পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 Social Science Important Notes

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 Social Science Important Notes to each chapter are provided in the list so that you can easily browse through different chapters পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 Social Science SEBA Important Notes and select need one.

Class 10 Social Science Important Notes পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Class 10 Social Science Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Social Science Important Notes পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Here we have given Solutions for All Subjects, You can practice these here.

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Chapter – 7

SOCIAL SCIENCE

IMPORTANT NOTES

শুদ্ধ উত্তৰ বাছি উলিওৱা:

১। এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়—

(ক) মেৰু অঞ্চলত।

(খ) অৰণ্য অঞ্চলত।

(গ) ঔদ্যোগিক অঞ্চলত।

(ঘ) ঘাঁহনি অঞ্চলত।

উত্তৰঃ (গ) ঔদ্যোগিক অঞ্চলত।

২। সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী—

(ক) অক্সিজেন।

(খ) কাৰ্বন ডাই-অক্সাইড।

(গ) নাইট্ৰ’জেন।

(ঘ) আৰ্গন।

উত্তৰঃ (খ) কাৰ্বন ডাই-অক্সাইড।

৩। তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়—

(ক) অ’য’ন।

(খ) মিথেন।

(গ) কাৰ্বন ডাই-অক্সাইড।

(ঘ) নাইট্ৰাছ অক্সাইড।

উত্তৰঃ (ক) অ’য’ন।

৪। বায়ুমণ্ডলত থকা নাইট্র’জেন গেছৰ পৰিমাণ—

(ক) ৭৭.০৭%

(খ) ৭৮.০৮%

(গ) ৭৬.০৬%

(ঘ) ৭৪.০৪%

উত্তবঃ (খ) ৭৮.০৮%

৫। বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ—

(ক) ২০.৯৮%

(খ) ২১.12%

(গ) ১৯.৯০%

(ঘ) ০৩.৩৫%

উত্তৰঃ (ক) ২০.৯৮%

৬। বায়ুমণ্ডলত থকা আর্গন গেছৰ পৰিমাণ—

(ক) ০.০৮%

(খ) ০.৯৩%

(গ) ০.৮১%

(ঘ) ০.০১%

উত্তৰঃ (খ) ০.৯৩%

৭। বায়ুমণ্ডলত থকা কার্বন ডাই অক্সাইড গেছৰ পৰিমাণ—

(ক) ০.০০৩৫%

(খ) ০.০৩১%

(গ) ০.০৩৫%

(ঘ) ০.০৩২%

উত্তৰঃ (গ) ০.০৩৫%

৮। জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে—

(ক) ৬১%

(খ) ৫১%

(গ) ৭৩%

(ঘ) ৭১%

উত্তৰঃ (ঘ) ৭১%

৯। মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্ৰান্ত হোৱা মহাদেশখন হ’ল—

(ক) উত্তৰ আমেৰিকা।

(খ) দক্ষিণ আমেৰিকা।

(গ) এছিয়া।

(ঘ) আফ্ৰিকা।

উত্তৰঃ (ক) উত্তৰ আমেৰিকা।

১০। শিল্প বিপ্লৱ আৰম্ভ হৈছিল—

(ক) এছিয়াত।

(খ) ইউৰোপত।

(গ) উত্তৰ আমেৰিকাত।

(ঘ) আফ্ৰিকাত।

উত্তৰঃ (খ) ইউৰোপত।

অতি চমু প্ৰশ্নোত্তৰ

১। স্থলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে? 

উত্তৰঃ ২৯ শতাংশ।

২। মৰুকৰণ কি?

উত্তৰঃ মৰুকৰণ হৈছে এনে এটা প্রক্রিয়া যিয়ে ক্রান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে।

৩। ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ সন্মিলনৰ মৰুকৰণৰ সংজ্ঞাটো লিখা।

উত্তৰঃ মৰকৰণ হৈছে এনে এটা প্রক্রিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে।

৪। প্ৰদূষণ কি?

