Niketan Class 7 Social Chapter 22 আমাৰ চৌপাশৰ বজাৰ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 22 আমাৰ চৌপাশৰ বজাৰ and select need one.
Niketan Class 7 Social Chapter 22 আমাৰ চৌপাশৰ বজাৰ
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 22 আমাৰ চৌপাশৰ বজাৰ Solutions for All Subjects, You can practice these here…
আমাৰ চৌপাশৰ বজাৰ
Chapter – 22
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। চমু উত্তৰ লিখা –
( ক ) বিনিময় প্রথা কাক বােলে ?
উত্তৰঃ বস্তুৰ লগত বস্তুৰ প্রত্যক্ষ সাল – সলনি কৰা প্ৰথাটোক ‘ বিনিময় প্রথা ’ বুলি কোৱা হয় ।
( খ ) জোনবিল মেলা কত বহে আৰু ই কিহৰ বাবে বিখ্যাত ?
উত্তৰঃ মৰিগাঁও জিলাৰ জাগীৰােডৰ ওচৰৰ ‘ জোনবিল ’ নামৰ ঠাইত বহে । ই পৰম্পৰাগতভাৱে বস্তুৰ সাল – সলনি কৰা প্ৰথা অর্থাৎ বিনিময় প্রথাৰ বাবে বিখ্যাত ।
( গ ) বজাৰ কাক বােলে ?
উত্তৰঃ মুদ্ৰাৰ মাধ্যমত সামগ্ৰী আৰু সেৱা বেচা – কিনা কৰা সমগ্র ব্যৱস্থাটোক বজাৰ বােলে ৷
( ঘ ) দৈনিক বজাৰ কি ?
উত্তৰঃ যি বজাৰ স্থায়ী ঘৰত বহে আৰু এটা নির্দিষ্ট বজাৰ বাদ দি সপ্তাহটোৰ বাকীকেইটা দিনত খােলা থাকে , সেয়ে হৈছে দৈনিক বজাৰ ।
( ঙ ) দৈনিক বজাৰক স্থায়ী বজাৰ বুলি কিয় কোৱা হয় ?
উত্তৰঃ দৈনিক বজাৰ সাধাৰণতে স্থায়ী ঘৰত বহে বাবে ইয়াক স্থায়ী বজাৰ বােলে ।
( চ ) বস্তুৰ দৰ বা দাম মানে কি ?
উত্তৰঃ মুদ্ৰাৰ মাধ্যমত দিয়া মূল্যক দাম বা দৰ বুলি কোৱা হয় ।
( ছ ) হকাৰ বা ফেৰিৱালাই সাধাৰণতে কি কি সামগ্রী আনে ?
উত্তৰঃ হকাৰ বা ফেৰিৱালাই সাধাৰণতে বাতৰি কাকত , শাক – পাচলি, গাখীৰ , মাছ , কণী , সৰু সুৰা বাচন-বর্তন , কাপােৰ কেৰাচিন আদি সামগ্রী আনে ।
( জ ) শ্বপিং কমপ্লেক্স কি ?
উত্তৰঃ শ্বপিং কমপ্লেক্স হৈছে এটা ডাঙৰ ঘৰত থকা কিছুমান দোকানৰ সমষ্টি , য’ত দোকান ভেদে বিভিন্ন সামগ্রী কিনা – বেচা কৰা হয় ।
( ঝ ) ই – বজাৰ মানে কি ?
উত্তৰঃ ই – বজাৰ হ’ল ইণ্টাৰনেটৰ বিকাশৰ পাছত চাইবাৰ জগতত বিকশি উঠা এক ধৰণৰ বজাৰ ব্যৱস্থা । ই – বজাৰক অনলাইন বজাৰ বুলিও কোৱা হয় । বিভিন্ন কোম্পানীৰ পণ্যদ্রব্য ই বজাৰৰ জৰিয়তে অনলাইনযােগে ক্ৰয় কৰিব পৰা যায় ।
প্রশ্ন ২। উত্তৰ লিখা –
( ক ) বজাৰ শৃংখল মানে কি ?
উত্তৰঃ উৎপাদনকাৰীৰ পৰা গ্রাহকলৈ থকা শৃংখল বা সম্পর্ককে বজাৰ শৃংখল বুলি কোৱা হয় । যেনে – সাধাৰণ গ্রাহকে বস্তু ক্রয় কৰে খুচুৰা বিক্রেতাৰ পৰা , খুচুৰা বিক্রেতাই বস্তু ক্রয় কৰে পাইকাৰী বিক্রেতাৰ পৰা আৰু পাইকাৰী বিক্রেতাই বস্তু ক্রয় কৰে উৎপাদনকাৰীৰ পৰা । উৎপাদনকাৰীৰ পৰা সাধাৰণ গ্রাহকলৈ থকা এই সম্পর্কটোৱেই হৈছে বজাৰ শৃংখল ।
( খ ) বিভিন্ন প্ৰকাৰৰ বজাৰে আমাৰ সামাজিক প্রয়ােজনবােৰ কিদৰে পূৰণ কৰিছে ?
