অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Important Notes

অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Important Notes to each chapter are provided in the list so that you can easily browse through different chapters অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ Class 10 Social Science SEBA Important Notes and select need one.

Class 10 Social Science Important Notes অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Social Science Important Notes অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ Here we have given Solutions for All Subjects, You can practice these here.

অৰ্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ

Chapter – 6

SOCIAL SCIENCE

IMPORTANT NOTES

শুদ্ধ উত্তৰ বাছি উলিওৱা:

১। তলৰ কোনটো অ-নবীকৰণযোগ্য সম্পদ—

(ক) পানী।

(খ) সূৰ্য ৰশ্মি।

(গ) গছ-গছনি।

(ঘ) প্ৰাকৃতিক গেছ।

উত্তৰঃ (ঘ) প্ৰাকৃতিক গেছ।

২। তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ—

(ক) নদ-নদী।

(খ) খনিজ তেল।

(গ) জলসিঞ্চন নলা।

(ঘ) অৰণ্য।

উত্তৰঃ (গ) জলসিঞ্চন নলা।

৩। তলৰ কোনটো অজীৱীয় সম্পদ—

(ক) বায়ু।

(খ) উদ্ভিদ।

(গ) জীৱ-জন্তু।

(ঘ) শস্য।

উত্তৰঃ (ক) বায়ু।

৪। IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত—

(ক) WWF.

(খ) UNESCO.

(গ) UNO.

(ঘ) UNEP.

উত্তৰঃ (খ) UNESCO.

৫। তলৰ কোনটো বিলুপ্তপ্রায় প্ৰাণী—

(ক) এশিঙীয়া গঁড়।

(খ) জিৰাফ।

(গ) নল গাহৰি।

(ঘ) মিথুন।

উত্তৰঃ (গ) নল গাহৰি।

৬। অৰ্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ হ’ল—

(ক) কাৰ্ল ৰিটাৰ।

(খ) ডাৰ্কেনৰাল্ড।

(গ) ফেইট্ৰিফ বাটজেল।

(ঘ) জৰ্জ ছিছ হম।

উত্তৰঃ (ঘ) জৰ্জ ছিছ হম।

৭। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, ভোগ আৰু বিনিময় সম্পর্কে অধ্যয়ন কৰা হয় সি হ’ল—

(ক) প্রাকৃতিক ভূগোল।

(খ) মানৱ ভূগোল।

(গ) অর্থনৈতিক ভূগোল।

(ঘ) আঞ্চলিক ভূগোল।

উত্তৰঃ (গ) অর্থনৈতিক ভূগোল।

৮। শিল এবিধ—

(ক) জীবীয় সম্পদ।

(খ) অজীৱীয় সম্পদ।

(গ) মানৱ সৃষ্ট সম্পদ।

(ঘ) মানৱ সম্পদ।

উত্তৰঃ (খ) অজীৱীয় সম্পদ।

৯। অসমৰ এবিধ বিলুপ্তপ্রায় জন্তু হ’ল—

(ক) ম’হ।

(খ) শহাপহু।

(গ) মেকুৰী।

(ঘ) সোণালী বান্দৰ।

উত্তৰঃ (ঘ) সোণালী বান্দৰ।

১০। মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তুক কি বোলা হয়—

(ক) দ্ৰব্য।

(খ) সম্পদ।

(গ) চাহিদা।

(ঘ) সম্পত্তি।

উত্তৰঃ (ক) দ্ৰব্য।

অতি চমু প্ৰশ্নোত্তৰ

১। প্রাকৃতিক সম্পদ কাক বোলে?

উত্তৰঃ যিবোৰ সম্পদ প্রাকৃতিকভাৱে সৃষ্টি হৈ প্রকৃতিত বিয়পি থাকে, তেনে সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে।

২। প্রাকৃতিক সম্পদৰ উদাহৰণ দিয়া।

উত্তৰঃ বায়ু, পানী, মাটি।

৩। মানৱ সম্পদ কাক বোলে?

উত্তৰঃ মানুহ হৈছে মানৱ সম্পদ। মানুহ নহ’লে নতুনকৈ সম্পদৰ সৃষ্টি হ’ব নোৱাৰে বাবে মানুহক মানৱ সম্পদ বোলা হয়।

৪। অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন?