উত্তৰঃ অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে সহজ কথাত প্ৰদূষণ বুলি ক’ব পাৰি।

৫। বায়ুমণ্ডলে কিমান শতাংশ সৌৰ শক্তি শুহি লয়?

উত্তৰঃ ১৯%

৬। বায়ু প্ৰদূষণৰ মূল কাৰণ কি?

উত্তৰঃ আগ্নেয়গিৰি উদ্‌দ্গীৰণ।

৭। ‘মাউণ্ট পিনাটুব’ৰ আগ্নেয়গিৰিৰ উদ্গীৰণ কেতিয়া হৈছিল?

উত্তৰঃ ১৯৯১ চনত।

৮। পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ মাটি মৰুভূমিয়ে আগুৰি আছে?

উত্তৰঃ প্রায় ২০%

৯। পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ মাটি মৰুকৰণৰ দ্বাৰা প্রভাবিত?

উত্তৰঃ প্রায় ৩৫%

১০। পৃথিৱীৰ কোনখন মহাদেশৰ সৰ্বমুঠ শুকান ঠাঁইৰ বেছিখিনিয়েই মৰুকৰণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্রস্থ?

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশ।

দীঘলীয়া প্ৰশ্নোত্তৰ

১। গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যা সৃষ্টি কৰিব লিখা।

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধিয়ে নিম্নলিখিত সম্ভাব্য সমস্যাসমূহ সৃষ্টি কৰিব পাৰে।

(i) বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধি: প্রাক-ঔদ্যোগিক বিপ্লৱৰ যুগৰ পৰা বৰ্তমানলৈ ভূপৃষ্ঠৰ গড় উত্তাপ প্রায় ০.৭৬° চেলছিয়াছ বৃদ্ধি হৈছে আৰু ভবিষ্যতে ৫.৮° চেলছিয়াছলৈ বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে।

(ii) মেৰুঅঞ্চলত বৰফৰ গলন: ২-৩ ডিগ্রী চেলছিয়াছ উত্তাপ বৃদ্ধি পালে উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বৰফসমূহ গলিবলৈ আৰম্ভ কৰিব।

(iii) সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি: মেৰুদেশীয় বৰফৰ গলনে সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি কৰিব। সাগৰপৃষ্ঠত হোৱা এক মিটাৰ উচ্চতা বৃদ্ধিয়ে ৫ নিযুত বর্গ কিঃমিঃ উপকূলবর্তী অঞ্চল, বহুততা জনবসতিপূর্ণ দ্বীপ, বদ্বীপ আৰু প্ৰৱাল দ্বীপ জলমগ্ন কৰিব।

(iv) উদ্ভিদ আৰু জীৱ-জন্তুৰ বিতৰণ তথা বৃদ্ধিত পৰিৱৰ্তন ঘটাব।

(v) শস্য উৎপাদন হ্রাস কৰিব।

(vi) মৰুকৰণ প্ৰক্ৰিয়াৰ সম্প্ৰসাৰণ ঘটাব।

২। গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি?

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ নিম্নলিখিত ব্যৱস্থাসমূহ গ্রহণ কৰিব লাগে।

(i) অপ্রয়োজনীয়ভাৱে গছ-গছনি কটা বন্ধ কৰা।

(ii) বর্ধিত জনসংখ্যাৰ হাৰ নিয়ন্ত্ৰণ কৰা।

(iii) ক্লৰ’ফ্লুৰ কাৰ্বন নির্গত কৰা সঁজুলিসমূহৰ ব্যৱহাৰ হ্রাস কৰা।

(iv) খনিজ তেল, প্রাকৃতিক গেছ আদিৰ দৰে জীৱাশ্ম ইন্ধনসমূহৰ ব্যৱহাৰ হ্ৰাস কৰা।

(ⅴ) সৌৰশক্তি, বায়ুশক্তি, জৈৱশক্তি আদিৰ দৰে অপৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰ বৃদ্ধি কৰা।

