Niketan Class 7 Social Chapter 23 পৰিকল্পনা, বাজেট, উন্নয়ন is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 23 পৰিকল্পনা, বাজেট, উন্নয়ন and select need one.
Niketan Class 7 Social Chapter 23 পৰিকল্পনা, বাজেট, উন্নয়ন
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 23 পৰিকল্পনা, বাজেট, উন্নয়ন Solutions for All Subjects, You can practice these here…
প্রশ্ন ৩০। মৌর্য বংশৰ শেষৰজন ৰজা কোন আছিল ? শুংগ বংশ কোনে প্রতিষ্ঠা কৰিছিল ?
উত্তৰঃ মৌর্য বংশৰ শেষৰজন ৰজা আছিল বৃহদ্রথ । শুংগ বংশ পুষ্যমিত্র শুংগই প্রতিষ্ঠা কৰিছিল ।
প্রশ্ন ৩১। ‘ মৃচ্ছকটিক ’ নামৰ নাটকখন কোনে ৰচনা কৰিছিল ?
উত্তৰঃ শূদ্রকে ৰচনা কৰিছিল ।
প্রশ্ন ৩২। গ্রীকসকলক ভাৰতবৰ্ষত আন কি নামেৰে জনা গৈছিল ?
উত্তৰঃ যৱন বুলি জনা গৈছিল ।
প্রশ্ন ৩৩। চতুর্থ বৌদ্ধ মহামেল কোনজন ৰজাৰ ৰাজত্ব কালত অনুষ্ঠিত হৈছিল ?
উত্তৰঃ কণিষ্কৰ ৰাজত্ব কালত অনুষ্ঠিত হৈছিল ।
প্রশ্ন ৩৪। কণিষ্ক কোন আছিল ? তেওঁৰ শাসনকালৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ কণিষ্ক কুশানসকলৰ ৰজা আছিল । তেওঁক কুশান বংশৰ সর্বশ্রেষ্ঠ ৰজা আখ্যা দিয়া হয় ।
কণিষ্কই ৭৮ খ্রীঃত সিংহাসন আৰােহণ কৰিছিল । তেওঁ এজন মহা পৰাক্ৰমী ৰজা আছিল । ভাৰতৰ ভিতৰে বাহিৰে বহুতাে ৰাজ্য তেওঁ নিজৰ ৰাজ্যৰ অন্তর্ভুক্ত কৰিছিল । তেওঁৰ ৰাজত্বকালৰ এটা উল্লেখযােগ্য ঘটনা হ’ল চীন অভিযান । কণিষ্কৰ ৰাজ্যৰ ভিতৰত আফগানিস্তান , বেট্রিয়া , পার্থিয়া , খাচঘৰ , খােটান , ইয়াৰখণ্ড , সিন্ধুপ্রদেশ , পঞ্জাৱকাশ্মীৰ , উত্তৰপ্ৰদেশ , বিহাৰ আৰু বংগদেশৰাে কিছু সামৰি লৈছিল ।
এজন সুদক্ষ প্রশাসক আৰু বৌদ্ধ ধৰ্মৰ পৃষ্ঠপােষক হিচাপেও কণিষ্কই খ্যাতি লাভ কৰিছিল । তেওঁ বিশাল সাম্রাজ্যখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইয়াক কেইবাখনাে প্রদেশত ভাগ কৰি লৈছিল আৰু প্রত্যেক প্রদেশৰ শাসনভাৰ একোজন গভর্নৰ বা ক্ষত্ৰপৰ হাতত দিছিল । কণিষ্কই বৌদ্ধধর্ম গ্রহণ কৰিছিল আৰু তেওঁৰ দিনতেই চতুর্থ বৌদ্ধ মহামেল পতা হৈছিল ৷ তেওঁ আন ধৰ্মৰ প্রতিও সহানুভূতিশীল আছিল ।
