Niketan Class 7 Social Chapter 23 পৰিকল্পনা, বাজেট, উন্নয়ন is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 23 পৰিকল্পনা, বাজেট, উন্নয়ন and select need one.
Niketan Class 7 Social Chapter 23 পৰিকল্পনা, বাজেট, উন্নয়ন
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 23 পৰিকল্পনা, বাজেট, উন্নয়ন Solutions for All Subjects, You can practice these here…
পৰিকল্পনা, বাজেট, উন্নয়ন
Chapter – 23
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। চমু উত্তৰ লিখা –
( ক ) পৰিকল্পনা কাক বােলে ?
উত্তৰঃ কোনাে কাম কৰিবলৈ লওঁতে কামটো ৰূপায়ণ কৰা সম্পর্কত যি চিন্তা বা আঁচনি কৰা হয় তাকে পৰিকল্পনা বােলে ।
( খ ) মিতব্যয়িতা মানে কি ?
উত্তৰঃ টকা – পইচাৰ অপচয় বা অপব্যয় নকৰাকৈ হিচাপ মতে খৰচ কৰাটোৱে মিতব্যয়িতা ।
( গ ) বাজেট কাক বােল ?
উত্তৰঃ বাজেট হৈছে কোনাে আঁচনি বা পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত হ’ব পৰা খৰচ পাতি , আয়ব্যয় আদি সম্পৰ্কত আগতীয়াকৈ প্ৰস্তুত কৰা খতিয়ান ।
( ঘ ) কল্যাণমূলক কাম-কাজ কাক বােলে ?
উত্তৰঃ যি কামে দেশৰ সৰ্বসাধাৰণ মানুহৰ মংগল সাধন কৰে , দেশৰ দৰিদ্ৰ জনসাধাৰণৰ জীৱন উন্নীত কৰে সেই কাম-কাজবােৰকে কল্যাণমূলক কাম – কাজ বোলে ।
( ঙ ) পঞ্চবার্ষিক পৰিকল্পনা কাক বােলে ?
উত্তৰঃ আমাৰ দেশত পাঁচ বছৰৰ বাবে একোটা পৰিকল্পনা কৰা হয় আৰু ইয়াকে । ‘ পঞ্চবার্ষিক পৰিকল্পনা ’ বুলি কোৱা হয় ।
( চ ) ঘৰুৱা বাজেট আৰু চৰকাৰী বাজেটৰ মাজত পার্থক্য কি ?
উত্তৰঃ ঘৰুৱা বাজেট আৰু চৰকাৰী বাজেটৰ মাজত কিছু পার্থক্য আছে। আমি সাধাৰণতে মাহেকীয়া হিচাপে আয় বা উপার্জন কৰে । সেয়েহে আমি মাহিলী বাজেট প্রস্তুত কৰোঁ । আয় – ব্যয়ৰ মাজৰ সমতা ৰাখিবলৈ আঁচনিসমূহ সেইমতে লওঁ । কিন্তু চৰকাৰী বাজেট এবছৰীয়া হয় আৰু দেশৰ জনসাধাৰণৰ মংগলৰ হকে প্রয়ােজন সাপেক্ষে ঘাটি বাজেটো গ্ৰহণ কৰা হয় ।
( ছ ) অর্থনৈতিক পৰিকল্পনা বুলিলে কি বুজা ?
উত্তৰঃ অর্থ সম্বন্ধীয় কথাবােৰ জড়িত হৈ থকা পৰিকল্পনাক ‘ অর্থনৈতিক পৰিকল্পনা ’ বুলি কোৱা হয় । পৰিকল্পনা এটা বাস্তৱত ৰূপায়ণ কৰিবলৈ এটা নির্দিষ্ট সময়ত কিমান অর্থ ব্যয় হ’ব , সেই অর্থ ক’ৰ পৰা আহিব , চৰকাৰৰ আয় বা উপার্জন কিমান হ’ব , ব্যয় কিমান হ’ব আদি কথাবােৰ ইয়াত সন্নিৱিষ্ট থাকে ।
( জ ) চৰকাৰী খৰচৰ পিছত ৰাহি হােৱা অংশ ক’ত জমা হয় ?
উত্তৰঃ চৰকাৰী ৰাজকোষত জমা হয় ।
( ঝ ) অর্থনৈতিক পৰিকল্পনাৰ মূল উদ্দেশ্য কি ?
উত্তৰঃ অর্থনৈতিক পৰিকল্পনাৰ মূল উদ্দেশ্য হল— অর্থনৈতিক উন্নয়নৰ গতি খৰতকীয়া কৰা আৰু সামাজিক ন্যায় প্রদান কৰা ।
প্রশ্ন ২। উত্তৰ দিয়া —
( ক ) এখন দেশৰ পৰিকল্পনাত কোনবােৰ দিশত গুৰুত্ব দিয়া হয় ? এই কামবােৰ কৰিবলৈ প্রয়ােজন হােৱা অর্থ চৰকাৰে কিদৰে আহৰণ কৰে ?
