অসমৰ ভূগোল Class 10 Social Science Important Notes

অসমৰ ভূগোল Class 10 Social Science Important Notes to each chapter are provided in the list so that you can easily browse through different chapters অসমৰ ভূগোল Class 10 Social Science SEBA Important Notes and select need one.

Class 10 Social Science Important Notes অসমৰ ভূগোল

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. অসমৰ ভূগোল Class 10 Social Science Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Social Science Important Notes অসমৰ ভূগোল Here we have given Solutions for All Subjects, You can practice these here.

অসমৰ ভূগোল

Chapter – 9

SOCIAL SCIENCE

IMPORTANT NOTES

শুদ্ধ উত্তৰ বাছি উলিওৱা:

১। গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাই পথটো (NH) হ’ল—

(ক) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ।

(খ) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ।

(গ) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।

(ঘ) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।

উত্তৰঃ (খ) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ।

২। অসমৰ আটাইতকৈ জনবহুল নগৰ—

(ক) গুৱাহাটী।

(খ) ধুবুৰী।

(গ) ডিব্ৰুগড়।

(ঘ) শিলচৰ।

উত্তৰঃ (ক) গুৱাহাটী।

৩। ২০১১ চনত অসমত জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত—

(ক) ১৯৮ জন।

(খ) ৩০৮ জন।

(গ) ৩৯৮ জন।

(ঘ) ২৮৮ জন।

উত্তৰঃ (গ) ৩৯৮ জন।

৪। ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা—

(ক) ধুবুৰী।

(খ) কামৰূপ।

(গ) নগাঁও।

(ঘ) বঙাইগাঁৱত।

উত্তৰঃ (গ) নগাঁও।

৫। ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা—

(ক) কার্বি আংলং।

(খ) হাইলাকান্দি।

(গ) ধেমাজি।

(ঘ) ডিমা হাছাও।

উত্তৰঃ (ঘ) ডিমা হাছাও।

৬। জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ’ল—

(ক) বড়ো।

(খ) মিছিং।

(গ) ৰাভা।

(ঘ) কার্বি।

উত্তৰঃ (খ) মিছিং।

৭। জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হৈছে—

(ক) বড়ো।

(খ) মিছিং।

(গ) ৰাভা।

(ঘ) কার্বি।

উত্তৰঃ (ক) বড়ো।

৮। ব্ৰহ্মপুত্ৰৰ নব্য জলপথটোৰ দৈর্ঘ্য—

(ক) ৮৭১ কি.মি.।

(খ) ৮৯৫ কি.মি.।

(গ) ৮৯১ কি.মি.।

(ঘ) ৮৯০ কি.মি.।

উত্তৰঃ (খ) ৮৯৫ কি.মি.।

৯।  বৰাকৰ নব্য জলপথটোৰ দৈৰ্ঘ্যা—

(ক) ২৭১ কি.মি.।

(খ) ১৫১ কি.মি.।

(গ) ১২১ কি.মি.।

(ঘ) ১৫৫ কি.মি.।

উত্তৰঃ (গ) ১২১ কি.মি.।

১০। ২০০১ চনৰ তথ্যমতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে—

(ক) ৮৮%

(খ) ৮৩%

(গ) ৮১%

(ঘ) ৮৭%

উত্তৰঃ (ঘ) ৮৭%

অতি চমু প্ৰশ্নোত্তৰ

১। আহোমসকল অসমলৈ কেতিয়া আহিছিল?

উত্তৰঃ ১২২৮ চনত।

২। বি. টি. এ. ডি. কেতিয়া গঠন হৈছিল?

উত্তৰঃ ২০০৩ চনৰ ৩০ অক্টোবৰত।

৩। অসমৰ এখন তৈলক্ষেত্ৰৰ নাম লিখা।

উত্তৰঃ ডিগবৈ।

৪। অসমৰ জলপৰিবহন ব্যৱস্থাৰ এটা সুবিধা লিখা।

উত্তৰঃ গধুৰ মাল-বস্তুৰ পৰিবহণৰ ক্ষেত্ৰত উপযোগী।

৫। অসমৰ এটা ভৈয়াম জনজাতিৰ নাম কি?

উত্তৰঃ বড়ো।

৬। আটাইতকৈ পুৰণি পৰিবহন ব্যৱস্থাটোৰ নাম কি?

উত্তৰঃ পথ পৰিবহন।

৭। চাহ জনজাতিসকল মূলতঃ কোন জনগোষ্ঠীৰ লোক?