উত্তৰঃ জর্জ ছিজহ’ম।

৫। সম্পদ বুলিলে কি বুজা?

উত্তৰঃ মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ সামগ্রীকে সম্পদ বোলা হয়।

৬। সম্পদৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ সম্পদ হ’বৰ বাবে বস্তু এটাৰ কাৰ্য কৰিব পৰা অৰ্থাৎ, উৎকৃষ্ট কার্যদক্ষতা থাকিব লাগিব।

৭। অনৱীকৰণযোগ্য সম্পদ কি?

উত্তৰঃ যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু সম্পূৰ্ণৰূপে নিঃশেষ হৈ যায় তেনে সম্পদবোৰক অনবীকৰণযোগ্য সম্পদ বোলে।

৮।  মানৱ সম্পদৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ মানুহ।

৯। সম্পদৰ উদাহৰণ দিয়া।

উত্তৰঃ মাটি, পানী, বায়ু আদি।

১০। সম্পদ আৰু বিজ্ঞান-প্ৰযুক্তিৰ মাজত থকা এটা সম্পর্ক লিখা।

উত্তৰঃ বিজ্ঞান প্রযুক্তিৰ সহায়ত অনেক নিষ্ক্রিয় সামগ্রীক সম্পদলৈ ৰূপান্তৰ কৰা হৈছে।

১১। সম্পদ সংৰক্ষণ বুলিলে কি বুজা? 

উত্তৰঃ কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্যপূর্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে।

১২। অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু কি?

উত্তৰঃ অর্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত সকলোবোৰ কথাই ইয়াৰ বিষয়বস্তুৰ ভিতৰত পৰে।

১৩। জাতীয় সম্পদ কি?

উত্তৰঃ এখন দেশৰ তত্ত্বাৱধানত থকা সকলোবোৰ সম্পদকে জাতীয় সম্পদ বোলে। যেনে— ৰাস্তা- ঘাট, নদ-নদী, দলং, অভয়াৰণ্য আদি।

১৪। আন্তর্জাতিক সম্পদ কাক বোলে?

উত্তৰঃ সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্র বিশ্বৰ অধীনত থকা সম্পদক জাতীয় সম্পদ বোলে। যেনে– সাগৰ-মহাসাগৰ, বায়ুমণ্ডল ইত্যাদি।

১৫। WWF for nature ৰ সম্পূৰ্ণ নামটো লিখা?

 উত্তৰঃ World Wide Fund for Nature.

দীঘলীয়া প্ৰশ্নোত্তৰ

১। অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা।

উত্তৰঃ ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কার্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে।

অর্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু হ’ল মানুহৰ অর্থনৈতিক কার্যকলাপ। 

ইয়াৰ অন্তৰ্গত তলত দিয়া কেইটা সাঙুৰি লোৱা হৈছে—

 (ক) সম্পদৰ উৎপাদন।

 (খ) সম্পদৰ বিতৰণ।

 (গ) সম্পদৰ উপভোগ।

 (ঘ) সম্পদৰ বিনিময়।

সম্পদ অবিহনে মানুহৰ এই অর্থনৈতিক কার্যকলাপবোৰৰ কোনোটোৱেই সম্পাদন কৰিব নোৱাৰি। গতিকে, সম্পদৰ প্ৰাচুৰ্যতা, ইয়াৰ উন্নয়ন আৰু ব্যৱহাৰ অৰ্থনৈতিক ভূগোল প্রধান বিষয়বস্তু। 

অর্থনৈতিক ভূগোল প্রধান শাখাবোৰ হ’ল:

(ক) কৃষি ভূগোল।

(খ) ঔদ্যোগিক ভূগোল।

(গ) সম্পদ ভূগোল।

(ঘ) পৰিবহণ ভূগোল।

(ঙ) বজাৰ ভূগোল।

(চ) পর্যটন ভূগোল। 

২। সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ সকলো জীৱ আৰু পৰিস্থিতিতন্ত্ৰৰ কার্যাৱলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সম্পত্তিৰ উৎস, ৰাজহ, যোগান বা সহায়ক সম্পদ বোলে। অন্যার্থত মানুহৰ বিভিন্ন চাহিদা পূৰণ কৰা বস্তুবোৰকে সম্পদ বোলে। এই সম্পদবোৰক দেশ এখনৰ উমৈহতীয়া অৱলম্বন হিচাপে সংজ্ঞাবদ্ধ কৰা হয়।