উত্তৰঃ বজাৰ বিভিন্ন প্রকাৰৰ আছে দৈনিক বজাৰ , সাপ্তাহিক বজাৰ , অৰ্দ্ধ – সাপ্তাহিক বজাৰ , খুচুৰা বজাৰ , পাইকাৰী বজাৰ , শপিং মল , ই বজাৰ ইত্যাদি । দৈনিক বজাৰ সমূহ স্থায়ী বজাৰ হােৱা বাবে মানুহে দৈনন্দিন জীৱনত প্রয়ােজন হােৱা সামগ্রীবােৰ সহজতে ক্ৰয় কৰিব পাৰে।সাপ্তাহিক বা অর্ধ সাপ্তাহিক বজাৰত সাধাৰণতে কৃষিজাত সামগ্রী ধান , চাউল , মাটিমাহ , সৰিয়হ , গুড় , তিল , মৰাপাট , বিভিন্ন ধৰণৰ শাক – পাচলি , ফল – মূল আদিৰ উপৰি গৰু – ম’হ – ছাগলী , হাঁহ – পাৰ কুকুৰা , কণী ওলায় । তদুপৰি বিভিন্ন ধৰণৰ হাতে বােৱা কাপােৰ , কাঠ বাঁহ – বেতৰ সামগ্রী , ঘৰতে তৈয়াৰ কৰা খাদ্য সামগ্রী পােৱা যায় । এনে বজাৰত একেবিধ বস্তু কেবাজনাে বিক্রেতাই অনাৰ ফলত মানুহে পচন্দ অনুযায়ী বস্তু কিনিব পাৰে । আনহাতে স্থায়ী বা দৈনন্দিন বজাৰতকৈ সাপ্তাহিক বা অৰ্দ্ধসাপ্তাহিক বজাৰত বস্তুৰ দাম আপেক্ষিকভাৱে কম হয় ।
খুচুৰা বজাৰত মানুহে প্রয়ােজনীয় সামগ্রী অতি কম পৰিমাণে হলেও খুচুৰা ব্যৱসায়ীৰ পৰা সংগ্রহ কৰিব পাৰে । পাইকাৰী বজাৰৰ সম্পর্ক খুচুৰা ব্যৱসায়ীৰ লগত । খুচুৰা ব্যৱসায়ীয়ে পাইকাৰী ব্যৱসায়ীৰ পৰা সংগ্রহ কৰি গ্ৰাহকক প্রয়ােজনীয় সামগ্রী যােগান ধৰে । খুচুৰা বজাৰ অথবা পাইকাৰী বজাৰেই হওক ইয়াৰ লগত জড়িত ব্যৱসায়ীয়ে যােগান নধৰিলে কিছুমান বস্তু বা সামগ্রী গ্রাহকে নিজে সংগ্রহ কৰাটো কঠিন ।
শ্বপিং মলত একেটা বৃহৎ ঘৰতে মানুহে প্রয়ােজনীয় প্রায় সকলাে সামগ্রী ক্ৰয় কৰাৰ সুবিধা পায় । ইয়াত বিক্ৰী কৰা সামগ্রীবােৰ সাধাৰণতে উন্নত গুণমানৰ হয় আৰু নির্দিষ্ট দাম নিৰ্দ্ধাৰণ কৰা থাকে । ইয়াত গ্রাহকে বস্তুৰ দাম চাই পচন্দ অনুযায়ী বস্তু কিনিব পাৰে । কিছুমান শ্বপিং মলত ৰেষ্টোৰ চিনেমা হল আদিও , থাকে ।
ই -বজাৰ হৈছে এক অত্যাধুনিক বজাৰ ব্যৱস্থা , য’ত ঘৰতে বহিয়ে গ্রাহকে অনলাইনযােগে বস্তু ক্রয় কৰিব পাৰে । ই-বজাৰত সাধাৰণতে অনলাইন লেনদেন সম্পন্ন হয় ই – বেংকিং বা ডেবিট কার্ড বা ক্রেডিট কার্ডৰ জৰিয়তে । বহুতাে কোম্পানীয়ে আকৌ ফৰমাইচৰ পাছত ক্রেতাৰ ঠিকনালৈ বস্তুটো পঠিয়াই দিয়াৰ সময়ত মূল্য আদায় কৰি লয়।
এনেদৰে দেখা যায় বিভিন্ন প্রকাৰৰ বজাৰ আমাৰ সামাজিক প্রয়ােজনবােৰ বিভিন্ন ধৰণে পূৰণ কৰিছে ।
( গ ) পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ পার্থক্য লিখা ।
উত্তৰঃ পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ পার্থক্য হল—
