Niketan Class 7 Social Chapter 23 পৰিকল্পনা, বাজেট, উন্নয়ন is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 23 পৰিকল্পনা, বাজেট, উন্নয়ন and select need one.
Niketan Class 7 Social Chapter 23 পৰিকল্পনা, বাজেট, উন্নয়ন
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 23 পৰিকল্পনা, বাজেট, উন্নয়ন Solutions for All Subjects, You can practice these here…
সানমিহলি প্ৰশ্ন
প্ৰশ্ন ১। আন্তঃৰাষ্ট্ৰীয় মান সময়ৰ তুলনাত বিশ্বৰ পাঁচখন উল্লেখযােগ্য চহৰৰ সময়ৰ পার্থক্য উল্লেখ কৰা ।
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় মান সময়ৰ তুলনাত বিশ্বৰ বিভিন্ন প্রান্তৰ পাঁচখন উল্লেখযােগ্য চহৰৰ সময়ৰ পার্থক্য এনেকুৱা – টকিঅ ’ ( জাপান ) + ৯.০০ ঘণ্টা , বেইজিং ( চীন ) +৮.০০ ঘণ্টা , নতুন দিল্লী ( ভাৰত ) + ৫.৩০ ঘণ্টা , নিউয়র্ক ( আমেৰিকা যুক্তৰাষ্ট্র ) – ৫.০০ ঘণ্টা আৰু ব্রাজিলিয়া ( ব্রাজিল ) – ৩.০০ ঘণ্টা ।
প্রশ্ন ২। অক্ষৰেখা আৰু দ্রাঘিমাৰেখা কাক বােলে ? এডাল দ্রাঘিমাৰ পৰা আন এডাললৈ সময়ৰ পার্থক্য কিমান ?
উত্তৰঃ পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযােগী যিবােৰ অৰ্দ্ধবৃত্ত কল্পনা কৰা হয় সেইবােৰক দ্রাঘিমা ৰেখা বােলে । আনহাতে , দ্রাঘিমা ৰেখাবােৰক সমকোণত কটাকৈ পূর্ব – পশ্চিমাকৈ যিবােৰ বৃত্তাকাৰ ৰেখা কল্পনা কৰা হয় ) সেইবােৰক অক্ষৰেখা বােলে ।
এডাল দ্রাঘিমাৰ পৰা আন এডাললৈ সময়ৰ পার্থক্য ৪ মিনিট ।
প্রশ্ন ৩। ছিয়াল , ছিমা আৰু নিফ কাক বােলে ?
উত্তৰঃ ছিয়াল , ছিমা আৰু নিফ হৈছে পৃথিৱীৰ তিনিটা স্তৰৰ সাংকেতিক নাম ।
পৃথিৱীৰ উপৰিভাগৰ প্রথম স্তৰটো মুখ্যতঃ ছিলিকন আৰু এলুমিনিয়ামেৰে গঠিত । ছিলিকন ( Silicon ) ৰ ৰাসায়নিক সংকেত Si আৰু এলুমিনিয়াম ( Aluminium ) ৰাসায়নিক AI লগ লগাই এই স্তৰৰ নাম ৰখা হৈছে ছিয়াল ( SiAI ) ।
দ্বিতীয় স্তৰটো ছিলিকন আৰু মেগনেছিয়াম ( Magnesium ) এৰে গঠিত । ছিলিকনৰ ৰাসায়নিক সংকেত Si আৰু মেনেছিয়ামৰ ৰাসায়নিক সংকেত Ma লগ লগাই এই স্তৰৰ নাম ৰখা হৈছে ছিমা ( SiMa ) ।
তৃতীয় তৰপটো নিকেল ( Nickel ) আৰু লাে ( Ferrum ) ৰে গঠিত । নিকেল আৰু লােৰ ৰাসায়নিক সংকেত ক্রমে N আৰু Fe লগ লগাই এই স্তৰটোৰ নাম ৰখা হৈছে ( NiFe ) ।
প্রশ্ন ৪। পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে আমি কেনেকৈ জানিব পাৰোঁ ?