প্রকৃতিত উপলব্ধ বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ- গছনি, খনিজ পদার্থ, মাছ আদি উপাদানবোৰক সম্পদ বুলি গণ্য কৰা হয়; কিয়নো এইবোৰে পৃথিৱীক মানুহৰ বাসোপযোগী কৰি তোলাৰ ক্ষেত্রত বিভিন্ন প্ৰকাৰে সহায় কৰে।

প্রখ্যাত অর্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদৰ মূল বৈশিষ্ট্যসমূহ হৈছে—

(ক) উপকাৰিতা: সম্পদৰ আটাইতকৈ গুৰুত্বপূর্ণ বৈশিষ্ট্যটো হ’ল যে ই বিভিন্ন ধৰণে মানুহৰ বাবে উপযোগী হোৱা উচিত। মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় কিছুমান চর্ত পূৰাব পাৰিব লাগিব। সম্পদে মানুহৰ কিছুমান অর্থনৈতিক কার্য যেনেঃ বিভিন্ন দ্রব্যৰ উৎপাদন, বিতৰণ আৰু উপভোগত সেৱা আগবঢ়ায়।

(খ) কার্যকাৰিতা: সকলো সম্পদৰে নিৰ্দিষ্ট কার্যকাৰিতা আছে অৰ্থাৎ এইবোৰ নিৰ্দিষ্ট কার্যক্ষমতাসম্পন্ন বা উপযোগিতা সম্পন্ন হোৱা বাঞ্চনীয়। উদাহৰণস্বৰূপে, বিভিন্ন উদ্যোগৰ বাবে খনিজ সম্পদৰ প্ৰয়োজন।

শসাই মানৱ জীবন-নির্বাহ কায়, বননিয়ে মানুহে নিশাহত এৰি দিয়া কার্বন ডাই-অক্সাইড শোষণ কৰাৰ লগতে কাঠ, পশুখাদ্য, জীৱ-জন্তুৰ বাসস্থান আদিৰ যোগান ধৰে। এনেকৈয়ে প্রত্যেক সম্পদৰ এক নিজস্ব কার্যকাৰিতা আছে।

৩। সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলোচনা কৰা।

উত্তৰঃ সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে। এই দুয়োেটাৰ মাজৰ পাৰস্পৰিক সম্পর্কক তলত উল্লেখ কৰা তথ্যৰ পৰা অনুধাৱন কৰিব পাৰি—

(ক) সম্পদৰ আৱিষ্কাৰ: প্ৰায় সকলোবাৰ সম্পদৰ আৱিষ্কাৰৰ ক্ষেত্ৰত বিজ্ঞানে আমাক সক্ষম কৰি তুলিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ অবিহনে বেছিভাগ সম্পদেই লুপ্ত আৰু অজ্ঞাত হৈ থাকিলহেঁতেন। আধুনিক বিজ্ঞান- প্রযুক্তিৰ ব্যৱহাৰ অবিহনে বর্তমান আমি ব্যৱহাৰ কৰি থকা বহুতো খনিজ সম্পদ ভূ-গর্ভত লুপ্ত অৱস্থাত থাকিলহেঁতেন।

(খ) নিষ্ক্রিয় সামগ্ৰীৰ ৰূপান্তৰ: বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ বাবে মানুহৰ কৌশল আৰু শ্রম ব্যৱহাৰ কৰি পৃথিৱীৰ বহুতো নিষ্ক্রিয় সামগ্ৰী আৰু প্ৰতিৰাধক সম্পদলৈ ৰূপান্তৰিত কৰিব পৰা হৈছে।

(গ) সম্পদৰ উচিত ব্যৱহাৰ: বিজ্ঞান আৰু প্রযুক্তিয়ে সম্পদৰ সঠিক ব্যৱহাৰত সহায় কৰিছে। বিজ্ঞানী আৰু গৱেষকসকলে পূর্বস্থিত সম্পদবোৰৰ ভালেমান নতুন ব্যৱহাৰ উদ্ভাৱন কৰি এই সম্পদসমূহ অধিক উপযোগী কৰি তুলিছে।

৪। “সম্পদ সংৰক্ষণ” বুলিলে কি বুজায়? ইয়াৰ প্রয়োজনীয়তা কি?