( ১ ) পাইকাৰী বজাৰত বস্তু ক্রয় কৰে খুচুৰা ব্যৱসায়ীয়ে আনহাতে খুচুৰা বজাৰত বস্তু ক্রয় কৰে গ্রাহকে ।
( ২ ) পাইকাৰী বজাৰৰ সম্পর্ক হৈছে উৎপাদনকাৰী আৰু খুচুৰা ব্যৱসায়ীৰ লগত । কিন্তু খুচুৰা বজাৰৰ সম্পর্ক পাইকাৰী ব্যৱসায়ী আৰু গ্ৰাহকৰ লগত ।
( ৩ ) পাইকাৰী বজাৰত ব্যৱসায়ীয়ে বিক্ৰী কৰা একেবিধ বস্তুৰ দাম খুচুৰা বজাৰত অধিক হয় ।
( ৪ ) পাইকাৰী বজাৰত একেবিধ সামগ্রী একেলগে বৃহৎ পৰিমাণে বিক্রী হয় ; খুচুৰা বজাৰত সেই একেবিধ সামগ্রী বিভিন্ন গ্রাহকৰ মাজত গ্ৰাহকৰ প্রয়ােজন অনুসৰি কম পৰিমাণে বিক্রী হয় ।
( ৫ ) পাইকাৰী বজাৰত গ্ৰাহকৰ সংখ্যা কম , কিন্তু খুচুৰা বজাৰত গ্ৰাহকৰ সংখ্যা পাইকাৰী বজাৰতকৈ বেছি ।
( ঘ ) শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ মাজৰ পার্থক্য লিখা ।
উত্তৰঃ শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ পার্থক্য হৈছে —
( ক ) শ্বপিং মলৰ মালিকীস্বত্ব এজন ব্যক্তি বা কেইবাজনাে ব্যক্তিৰ এটা গােটৰ হাতত থাকে , আনহাতে , শপিং কমপ্লেক্সৰ প্ৰতিখন দোকান মালিকীস্বত্ব ভিন্ ভিন্ হয় ।
( ঙ ) দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পার্থক্য আছে ?
উত্তৰঃ দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজৰ পাৰ্থক্য হৈছে—
( ১ ) দৈনিক বজাৰ স্থায়ী , সাপ্তাহিক বজাৰ অস্থায়ী ।
( ২ ) দৈনিক বজাৰ এটা নির্দিষ্ট বন্ধৰ দিন বাদ দি সপ্তাহটোৰ বাকীকেইটা দিনত খােলা থাকে , আনহাতে সাপ্তাহিক বজাৰ এসপ্তাহৰ মূৰত এটা নির্দিষ্ট দিনতহে বহে ।
( ৩ ) একেবিধ বস্তুৰ দাম দৈনিক বজাৰতকৈ সাপ্তাহিক বজাৰত তুলনামূলকভাৱে কম হােৱা দেখা যায় ।
( ৪ ) দৈনিক বজাৰৰ ক্ষেত্ৰত ঘৰভাৰা , বিজুলীশক্তি , কর্মচাৰী আদিৰ বাবদ বিক্রেতাই কিছু ব্যয় কৰিবলগীয়া হয় । সাপ্তাহিক বজাৰত এইবােৰ খৰচ প্রায় নাথাকেই , থাকিলেও দৈনিক বজাৰৰ তুলনাত অতি কম হয় ।
( চ ) মুদ্রা বুলিলে কি বুজা ?
উত্তৰঃ বিনিময়ৰ মাধ্যম হিচাপে সকলােৱে গ্ৰহণ কৰা নির্দিষ্ট বস্তু বা দ্রব্যক মুদ্রা বুলি কোৱা হয় ।
( ছ ) বিক্রেতাই লাভ কেনেকৈ অৰ্জন কৰে ?
উত্তৰঃ বিক্রেতাই কোনাে বস্তু বা সামগ্রী যিটো দামত ক্রয় বা সংগ্রহ কৰে তাতকৈ অধিক দামত গ্রাহকৰ ওচৰত বিক্ৰী কৰি লাভ অর্জন কৰে।
( জ ) বজাৰলৈ নােযােৱাকৈ বস্তু বেচা – কিনা কেনেকৈ কৰিব পাৰি ?
উত্তৰঃ ই – বজাৰ বা অনলাইন বজাৰযােগে বজাৰলৈ নােযােৱাকৈ বস্তু বেচা – কিনা কৰিব পাৰি ।
( ঝ ) পাইকাৰী বজাৰৰ দামক কি বুলি জনা যায় ?
