

উত্তৰঃ (খ) খ্ৰীষ্টপূৰ্ব ১৫০০ চনত।

৭। চৰকাৰে ধ্ৰুপদী নৃত্যক স্বীকৃতি দিছে—

(ক) চাৰিবিধ।

(খ) পাঁচবিধ।

(গ) সাতখন।

(ঘ) আঠবিধ।

উত্তৰঃ (ঘ) আঠবিধ।

৮। ভাৰত সম্ভেদৰ ৰচক—

(ক) সুভাষচন্দ্ৰ বসু।

(খ) মহাত্মা গান্ধী।

(গ) জৱাহৰলাল নেহৰু।

(ঘ) আবুল কালাম আজাদ।

উত্তৰঃ (গ) জৱাহৰলাল নেহৰু।

৯। ভাৰতৰ স্থাপত্যশিল্পৰ ভিতৰত মধ্যমণিস্বৰূপ স্থাপত্যটো হ’ল—

(ক) সাঁচীৰ স্তূপ।

(খ) অজন্তাৰ গুহা মন্দিৰসমূহ।

(গ) আগ্ৰাৰ তাজমহল।

(ঘ) অশোক স্তম্ভ।

উত্তৰঃ (গ) আগ্ৰাৰ তাজমহল।

১০। ৰাজ তৰংগিনীৰ ৰচক—

(ক) কৌটিল্য।

(খ) কলহন।

(গ) বাণভট্ট।

(ঘ) আৰ্যভট্ট।

উত্তৰঃ (খ) কলহন।

অতি চমু প্ৰশ্ন উত্তৰ

১। ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ এখন ‘সাঁচিপতীয়া’ পুথিৰ নাম লিখা?

উত্তৰঃ গীত গোবিন্দ।

২। উত্তৰ–পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত?

উত্তৰঃ উত্তৰ–পূৰ্বাঞ্চলৰ মেঘালয় ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত।

৩। ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে?

উত্তৰঃ ভৰতৰ নাট্যশাস্ত্ৰত প্রায় ৬০০ টা শ্লোক  আছে।

৪। ভৰত মুনিৰ নাট্যশাস্ত্র কেতিয়া ৰচিত হৈছিল?

উত্তৰঃ ভৰত মুনিৰ নাট্যশাস্ত্র খ্রীষ্টপূর্ব ২০০ চনৰ পৰা দ্বিতীয় শতিকালৈ ৰচিত হৈছিল।

৫। মিজো শব্দৰ অর্থ কি? 

উত্তৰঃ মিজো শব্দৰ অর্থ হ’ল- ‘পাহাৰৰ বাসিন্দা’।

৬। চর্যাপদ কেতিয়া ৰচিত হৈছিল? 

উত্তৰঃ চর্যাপদ খ্রীষ্টিয় দশম শতিকাৰ পৰা চতুদর্শ শতিকাৰ সময়ছােৱাত ৰচিত হৈছিল।

৭। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? 

উত্তৰঃ অসমৰ গদ্য সাহিত্যৰ সূচনা শংকৰদেৱে কৰিছিল।

৮। অসমৰ প্ৰথম বাৰ্তালােচনীখনৰ নাম কি?

উত্তৰঃ অসমৰ প্ৰথম বাৰ্তালােচনীখনৰ নাম হ’ল- ‘অৰুণােদয়’।

৯। উত্তৰ- পূৰ্বাঞ্চলৰ অষ্ট্ৰিক ন–গােষ্ঠীৰ অন্তর্ভুক্ত জনজাতিটো কি? 

উত্তৰঃ উত্তৰ–পূৰ্বাঞ্চলৰ অষ্ট্ৰিক ন–গােষ্ঠীৰ অন্তর্ভুক্ত জনজাতিটো হ’ল- মেঘালয়ৰ খাছীসকল।

১০। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? 

উত্তৰঃ অসমৰ গদ্য সাহিত্যৰ সূচনা শংকৰদেৱে কৰিছিল।

চমু প্ৰশ্ন উত্তৰ

১। অষ্ট্ৰিক সকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা তিনিটা অৱদান উল্লেখ কৰা।

উত্তৰঃ অষ্ট্ৰিক সকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হ’ল-

(১) অষ্ট্রিকসকলে ধান খেতি, কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল, কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বোৱা আদি কৌশলৰ সূচনা কৰিছিল।