৩। গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা।

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধি হৈছে বর্তমান আমাৰ বিশ্বৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰিৱেশ সম্বন্ধীয় সমস্যা। বায়ুমণ্ডলত সেউজগৃহ। গেছসমূহ সংযোজিত হোৱাৰ ফলস্বৰূপে ভূপৃষ্ঠৰ লগতে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হোৱাকে গোলকীয় উত্তাপ বৃদ্ধি হোৱা বুলি কোৱা হয়। 

গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰণসমূহ হ’ল:

সেউজগৃহ গেছসমূহৰ নির্গমণ, কার্বন ডাই-অক্সাইড [CO2], মিথেন [CH4], নাইট্রাছ অক্সাইড [N2O], জলীয় বাষ্প আদিৰ দৰে গেছসমূহে ভূপৃষ্ঠৰ পৰা প্রতিফলিত সৌৰশক্তি শোষণ কৰি বায়ুমণ্ডলীয় উষ্ণতা নিয়ন্ত্ৰণত ৰাখিব পাৰে।

এনে গেছসমূহক সেউজগৃহ গেছ বোলে আৰু বায়ুমণ্ডলত এই গেছসমূহৰ উপস্থিতিৰ মুঠ পৰিমাণ কেৱল ০.১ শতাংশ। কিন্তু কোনো কাৰণত বায়ুমণ্ডলত এই গেছসমূহৰ পৰিমাণ বৃদ্ধি পালে বা তাৰতম্য ঘটিলে বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধি হৈ গোলকীয় উত্তাপ বাঢ়ে।

গোলকীয় উত্তাপ বৃদ্ধিৰ ক্ষেত্ৰত এই সকলোবোৰ সেউজগৃহ গেছৰ ভিতৰত কাৰ্বন ডাই-অক্সাইড গেছৰ ভূমিকা সর্বাধিক হোৱা দেখা যায় যিহেতু যোৱা ১৫০ বছৰত বায়ুমণ্ডলত অকলে এই গেছ ৩০ শতাংশলৈ বৃদ্ধি হৈছে।

তদুপৰি ঔদ্যোগিক বিপ্লৱৰ পিছৰে পৰা বিস্তৃত ৰূপত হোৱা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ তথা নিৰ্বনানীকৰণ আদিৰ দৰে মানুহৰ কাৰ্যকলাপে গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগাইছে কাৰণ ই বায়ুমণ্ডলত কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰি বায়ুমণ্ডলীয় উত্তাপৰ বৃদ্ধি হৈছে।

৪। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।

উত্তৰঃ ভৌগোলিক দিশৰ পৰা পাৰিপাৰ্শ্বিক সমস্যাবা ৰক তলত উল্লেখ কৰা ধৰণে ভাগ কৰিব পাৰি।

(i) স্থানীয় সমস্যাঃ উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেৱল এটা নির্দিষ্ট সৰু এলেকাক প্ৰভাৱিত কৰা পাৰিপার্শ্বিক সমস্যাবোৰকে স্থানীয় পাৰিপার্শ্বিক সমস্যা বুলি কোৱা হয়। যেনেঃ ক্ষুদ্র উদ্যোগ এটাৰ দ্বাৰা হোৱা ভূমি প্ৰদূষণ, জলাশয়সমূহ তৰাং হোৱাৰ ফলত খৰালি কালত হোৱা পানীৰ অভাৱ, স্থানীয় নদীৰ দ্বাৰা হোৱা গৰাখহনীয়াৰ সমস্যা আদি।

(ii) আঞ্চলিক সমস্যাঃ এটা বা ততোধিক ভৌগোলিক অঞ্চলজুৰি সৃষ্টি হোৱা সমস্যাকে আঞ্চলিক পাৰিপার্শ্বিক সমস্যা বুলি কোৱা হয়। কেতিয়াবা এই আঞ্চলিক সমস্যাই একাধিক ৰাষ্ট্ৰকো সামৰি লয়।