উত্তৰঃ অষ্ট্ৰিক জনগোষ্ঠীৰ।

৮। অসমৰ ৰেল পৰিবহন ব্যৱস্থাৰ দায়িত্ব কোনে লয়?

উত্তৰঃ উত্তৰ-পূব সীমান্ত ৰেল মণ্ডলে।

৯। ৰেল পৰিবহন এটা সুবিধা কি?

উত্তৰঃ ৰেল পৰিবহন ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলত অসমত নিয়োগ সৃষ্টি হৈছে।

১০। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ফেৰীঘাট কিমান যোৰ আছে?

উত্তৰঃ ৩০ যোৰতকৈ বেছি আছে।

১১। কেতিয়া ব্ৰহ্মপুত্ৰৰ নাব্য জলপথক ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হয়?

উত্তৰঃ ১৯৮৮ চনত।

১২। ঝুমখেতি কেনেকৈ কৰা হয়?

উত্তৰঃ সাধাৰণতে পাহাৰৰ সুচল ঢালত হাবি-জংঘল পুৰি খেতিৰ ঠাই মুকলি কৰি ঝুমখেতি কৰা হয়।

১৩। অসমত কিমান শতাংশ মাটিত শালি ধানৰ খেতি কৰা হয়?

উত্তৰঃ প্ৰায় ৭০ শতাংশ।

১৪। খনিজ তেলক কি বোলা হয়?

উত্তৰঃ পনীয়া সোণ।

১৫। অসমৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ ৭৮,৪৩৮ বৰ্গ কিঃমিঃ।

চমু প্ৰশ্নোত্তৰ

১। অসমৰ পর্যটন উদ্যোগৰ যি কোনো চাৰিটা সমস্যা উল্লেখ কৰা।

উত্তৰঃ অসমৰ পর্যটন উদ্যোগৰ যি কোনো চাবিটা সমস্যা হ’ল—

(ক) প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পর্যটন খণ্ডত অপর্যাপ্ত মূলধন বিনিয়োগ। 

(খ) অনুন্নত পৰিবহণ ব্যৱস্থা।

(গ) বিদেশী পর্যটকক আকর্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ। 

(ঘ) পর্যটনস্থলীসমূহৰ দুর্বল আন্তঃগাঁথনি।

২। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্ৰধান কাৰণবোৰ উল্লেখ কৰা।

উত্তৰঃ অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্ৰধান কাৰণবোৰ হ’ল—

(ক) পাহাৰ, মালভূমি, সমভূমি, জলাশয় আদিৰে বৈশিষ্ট্যপূর্ণ অসমৰ ভিন্ন ভূ-প্রকৃতিৰ বাবে যাতায়াত ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়।

(খ) অসম ৰাজ্যখন ইয়াৰ পশ্চিমৰ ঠেক ভূ-খণ্ডৰ দ্বাৰা ভাৰতৰ সৈতে সংলগ্ন হৈছে আৰু সেইবাবে পৰিবহণৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে।

(গ) বাট-পথ নির্মাণ আৰু মেৰামতিৰ বাবে অসমৰ মাটিৰ গুণাগুণ ঠাই বিশেষে সিমান উপযুক্ত নহয়। তাৰোপৰি বাৰিষাকালত হোৱা প্ৰচুৰ বৰষুণৰ বাবে বাট-পথ সহজে নষ্ট হয়। আনহাতে, বাট-পথ নিৰ্মাণৰ ক্ষেত্রত উপযুক্ত আধুনিক প্রযুক্তি আৰু কৌশল প্রয়োগ নকৰাৰ ফলত কম দিনৰ ভিতৰতে বাট-পথৰ অৱস্থা শোচনীয় হৈ পৰে।

৩। অসমত অর্থনৈতিক উন্নয়নৰ তিনিটা সমস্যা উল্লেখ কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ আন আন ৰাজ্যবোৰৰ দৰে অসমতো অৰ্থনৈতিক উন্নয়নৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। 

সেই বিষয়ে তলত উল্লেখ কৰা হ’ল—

(ক) প্রাকৃতিক সম্পদৰ অনুপযুক্ত ব্যৱহাৰ: অসম প্রাকৃতিক সম্পদত চহকী হোৱা হেতুকে অসমত সম্পদবোৰ পর্যাপ্ত পৰিমাণৰ আছে যদিও ইয়াৰ অনুপযুক্ত ব্যৱহাৰৰ বাবে অর্থনৈতিক উন্নয়ন দ্রুত হৈ পৰা নাই।