উত্তৰঃ সম্পদৰ অপচয়মূলক ব্যৱহাৰ আৰু অপব্যৱহাৰ ৰোধ কৰি সৰ্বাধিক উপযোগিতা আহৰণৰ উদ্দেশ্যে সম্পদৰ সঞ্চয় আৰু বিচক্ষণ ব্যৱহাৰৰ প্রক্রিয়াকে সম্পদৰ সংৰক্ষণ বুলি জনা যায়। সম্পদ সংৰক্ষণৰ 

প্ৰয়োজনীয়তাৰ কাৰক কেইটা তলত উল্লেখ কৰা হ’ল:

(ক) সীমিত সম্পদ: প্রকৃতিয়ে যোগান ধৰা সম্পদৰ বিতৰণ অসমান আৰু ইয়াৰ যোগান সীমিত। পৃথিৱীৰ কোনো দেশতেই সকলো সম্পদ উপলব্ধ নহয়। সেয়ে দেশখনত উপলব্ধ সম্পদখিনিক সঠিক ব্যৱহাৰ আৰু সংৰক্ষণ কৰিব লাগে। মানুহে বর্তমান ব্যৱহাৰ কৰি থকা অধিক সংখ্যক সম্পদেই ক্ষয়শীল বা অনৱীকৰণযোগ্য।

সেয়ে সীমিত সম্পদবোৰ দীর্ঘ দিন ধৰি ব্যৱহাৰোপযোগী কৰি ৰাখিবলৈ হ’লে সেইবোৰ পৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগে।

(খ) বর্ধিত জনসংখ্যা: জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্রয়োজনীয়তাও বাঢ়ি আহিছে। বর্ধিত জনসংখ্যাই উপলব্ধ সম্পদ দ্রুতগতিত নিঃশেষ কৰে। আমেৰিকা, কানাডা, জাপান, জার্মানী, ইংলেণ্ড আদি দেশৰ জনসংখ্যা কম যদিও অর্থনৈতিক উন্নয়নৰ বাবে এনেবোৰ দেশৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ অতি বেছি।

আনকি ভাৰত আৰু চীনৰ দৰে উন্নয়নশীল দেশতো কয়লা, তেল, প্রাকৃতিক গেছ, কপাৰ, আইৰণ, বক্সাইট আদি খনিজ সম্পদবোৰৰ ব্যৱহাৰ যথেষ্ট বেছি।

(গ) বিপন্ন প্রজাতিৰ সংৰক্ষণ: বিভিন্ন সম্পদৰ অনুপযুক্ত ব্যৱহাৰৰ বাবে আৰু পৰিৱেশ প্রদূষণৰ বাবে বহুতো উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বিপন্ন আৰু বিলুপ্ত হৈ পৰিছে। পাৰিৱেশিক নিম্নীকৰণ আৰু বাসস্থান ধ্বংসৰ বাবে বহুত জন্তু যেনে— বাঘ, সিংহ, হাতী, গড় আদিৰ মুঠ সংখ্যা দ্রুতগতিত হ্রাস পাইছে।

অসমৰ বহুতো মূল্যবান উদ্ভিদ প্রজাতি, যেনে— সর্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অর্জুন আদি বিলুপ্তিৰ গৰাহত পৰিছে। তেনেদৰে, সোণালীবান্দৰ, হলৌবান্দৰ, বনৰীয়া মহৈ আদি জন্তুও বিপদাপন্ন হৈ পৰিছে। এনেধৰণৰ জীৱীয় সম্পদ ধ্বংসই জীৱমণ্ডলত কিছুমান নেতিবাচক প্রভাৱ পেলাব পাৰে।

(ঘ) প্রদূষণ নিয়ন্ত্রণ: সম্পদৰ নিষ্কাশন আৰু সংসাধনৰ ফলত পৰিৱেশ যথেষ্ট পৰিমাণে প্ৰদূষিত হয়। ৰাসায়নিক দ্রব্য, সাৰ, যানবাহন, কীটনাশক আদিৰ ব্যৱহাৰ আৰু তেল, কয়লা, প্রাকৃতিক গেছ আদি খনিজ সম্পদবোৰৰ বৰ্ধিত ব্যৱহাৰে অত্যধিক মাত্ৰাত পৰিৱেশ প্ৰদূষিত কৰে, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

