ভাৰতীয় গণতন্ত্ৰ Class 10 Social Science Important Notes

ভাৰতীয় গণতন্ত্ৰ Class 10 Social Science Important Notes to each chapter are provided in the list so that you can easily browse through different chapters ভাৰতীয় গণতন্ত্ৰ Class 10 Social Science SEBA Important Notes and select need one.

Class 10 Social Science Important Notes ভাৰতীয় গণতন্ত্ৰ

Join Telegram channel

Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. ভাৰতীয় গণতন্ত্ৰ Class 10 Social Science Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Social Science Important Notes ভাৰতীয় গণতন্ত্ৰ Here we have given Solutions for All Subjects, You can practice these here.

ভাৰতীয় গণতন্ত্ৰ

Chapter – 10

SOCIAL SCIENCE

IMPORTANT NOTES

শুদ্ধ উত্তৰ বাছি উলিওৱা:

১। ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষান হ’ল—

(ক) ড° বি আৰ আম্বেদকাৰ।

(খ) ড° ৰাজেন্দ্ৰ প্ৰসাদ।

(গ) সৰ্বপল্লী ৰাধাকৃষ্ণণ।

(ঘ) জৱাহৰলাল নেহৰু।

উত্তৰঃ (ক) ড° বি আৰ আম্বেদকাৰ।

২। ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা ৪২ নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল—

(ক) সার্বভৌম। 

(খ) গণতান্ত্রিক।

(গ) গণৰাজ্য।

(ঘ) সমাজবাদী।

উত্তৰঃ (ঘ) সমাজবাদী।

৩। তলৰ কোন ব্যক্তি ভাৰতৰ সংবিধান খৰচা কমিটিৰ সদস্য নাছিল—

(ক) এন. গোপালস্বামী আয়েংগাৰ।

(খ) কে. এম. মুন্সি।

(গ) জৱাহৰলাল নেহৰু।

(ঘ) ডি. পি. খৈতান।

উত্তৰঃ (গ) জৱাহৰলাল নেহৰু।

৪। সার্বভৌমত্ব মানে—

(ক) ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা।

(খ) ৰাজ্যৰ সৰ্বোচ্চ ক্ষমতা।

(গ) ব্যক্তিৰ অধিকাৰ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ৰাষ্ট্র সর্বোচ্চ ক্ষমতা।

৫। সংবিধান সভাৰ প্ৰথম বৈঠক বহিছিল —

(ক) ১৯৪৭ চনৰ ৯ ডিচেম্বৰত।

(খ) ১৯৪৭ চনৰ ১০ ডিচেম্বৰত।

(গ) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত।

(ঘ) ১৯৪৫ চনৰ ৯ ডিচেম্বৰত।

উত্তৰঃ (গ) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত।

৬। প্রায় কিমান বছৰ কাল পৰিশ্ৰমৰ অন্তত খচৰা কমিটীয়ে সংবিধানখনৰ খচৰা প্ৰস্তুত কৰে।

(ক) ৬ বছৰ। 

(খ) ৫ বছৰ।

(গ) ২ বছৰ।

(ঘ) ৩ বছৰ।

উত্তৰঃ (ঘ) ৩ বছৰ।

৭। ভাৰতত সংবিধান সভা গঠন হৈছিল—

(ক) মুছলিম লীগৰ তৎপৰতাত।

(খ) কেবিনেট মিছনৰ তৎপৰতাত।

(গ) জাতীয় কংগ্ৰেছৰ তৎপৰতাত।

(ঘ) কমিউনিষ্ট দলৰ তৎপৰতাত।

উত্তৰঃ (খ) কেবিনেট মিছনৰ তৎপৰতাত।

৮। বিভিন্ন ক্ষেত্ৰত জন বিশেষজ্ঞকলৈ গঠিত হোৱা খচৰা কমিটিক সংবিধানৰ প্ৰস্তুতৰ দায়িত্ব দিয়া হয়—

(ক) ৪ জন। 

(খ) ৫ জন। 

(গ) ৭ জন। 

(ঘ) ২ জন।

উত্তৰঃ (গ) ৭ জন।

৯। ব্ৰিটিছ চৰকাৰে ভাৰতলৈ ‘কেবিনেট মিছন’ পঠায়—

(ক) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত।

(খ) ১৯৪৭ চনৰ ১০ আগষ্টত।

(গ) ১৯৪৮ চনৰ ২৬ নৱেম্বৰত।

(ঘ) ১৯৫০ চনৰ ২৬ জানুৱাৰীত।

উত্তৰঃ (ক) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত।

১০। শ্ৰমিক দল ইংলেণ্ডৰ ক্ষমতালৈ আহে—

(ক) ১৯৪১ চনত।

(খ) ১৯৪৫ চনত।

(গ) ১৯৪২ চনত।

(ঘ) ১৯৪৩ চনত।

উত্তৰঃ (খ) ১৯৪৫ চনত।

অতি চমু প্ৰশ্নোত্তৰ

১। “ সমাজবাদী আৰু “ ধর্মনিৰপেক্ষ ” শব্দ দুটা সংবিধানৰ কিমান সংশােধনী মতে প্রস্তাৱনাত সন্নিৱিষ্ট হৈছিল?

