অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Important Notes to each chapter are provided in the list so that you can easily browse through different chapters অৰ্থনৈতিক উন্নয়ন Class 10 Social Science SEBA Important Notes and select need one.
Class 10 Social Science Important Notes অৰ্থনৈতিক উন্নয়ন
Also, you can read the SEBA book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Important Notes These solutions are part of SCERT All Subject Solutions. Class 10 Social Science Important Notes অৰ্থনৈতিক উন্নয়ন Here we have given Solutions for All Subjects, You can practice these here.
অৰ্থনৈতিক উন্নয়ন
Chapter – 13
SOCIAL SCIENCE
IMPORTANT NOTES |
শুদ্ধ উত্তৰ বাছি উলিওৱা:
১। নিটি আয়োগ গঠন হৈছিল—
(ক) ২০১৫ চনত।
(খ) ২০১৮ চনত।
(গ) ২০০৯ চনত।
(ঘ ২০০৪ চনত।
উত্তৰঃ (ক) ২০১৫ চনত।
২। উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি হ’ল—
(ক) অর্থনৈতিক বিকাশ।
(খ) বিশ্বায়ন।
(গ) অর্থনৈতিক উন্নয়ন।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) বিশ্বায়ন।
৩। সেউজ বিপ্লবৰ সূচনা হয়—
(ক) ৮০ দশকৰ মাজত।
(খ) ৭০ দশকৰ মাজত।
(গ) ৫০ দশকৰ মাজত।
(ঘ) ৬০ দশকৰ মাজত।
উত্তৰঃ (ঘ) ৬০ দশকৰ মাজত।
৪। ভাৰত চৰকাৰে দেশৰ অৰ্থনৈতিক সংস্কাৰ নীতি গ্রহণ কৰে—
(ক) ১৯৯৬ চনত।
(খ) ১৯৯৫ চনত।
(গ) ১৯৯২ চনত।
(ঘ) ১৯৯১ চনত।
উত্তৰঃ (ঘ) ১৯৯১ চনত।
৫। UNDP ৰ অন্তর্গত প্রথমখন মানৰ উন্নয়ন প্রতিবেদন প্রকাশ হৈছিল—
(ক) ১৯০০ চনত।
(খ) ১৯৯০ চনত।
(গ) ১৯৮৫ চনত।
(ঘ) ১৯৯৫ চনত।
উত্তৰঃ (খ) ১৯৯০ চনত।
৬। এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ বা সামগ্ৰীৰ মুদ্রাগত মূল্যই হ’ল—
(ক) জাতীয় আয়।
(খ) ব্যক্তিগত আয়।
(গ) জনমুৰি আয়।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) জাতীয় আয়।
৭। তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয়—
(ক) প্রত্যাশিত আয়ুস।
(খ) শিক্ষা।
(গ) জীৱন যাত্ৰাৰ মান।
(ঘ) জনমুৰি আয়।
উত্তৰঃ (ঘ) জনমূৰি আয়।
৮। NITI আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল—
(ক) কলিকতাত।
(খ) মুম্বাইত।
(গ) দিল্লীত।
(ঘ) জাপান।
উত্তৰঃ (গ) দিল্লীত।
৯। নিটি আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়—
(ক) ৮ ফেব্ৰুৱাৰী, ২০১৪ চনত।
(খ) ৮ ফেব্ৰুৱাৰী, ২০১৫ চনত।
(গ) ৪ ফেব্ৰুৱাৰী, ২০১৩ চনত।
(ঘ) ৪ ফেব্ৰুৱাৰী, ২০১৪ চনত।
উত্তৰঃ (খ) ৮ ফেব্ৰুৱাৰী, ২০১৫ চনত।
১০। নিটি আয়োগৰ অধ্যক্ষ—
(ক) ৰাষ্ট্ৰপতি।
(খ) উপ ৰাষ্ট্ৰপতি।
(গ) ৰাজ্যপাল।
(ঘ) প্ৰধানমন্ত্ৰী।
উত্তৰঃ (ঘ) প্ৰধানমন্ত্ৰী।
অতি চমু প্ৰশ্নোত্তৰ |
১। কোন সংস্থাই পৃথিৱীৰ মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰে?
উত্তৰঃ UNDP (United Nations Development Programme) নামৰ সংস্থাই পৃথিৱীৰ মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰে।
২। অৰ্থনৈতিক পৰিকল্পনাৰ এটা প্ৰধান প্ৰয়োজনীয়তা উল্লেখ কৰা।
উত্তৰঃ লিংগ বৈষম্য, আঞ্চলিক বৈষম্য, দৰিদ্ৰতা আদি দূৰ কৰাৰ বাবে অৰ্থনৈতিক পৰিকল্পনাৰ প্রয়োজন।
৩। মানৱ উন্নয়ন সূচকাংক গণনাত কোনবোৰে সূচক ব্যৱহাৰ কৰা হয়?
উত্তৰঃ (ক) প্ৰত্যাশিত আয়ুস।
(খ) শিক্ষা।
(গ) জীৱন ধাৰণাৰ মানদণ্ড।
৪। অসমৰ দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ এটা প্রধান লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ দৰিদ্ৰতা আৰু অর্থনৈতিক বৈষম্য হ্রাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰা।
৫। অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ এটা পার্থক্য লিখা।
উত্তৰঃ অর্থনৈতিক বিকাশ হ’লেই অর্থনৈতিক উন্নয়ন হৈছে বুলি ক’ব নোৱাৰি কিন্তু অর্থনৈতিক উন্নয়ন হ’ব লাগিলে অর্থনৈতিক বিকাশ হ’ব লাগিব।
৬। নিটি (NITI) আয়োগৰ সদস্যসকল কোন কোন?
উত্তৰঃ এজন অধ্যক্ষ, এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকল আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ উপ- ৰাজ্যপালসকল, ৪ গৰাকী কেন্দ্রীয় মন্ত্রী, মুখ্য কার্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।
৭। ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণে কিদৰে প্ৰভাৱ পেলাইছে?
উত্তৰঃ ১৯৯১ চনৰ পূৰ্বে বিত্তীয়খণ্ড, বৈদেশিক মুদ্ৰাৰ আহৰণ আৰু ব্যৱহাৰ, বাণিজ্য আৰু বিনিয়োগ খণ্ডত ৰাষ্ট্ৰই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰে পৰা সুৰা, চিগাৰেট, বিপদমুক্ত ৰাসায়নিক দ্রব্য, ঔষধ আদি কেইবিধমান দ্রব্যৰ বাহিৰে বাকীবোৰৰ ক্ষেত্ৰত নিয়ন্ত্রণ তুলি দিয়া হ’ল।
৮। গণতান্ত্রিক পৰিকল্পনাৰ এটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃগণতান্ত্রিক পৰিকল্পনাৰ যুগুতকৰণত ৰাইজৰ প্রতিনিধিসকল একেবাৰে নিম্ন পৰ্যায়ৰ পৰা জড়িত হৈ থাকে।
৯। অর্থনৈতিক পৰিকল্পনা কাক বোলে?
উত্তৰঃ নির্ধাবিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনির্দিষ্ট লক্ষ্যত উপনীত হোৱা উদ্দেশ্যে এক কেন্দ্ৰীয় কর্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদর্শনেই হ’ল অর্থনৈতিক পৰিকল্পনা।
১০। মানৰ উন্নয়নৰ লক্ষ্য কি?
উত্তৰঃ মানৱ উন্নয়নৰ লক্ষ্য হৈছে মানুহৰ সামুহিক, সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি মানুহৰ জীৱন ধাৰণৰ মাননণ্ড উন্নত কৰা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.