উত্তৰঃ পৃথিৱীৰ অন্তৰ্ভাগ উত্তপ্ত অর্ধগলিত অৱস্থাত থাকে বাবে প্রত্যক্ষভাৱে ইয়াৰ বিষয়ে জানিব নােৱাৰি । পৰােক্ষভাৱেহে পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে জানিব পৰা যায় । ভূমিকম্প আৰু জ্বালামুখী উদগিৰণৰ ফলত ওলােৱা লাভা , গৰম পানীৰ উহ আদিৰ পৰা আমি পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে জানিব পাৰো ।
প্রশ্ন ৫। পৰিৱেশৰ সংজ্ঞা দিয়া । পৰিৱেশ কেইপ্রকাৰৰ আৰু কি কি ?
উত্তৰঃ আমাৰ চাৰিওফালে থকা গছ – গছনি , জীৱ – জন্তু , চৰাই – চিৰিকটি অর্থাৎ জীৱ জগত আৰু উদ্ভিদ জগতৰ কেউদিশে বিৰাজ কৰা পৰিস্থিতি বা অৱস্থাকে পৰিৱেশ বােলে । পৰিৱেশ দুই প্রকাৰৰ –
( ১ ) প্রাকৃতিক পৰিৱেশ । আৰু
( ২ ) মানৱসৃষ্ট পৰিৱেশ ।
প্রশ্ন ৬। প্রাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ মাজত পার্থক্য কি কি ?
উত্তৰঃ প্রাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ মাজৰ পাৰ্থক্য হৈছে–
( ১ ) প্রাকৃতিক পৰিৱেশ বায়ু – পানী , গছ – গছনি , জীৱ – জন্তু , কীট – পতংগ , ভৌগােলিক অৱস্থান , নদ – নদী , পাহাৰ – পর্বত , মাটি ইত্যাদি প্রাকৃতিক কাৰকবােৰে সৃষ্টি কৰে । এই গােটেইবােৰৰ সমাহাৰেই প্রাকৃতিক পৰিৱেশ । আনহাতে মানৱসৃষ্ট পৰিৱেশ হৈছে মানুহে সৃষ্টি কৰা পৰিৱেশ। প্রাকৃতিক পৰিৱেশ প্রদত্ত সুবিধাসমূহৰ পৰা মানুহে নিজা বুদ্ধি, কৌশল খটুৱাই নিজৰ উপযােগী এক পৰিৱেশ সৃষ্টি কৰি লয় আৰু সেয়াই হৈছে মানবসৃষ্ট পৰিৱেশ ।
( ২ ) প্রাকৃতিক পৰিৱেশ স্বাভাৱিকভাৱে সৃষ্টি হয় , ই কাৰাে ওপৰত নিৰ্ভৰশীল নহয় । কিন্তু মানৱসৃষ্ট পৰিৱেশ প্রাকৃতিক পৰিৱেশ প্রদত্ত সুবিধাসমূহৰ ওপৰত নিৰ্ভৰশীল । এই সুবিধাসমূহৰ ওপৰত নিৰ্ভৰ নকৰাকৈ মানুহে কোনাে পৰিৱেশ সৃষ্টি কৰিব নােৱাৰে ।
প্রশ্ন ৭। উৎপাদক , প্রথম উপভােক্তা আৰু দ্বিতীয় উপভােক্তা মানে কি বুজা ?
উত্তৰঃ প্রাকৃতিক পৰিৱেশৰ জৈৱিক উপাংশৰ প্ৰতিটো কাৰক পৰস্পৰ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল । যেনে – সৌৰশক্তি অর্থাৎ সূৰ্যৰ তাপ আৰু পােহৰ পাই । উদ্ভিদ গজি উঠে ; উদ্ভিদ অর্থাৎ তৃণ , গছৰ পাত আদি খাই তৃণভােজী প্রাণীবােৰ জীয়াই থাকে । আকৌ এই তৃণভােজী প্রাণীবােৰ খাই মাংসভােজী প্রাণীবােৰ জীয়াই থাকে । উদ্ভিদ , তৃণভােজী আৰু মাংসভােজীৰ এই জীৱন চক্ৰক পৰিস্থিতিতন্ত্র বােলা হয় ।
এই পৰিস্থিতি তন্ত্ৰত গছৰ পাত বা তৃণক উৎপাদক ( Producer ) , ফৰিং , হৰিণ আদি তৃণভােজী প্রাণীবােৰক প্রথম উপভােক্তা ( First Consumer ) , আৰু বাঘ , শিয়াল , চৰাই আদি মাংসভােজী প্রাণীবােৰক দ্বিতীয় উপভােক্তা ( Second Consumer ) বুলি কোৱা হয় ।
প্রশ্ন ৮। উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন আৰু ৰাজধানী চহৰৰ নাম লিখা ।
উত্তৰঃ
ৰাজ্য | ৰাজধানী |
১। অসম | দিছপুৰ |
২। অৰুণাচল প্রদেশ | ইটানগৰ |
৩। নগালেণ্ড | কহিমা |
৪। মণিপুৰ | ইম্ফল |
৫। মেঘালয় | শিলং |
প্রশ্ন ৯। পৃথিৱীৰ সর্বোচ্চ শৃংগ কি ? ই কোন পর্বত আৰু কোন দেশত আছে ?