গতিকে, হানিকাৰক প্ৰভাৱ হ্রাস কৰিবলৈ পৰিকল্পিতভাৱে সম্পদৰ ব্যৱহাৰ কৰা উচিত।

৫। সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ সম্পদ সংৰক্ষণৰ বিভিন্ন পদ্ধতি—

(ক) বিকল্প সম্পদৰ সন্ধান: সম্পদৰ বহুল ব্যৱহাৰ হ্রাস কৰাৰ এটা উপায় হ’ল সমগুণসম্পন্ন বিকল্প সম্পদৰ উদঘাটন। ইয়াৰ বাবে গভীৰ অধ্যয়ন আৰু গৱেষণাৰ প্রয়োজন। বর্তমান বহুতো বাণিজ্যিক সামগ্ৰীৰ ভাল বিকল্প সামগ্রী আছে।

উদাহৰণস্বৰূপে, কপাহী সূতাৰ পৰিৱৰ্তে সাংশ্লেষিক আঁহ, পেট্রল বা ডিজেলৰ পৰিৱৰ্তে যান-বাহনত বিদ্যুতৰ ব্যৱহাৰ আদি। অনৱীকৰণযোগ্য সম্পদ যেনেঃ- কয়লা, তেল, খনিজ সম্পদ আদিৰ অত্যধিক ব্যৱহাৰ কমাবৰ বাবে আমি সৌৰশক্তি, জলবিদ্যুত, জৈৱ গেছ আদি ব্যৱহাৰ কৰিব পাৰোঁ।

(খ) পুনৰাৱৰ্তন: পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে বৰ্জিত দ্রব্যক পুনৰ ব্যৱহাৰযোগ্য কৰি কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰি। উদাহৰণস্বৰূপে ব্যৱহৃত পানী বা কাগজৰ পুনৰাৱৰ্তন।

(গ) অভিযোজন: প্রয়োজনীয় অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে উপলব্ধ সম্পদবোৰৰ উন্নত আৰু সার্থক ব্যৱহাৰৰ বাবে বহুতো অভিযোজন প্রক্রিয়া প্ৰয়োগ কৰিব পাৰি। ই কেঁচা সামগ্ৰীৰ অপব্যৱহাৰ হ্রাস কৰে আৰু সম্পদৰ উৎপাদন বঢ়ায়। উদাহৰণস্বৰূপে, ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱ সাৰৰ প্ৰয়োগ।

(ঘ) বর্জিত দ্রব্য নিয়ন্ত্রণ: বৰ্জিত দ্রব্যবোৰ সঠিকভাবে সংগ্ৰহ কৰিলে আৰু বৈজ্ঞানিকভাবে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা বহুতো নতুন সামগ্রী পাব পাৰি। উদাহৰণস্বৰূপে: কাৰখানা আৰু নগৰৰ নলা-নর্দমাৰ বর্জিত পানীক নির্দিষ্ট বৈজ্ঞানিক পদ্ধতিৰে পুনৰ বিশুদ্ধ কৰিব পাৰি।

(ঙ) সংৰক্ষণ সম্পৰ্কীয় জ্ঞানৰ সম্প্ৰসাৰণ: জন জাগৰণ, কর্মশালা, সম্পদ সংৰক্ষণ ব্যৱস্থাপনা আদিৰ জৰিয়তে দেশ এখনৰ জনসাধাৰণক সম্পদৰ সংৰক্ষণৰ প্রয়োজনীয়তাৰ বিষয়ে সচেতন কৰিব পাৰিলে সম্পদ সংৰক্ষণত এক বৃহৎ সাফল্য লাভ কৰিব পৰা যাব।

(চ) সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ: সম্পদৰ সঠিক সংৰক্ষণৰ বাবে, ইয়াৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ উচিত। চৰকাৰে এই আইনৰ সঠিক কাৰ্যকৰীকৰণ হোৱাটো নিশ্চিত কৰিব লাগিব আৰু আইন ভংগীকাৰীসকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্রহণ কৰিব লাগিব।