(খ) মানৱ সম্পদৰ ওপৰত গুৰুত্ব হ্রাস: অসমৰ বৃহৎ যুৱশক্তিক সঠিকভাৱে পৰিচালিত কৰি শিক্ষা-দীক্ষা, কাৰিকৰী দক্ষতা আদি দিশত গঢ় দিব পৰা নাই।

(গ) উদ্যোগৰ ওপৰত গুৰুত্ব হ্রাস: অসমত ঔদ্যোগিক উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ আঁচনি আৰু পৰিকল্পনা ৰূপায়ণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতা পৰিলক্ষিত হৈছে।

উপৰোক্ত কাৰকবোৰৰ বাবেই অসমত অর্থনৈতিক উন্নয়ন দ্রুত হৈ উঠা নাই।

৪। অসমৰ চাৰিওকাষে থকা ৰাজ্য আৰু দেশসমূহৰ নাম লিখা।

উত্তৰঃ অসমৰ চাৰিওফালে সাতখন ৰাজ্য আৰু দুখন বিদেশী ৰাষ্ট্ৰই আগুৰি আছে। অসমৰ চাৰিওফালে থকা ৰাজ্যকেইখন হ’ল— অৰুণাচল প্রদেশ (উত্তৰত), মেঘালয় আৰু মিজোৰাম (দক্ষিণত), নাগালেণ্ড, মণিপুৰ (পূৱ) আৰু পশ্চিমবংগ আৰু ত্ৰিপুৰা (পশ্চিমত)। অসমৰ চাৰিওফালে থকা দেশদুখন হ’ল-ভূটান (উত্তৰত), আৰু বাংলাদেশ (পশ্চিমত)।

৫। অসমৰ জলপৰিবহণ ব্যৱস্থাৰ সুবিধাবোৰ উল্লেখ কৰা।

উত্তৰঃ (ক) গধুৰ মাল-বস্তুৰ পৰিবহণৰ ক্ষেত্ৰত জলপৰিবহণ ব্যৱস্থা অতি উপযোগী।

(খ) অন্য পৰিবহণৰ তুলনাত জলপৰিবহণত ইন্ধনৰ খৰচ কম।

(গ) জলপৰিবহণত বায়ু প্ৰদূষণৰ সমস্যা নাথাকে।

(ঘ) প্রাকৃতিক নদ-নদীৰ জলপথসমূহ ব্যৱহাৰ কৰাৰ বাবে জলপৰিবহণ ব্যৱস্থাত মেৰামতি, পথ নির্মাণ আদি সমস্যাবোৰ নাথাকে।

৬। ভৌগোলিক অঞ্চলভেদে অসমৰ জনসংখ্যাৰ বিতৰণ উল্লেখ পর্যালোচনা কৰা।

উত্তৰঃ অসমৰ বিভিন্ন অঞ্চলৰ ভৌগোলিক পৰিৱেশ অনুসৰি, জনসংখ্যাৰ বিতৰণো সকলো অঞ্চলতে একে নহয়। সাধাৰণতে যিবিলাক অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল নহয়, যাতায়াত আৰু অৰ্থনৈতিক অৱস্থা উন্নত নহয়, সেইবিলাক অঞ্চলত জনবসতি সেৰেঙা আৰু জনসংখ্যা কম হয়। ইয়াৰ বিপৰীতে, অনুকূল প্রাকৃতিক আৰু অৰ্থনৈতিক অৱস্থা বিৰাজ কৰা অঞ্চলবোৰত জনবসতি ঘন হয়। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমতলভূমি সাৰুৱা হোৱা বাবে ই কৃষিৰ উপযোগী। কৃষিজীৱী লোকে সেয়েহে এই উপত্যকাক বসতিৰ বাবে বাছি লৈছে। ব্ৰহ্মপুত্র উপত্যকাত অসমৰ জনসংখ্যাৰ ৮৫% লোক বাস কৰে।

২০১১ চনৰ তথ্যমতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অংশত জনসংখ্যাৰ ঘনত্ব ৩৭১ জন, মধ্য ব্ৰহ্মপুত্র উপত্যকা অঞ্চলত এই ঘনত্ব ৫০০ জন। বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব ৫৪৫ জন। ইয়াৰ বিপৰীতে কাৰ্বি আংলং আৰু ডিমা হাছাও পার্বত্য জিলা দুখনক সামৰি লোৱা পার্বত্য অঞ্চলটোৰ বসতি প্রতিকূল অৱস্থাৰ কাৰণে জনবসতি সেৰেঙা। এই অঞ্চলটোত অসমৰ মাত্র ৩.৭৫% লোকহে বাস কৰে।