(২) তেওঁলোকে ধর্মীয় পৰম্পৰাগত সেন্দুৰৰ ব্যৱহাৰ, হালধিৰ ব্যৱহাৰ। 

(৩) হাতী পোহমনোৱা কাৰ্যৰ উদ্ভাৱন কৰিছিল।

২। অসমৰ চিত্রকলা সম্পর্কে এটি টোকা লিখা।

উত্তৰঃ  অসমত সপ্তদশ শতিকামানৰ পৰা উত্তৰ ভাৰতীয় ক্ষুদ্রাকৃতিৰ পুথি-চিত্ৰসমূহৰ অনুৰূপ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অথবা সত্ৰীয়া সৃষ্টিৰে চিত্ৰকলাৰ এটা পৰম্পৰা আৰম্ভ হয়। এনে কিছুমান সচিত্র পুথি হ’ল— হস্তীবিদ্যার্ণৱ, আনন্দলহৰী, গীত-গোবিন্দ, কুমাৰ হৰণ, চিত্ৰভাগৱত, লৱ-কুশৰ যুদ্ধ আদি। স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্রাকৃতিক ৰঙেৰে বহুৰঙীয়া এই চিত্ৰসমূহ অংকন কৰা হৈছিল। প্ৰথমতে, চিত্ৰবোৰৰ পটভূমিত একোটা নির্দিষ্ট ৰং বোলাই লোৱা হয়। তাৰ ওপৰত চিত্রসমূহ আঁকা হৈছিল। চিত্ৰসমূহত ৰজা, ৰাজদৰবাৰ, দেৱীমূৰ্ত্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱ-জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি আঁকা হৈছিল। খালী ঠাইবোৰত ফুল, লতা আদি আঁকি দিয়া হৈছিল। সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু ক’লা ৰঙৰ পয়োভৰ দেখা যায়। মানুহ আৰু জীৱ-জন্তুৰ ছবিবোৰত মুখাবয়বৰ নিখুত প্রকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্রকাশক সূক্ষ্ম কৌশলৰ প্ৰয়োগ কৰাৰ দক্ষতা দেখা নাযায়, চিত্ৰবোৰ সহজ সৰল যদিও দৃষ্টি নন্দন বুলি ক’ব লাগিব।

৩। ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সন্থাৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্যৰ নাম লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ দুটা স্থাপত্যৰ নাম হ’ল-

 (ক) সাঁচীৰ স্তূপ।

 (খ) তাজমহল।

 (৩) অজন্তাৰ গুহাসমূহ।

৪। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী কি কি?

উত্তৰঃ ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্রধান শৈলী হ’ল-

(ক) গান্ধাৰ শিল্পকলা।

(খ) মথুৰা শিল্পকলা।

(গ) অমৰাৱতী শিল্পকলা।

৫। ওজাপালিৰ দুটা ভাগৰ নাম লিখা আৰু উদাহৰণ দিয়া।

 উত্তৰঃ ওজাপালিৰ দুটা ভাগৰ নাম হ’ল-

(ক) ব্যাসৰ ওজা পালি।

(খ) সুকনান্নী ওজাপালি।

ব্যাসৰ ওজাপালিৰ উদাহৰণ হ’ল- ৰামায়ণী ওজাপালি। 

সুকনান্নী ওজাপালিৰ উদাহৰণ হ’ল- দেওধনি নৃত্য।

৬। দৰং জিলাৰ তিনিটা লোক-নৃত্য উল্লেখ কৰা।

উত্তৰঃ (ক) দেওধনী নৃত্য।

(খ) ঢেপাটুলীয়া নৃত্য।

(গ) বৰঢুলীয়া।

৭। ভাৰতীয় চিত্ৰকলাৰ প্ৰধান ভাগ দুটা কি কি? উদাহৰণ দিয়া।

উত্তৰঃ ভাৰতীয় চিত্ৰকলাৰ প্ৰধান ভাগ দুটা হ’ল—

(ক) বৃহদাকাৰ দেৱাল চিত্ৰ।

(খ) ক্ষুদ্ৰাকাৰ চিত্ৰ।

বৃহদাকাৰ দেৱাল চিত্ৰৰ উদাহৰণ— অজন্তাৰ দেৱালৰ চিত্ৰসমূহ।

ক্ষুদ্ৰাকাৰ চিত্ৰৰ উদাহৰণ— জাহাংগীৰনামা।

৮। প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে।

উত্তৰঃ প্রাচীন ভাৰতৰ স্থাপত্য শিল্পৰ নিদর্শন ঘাইকৈ মঠ- মন্দিৰ, স্তূপ আদি ধর্মীয় উপাসনাৰ কেন্দ্রস্থল আছিল। এই স্থাপত্য নিদর্শনসমূহৰ নিৰ্মাণ শৈলীক ঘাইকৈ উত্তৰ ভাৰতীয় ‘নাগৰ’, দক্ষিণ ভাৰতীয় ‘দ্রাবিড়’ আৰু বিন্ধ্য আৰু কৃষ্ণানদীৰ মাজভাগত দেখিবলৈ পোৱা ‘ৱেচৰ’ শৈলী এই তিনিটা ভাগত ভগাব পাৰি।

৯। অসমত প্রচলিত তিনিবিধ লোকগীতৰ নাম লিখা।

উত্তৰঃ (ক) নিচুকনি গীত।

(খ) কামৰূপী লোকগীত।

(গ) বিয়ানাম।

১০। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য হ’ল-

(ক) ভাৰতৰ স্থাপত্য কলাৰ নিৰ্মাণ ৰাজকীয পৃষ্ঠপোষকতাতহে সম্ভৱ হৈছিল। 

(খ) উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰ অংশ অর্ধবৃত্তাকাৰ আৰু দক্ষিণ ভাৰতীয় মন্দিৰসমূহৰ ওপৰ অংশ আয়তাকাৰেৰে ক্ৰমে ওপৰলৈ সৰু হৈ যোৱা ধৰণৰ।

(গ) ৱেচৰ শৈলীৰ মন্দিৰসমূহত নাগৰ আৰু দ্রাবিড় শৈলীৰ মিশ্রণ ঘটা দেখা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top