উত্তৰঃ মাউন্ট এভাৰেষ্ট বা গৌৰীশংকৰ শৃংগ । ই হিমালয় পর্বত আছে ।
প্রশ্ন ১০। মালভূমি মানে কি বুজা ? পৃথিৱীৰ কেইখনমান প্রধান মালভূমিৰ নাম লিখা ।
উত্তৰঃ বিস্তীর্ণ উচ্চভূমিক মালভূমি বােলা হয় । পৃথিৱীৰ কেইখনমান উল্লেখযােগ্য মালভূমি হৈছে পামিৰ মালভূমি , তিব্বত মালভূমি আৰু ভাৰতৰ দাক্ষিণাত্য মালভূমি ।
প্রশ্ন ১১। নদীৰ উৎস বুলিলে কি বুজা ? মােহনা বা ব – দ্বীপ কাক বােলে ?
উত্তৰঃ যি উচ্চ স্থানৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় , তাকে নদীৰ উৎস বুলি কোৱা হয় । নদী যি ঠাইত আহি সাগৰত পৰেহি , সেই ঠাই খিনিক মােহনা বুলি কোৱা হয় । মােহনা অংশত সৃষ্টি হােৱা পানীৰে আগুৰা ‘ব’ আকৃতিৰ দ্বীপক ব-দ্বীপ বােলে।
প্রশ্ন ১২। পৃথিৱীৰ দহখন উল্লেখযােগ্য নদীৰ নাম লিখা ।
উত্তৰঃ নর্মদা , তাপ্তী , গােদাবৰী , কৃষ্ণা , কাবেৰী , আমাজান , নীল , হােৱাংহাে আৰু ৰাইনাে ।
প্রশ্ন ১৩। হ্রদ বুলিলে কি বুজা ? হ্রদ আৰু সাগৰৰ পার্থক্য কি ? পৃথিৱীৰ পাঁচটা বিখ্যাত হ্ৰদৰ নাম লিখা ।
উত্তৰঃ চাৰিওফালে মাটিভাগেৰে আগুৰা বিস্তৃত জলৰাশিক হ্রদ বুলি কোৱা হয় ।
হ্রদ আৰু সাগৰৰ পার্থক্য হৈছে — হ্রদ সাগৰতকৈ আয়তনত বহু সৰু আৰু হ্রদৰ গভীৰতাও সাগৰতকৈ কম । আকৌ হ্রদৰ চাৰিওফালে মাটিভাগে আৱৰা , কিন্তু সাগৰ হৈছে পাৰাপাৰহীন এক বিস্তীর্ণ জলভাগ।
পৃথিৱীৰ পাঁচটা বিখ্যাত হ্ৰদৰ নাম হৈছে — আৰল , কাস্পিয়ান , জেনেভা , বৈকাল আৰু ভিক্টৰিয়া ।
প্রশ্ন ১৩। টিলা , পাহাৰ আৰু পৰ্বতৰ সংজ্ঞা দিয়া ।
উত্তৰঃ টিলা :- পাহাৰতকৈ চাপ , অ’ত – ত’ত থিয় হৈ থকা ওখ শিলাময় খণ্ডক টিলা বােলে ।
পাহাৰ :- পর্বততকৈ আপেক্ষিকভাৱে কম উচ্চতাৰ শিলাময় ভূমিভাগেই হৈছে পাহাৰ ।
পর্বত :- ওখ , বিস্তৃত , শিলাময় শিখৰযুক্ত ভূমি ভাগকে পর্বত বােলে ।