উত্তৰঃ ‘ পাইকাৰী দাম ’ বুলি জনা যায় ।
( ঞ ) ধনেশ্বৰে মনেশ্বৰ ৰাভাক বিক্ৰী কৰা চোলাটোৰ খুচুৰা দাম কিমান আছিল ?
উত্তৰঃ ১০০ টকা ।
( ট ) চোলাটোৰ পাইকাৰী দাম কিমান আছিল ?
উত্তৰঃ ৬৬.৬৬ টকা ( ছয়ষষ্ঠী টকা ছয়ষ্ঠী পইচা )।
( ঠ ) দীপক ষ্টৰৰ মালিকে একেটা চোলাত কিমান টকাকৈ লাভ কৰিছে ?
উত্তৰঃ ১২.৫০ টকা ( বাৰ টকা পঞ্চাচ পইচা ) কৈ লাভ কৰিছে ।
প্রশ্ন ৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা –
( ক ) গ্রাহকে বস্তু ক্রয় কৰে সাধাৰণতে –
( ১ ) উৎপাদনকাৰীৰ পৰা ।
( ২ ) পাইকাৰী বিক্রেতাৰ পৰা ।
( ৩ ) খুচুৰা বিক্রেতাৰ পৰা ।
উত্তৰঃ ( ৩ ) খুচুৰা বিক্রেতাৰ পৰা ।
( খ ) ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্রেতাসক—
( ১ ) পাইকাৰী বিক্রেতা ।
( ২ ) খুচুৰা বিক্রেতা ।
( ৩ ) হকাৰ বা ফেৰিৱালা ।
উত্তৰঃ ( ৩ ) হকাৰ বা ফেৰিৱালা ।
( গ ) বস্তু এটাৰ কিনা দামতকৈ বিক্রী দাম কম হলে ব্যৱসায়ীজনৰ –
( ১ ) লাভ হয় ।
( ২ ) লােকচান হয় ।
( ৩ ) একো নহয় ।
উত্তৰঃ ( ২ ) লােকচান হয় ।
( ঘ ) সকলাে ব্যৱসায়ীৰ বস্তু ক্রয় – বিক্রয় কৰাৰ মূল লক্ষ্য হৈছে—
( ১ ) লাভ অর্জন কৰি জীৱিকা নির্বাহ কৰা ।
( ২ ) লােকচান ভৰা ।
( ৩ ) বিক্রী বৃদ্ধি কৰা ।
উত্তৰঃ ( ১ ) লাভ অর্জন কৰি জীৱিকা নির্বাহ কৰা।
( ঙ ) উৎপাদনকাৰীয়ে বস্তু বিক্ৰী কৰে—
( ১ ) পাইকাৰী বিক্রেতাক ।
( ২ ) খুচুৰা বিক্রেতাক ।
( ৩ ) গ্রাহক ।
উত্তৰঃ ( ১ ) পাইকাৰী বিক্রেতাক ।
প্রশ্ন ৪। খালী ঠাই পূৰ কৰা —
( ক ) ____ প্রথাত সামগ্রীৰ সলনি সামগ্রী বিনিময় কৰা হয় ।
উত্তৰঃ বিনিময় প্রথাত সামগ্রীৰ সলনি সামগ্রী বিনিময় কৰা হয় ।
( খ ) বজাৰৰ সামগ্ৰীৰ উপৰি সেৱাসমূহাে মুদ্ৰাৰ মাধ্যমত _____ কৰা হয় ।
উত্তৰঃ বজাৰৰ সামগ্ৰীৰ উপৰি সেৱাসমূহাে মুদ্ৰাৰ মাধ্যমত কিনা – বেচা কৰা হয় ।
( গ ) _____ হৈছে এটা ডাঙৰ ঘৰত থকা বজাৰ ।
উত্তৰঃ শ্বপিং মল হৈছে এটা ডাঙৰ ঘৰত থকা বজাৰ ।
( ঘ ) শ্বপিং কমপ্লেক্সত প্রতিখন দোকানৰ _____ বেলেগ বেলেগ হয় ।
উত্তৰঃ শপিং কমপ্লেক্সত প্রতিখন দোকানৰ মালিকীস্বত্ব বেলেগ বেলেগ হয় ।
( ঙ ) _____ হৈছে বস্তু বেচা – কিনাৰ মাধ্যম ।
উত্তৰঃ মুদ্ৰা হৈছে বস্তু বেচা – কিনাৰ মাধ্যম ।
( চ ) ই-বজাৰক ______ বুলিও কোৱা হয় ।
উত্তৰঃ ই – বজাৰক অনলাইন বুলিও কোৱা হয় ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.