যেনে: অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, বৃহৎ ঔদ্যোগিক অঞ্চলৰ ভূমি আৰু জল প্ৰদূষণৰ সমস্যা, মহানগৰ অঞ্চলৰ ভূ-গর্ভস্থ পানীৰ নাটনিজনিত সমস্যা, নদী অৱবাহিকাৰ ভূমিক্ষয় সমস্যা আদি।

(iii) গোলকীয় সমস্যাঃ সমগ্র বিশ্বকে সামৰি লোৱা বা প্ৰভাৱিত কৰা পাৰিৱেশিক সমস্যাবোৰকে গোলকীয় পাৰিপাৰ্শিক সমস্যা বুলি কোৱা হয়। যিহেতু গোলকীয় সমস্যাই সমগ্র পৃথিবীকে সামৰি লয় সেয়েহে এনে সমস্যাসমূহৰ সমাধানার্থে আন্তর্জাতিক প্রচেষ্টা প্রয়া জন হয়।

উদাহৰণস্বৰূপে গোলকীয় উত্তাপবৃদ্ধি, যিয়ে পৰিৱেশত প্ৰভাৱ পেলায় আৰু ইয়াৰ কোনো ভৌগোলিক সীমান্যই।

৫। পানী প্ৰদূষণ কাক বোলে? পানী প্রদূষণ কেনেকৈ হয়?

উত্তৰঃ সাধাৰণতে দূষিত পদার্থ মিহলি হৈ নির্মল পানী ব্যৱহাৰৰ অনুপযোগী কৰা কাৰ্যকে পানী প্রদূষণ বোলে। 

সাধাৰণতে তলত দিয়া কাৰণত পানী প্ৰদূষণ হয়—

(ক) উদ্যোগ অঞ্চলৰ পৰা নিৰ্গত দূষিত পদার্থ: উদ্যোগ অঞ্চলৰ পৰা নিৰ্গত বৰ্জিত পদাৰ্থবোৰত থকা এছিড, বিষাক্ত দ্রব্য, তেলজাতীয় পদার্থ আদি নদ-নদী, পুখুৰী আদিত পৰিলে উক্ত কাৰকবোৰে পানীৰ স্বাভাৱিক নিৰ্মলীকৰণ প্রক্রিয়াত বাধাৰ সৃষ্টি কৰে। ফলত পানী প্ৰদূষিত হয়।

(খ) খেতিপথাৰত ব্যৱহৃত ৰাসায়নিক পদার্থ: খেতি পথাৰত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক দ্রব্যবোৰ বৰষুণত দ্ৰৱীভূত হৈ আহি নদ-নদী, বিল-পুখুৰী আদিত পৰিও পানী প্ৰদূষিত হয়।

৬। পৰিৱেশিক সমস্যা কি? পৰিৱেশিক সমস্যাৰ ভৌগোলিক ভাগবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ মানুহৰ অনিয়ন্ত্রিত জনসংখ্যা বৃদ্ধি, বিজ্ঞান-প্রযুক্তিৰ  অত্যধিক ব্যৱহাৰে পৰিৱেশৰ ওপৰত হেঁচাৰ সৃষ্টি কৰিছে আৰু ইয়াৰ ফলত এক নতুন সমস্যাৰ সৃষ্টি হৈছে। এই সমস্যাবোৰ মূলত পৰিৱেশৰ লগত সম্পর্কিত কাৰণেই সমস্যাবোৰক পাৰিৱেশিক সমস্যা বোলা হয়।

যেনে-অৰণ্য ধ্বংস, অত্যধিক পশুচাৰণ, গোলকীয় উত্তাপ বৃদ্ধি। ভৌগোলিক সমস্যা বুলি ক’লে আমি তিনিটা ভাগত ভাগ কৰিব পাৰো। 