উত্তৰঃ সংবিধানৰ ৪২ নং সংশােধনী আইনৰ জৰিয়তে “ সমাজবাদী ” আৰু “ ধর্মনিৰপেক্ষ ” শব্দ দুটা সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা হৈছিল। 

২। ইংৰাজী “ Federation ” শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? 

উত্তৰঃ ইংৰাজী “ Federation ” শব্দটো লেটিন শব্দ “ Foedus ” ৰ পৰা আহিছে।

৩। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? 

উত্তৰঃ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম হ’ল- ড° বি. আৰ. আম্বেদকাৰ।

৪। ১৯৪৫ চনত অনুষ্ঠিত হােৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল?

উত্তৰঃ ১৯৪৫ চনত অনুষ্ঠিত হােৱা নিৰ্বাচনত ইংলেণ্ডত শ্রমিক দল জয়ী হৈছিল।

৫। সংবিধান সভাৰ প্রথম সভাপতি কোন আছিল? 

উত্তৰঃ সংবিধান সভাৰ প্রথম সভাপতি ড° সচ্চিদানন্দ সিনহা আছিল।

৬। “কেবিনেট মিছন” ভাৰতলৈ কেতিয়া আহিছিল? 

উত্তৰঃ “কেবিনেট মিছন” ১৯৪৬ চনৰ মাৰ্চ মাহত ভাৰতলৈ আহিছিল।

৭। ‘কেবিনেট মিছন’ কি আছিল?

উত্তৰঃ ‘কেবিনেট মিছন’ আছিল ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্ৰীৰে গঠিত এটি গোট।

৮। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক বোলা হয়?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰক।

৯। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?

উত্তৰঃ ইংলেণ্ডৰ সংবিধানৰ পৰা।

১০। সংবিধান প্ৰস্তুত কৰাৰ সন্দৰ্ভত সংবিধান সভাৰ বৈঠক কিমানখন বহিছিল?

উত্তৰঃ মুঠ ১১ খন বৈঠক।

চমু প্ৰশ্নোত্তৰ

১। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যবস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত এককেন্দ্রিক চৰকাৰৰ বহুতো বৈশিষ্ট্য একাত্মক হৈ আছে। সেয়েহে সংবিধান প্রণেতা পণ্ডিতসকলে ইয়াক ‘গঠনত যুক্তৰাষ্ট্র কিন্তু আদর্শত এককেন্দ্রিক’ বুলি অভিহিত কৰিছে। 

(খ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহ আঁতৰি যোৱাৰ অধিকাৰ নাই।

(গ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা নাই। সমগ্ৰ ভাৰতৰ বাবে এখনেই সংবিধান আছে আৰু সেইখনেই হ’ল ভাৰতীয় সংবিধান।

(ঘ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। ইয়াত এজন নাগৰিক কেৱল ভাৰতৰ নাগৰিক হিচাপেহে পৰিচিত।

(ঙ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা মূলত কেন্দ্ৰ ৰাজ্যৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল। 

(চ) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাই ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰিছে।

২। সংসদীয় গণতন্ত্র কি? ভাৰতবর্ষৰ সংসদীয় গণতন্ত্র আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পার্থক্যকেইটা লিখা।

উত্তৰঃ সংসদীয় গণতন্ত্র হ’ল এবিধ শাসন ব্যৱস্থা য’ত জন প্রতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অর্পণ কৰা হয়।

ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্র আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পার্থক্যকেইটা তলত উল্লেখ কৰা হ’ল—

(i) ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্র প্রধান এখন গণৰাজ্য। কিন্তু ইংলেণ্ডৰ সমসদীয় গণতন্ত্র গণৰাজ্য নহয়। ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰ প্ৰধানজন পুৰুষানুক্রমে হোৱা ব্যক্তি নহয়। ইংলেণ্ডৰ ৰজা অথবা ৰাণীৰ বিপৰীতে আমাৰ ৰাষ্ট্ৰ প্ৰধানজন জনগণৰ দ্বাৰা নিৰ্বাচিত হোৱা ব্যক্তি।

(ii) ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউছ অৱ লর্ডছতকৈ বহু পৃথক।

(iii) ইংলেণ্ডৰ সংসদীয় গণতন্ত্রত সংসদখন অত্যন্ত শক্তিশালী। কিন্তু ভাৰতবৰ্ষৰ সংসদ ইমান শক্তিশালী নহয়।

৩। ব্ৰিটিছ চৰকাৰে ‘কেবিনেট মিছন’ক কিয় ভাৰতলৈ পঠাইছিল? 

