Niketan Class 7 Social Chapter 21 শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 21 শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য and select need one.
Niketan Class 7 Social Chapter 21 শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 21 শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য Solutions for All Subjects, You can practice these here…
শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য
Chapter – 21
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। চমু উত্তৰ লিখা –
( ক ) বিশ্বৰ প্রথম মহিলা মহাকাশচাৰী গৰাকীৰ নাম কি ?
উত্তৰঃ ভেলেন্টিনা টেৰেস্ক’ভা ।
( খ ) ভাৰতৰ দুগৰাকী মহিলা মহাকাশচাৰীৰ নাম লিখা ।
উত্তৰঃ কল্পনা চাওলা আৰু সুনীতা উইলিয়ামছ ।
( গ ) মেগছেছে বঁটা বিজয়ী মহিলা আৰক্ষী বিষয়াগৰাকীৰ নাম কি ?
উত্তৰঃ কিৰণ বেদী ।
( ঘ ) অসমৰ এগৰাকী মহিলা আৰক্ষী অধীক্ষকৰ নাম লিখা ।
উত্তৰঃ সংযুক্তা পৰাশৰ ।
( ঙ ) অসমীয়া মহিলা কমাণ্ডো বাহিনীটোক কি নামেৰে জনা যায় ?
উত্তৰঃ বীৰাংগণা’নামেৰে জনা যায় ।
( চ ) লিংগ বৈষম্য মানে কি ?
উত্তৰঃ সমাজত পুৰুষৰ তুলনাত নাৰীৰ প্ৰতি যি বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰা হয় , তাকে লিংগ বৈষম্য বুলি কোৱা হয় ।
( ছ ) শ্ৰমৰ সমমর্যাদা মানে কি ?
উত্তৰঃ পুৰুষ – মহিলা উভয়ৰে শ্ৰমক সমান চকুৰে চোৱাবা সমানে শ্রদ্ধা জনােৱাটোৱে হৈছে শ্ৰমৰ সমমর্যাদা ।
( জ ) শ্ৰমৰ সমমূল্যই কি সূচায় ?
উত্তৰঃ পুৰুষ – মহিলা উভয়ৰে শ্ৰমৰ বিনিময়ত সমহাৰত বেতন বা মজুৰি প্রদান কৰাটোক সূচায়।
( ঝ ) অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী লেখিকাগৰাকীৰ নাম কি ?
উত্তৰঃ মামণি ৰয়চম গােস্বামী ।
( ঞ ) অসমৰ প্ৰথমগৰাকী মহিলা চিকিৎসকৰ নাম লিখা ।
উত্তৰঃ ৰজনীপ্রভা শইকীয়া ।
প্রশ্ন ২। টোকা লিখা –
( ক ) নাৰী শিক্ষাৰ গুৰুত্ব ।
উত্তৰঃ পৰিয়াল তথা সমাজত নাৰীৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ নাৰীয়ে জীয়ৰী , বােৱাৰী , পৰিবাৰ , মাতৃ , ধাত্রী ইত্যাদি বিভিন্ন ৰূপত অৱতীৰ্ণ হ’ব লগা হয় । সেয়েহে নাৰী শিক্ষাৰ অতি গুৰুত্ব আছে । শিক্ষাই নাৰীক নিজৰ অধিকাৰ , কর্তব্য আৰু দায়িত্ব সজাগ কৰি তােলাৰ লগতে সমাজলৈ বৰঙণি যােগাব পৰা একোজনী মহীয়সী নাৰীলৈ ৰূপ দিব পাৰে ।
