আন্তৰ্জাতিক সংস্থা— ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Class 10 Social Science Important Notes to each chapter are provided in the list so that you can easily browse through different chapters আন্তৰ্জাতিক সংস্থা— ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Class 10 Social Science SEBA Important Notes and select need one.
Class 10 Social Science Important Notes আন্তৰ্জাতিক সংস্থা— ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. আন্তৰ্জাতিক সংস্থা— ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Class 10 Social Science Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Social Science Important Notes আন্তৰ্জাতিক সংস্থা— ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Here we have given Solutions for All Subjects, You can practice these here.
আন্তৰ্জাতিক সংস্থা— ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
Chapter – 11
SOCIAL SCIENCE
IMPORTANT NOTES |
শুদ্ধ উত্তৰ বাছি উলিওৱা:
১। আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ মুঠ সংখ্যা কিমান—
(ক) ১১ জন।
(খ) ১৫ জন।
(গ) ৯ জন।
(ঘ) ৫ জন।
উত্তৰঃ (খ) ১৫ জন।
২। প্রথম বিশ্বযুদ্ধ সংঘটিত হৈছিল—
(ক) ১৯৮১ চনত।
(খ) ১৯৪১ চনত।
(গ) ১৯১৮ চনত।
(ঘ) ১৯১৪ চনত।
উত্তৰঃ (ঘ) ১৯১৪ চনত।
৩। ১৯৫২ চনত ৰাষ্ট্ৰসংঘই গঠন কৰা আয়োগ—
(ক) নিৰস্ত্ৰীকৰণ আয়োগ।
(খ) নিৰাপত্তাৰ আয়োগ।
(গ) মানৱ অধিকাৰ আয়োগ।
(ঘ) নিটি আয়োগ।
উত্তৰঃ (ক) নিৰস্ত্ৰীকৰণ আয়োগ।
৪। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন হৈছিল—
(ক) ১৯৪২ চনৰ ৬ ফেব্ৰুৱাৰী।
(খ) ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী।
(গ) ১৯৪৪ চনৰ ২৬ ফেব্ৰুৱাৰী।
(ঘ) ১৯৪৮ চনৰ ৬ ফেব্ৰুৱাৰী।
উত্তৰঃ (খ) ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী।
৫। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত—
(ক) জেনেভা চহৰত।
(খ) পেৰিছ চহৰত।
(গ) নিউয়র্ক চহৰত।
(ঘ) লণ্ডন চহৰত।
উত্তৰঃ (গ) নিউয়র্ক চহৰত।
৬। ৰাষ্ট্ৰসংঘৰ চনদ বলৱৎ কৰা হয়—
(ক) ১৯৪৫ চনৰ ২৬ নৱেম্বৰ।
(খ) ১৯২০ চনৰ ২৬ নৱেম্বৰ।
(গ) ১৯৪৮ চনৰ ২৬ নৱেম্বৰ।
(ঘ) ১৯৫০ চনৰ ২৬ নৱেম্বৰ।
উত্তৰঃ (ক) ১৯৪৫ চনৰ ২৬ নৱেম্বৰ।
৭। দ্বিতীয় বিশ্বযুদ্ধ হৈছিল—
(ক) ১৯২২ চনত।
(খ) ১৯৪২ চনত।
(গ) ১৯১৪ চনত।
(ঘ) ১৯৩৯ চনত।
উত্তৰঃ (ঘ) ১৯৩৯ চনত।
৮। কেইখন ৰাষ্ট্ৰই সাক্ষৰ কৰি ৰাষ্ট্ৰসংঘ গঠন কৰে—
(ক) ৫২ খন।
(খ) ৫১ খন।
(গ) ৬২ খন।
(ঘ) ৫৭ খন।
উত্তৰঃ (খ) ৫১ খন।
৯। ‘ভেটো’ ক্ষমতা প্ৰয়োগ কৰিব পাৰে—
(ক) সচিবালয়ে।
(খ) ন্যাসৰক্ষী পৰিষদে।
(গ) নিৰাপত্তা পৰিষদ।
(ঘ) সাধাৰণ সভাই।
উত্তৰঃ (গ) নিৰাপত্তা পৰিষদ।
১০। ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূর্ণ অংগটো হ’ল—
(ক) সাধাৰণ সভা।
(খ) নিৰাপত্তা পৰিষদ।
(গ) ন্যাসৰক্ষী পৰিষদ।
(ঘ) সামাজিক পৰিষদ।
উত্তৰঃ (খ) নিৰাপত্তা পৰিষদ।
অতি চমু প্ৰশ্নোত্তৰ |
১। মানৱ অধিকাৰ ঘোষণা পত্ৰৰ এটা প্ৰধান উদ্দেশ্য লিখা?
উত্তৰঃ বিশ্বৰ জনগণৰ কাৰণে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণাপত্ৰত সন্নিৱিষ্ট কৰা হৈছে।
২। ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ ১৯৪৫ চনৰ ২৪ অক্টোবৰত।
৩। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজন কোন আছিল?
উত্তৰঃ নৰৱেৰ ট্ৰাইভহাল্ডান লী ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান আছিল।
৪। ১৯৫২ চনৰ নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰাৰ পিছত ৰাষ্ট্ৰসংঘই স্বাক্ষৰ কৰা এখন চুক্তিৰ নাম লিখা।
উত্তৰঃ ১৯৬৩ চনৰ আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি।
৫। ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্যটো কি?
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শাস্তি আৰু নিৰাপত্তা বজাই ৰখা।
৬। ৰাষ্ট্ৰসংঘৰ যি কোনো এটা অভিকৰণৰ নাম উল্লেখ কৰা?
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ।
৭। ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম কি?
উত্তৰঃ আন্তৰ্জাতিক ন্যায়ালয়।
৮। আন্তৰ্জাতিক ন্যায়ালয় কিমান জন ন্যায়াধীশৰ দ্বাৰা গঠিত?
উত্তৰঃ ১৫ জন।
৯। আন্তৰ্জাতিক ন্যায়ালয়ৰ প্ৰধান কাম কি?
উত্তৰঃ ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা।
১০। ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত কোনে ৰূপায়িত কৰে?
উত্তৰঃ সচিবালয়ে।
১১। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে?
উত্তৰঃ ১৯৪৮ চনৰ ১০ ডিচেম্বৰত।
১২। ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ এটা কাৰ্য লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে, তাৰ বাবে এই আয়োগে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি গৈছে।
১৩। WHO ৰ সম্পূৰ্ণ নামটো কি?
উত্তৰঃ World Health Organisation.
১৪। মানৱ অধিকাৰ মানে কি বুজা?
উত্তৰঃ বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা অধিকাৰেই মানৱ অধিকাৰ।
১৫। বৰ্তমান বিশ্বত থকা এটা গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক অনুষ্ঠানৰ নাম কি?
উত্তৰঃ উত্তৰ আটলাণ্টিক চুক্তি সংগঠন (NATO)।
১৬। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয়ৰ নাম কি?
উত্তৰঃ ডুবাই।
১৭। দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থাৰ মুখ্য কাৰ্যালয় নাম কি?
উত্তৰঃ কাঠমাণ্ডু।
১৮। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজন কিদৰে নিয়োগ কৰা হয়?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদৰ ৯৭ নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই সচিব প্ৰধানজন নিয়োগ কৰে।
১৯। ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ কোনটো?
উত্তৰঃ সাধাৰণ সভা।
২০। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ এখনৰ নাম কি?
উত্তৰঃ আমেৰিকা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.