৭। অসমত উদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ চাৰিটা কাৰণ লিখা।

উত্তৰঃ অসমত ঔদ্যোগিক বিকাশৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও ঔদোগীকৰণ প্রক্রিয়া এতিয়াও মন্থৰ হৈ আছে। 

ইয়াৰ কাৰণসমূহ হৈছে—

(ক) প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ।

(খ) ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ সুসংহত পৰিকল্পনাৰ অভাৱ।

(গ) অনুন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা।

(ঘ) মূলধনৰ অভাৱ।

(ঙ) স্থানীয় লোকৰ মাজত উদ্যোগী স্পৃহা বঢ়াবলৈ উপযুক্ত পৰিকল্পনাৰ অভাৱ।

৮। অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বর্ণনা দিয়া।

উত্তৰঃ অসমৰ কৃষি উপযোগী জলবায়ু আৰু মাটিৰ বাবে ইয়াত বিভিন্ন প্ৰকাৰৰ খাদ্য শস্য আৰু অৰ্থকৰী শস্য উৎপন্ন হয়। এই কৃষিজাত শস্য বিলাকক কেঁচা সামগ্রী হিচাপে লৈ উদ্যোগ স্থাপন কৰাৰ সুযোগ অসমত আছে। 

বর্তমান অসমৰ প্রধান কৃষিভিত্তিক উদ্যোগবিলাক হৈছে— চাহ উদ্যোগ, বন উদ্যোগ, ৰবৰ উদ্যোগ, ৰেচম উদ্যোগ, কাগজ উদ্যোগ আৰু খাদ্য প্রস্তুতকৰণ উদ্যোগ, আদি। কৃষিভিত্তিক উদ্যোগৰ এটা প্রধান ভাগ হৈছে খাদ্য প্রস্তুতকৰণ উদ্যোগ। অসমৰ হাবিতো প্ৰচুৰ বন সম্পদেৰে ভৰা আৰু এই সম্পদ ব্যৱহাৰ কৰি কাগজ, প্লাইউদ আদি উদ্যোগ গঢ় লৈ উঠিছে।

অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ হৈছে চাহ। ভাৰতৰ লগতে গোটেই পৃথিৱীতে অসমৰ চাহৰ সুনাম আছে। অসমৰ অৰ্থনীতিত এই উদ্যোগে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।

অসমৰ ৰেচম উদ্যোগ ৰাজ্যখনৰ অন্যতম প্রধান কৃষিভিত্তিক উদ্যোগ। অসমত পৰম্পৰাগতভাৱে তিনি প্ৰকাৰৰ ৰেচম উৎপাদন কৰা হয়— এৰি, মুগা আৰু নুনী পাট। অসমৰ সমাজ-সংস্কৃতিত এই তিনিবিধ ৰেচমে গুৰুত্বপূর্ণ স্থান দখল কৰিছে। ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা এৰি, মুগা আৰু পাট কাপোৰে ভাৰতৰ লগতে পৃথিৱীৰ বিভন্ন দেশত সমাদৰ লাভ কৰিছে। ৰবৰ উদ্যোগ অসমৰ আন এটা উল্লেখযোগ্য কৃষিভিত্তিক উদ্যোগ। 

৯। অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ কাৰণবোৰ চমুকৈ  আলোচনা কৰা।

উত্তৰঃ অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ তলত উল্লেখ কৰা হ’ল—  

(ক) প্রাকৃতিক বৃদ্ধি: এইটো দৰাচলতে জন্ম আৰু মৃত্যুৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। অসমৰ জনসংখ্যাৰ জন্ম আৰু মৃত্যুৰ হাৰ ভাৰতৰ গড় হাৰৰ মাজত বেছি পার্থক্য নাই। ২০১১ চনৰ তথ্যমতে ২০০১-২০১১ চনত অসমৰ বৃদ্ধিৰ হাৰ ১৭:৭%। এই সময়ছোৱাত ভাৰতবৰ্ষৰৰ এই হাৰ ১৭.০৭% ইয়াৰ অৰ্থ হ’ল ভাৰতবৰ্ষত যি প্রাকৃতিক বৃদ্ধিৰ হাৰত জনসংখ্যা বৃদ্ধি পাইছে সেই একেটা হাৰতে অসমৰ জনসংখ্যাও বৃদ্ধি হৈছে।