কণিষ্ক এজন শিল্পকলা আৰু সাহিত্যৰ অনুৰাগী ব্যক্তি আছিল । তেওঁৰ ৰাজসভাত অশ্বঘােষ , নাগার্জুন , বসুমিত্র আৰু চৰকৰ নিচিনা বিধ্যানলােকে সমাদৰ পাইছিল ।
কণিষ্কই তেওঁৰ শাসনকালত আটকধুনীয়াকৈ দুখন নগৰ নিৰ্মাণ কৰাৰ উপৰি বহুতাে বৌদ্ধ বিহাৰ আৰু বিদ্যালয় নির্মাণ কৰােৱাইছিল । উল্লেখযােগ্য যে কণিষ্কৰ শাসনকালতেই গান্ধাৰ শিল্পই বিশেষ প্রসাৰ লাভ কৰিছিল ।
এজন যােদ্ধা , সুদক্ষ প্রশাসক , বৌদ্ধ ধর্মৰ প্ৰচাৰক , কলা – সাহিত্যৰ পৃষ্ঠপোষক কণিষ্কই ভাৰত বুৰঞ্জীত শ্রেষ্ঠ ৰজাসকলৰ ভিতৰত স্থান লাভ কৰিছিল ।
প্রশ্ন ৩৫। ভাৰতৰ ভাষা , সাহিত্য , সংস্কৃতিলৈ সাতবাহনসকলৰ অৱদানৰ বিষয়ে চমুকৈ উল্লেখ কৰা ।
উত্তৰঃ ভাৰতৰ ভাষা , সাহিত্য , সংস্কৃতিলৈ সাতবাহনসকলৰ বিশেষ অৱদান আছে । সাতবাহন ৰজাসকলৰ পৃষ্ঠপােষকতাত প্রাকৃত ভাষা সাতবাহন সাম্রাজ্যৰ ৰাষ্ট্রভাষাত পৰিণত হৈছিল । সাতবাহন ৰজা হলা এজন কবি আছিল আৰু তেওঁ প্রাকৃত ভাষাতেই গ্রন্থ ৰচনা কৰিছিল । তেওঁ ৰচনা কৰা গ্ৰন্থৰ ভিতৰত এখন বিখ্যাত গ্রন্থ হৈছে ‘ গাথাসপ্তসতী’। প্রাকৃত ভাষাৰ উপৰি সংস্কৃত ভাষাতাে গ্রন্থ প্রণয়ন , কৰা হৈছিল ৷ সাতবাহনসকলৰ আমােলতেই বাৎসায়নে সংস্কৃত ভাষাত ‘ কামসূত্র ’ আৰু শূদ্রকে ‘ মৃচ্ছকটিকম ’ নাটক ৰচনা কৰিছিল ।
সাতবাহন ৰজাসকলে ব্রাহ্মণ ধর্ম গ্রহণ কৰিলেও বৌদ্ধ আৰু জৈন ধৰ্মৰ প্রতিও সহানুভূতিশীল আছিল । বৌদ্ধ ধর্মাৱলম্বী লোকসকলৰ বাবে দেশৰ বিভিন্ন ঠাইত বৌদ্ধ বিহাৰ আৰু চৈত গৃহ আদি নির্মাণ কৰিছিল । তেওঁলােকৰ স্থাপত্য আৰু ভাস্কর্য কলা বহু উন্নত আছিল । মহাৰাষ্ট্ৰ কাৰ্লিৰ চৈত্য গৃহস্থাপত্য কলাৰ এটা উৎকৃষ্ট নিদর্শন । ভূপালৰ সাঁচি আৰু অন্ধ্রপ্রদেশৰ অমৰাৱতীত সাতবাহন সকলৰ দিনৰ ভাস্কর্য সিঁচৰতি হৈ আছে।
প্রশ্ন ৩৬। ভাৰতীয় সভ্যতা – সংস্কৃতিত গ্রীকসকলৰ প্ৰভাৱ কেনে আছিল ?