উত্তৰঃ কেবিনেট মিছন ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্রীৰে গঠিত এটা গোট আছিল। ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত ত শ্রমিক দলে ক্ষমতা লাভ কৰাৰ পাছত ভাৰতক স্বাধীনতা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল। সেয়েহে ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্রয়োজনীয় পৰিৱেশ আৰু প্রস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত ‘কেবিনেট মিছনক’ ভাৰতবৰ্ষলৈ পঠাইছিল।

৪।  ভাৰতবৰ্ষক কিয় সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক, গণৰাজ্য বোলা হয়?

উত্তৰঃ সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক, গণৰাজ্য এই শব্দকেইটাত ভাৰতবৰ্ষৰ সংবিধানৰ আদর্শ প্রতিফলিত হৈছে।

ভাৰতবৰ্ষক সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক, গণৰাজ্য বোলাৰ কাৰণ হ’ল—

(ক) সার্বভৌম: সার্বভৌম হ’ল ভাৰতবৰ্ষৰ সৰ্বোচ্চ ক্ষমতা। এই ক্ষমতা অনুসৰি, ভাৰতবৰ্ষ বাহ্যিকভাৱে বিদেশী শক্তিৰ তলতীয়া নহয়। অর্থাৎ, ই ভাৰতবৰ্ষৰ সম্পূৰ্ণ স্বাধীনতাক সূচাইছে।

(খ) সমাজবাদী: ভাৰতত সমাজবাদী আদৰ্শৰ দ্বাৰা মানুহৰ মাজত আয়, মর্যাদা আৰু জীৱন-ধাৰণৰ মানদণ্ডৰ বিষয়ত সকলো ভাৰতীয়ক সমানে গুৰুত্ব দিয়া হয়।

(গ) ধৰ্মনিৰপেক্ষ: ধৰ্মনিৰপেক্ষ শব্দটিয়ে বুজাইছে যে ভাৰতত কোনো চৰকাৰী ধৰ্ম নাই। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্মৰ মানুহে সমানে মর্যাদা লাভ কৰিব।

(ঘ) গণতান্ত্রিক: এই ধাৰণাই ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰদ্বাৰা পৰিচালিত হোৱা বুজাইছে। জনসাধাৰণে নিজৰ শাসন নিজেই চলায় আৰু প্রশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ’ব।

(ঙ) গণৰাজ্য: ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধানজন জনসাধাৰণৰ দ্বাৰা নির্বাচিত ব্যক্তি। ৰাষ্ট্ৰ প্ৰধানৰ পদবী বংশানুক্রমিক নহয়।

সেইবাবে, ভাৰতবৰ্ষক সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক, গণৰাজ্য বোলা হয়।

৫। ভাৰতবৰ্ষৰ সংবিধানৰ প্রস্তাৱনাত সংবিধানৰ আদর্শ কেনেদৰে প্ৰকাশ পাইছে, চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ আদর্শ সংবিধানৰ প্রস্তাৱনাত প্রকাশ পাইছে। প্রস্তাৱনা হ’ল সংবিধানৰ পাতনি। ভাৰতৰ সংবিধানৰ মূল বিষয়বস্তু সংবিধানখনৰ প্রস্তাৱনাত প্ৰকাশ পাইছে। প্রস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবি-কাঠি বুলি অভিহিত কৰা হয়। প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদর্শ, দর্শন আৰু লক্ষ্য। আমি ভাৰতীয় জনসাধাৰণে বুলি আৰম্ভ হোৱা প্ৰস্তাৱনাত থকা প্রতিটো শব্দত নিহিত হৈ আছে নির্দিষ্ট আদর্শ।

প্রস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি উল্লেখ কৰি সংবিধান প্রণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই হৈছে সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।

প্রস্তাৱনাত থকা গুৰুত্বপূর্ণ শব্দকেইটা হ’ল- ‘সার্বভৌম’, ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’, ‘গণতান্ত্রিক’, আৰু ‘গণৰাজ্য’। এই আটাইকেইটা শব্দৰ মাজতে সংবিধানৰ আদৰ্শ প্রতিফলিত হৈছে। সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা প্রস্তাৱনাত নাছিল। ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে হোৱা সংবিধানৰ ৪২তম সংশোধনৰ জৰিয়তে এই শব্দ তিনিটা প্রস্তাৱনাত সংযোগ কৰা হয়।

ইয়াৰোপৰি প্রস্তাৱনাত উল্লেখ আছে যে ভাৰতৰ জনগণই দেশখনত ন্যায়, স্বাধীনতা, সমতা তথা আদর্শ ভাতৃত্ববোধ-প্রতিষ্ঠা কৰিব।

এনেদৰে, ভাৰতৰ সংবিধানৰ প্রস্তাৱনাত সংবিধানৰ আদর্শ প্রতিফলিত হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top