উত্তৰঃ এখন দেশৰ পৰিকল্পনাত জনকল্যাণমূলক কাম-কাজবােৰৰ দিশত গুৰুত্ব দিয়া হয় । জনকল্যাণমূলক কাম হৈছে সেইবােৰ , যি কামে দেশখনৰ সর্বসাধাৰণ মানুহৰ মংগল সাধন কৰে আৰু দেশৰ দৰিদ্ৰ জনসাধাৰণৰ জীৱন উন্নীত কৰে ।
এই কামবােৰ কৰিবলৈ প্রয়ােজন হােৱা অর্থ এখন দেশৰ চৰকাৰে দেশখনৰ প্রাকৃতিক আৰু মানৱ সম্পদ ব্যৱহাৰ কৰি কৃষি , উদ্যোগ আৰু সেৱা খণ্ডৰ পৰা লাভ কৰা উৎপাদন আৰু সেৱাৰ পৰাই আহৰণ কৰে ।
( খ ) মানৱ সম্পদ কি ? ইয়াক কিদৰে গঢ়ি তুলিব পাৰি ?
উত্তৰঃ যি মানুহে বুদ্ধি , কর্মদক্ষতা , ক্ষমতা আৰু কৌশল বৃত্তিৰ সহায়ত সমাজৰ উন্নতি তথা বিকাশৰ বাবে যি কোনাে উৎপাদনমুখী কাম কৰে, তেনেকুৱা মানুহক ‘ মানৱ সম্পদ ’ হিচাপে গণ্য কৰা হয় ।
জনসাধাৰণৰ শিক্ষা , স্বাস্থ্য আদি শিতানত অর্থ ব্যয় কৰি মানৱ সম্পদ গঢ়ি তুলিব পাৰি ৷
প্রশ্ন ৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা –
( ক ) পঞ্চবার্ষিক পৰিকল্পনাৰ পৰিসৰ –
( i ) ২ বছৰ ।
( ii ) ৩ বছৰ ।
( iii ) ৫ বছৰ ।
( iv ) ৭ বছৰ ।
উত্তৰঃ ( iii ) ৫ বছৰ ।
( খ ) পৰিকল্পনা আয়ােগৰ অধ্যক্ষ –
( i ) প্রধানমন্ত্রী ।
( ii ) ৰাষ্ট্রপতি ।
( iii ) বিত্তমন্ত্রী ।
( iv ) মুখ্যমন্ত্রী ।
উত্তৰঃ ( i ) প্রধানমন্ত্রী ।
( গ ) পৰিকল্পনাৰ সফল ৰূপায়ণৰ বাবে চৰকাৰক প্রয়ােজন হয় –
( i ) কৃষি ।
( ii ) উদ্যোগ ।
( iii ) বাণিজ্য ।
( iv ) সেৱা ।
( v ) অর্থ ।
উত্তৰঃ ( v ) অর্থ ।
( ঘ ) চৰকাৰী উপার্জনৰ ৰাহি অংশ জমা হয় –
( i ) বেংকত ।
( ii ) প্রধানমন্ত্ৰীৰ হাতত ।
( iii ) ৰাজকোষত ।
( iv ) বিত্তমন্ত্রীৰ হাতত ।
উত্তৰঃ ( iii ) ৰাজকোষত ।
( ঙ ) বিনিয়োগ মানে –
( i ) দেশৰ প্ৰতিৰক্ষা শিতানত ব্যয় কৰা ।
( ii ) দুর্গতসকলক দিয়া সাহায্য ।
( iii ) বিদেশলৈ পঠোৱা সাহায্য ।
( iv ) আর্থিক উৎপাদনৰ বাবে কৰা ব্যয় ।
( v ) বানপীড়িতক দিয়া সাহায্য ।
উত্তৰঃ ( iv ) আর্থিক উৎপাদনৰ বাবে কৰা ব্যয় ।
প্রশ্ন ৪। খালী ঠাই পূৰ কৰা –
( ক ) _____ মতে কাম কৰিবলৈ পৰিয়ালসমূহে নিজস্ব বাজেট প্রস্তুত কৰে ।
উত্তৰঃ পৰিকল্পনা মতে কাম কৰিবলৈ পৰিয়ালসমূহে নিজস্ব বাজেট প্রস্তুত কৰে ।
( খ ) ৰূপালী এগৰাকী ____ মহিলা ।
উত্তৰঃ ৰূপালী এগৰাকী চাকৰিয়াল মহিলা ।
( গ ) চৰকাৰী কাম – কাজত ______ কামবােৰে অগ্রাধিকাৰ পায় ।
উত্তৰঃ চৰকাৰী কাম – কাজত জনকল্যাণমূলক কামবােৰে অগ্রাধিকাৰ পায় ।
( ঘ ) নীতি আয়ােগৰ অধ্যক্ষ হ’ল ____ ।
উত্তৰঃ নীতি আয়ােগৰ অধ্যক্ষ হ’ল প্রধানমন্ত্রী ।
( ঙ ) _____ চনৰ ____পৰা প্রথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল ।
উত্তৰঃ ১৯৫১ চনৰ ১ এপ্রিলৰ পৰা প্রথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল ।
( চ ) চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ ______ প্রস্তুত কৰি লােৱা হয় ।
উত্তৰঃ চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ বাজেট প্রস্তুত কৰি লােৱা হয় ।
( ছ ) বর্তমান আমাৰ দেশত _____ পঞ্চবার্ষিক পৰিকল্পনা চলি আছে।
উত্তৰঃ বর্তমান আমাৰ দেশত দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনা চলি আছে ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.