উত্তৰঃ ভাৰতীয় সভ্যতা – সংস্কৃতিত গ্রীকসকলৰ প্ৰভূত প্ৰভাৱ পৰিছিল।গ্রীকসকল অহাৰ আগতে ভাৰতবৰ্ষত মুদ্ৰাৰ প্ৰচলন আছিল যদিও সেইবিলাকৰ কোনাে নির্দিষ্ট আকৃতি নাছিল আৰু মসৃণো নাছিল । ভাৰতীয়সকলে গ্রীকসকলৰ পৰা মুদ্রা তৈয়াৰ কৰাৰ কৌশল আয়ত্ত কৰি মসৃণ আৰু সুন্দৰ আকৃতিৰ মুদ্ৰা তৈয়াৰ কৰিবলৈ শিকিলে । ভাৰতত বেকট্রিয়ানসকলে যথেষ্ট সােণৰ মুদ্রা প্রচলন কৰিছিল । মুদ্রাবিলাকত গ্রীক খৰোষ্ঠী আৰু কেতিয়াবা গ্রীক ব্রাহ্মী লিপিব্যৱহাৰ কৰিছিল ।
ভাৰতীয় জ্যোতিষবিদ্যাত গ্রীকসকলৰ যথেষ্ট প্রভাৱ আছে । চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতাে গ্রীক প্ৰভাৱ পৰিছে বুলি বহুতে ক’ব খােজে । চৰকৰ পুথি চৰক সংহিতা’ত গ্রীকৰ প্ৰভাৱ আছে । ভাৰতীয় শিল্পকলাতে গ্রীক প্ৰভাৱ পৰিছে । ভাৰতীয় আৰু গ্ৰীক শিল্পকলাৰ সংমিশ্ৰণত সমুদ্রগুপ্ত আৰু দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্বকালত ভাৰতীয় অর্থনীতি , ভাষা – সাহিত্য – সংস্কৃতি , শিল্পকলা , ধর্মীয় অৱস্থাৰ উন্নতি পৰিলক্ষিত হয় ।
গুপ্ত ৰজাসকলে সুশাসন ব্যৱস্থা প্রৱৰ্তন কৰিব পাৰিছিল । গুপ্ত সাম্ৰাজ্যখনক , প্রদেশ , জিলা আদি ভাগত ভাগ কৰি লৈ প্রত্যেক বিভাগৰে দায়িত্ব ভিন্ ভিন্ মন্ত্রী – বিষয়াৰ ওপৰত ন্যস্ত কৰা হৈছিল । সকলােতকৈ ওপৰত আছিল ৰজা ।প্রত্যেকেই নিজৰ নিজৰ দায়িত্ব ভালদৰে পালন কৰাৰ ফলত দেশৰ শান্তি শৃংখলা অটুট আছিল । দেশত শান্তি বিৰাজ কৰা কাৰণে বিভিন্ন ক্ষেত্ৰত উন্নতি হৈছিল । কৃষি , শিল্প , বাণিজ্যৰ প্ৰসাৰ ঘটিছিল ।
গুপ্ত যুগত শিক্ষা – সাহিত্য – সংস্কৃতিৰ ক্ষেত্ৰত দেশখন বহুদূৰ আগবাঢ়ি গৈছিল । নালন্দা , সাৰনাথ , উজ্জয়িনী , অজন্তা , তক্ষশীলা আদি ঠাই শিক্ষা – সংস্কৃতিৰ কেন্দ্রস্থল হৈ পৰিছিল । হিন্দু ধর্ম আৰু সংস্কৃত ভাষাই ৰাজকীয় পৃষ্ঠপােষকতা লাভ কৰিছিল । মহাকবি কালিদাসে ‘ অভিজ্ঞান শকুন্তলম্ ‘ ঘুবংশ ’ আদি কৰি কালজয়ী পুথিসমূহ গুপ্ত যুগতে ৰচনা কৰিছিল । শূদ্রক , ভাস , বিশাখাদত্ত আদি প্রখ্যাত নাট্যকাৰসকলাে আছিল এই যুগৰে । বিষ্ণু শর্মাই গুপ্তযুগতে ৰচনা কৰিছিল ‘ পঞ্চতন্ত্র ’ নামৰ তেওঁৰ বিখ্যাত সাধুকথাৰ পুথিখন । বিখ্যাত বৌদ্ধ পণ্ডিত বুদ্ধ ঘােৰ আৰু বুদ্ধদত্ত , বিখ্যাত জ্যোতির্বিদ আর্যভট্ট , ব্রহ্মগুপ্ত , বৰাহমিহিৰ আদিয়ে গুপ্ত যুগতে ভাৰতবৰ্ষলৈ অতুলনীয় অৱদান আগবঢ়াইছিল ।
গুপ্ত যুগত শিল্পকলাৰো যথেষ্ট উন্নতি হৈছিল । সেই যুগৰ ভাস্কর্য শিল্পীসকলে বিষ্ণু , শিৱ , দুর্গা , গংগা , যমুনা , কার্তিক আদি দেৱ – দেৱীৰ মূর্তি নির্মাণ কৰি উলিয়াইছিল । স্থাপত্যবিদসকলে পােৰা ইয়াৰে বহুতাে মন্দিৰ নিৰ্মাণ কৰিছিল । মহাৰাষ্ট্ৰৰ অজন্তা আৰু ইলােৰাত থকা গুহা ‘ গান্ধাৰ শিল্প ’ নামে এক নতুন শিল্পকলাৰ সৃষ্টি হৈছিল ।
ভাৰতীয় নাট্য সাহিত্যতাে গ্রীকসকলৰ প্ৰভাৱ পৰিছিল বুলি অনুমান কৰিব পাৰি ৷ নাটৰ শেষত ব্যৱহাৰ হােৱা ‘ যৱনিকা ’ শব্দটো গ্রীক ভাষাৰ ।
প্রশ্ন ৩৭। সমুদ্রগুপ্তৰ এলাহাবাদ স্তম্ভলিপিখন কোনে প্রস্তুত কৰিছিল ?