প্রশ্ন ১৪ বনজ সম্পদ , জলজ সম্পদ আৰু খনিজ সম্পদ মানে কি ? প্রত্যেকৰে উদাহৰণ দিয়া ।
উত্তৰঃ বনজ সম্পদ :- আমি ব্যৱহাৰ কৰা যিবােৰ সম্পদ বনত জন্মে বা আমাক লগা যিবােৰ সম্পদ বনৰ পৰা পাওঁ , সেইবােৰ সম্পদকে বনজ সম্পদ বােলে । গছ গছনি , জীৱ – জন্তু , চৰাই – চিৰিকতি আদি বনজ সম্পদৰ উদাহৰণ ৷
জলজ সম্পদ :- পানীৰ পৰা আমি যিবােৰ সম্পদ পাওঁ , সেই সম্পদবােৰকে জলজ সম্পদ বােলে । বিভিন্ন প্রকাৰৰ মাছ , কাছ , শিহু , ভেকুলী , পদুম ফুল , কলমৌ শাক ইত্যাদি জলজ সম্পদ ।
খনিজ সম্পদ :- ভূ-গৰ্ভত থকা খনিজবােৰৰ পৰা আহৰণ কৰা সম্পদক খনিজ সম্পদ বােলে । খাৰুৱা – তেল , কয়লা , প্রাকৃতিক গেছ , চূণশিল আদি খনিজ সম্পদ ।
প্রশ্ন ১৫। ‘ ৰামচৰ ক্ষেত্র ‘ কি ? অসমৰ ‘ ৰামচৰ ক্ষেত্র ‘ কোনখন ?
উত্তৰঃ ১৯৭১ চনত ইৰাণৰ ৰামচৰ চহৰত অনুষ্ঠিত সন্মিলনত পৃথিৱীৰ উল্লেখযােগ্য আদ্রভূমিসমূহক তালিকাভুক্ত কৰা হয় । এই তালিকাত অন্তর্ভুক্ত আদ্রভূমিক ‘ ৰামচৰ ক্ষেত্ৰ ‘ বুলি কোৱা হয় ।
অসমৰ ‘ ৰামচৰ ক্ষেত্র ’ হৈছে দীপৰ বিল ।
প্রশ্ন ১৬। পৃথিৱীৰ আটাইতকৈ পুৰণি কার্যক্ষম তেল শােধনাগাৰ কোনটো ?
উত্তৰঃ ডিগবৈ তেল শােধনাগাৰ ।
প্রশ্ন ১৭। খাৰুৱা তেলৰ পুং থকা অসমৰ পাঁচখন ঠাইৰ নাম লিখা ।
উত্তৰঃ নাহৰকটীয়া , হুগ্রীজান , মৰাণ , ৰুদ্ৰসাগৰ আৰু লাকুৱা ।
প্রশ্ন ১৮। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি ?
উত্তৰঃ অসমত পাঁচখন ৰাষ্ট্ৰীয় উদ্যান আছে । সেইবােৰ হৈছে – কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান , মানস ( মানাহ ) ৰাষ্ট্ৰীয় উদ্যান , ওৰাং ৰাষ্ট্ৰীয় উদ্যান ( ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান ) , ডিব্ৰু – ছৈখােৱা ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান ।
প্রশ্ন ১৯। সম্পদ বুলিলে কি বুজা ? সম্পদৰ প্রধান ভাগকেইটা কি কি ?