সাধাৰণতে পৰিয়াল একোটিত পুৰুষতকৈ নাৰীয়ে খােৱা – লােৱা , চাফ চিকুণ আদি ক্ষেত্ৰত বেছি ভূমিকা গ্রহণ কৰিব লগীয়া হয় । বহু নাৰীয়ে আকৌ পৰিয়াল পৰিচালনাৰ দায়িত্ব মূৰ পাতি ল’ব লগা হয় । সৰু সৰু ল’ৰা – ছােৱালীৰ পঢ়া – শুনাৰ ক্ষেত্ৰতাে নাৰীৰ অপৰিসীম গুৰুত্ব আছে।নাৰী নিজে শিক্ষিতা হ’লেহে সময়ৰ লগত খাপ খুৱাই এইবােৰ চম্ভালাটো সহজ হয় ।
লিংগ বৈষম্য এতিয়াও বৰ্তি থকাৰ ফলত নাৰীক প্ৰায়ে অৱহেলা কৰা দেখা যায় , তেওঁলােকক পুৰুষৰ সৈতে সমমর্যদা দিবলৈ টান পায় । আনকি শ্ৰমৰ বিনিময়ত পাবলগীয়া মজুৰিৰ ক্ষেত্ৰতাে পুৰুষ – নাৰীৰ মাজত বৈষম্য দেখা যায় । শিক্ষাৰ অভাৱৰ বাবে বহু নাৰীয়ে নাৰীৰ সুৰক্ষা তথা মর্যাদা ৰক্ষাৰ হকে থকা সাংবিধানিক নীতি – নিয়মৰ বিষয়ে একো নজনা বাবে সকলাে অন্যায় – অবিচাৰ নীৰৱে সহি যায় । নাৰীয়ে শিক্ষালাভ কৰিলেহে এই সমস্যাবােৰ দূৰ কৰাটো সম্ভৱ হৈ উঠিব।
পুৰুষ – নাৰীৰ সমন্বিত প্রচেষ্টাতহে সমাজ বা দেশৰ সৰ্বদিশৰ উন্নয়ন সম্ভৱ । শিক্ষিতা নাৰীয়ে মানৱ সমাজলৈ কেনেকুৱা অৰিহণা যােগাব পাৰে তাক – মেৰী কুৰী , ভেলেন্টিনা টেৰেস্ক’ভা , কল্পনা চাওলা , সৰােজিনী নাইডু , চন্দ্রপ্রভা শইকীয়ানী , মামণি ৰয়চম গােস্বামী আদিৰ জীৱনলৈ চালেই বুজিব পৰা যায় ।
( খ ) নাৰী সবলীকৰণ ।
উত্তৰঃ নাৰীৰ শাৰীৰিক , মানসিক , বৌদ্ধিক আদি সকলাে দিশৰ উত্তৰণ ঘটাই যি কোনাে পৰিৱেশ – পৰিস্থিতিৰ সৈতে মােকাবিলা কৰি সময়ৰ লগত খােজ কাঢ়িব পৰাকৈ গঢ়ি তােলাটোৱে হৈছে নাৰী সবলীকৰণ ।
সমাজ তথা দেশৰ উন্নয়নত পুৰুষৰ লগত নাৰীয়েও সমানে অৰিহণা যােগাব পাৰে । মেৰীকুৰী , ভেলেন্টিনা টেৰেস্ব’ভা , কল্পনা চাওলা , ইন্দিৰা গান্ধী আদিৰ জীৱনলৈ চালেই আমি ইয়াৰ সত্যতা দেখিবলৈ পাও।কিন্তু দুর্ভাগ্যবশতঃ লিংগ বৈষম্যৰ বলি হৈ আজিও বহু নাৰীয়ে উপযুক্ত মর্যদাৰ পৰা বঞ্চিত হৈ থাকিবলগা হৈছে ।বহুক্ষেত্ৰত তেওঁলােকে শাৰীৰিক তথা মানসিকভাৱেও লাঞ্চিত হ’ব লগা হৈছে । নাৰীৰ শাৰীৰিক , মানসিকতা বৌদ্ধিক দিশৰ উত্তৰণ নহ’লে এনেবােৰ সমস্যা সদায় থাকিব , যি সমগ্র মানৱ জাতিৰে ক্ষতি সাধন কৰিব । সেয়ে এনেবােৰ দিশত নাৰী নিজে সচেতন হােৱাৰ উপৰি সমাজেও উপযুক্ত কার্যব্যৱস্থা গ্ৰহণ কৰা প্রয়ােজন ।