উত্তৰঃ কবি হৰিসেনে প্রস্তুত কৰিছিল ।
প্রশ্ন ৩৮। ফা – হিয়েনে ভাৰতবর্ষ ভ্রমণ কৰাৰ সময়ত গুপ্ত বংশৰ ৰজা কোন আছিল ?
উত্তৰঃ দ্বিতীয় চন্দ্রগুপ্ত । তেওঁক বিক্রমাদিত্য বুলিও জনা যায় ।
প্রশ্ন ৩৯। ‘ পঞ্চতন্ত্র ‘ নামৰ বিখ্যাত সাধুকথাৰ পুথিখন কোনে ৰচনা কৰিছিল ?
উত্তৰঃ ‘ বিষ্ণুশর্মাই ‘ ৰচনা কৰিছিল ।
প্রশ্ন ৪০। কালিদাসে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ ‘ অভিজ্ঞান শকুন্তলম্ ’ আৰু ‘ মেঘদূত ‘ ।
প্রশ্ন ৪১। গুপ্ত যুগক কিয় ভাৰতৰ ইতিহাসৰ সােণালী যুগ বুলি আখ্যা দিয়া হয় ?
উত্তৰঃ গুপ্ত যুগক ভাৰতৰ ইতিহাসৰ সােণালী যুগ বুলি কোৱা হয় । গুপ্ত বংশৰ শাসনকালত , বিশেষকৈ সমূহত ভাস্কর্য আৰু স্থাপত্য কলাৰ নিদর্শন পােৱা যায় ৷
ওপৰােক্ত উক্ত কাৰণবােৰৰ বাবেই গুপ্ত যুগক ভাৰতৰ ইতিহাসৰ সােণালী যুগ বুলি আখ্যা দিয়া হয় ।
প্রশ্ন ৪২। পুৰণি অসমৰ সমাজ ব্যৱস্থা কিহৰ ভেটিত প্রতিষ্ঠিত আছিল ?
উত্তৰঃ বর্ণাশ্রম ধৰ্মৰ ভেটিত প্রতিষ্ঠিত আছিল ।
প্রশ্ন ৪৩। সমাজৰ আটাইতকৈ সৰু গােটটো কি ?
উত্তৰঃ পৰিয়াল ।
প্রশ্ন ৪৪। প্রাচীন অসমত কেই প্রকাৰ বিবাহ পদ্ধতিৰ প্ৰচলন আছিল ? ” সেইবােৰৰ নামবােৰ লিখা ।
উত্তৰঃ ৮ প্রকাৰ বিবাহ পদ্ধতি আছিল । সেইবােৰ হৈছে — ব্রহ্ম , প্রজাপত্য , দৈৱ , আর্শ , অসুৰ , গন্ধর্ব , ৰাক্ষস আৰু পৈশাচ ।
প্রশ্ন ৪৫। পাঁচবিধ মাছধৰা সঁজুলিৰ নাম লিখা ।
উত্তৰঃ বৰশী , জাল , জাকৈ , চেপা আৰু পল ‘ ।
প্রশ্ন ৪৬। অসমীয়া মানুহে কি কি সূতাৰ আচ্ছাদন পৰিধান কৰিছিল ?
উত্তৰঃ এৰী , মুগা , ৰেচম , কপাহী , উণ আৰু পাট সূতাৰ আচ্ছাদন পৰিধান কৰিছিল ।
প্রশ্ন ৪৭। ভাৰতত মােগল সম্রাজ্য কেতিয়া প্রতিষ্ঠা হৈছিল ?