উত্তৰঃ যিবােৰ বস্তু বা পদার্থ অথবা দ্রব্যৰ উপযােগিতা আছে , সেই আটাইবােৰ বস্তুকে সম্পদ বুলি কোৱা হয় । সম্পদৰ প্ৰধান ভাগ তিনিটা-
( ১ ) প্রাকৃতিক সম্পদ ।
( ২ ) মানৱ সম্পদ । আৰু
( ৩ ) মানৱসৃষ্ট বা কর্ষিত সম্পদ ।
প্রশ্ন ২০। মানৱক কিয় সম্পদ বােলা হয় ? মানৱ সম্পদ আৰু প্রাকৃতিক সম্পদৰ পার্থক্য লিখা ।
উত্তৰঃ মানৱ অর্থাৎ মানুহে বুদ্ধি , কর্মদক্ষতা , ক্ষমতা আৰু কৌশল বৃত্তিৰ সহায়ত প্রাকৃতিক সকলাে সম্পদকে ব্যৱহাৰৰ উপযােগী কৰি তুলিব পাৰে বাবে মানৱক সম্পদ বােলা হয় ।
মানৱ সম্পদ আৰু প্রাকৃতিক সম্পদৰ পার্থক্য –
( ১ ) প্রাকৃতিক অন্যান্য সম্পদৰ দৰে মানুহাে এক অৰ্থত সম্পদ । মানুহ জৈৱিক সম্পদৰ অন্তর্ভুক্ত । মানুহ হৈছে জীৱশ্রেষ্ঠ । মানুহৰ বুদ্ধি , কর্মদক্ষতা , ক্ষমতা আৰু কৌশলবৃত্তিৰ ফলত মানুহে বহু অসাধ্য সাধন কৰিব পাৰে । মানুহে প্রাকৃতিক সকলাে সম্পদকে নিজৰ জ্ঞান বুদ্ধি আৰু কৰ্মৰ দ্বাৰা উপযােগী কৰি তুলিব পাৰে ।
আনহাতে , জৈৱিকেই হওক বা অজৈৱিকেই হওক আনবােৰ সম্পদৰ বুদ্ধি , কৌশল কর্মদক্ষতা নাই । এই প্রাকৃতিক সম্পদবােৰ নিজে নিজে কামত নালাগে । মানুহে বুদ্ধি , কৌশল , কর্মদক্ষতা আদি খটুৱাইহে প্ৰকৃতিৰ বুকুত পােৱা বিভিন্ন দ্রব্য , পদার্থ বা বস্তুক ব্যৱহাৰৰ উপযােগী কৰি সম্পদলৈ ৰূপান্তৰ কৰে ।
প্রশ্ন ২১। মানৱসৃষ্ট সম্পদ কোনবােৰ ? উদাহৰণ দিয়া ।
উত্তৰঃ মানুহে নিজৰ জ্ঞান বুদ্ধি আৰু কৰ্মৰ দ্বাৰা তথা বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ বিকাশেৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা সম্পদ সমূহেই হ’ল মানৱসৃষ্ট বা কর্ষিত সম্পদ । ঘৰ – দুৱাৰ , কল – কাৰখানা , যানবাহন আদিবােৰ হ’ল মানৱসৃষ্ট সম্পদৰ উদাহৰণ ।
প্রশ্ন ২২। অসমত প্রতি বছৰে বলা দুটা ধুমুহাৰ নাম লিখা ।
উত্তৰঃ ‘ বৰদৈচিলা ’ আৰু ‘ বা – মাৰলি ‘ ।
প্রশ্ন ২৩। ভাৰতৰ প্ৰধান ঋতুকেইটা কি কি ?
উত্তৰঃ ভাৰতৰ প্ৰধান ঋতুকেইটা হৈছে — বসন্ত , গ্রীষ্ম , বর্ষা , শৰৎ , হেমন্ত আৰু শীত ঋতু ।
প্রশ্ন ২৪। ভাৰতৰ প্রায় সোঁমাজেদি পাৰ হৈ যােৱা কাল্পনিক অক্ষৰেখাডাল কি ?
উত্তৰঃ কর্কটক্রান্তি ৰেখা ।
প্রশ্ন ২৫। অসমৰ ঋতুভিত্তিক উৎসৱসমূহৰ এখন তালিকা প্রস্তুত কৰা ৷
উত্তৰঃ অসমৰ ঋতুভিত্তিক উৎসৱ –
১। বসন্ত ঋতুকালীন উৎসৱ – হােলী বা ফাকুৱা , দৌললাৎসৱ , বাসন্তী পূজা , ৰঙালী বিহু ।
২। শৰৎ ঋতুকালীন উৎসৱ – দুর্গাপূজা , লক্ষ্মীপূজা , পােহৰৰ উৎসৱ দীপাৱলী ।
৩। হেমন্ত ঋতুকালীন উৎসৱ — ৰাস মহােৎসৱ , ভােগালী বিহু ।
প্রশ্ন ২৬। ভাৰতৰ প্ৰধান প্রাকৃতিক উদ্ভিদৰ অঞ্চলসমূহ কি কি ?