সুখৰ কথা যে বর্তমান চৰকাৰৰ লগতে বিভিন্ন অনা – চৰকাৰী স্বেচ্ছাসেৱী সংগঠনে নাৰী সৱলীকৰণৰ ক্ষেত্ৰত যথেষ্ট বাস্তৱ কাৰ্যব্যৱস্থা হাতত লৈছে । বিশ্ব স্বাস্থ্য সংস্থা , ৰাষ্ট্ৰসংঘ আদি আন্তর্জাতিক সংগঠনবােৰৰ ভূমিকাও এই ক্ষেত্ৰত শলাগিব লগীয়া ।নাৰীসবলীকৰণৰ যােগেদি লিংগ বৈষম্যহীন এখন সুন্দৰ মানৱ সমাজ অদূৰ ভৱিষ্যতে আমি নিশ্চয় কল্পনা কৰিব পাৰাে ।
( গ ) সমাজৰ উন্নয়ণত মহিলাসকলৰ বৰঙণি ।
উত্তৰঃ সমাজৰ উন্নয়নত মহিলাসকলে সদায়ে উল্লেখযােগ্য বৰঙণি যােগাই আহিছে । সমাজৰ উন্নয়ন বুলি ক’লে – সাহিত্য সংস্কৃতি , ৰাজনীতি , অর্থনীতি বিজ্ঞান , প্রযুক্তিবিদ্যা , ক্রীড়াক্ষেত্র আদি বিভিন্ন দিশৰ উন্নয়ন সূচায় । এইবােৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা মহীয়সী মহিলাৰ নাম কৈ শেষ কৰিব নােৱাৰি । ৰাজনীতিৰ ক্ষেত্ৰত চিৰিমাভাে বন্দনায়ক , ইন্দিৰা গান্ধী , মার্গটে থেচ্ছাৰ আদিৰ বৰঙণিৰ কথা সমগ্র বিশ্ববাসীয়ে জানে । সেইদৰে বিজ্ঞানৰ ক্ষেত্ৰত মেৰীকুৰী , মহাকাশ অভিযানৰ ক্ষেত্ৰত ভেলেন্টিনা টেৰেস্ক’ভা , কল্পনা চাওলা , সুনীতা উইলিয়াছৰ অৱদানৰ কথা আমি সকলােৱে জানাে । সমাজ সেৱাৰ লগতে ৰাজনীতিৰ পথাৰখনতাে চন্দ্রপ্রভা শইকীয়ানী , ইন্দিৰা মিৰি , সৰােজিনী নাইডু , বিজয় লক্ষ্মী পণ্ডিতৰ বৰঙণিৰ কথা ভাৰতৰ ইতিহাসৰ পাতে পাতে লিখা আছে । শান্তিৰ নােবেল বঁটা পােৱাৰ লগতে সৌ সিদিনা সন্তৰ আখ্যা পােৱা মহীয়সী নাৰী মাদাৰ টেৰেছাই সাধাৰণ মানুহৰ হকে জীৱন উচৰ্গা কৰি গৈছে । সেইদৰে আগাথা ক্রিষ্টি , মৈত্রেয়ী দেৱী , আশাপূর্ণা দেৱী , মামণি ৰয়চম গােস্বামী আদিৰ দৰে কীর্তিময়ী লেখিকাসকলে সাহিত্য জগতলৈ যােগাইছে অতুলনীয় বৰঙণি ।
ওপৰত উল্লেখ কৰা ক্ষেত্ৰবােৰতে অকল নহয়— অর্থনীতি , ক্রীড়া , সংগীত , নাটক , চিনেমা , পর্বতাৰােহণ , সাধাৰণ প্রশাসন , পুলিচ প্রশাসন আদি বিভিন্ন দিশতো মহিলাসকলে গুৰুত্বপূর্ণ ভূমিকা লৈ সমাজৰ উন্নয়নত উল্লেখযােগ্য বৰঙণি আগবঢ়াই আহিছে ।
প্রশ্ন ৩। তলত উল্লেখ কৰা মহিলাসকল কি কি ক্ষেত্ৰৰ লগত জড়িত ?
( ক ) প্রতিভা দেৱী সিং পাটিল ।
উত্তৰঃ ৰাজনীতি ।
( খ ) ইন্দিৰা গান্ধী ।
উত্তৰঃ ৰাজনীতি ।
( গ ) কিৰণ বেদী ।
উত্তৰঃ পুলিচ প্রশাসন ।
( ঘ ) চৈয়দা আনােৱাৰা টাইমুৰ ।
উত্তৰঃ ৰাজনীতি ।
( ঙ ) মামণি ৰয়চম গােস্বামী ।
উত্তৰঃ সাহিত্য ।
( চ ) কল্পনা চাওলা ।
উত্তৰঃ মহাকাশ অভিযান ।
( ছ ) বাচেন্দ্র পাল ।
উত্তৰঃ পর্বতাৰােহণ ।
প্রশ্ন ৪। উত্তৰ দিয়া –
( ক ) সুমিত্রাৰ পেহীয়েকহঁত থকা জিলাখনৰ নাম কি ?