৬। সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা চমুকৈ লিখা।

উত্তৰঃ সমগ্র বিশ্ব জুৰি দেখা দিয়া দ্রুত জনসংখ্যা বৃদ্ধি আৰু প্রাকৃতিক পৰিৱেশৰ সমস্যা তথা বহু প্রাকৃতিক সম্পদ নিঃশেষ হ’বলৈ ধৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে বিভিন্ন পৰ্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰি থকা হৈছে। এনে কার্য সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পৰ্যায়ত বহু চৰকাৰী-বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এইক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত IUCN বিশেষভাবে উল্লেখযোগ্য। এই সংস্থাটোৰ মূল উদ্দেশ্য হ’ল সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ। সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা। IUCNৰ নেতৃত্বতে WWF for nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র স্থাপিত হৈছে। ভাৰতবৰ্ষত এনে কাৰ্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটি মন্ত্রণালয় গঠন কৰা হৈছে। এনে চৰকাৰী সংস্থাই প্রাকৃতিক সম্পদৰ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পর্কীয় আইনো প্রণয়ন কৰে। এই মন্ত্রণালয়ৰ অন্তৰ্গত স্বতন্ত্রভাৱে ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছে। ইয়াৰোপৰি বেচৰকাৰীভাৱে বিজ্ঞান আৰু’ পৰিৱেশ কেন্দ্ৰ, গ্রীণপিচ ইণ্ডিয়া, ব্রাইল্ড লাইফ ট্রাষ্ট অৱ ইণ্ডিয়া আদিৰ দৰে সংগঠনে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আছে। অসমতো অসম বিজ্ঞান সমিতি, আৰণ্যকৰ দৰে কেইবাটাও বেচৰকাৰী সংগঠনে পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্র্য সংৰক্ষণ আদিৰ বাবে কাম-কাজ কৰি আছে।

৭। অর্থনৈতিক ভূগোলৰ পৰিসব সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ অর্থনৈতিক ভূগোলত প্রধানকৈ সম্পদসমূহ আৰু ইয়াৰ সৈতে জড়িত মানুহৰ বিভিন্ন অর্থনৈতিক কার্যকলাপসমূহ অধ্যয়ন কৰা হয়। অর্থনৈতিক ভূগোলৰ পৰিসৰ প্ৰধানকৈ দুটা বৃহৎ শাখাৰ অধীনত পাঁচটা বিশেষ প্রশ্নৰ ওপৰত প্রতিষ্ঠিত।

সেইবোৰ হ’ল—

(ক) পৰম্পৰাগত অর্থনৈতিক ভূগোলঃ

(i) অর্থনৈতিক কার্যটো ক’ত অবস্থিত?

(ii) অর্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যসমূহ কি কি?

(iii) অর্থনৈতিক কার্যটো অন্য কি কি পৰিঘটনাৰ সৈতে জড়িত?

(খ) আধুনিক অর্থনৈতিক ভূগোল:

(i) অর্থনৈতিক কার্যটো য’ত অবস্থিত তাতে কিয় হৈছে?

(ii) অর্থনৈতিক কার্যটো য’ত অৱস্থিত তাৰ পৰিৱৰ্তে আন ঠাইত হলে বেছি ভাল নহ’লহেঁতেন নে? অর্থনৈতিক ভূগোলৱ পৰিসৰৰ অন্তৰ্গত মানুহৰ অর্থনৈতিক কার্যকলাপসমূহক প্ৰধানকৈ চাৰিটা প্ৰকাৰত শ্রেণীবিভক্ত কৰিব পাৰি?

(ক) প্রাথমিক বৃত্তি: যিবোৰ কাৰ্যৰ দ্বাৰা মানুহে প্রকৃতিৰ পৰা প্ৰাকৃতিক সম্পদ আহৰণ কৰে।

(খ) দ্বিতীয়ক বৃত্তি: যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰাকৃতিক সম্পদসমূহক মানুহৰ ব্যৱহাৰোপযোগী ৰূপলৈ ৰূপান্তৰ কৰে।

(গ) তৃতীয় বৃত্তি: যিবোৰ কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায়।

(ঘ) চতুৰ্থক বৃত্তি: যিবোৰ কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল আৰু ফলপ্রসূ কৰি তোলা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top