(খ) জনপ্রব্রজন: অসমৰ জনসংখ্যা বৃদ্ধিৰ আন এটা প্রধান কাৰণ হ’ল— জনপ্ৰব্ৰজন। ১৯৫১-৭১ চনলৈ অসমৰ জনসংখ্যাৰ বৃদ্ধি অস্বাভাৱিক হোৱা দেখা যায়। ইয়াৰ মূল কাৰণ হৈছে বহিঃৰাষ্ট্ৰৰ পৰা হোৱা জনপ্ৰব্ৰজন। সেয়েহে অসমৰ জনসংখ্যা বৃদ্ধিত জনপ্ৰব্ৰজনৰ প্ৰভাৱ স্পষ্ট। যদিহে অসমলৈ বুজন পৰিমাণে জনপ্ৰব্ৰজন নঘটিলেহেঁতেন, তেনেহ’লে অসমৰ জনসংখ্যা স্বাভাৱিকভাৱেই বৃদ্ধি হৈ থাকিলেহেঁতেন। অসমলৈ প্রব্রজন ঘটা দুখন বিদেশী ৰাষ্ট্ৰ হ’ল- বাংলাদেশ আৰু নেপাল। অৱশ্যে ১৯৭১ চনৰ পৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ক্ৰমে হ্রাসহৈ বর্তমান স্বাভাৱিক অৱস্থালৈ আহিছে।

(গ) শিক্ষা/আধুনিক চিকিৎসা: পূৰ্বতে অসমৰ শিক্ষিত হাৰ একেবাৰে কম থকাৰ বাবে অন্ধবিশ্বাস আৰু কু-সংস্কাৰে অসমৰ গৰিষ্ঠ সংখ্যক অশিক্ষিত মানুহক আৱৰি ৰাখিছিল। ইয়াৰ ফলত জন্মৰ হাৰ বৃদ্ধি হৈছিল। বৰ্তমান সময়ত শিক্ষা দীক্ষাত মানুহে অধিক মনোযোগ দিয়াত জন্মৰ হাৰ ক্ৰমে হ্রাস পাইছে। বর্তমান সময়ত আধুনিক চিকিৎসা পদ্ধতিৰ প্ৰয়োগৰ বাবে মানুহৰ গড় আয়ুস তুলনামূলকভাবে বৃদ্ধি পাইছে ফলস্বৰূপে মৃত্যুৰ সংখ্যা কমিছে। এই হ্রাস পোৱা মৃত্যুৰ হাৰৰ প্ৰভাৱতো অসমৰ জনসংখ্যা বৃদ্ধি পাইছে।

১০। অসমৰ প্ৰধান খনিজ সম্পদবোৰৰ নাম লিখা। অসমৰ তৈল ক্ষেত্ৰবোৰৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ অসমৰ প্রধান খনিজ সম্পদবোৰ হ’ল— কয়লা, খনিজ তেল, প্রাকৃতিক গেছ, চূণশিল আদি।

অসম খনিজ সম্পদত চহকী। তাৰ ভিতৰত আকৌ খনিজ তেল অতি চহকী। ইয়াক পনীয়া সোণ বুলি কোৱা হয়। অসমত পোন-প্ৰথমে সমগ্ৰ ভাৰতৰ ভিতৰতে ডিগবৈত তেলৰ সন্ধান পোৱা গৈছিল। ডিগবৈৰ উপৰিও নাহৰকটীয়া, মৰাণ, হুগ্ৰীজান, ৰুদ্রসাগৰ, লাকোৱা, গেলেকী আদিতো তেল পোৱা গৈছিল। এইবোৰেই অসমৰ প্ৰধান তৈলক্ষেত্র। আকৌ মাকুম, ডিব্ৰুগড়, শিৱসাগৰ আদিত বা কার্বি-আংলং, ডিমা-হাছাও আদি ঠাইত কয়লা পোৱা যায়। অসমৰ পাৰ্বত্য জিলা দুখনত প্রধানত চূণশিল পোৱা যায়। এই চূণশিল চিমেন্ট প্রস্তুত কৰোতে বা লো-তীখা উৎপাদন কৰোতে ব্যৱহাৰ কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top