উত্তৰঃ নলবাৰী জিলা ।
( খ ) ৰবীনৰ দৈনন্দিন ৰুটিন আৰু বায়েক – ভনীয়েকহঁতৰ দৈনন্দিন ৰুটিনৰ মাজৰ পার্থক্য লিখা ।
উত্তৰঃ ৰবীনৰ দৈনন্দিন ৰুটিন হৈছে ৰাতিপুৱা শুই উঠি আধাঘণ্টা ব্যায়াম কৰাৰ পাছত প্রাতঃভোজন কৰি স্কুটাৰত উঠি স্কুললৈ যােৱা । দুপৰীয়া স্কুলৰ পৰা আহি ভাত পানী খাই অলপ জিৰণি লৈ আবেলি চাৰি বজাত ফুটবল খেলিবলৈ যােৱা । সন্ধিয়া ছয় বজাৰ পৰা ঘৰুৱা শিক্ষকৰ সহায়ত পঢ়া শুনা কৰাৰ পাছত আঠবজাৰ পৰা ন বজালৈ নিজে প্রয়ােজনীয় লিখা – পঢ়াখিনি কৰি উঠি ৰাতিৰ আহাৰ খাই চাৰে দহ বজাত বিছনাত শুই পৰা । দেওবাৰৰ কাম হৈছে কম্পিউটাৰত কার্টুন চাই আৰু গেম খেলি কটোৱা ৷ মুঠতে এটা সুকীয়া আলসুৱা জীৱন ।
আনহাতে , বায়েক ভনীয়েকহঁতৰ দৈনন্দিন ৰুটিন হৈছে — পুৱাৰে পৰা ঘৰ – চোতাল সৰা , মচা , কানি কাপােৰ বােৱা , বাগানত পানী দিয়া , গৰু – ছাগলী , হাঁহ – পাৰ আদিৰ আপডাল কৰাৰ উপৰি মাকক ৰন্ধাবঢ়া , সাজবাচন ধােৱা তাঁতশালৰ কাম আদিত সহায় কৰি দিয়া । এইবােৰ কৰি থাকোতে সিহঁতে পঢ়া – শুনা কৰিবলৈ সময়কে নাপায় । ইয়াৰ উপৰি বায়েক ভনীয়েকহঁতে ৰবীনৰ সা – সুবিধাৰ প্ৰতি চকু দিব লাগে । মুঠতে ৰবীনৰ দৈনন্দিন ৰুটিনখন সুখ , সুবিধা , আৰাম আৰু মৰমস্নেহেৰে ভৰা । আনহাতে বায়েক – ভনীয়েকহঁতৰ দৈনন্দিন ৰুটিনখন দুখ , কষ্ট আৰু অৱহেলাৰে ভৰা ।
( গ ) সুমিত্রাৰ পেহীয়েক জীয়েক তিনিজনীক কি কি কামত নিয়ােগ কৰা হয় ?
উত্তৰঃ সুমিত্রাৰ পেহীয়েকৰ জীয়েক তিনিজনীক পুৱাৰে পৰা ঘৰ – চোতাল সৰা মচা , কনিকাপােৰ বােৱা , বাগানত পানী দিয়া গৰু – ছাগলী , হাঁহ – পাৰ আদিৰ আপডাল কৰা কামত নিয়ােগ কৰা হয় । ইয়াৰ উপৰি সিহঁতে মাকক ৰন্ধা বঢ়া , সাঁজ বাচন ধােৱা , তাঁতশালৰ কাম আদিত লাচনি – পাচনি কৰি দি সহায় কৰি দিব লাগে ৷
( ঘ ) সন্তান প্রতিপালনৰ মাজত বৈষম্য ৰখা উচিতনে ? যুক্তি দেখুওৱা।
উত্তৰঃ বৈষম্য ৰখা উচিত নহয় । ল’ৰা হওক বা ছােৱালীয়েই হওক সকলাে সন্তানৰ প্রতি মাক – দেউতাকে সমদৃষ্টিৰে চোৱা উচিত । প্রতিটো সন্তান সমভাবে প্রতিপালন কৰাটো মাক – দেউতাকৰ এক এৰাব নােৱাৰা দায়িত্ব আৰু কর্তব্য । এই ক্ষেত্ৰত লিংগ বৈষম্য ৰখা উচিত নহয়।লিংগ বৈষম্যই সন্তানৰ মানসিকতাত প্ৰভাৱ পেলায় আৰু ইয়ে ভৱিষ্যতে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰে। আনহাতে লিংগ বৈষম্য প্রদর্শন কৰাটো এক নৈতিক তথা সামাজিক অপৰাধ ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.