সেইকেইটা হ’ল- 

(ক) স্থানীয় সমস্যা। 

(খ) আঞ্চলিক সমস্যা। 

(গ) গোলকীয় সমস্যা।

উৎপত্তিৰ ফালৰ পৰা যিবোৰ সমস্যা একেটা এলেকাতে সীমাবদ্ধ হৈ থাকে, সেইবোৰক স্থানীয় সমস্যা বোলে। যিবোৰ একো একোটা ভৌগোলিক অঞ্চল জুৰি বিয়পি থাকে তাক আঞ্চলিক সমস্যা বোলে। আকৌ যিবোৰ গোটেই পৃথিৱীতে বিয়পি পৰে তাকে গোলকীয় সমস্যা বোলে।

৭। বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা।

উত্তৰঃ বর্তমান বায়ু প্রদূষণ এটা গুৰুতৰ পাৰিপার্শ্বিক সমস্যাত পৰিণত হৈছে। বায়ুমণ্ডল বিশেষকৈ নাইট্রজেন (৭৮.০৮ শতাংশ), অক্সিজেন (২০.৯৪ শতাংশ), আর্গন (০.৯৩ শতাংশ) আৰু কার্বন ডাই-অক্সাইড (০.০৩৫ শতাংশ) আদিৰ দৰে গেছসমূহৰ দ্বাৰা গঠিত। এই গেছসমূহে এক নির্দিষ্ট অনুপাত ৰক্ষা কৰি বায়ুমণ্ডলীয় উষ্ণতাক ভাৰসাম্য অৱস্থাত ৰাখে।

কিন্তু যেতিয়া এই গেছসমূহৰ আয়তন বৃদ্ধি হয় বা যদি কোনো কঠিন, তৰল অথবা গেছীয় পদার্থ বায়ুমণ্ডলৰ সৈতে সংযোজিত হয় তেতিয়া বায়ুমণ্ডলীয় ভাৰসাম্যতা বিনষ্ট হয় আৰু ইয়াৰ ফলত বায়ু প্ৰদূষিত হয়। এনেধৰণৰ প্ৰদূষণ জৈৱ আৰু অজৈৱ উপাদানসমূহৰ বাবে হানিকাৰক হয়।

বায়ু প্ৰদূষণৰ কাৰণসমূহ হ’ল-

(i) প্রাকৃতিক কাৰকসমূহঃ

(ক) আগ্নেয় উদগিৰণ: আগ্নেয় উদগিৰণত নিৰ্গত হোৱা ধোৱা, ছাই আৰু গেছীয় পদাৰ্থসমূহৰ দ্বাৰা বায়ু প্ৰদূষণ ঘটে। উদাহৰণস্বৰূপে ফিলিপাইনছৰ মাউণ্ট পিনাটু’বক্সৰ উদগিৰণত ১৫-২০ নিযুত টন পৰিমাণৰ ছালফাৰ ডাই-অক্সাইড নির্গত হৈছিল।

(খ) বনজুই: বিশেষ কিছুমান অঞ্চলত প্রায়ে সংঘটিত হোৱা বনজুয়েও বায়ু প্ৰদূষিত কৰে।

(ii) মানৱ কাৰকসমূহঃ

(ক) ঔদ্যোগীকৰণ আৰু নগৰীকৰণ।

(খ) যানবাহনৰ বর্ধিত ব্যৱহাৰ তথা আণরিক বিস্ফোৰণ।

(গ) জীবাশ্ম ইন্ধনৰ বর্ধিত ব্যবহাৰ।

এই আটাইবোৰ মানৱ কার্যকলাপে বায়ুত কার্বন মন অক্সাইড, নাইট্রাছ অক্সাইড, হাইড্ৰ’কাৰ্বন, ছালফাৰ ডাই- অকাইদ আদি ক্ষতিকাৰক গেছৰ সংযোজন ঘটাই বায়ু প্ৰদূষণৰ সৃষ্টি কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top