উত্তৰঃ ভাৰতৰ প্ৰধান প্রাকৃতিক উদ্ভিদৰ অঞ্চলসমূহ হৈছে—
১। চিৰসেউজীয়া বৃষ্টি ঘন বননি ।
২। পর্ণপাতী বননি ।
৩। ক্রান্তীয় ছাভানা ।
৪। শুকান বননি ।
৫। জলাহ বননি । আৰু
৬। পৰ্বতীয়া অৰণ্য ।
প্রশ্ন ২৭। ভাৰতৰ উল্লেখযােগ্য কৃষি পদ্ধতিসমূহ কি কি ? ধানখেতি হােৱা দেশৰ পাঁচটা প্রধান অঞ্চলৰ নাম লিখা ।
উত্তৰঃ ভাৰতৰ উল্লেখযােগ্য কৃষি পদ্ধতিবােৰ হৈছে—
( ক ) ভূমিৰ ওপৰত ভিত্তি কৰি কৰা কৃষি পদ্ধতি ।
( খ ) ৰােপণৰ ওপৰত ভিত্তি কৰি কৰা কৃষি পদ্ধতি ।
( গ ) উৎপাদনৰ পৰিমাণ আৰু বজাৰৰ ভিত্তিত কৰা কৃষি পদ্ধতি ।
( ঘ ) বাণিজ্যিক কৃষি পদ্ধতি ।
ধানখেতি হােৱা ভাৰতৰ পাঁচটা অঞ্চল হৈছে – অসম , পশ্চিমবংগ , বিহাৰ , উত্তৰ প্ৰদেশ আৰু মধ্যপ্রদেশ ।
প্রশ্ন ১৮। জনসংখ্যা কাক বােলে ? জনসংখ্যা ঘনত্ব মানে কি ? ২০১১ চনত ভাৰতৰ জনসংখ্যা ঘনত্ব কিমান ?
উত্তৰঃ কোনাে এটা অঞ্চলত স্থায়ীভাৱে বসবাস কৰি থকা জনগণক অঞ্চলটোৰ জনসংখ্যা বােলে।
কোনাে এখন ঠাইৰ মুঠ জনসংখ্যাক ঠাইখনৰ মুঠ মাটিকালিৰে ভাগ কৰিলে যিটো সংখ্যা পােৱা যায় , সেইটোকে জনসংখ্যা ঘনত্ব বুলি কোৱা হয় ।
২০১৪ চনৰ লােকপিয়ল অনুসৰি ভাৰতৰ প্রতি বর্গ কিঃ মিঃত জনসংখ্যা ঘনত্ব হ’ল ৩৮২ ।
প্রশ্ন ২৯। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল দুটা কাৰণ লিখা । ২০১১ চনত ভাৰতৰ মুঠ জনসংখ্যা কিমান আছিল ?
উত্তৰঃ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল দুটা কাৰণ হ’ল —জন্মৰ হাৰ বৃদ্ধি আৰু প্ৰব্ৰজন ।
অন্ধবিশ্বাস , নিৰক্ষৰতা আদিৰ বাবে ভাৰতীয় লােকৰ জন্মৰ হাৰ নিয়ন্ত্রণ কৰিব পৰা হােৱা নাই । ফলত জন্মৰ হাৰ বৃদ্ধি পাই আহিছে আৰু ই জনসংখ্যা বৃদ্ধিৰ এটা মূল কাৰণ হৈ পৰিছে । সেইদৰে বাংলাদেশ, নেপাল আদিৰ দৰে ওচৰৰ , ৰাষ্ট্রৰ পৰা অবাধ গতিত হৈ থকা প্ৰব্ৰজনৰ ফলতাে ভাৰতৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে ।
২০১১ চনৰ লােকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা ১২১,০৫,৬৯,৫৭৩।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.