উত্তৰঃ ১৫২৬ খ্রীষ্টাব্দত ।
প্রশ্ন ৪৮। আকবৰে মেৱাৰৰ ৰাণা প্রতাপ সিংহক পৰাস্ত কৰা যুদ্ধখনৰ নাম কি আছিল ?
উত্তৰঃ হলদিঘাটৰ যুদ্ধ ।
প্রশ্ন ৪৯। মিৰজুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহােমৰ ৰজা কোন আছিল ?
উত্তৰঃ জয়ধ্বজ সিংহ ।
প্রশ্ন ৫০। পানিপথৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল ?
উত্তৰঃ পানিপথৰ প্রথম যুদ্ধ ১৫২৬ খ্রীঃত আৰু দ্বিতীয় যুদ্ধ ১৫৫৬ খ্রীঃত হৈছিল ।
প্রশ্ন ৫১। আকবৰৰ ধর্ম সম্বন্ধীয় নীতিৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ ধর্মীয় নীতিৰ ক্ষেত্ৰত আকবৰ বৰ উদাৰ আছিল । তেওঁ নিজে ইছলাম । ধৰ্মাৱলম্বী হ’লেও সকলাে ধৰ্মৰ মানুহকে শ্রদ্ধা কৰিছিল আৰু তেওঁলােকৰ ধৰ্মৰ্মত অনুসৰি প্রার্থনা কৰাৰ অনুমতি দিছিল । আকবৰে এটা নতুন ধর্মমত প্ৰচাৰ কৰিছিল , যাক ‘ দিন – ই – ইলাহি ’ বুলি জনা গৈছিল ।
প্রশ্ন ৫২। ছাহজাহানৰ ৰাজত্বকালত হােৱা শিল্প – সংস্কৃতিৰ উন্নতিৰ বিষয়ে এটি টোকা লিখা ।
উত্তৰঃ ছাহজাহানৰ শিল্পকলা , সাহিত্য – সংস্কৃতিৰ প্রতি প্রচুৰ ৰাপ আছিল ৷ তেওঁ সংগীত খুব ভাল পাইছিল আৰু সংগীতজ্ঞসকলক যথেষ্ট সম্মান প্রদর্শন কৰিছিল । ছাহজাহানৰ ৰাজসভাত কেইবাজনাে সংগীতজ্ঞ আছিল । তাৰ ভিতৰত জগন্নাথ মহাপাত্র , ৰামদাস আৰু লালখান আছিল প্রধান । ছাহজাহানৰ ৰাজত্বকালত মােগল স্থাপত্যৰ চৰম বিকাশ হয় । তেওঁৰ ৰাজত্বকালত সাজি উলিওৱা বিখ্যাত ময়ূৰ সিংহাসন আৰু তাজমহলত স্থাপত্য , ভাস্কর্য অপূর্ব নিদর্শন দেখিবলৈ পােৱা যায় । ছাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত যমুনা নদীৰ পাৰত তাজমহল নির্মাণ কৰােৱাইছিল । সম্প্রতি তাজমহল বিশ্বৰ সপ্তম আশ্চর্য এটা বুলি পৰিগণিত । ছাহজাহানৰ আন এটা উল্লেখনীয় কীর্তি হ’ল আগ্রাত নির্মাণ কৰা মতি মছজিদ ।
প্রশ্ন ৫৩। মােগল সাম্রাজ্যৰ পতনৰ পাঁচটা কাৰণ উল্লেখ কৰা ।
উত্তৰঃ মােগল সাম্রাজ্যৰ পতনৰ পাঁচটা কাৰণ হ’ল—
( ১ ) ঔৰংজেৱৰ ৰাজত্বকালত মােগল সাম্রাজ্যৰ বিস্তৃতি ইমান বিশাল হৈছিল যে ইয়াৰ সকলাে দিশত চকু ৰাখি সুচাৰুৰূপে পৰিচালনা কৰা সম্রাটৰ পক্ষেটান হৈ পৰিছিল ।
( ২ ) ঔৰংজেৱ বহু বছৰ ধৰি দাক্ষিণাত্য অভিযানত ব্যস্ত হৈ থাকিব লগা হােৱাত শাসনকার্যৰ পিনে ভালদৰে চকু দিব পৰা নাছিল । দীঘলীয়া যুদ্ধত ৰাজভৰালৰ ধনো বহুখিনি খৰচ হৈছিল । তদুপৰি তেওঁ দাক্ষিণাত্য অভিযানত ব্যস্ত থকাৰ বাবে শিখ , জাঠ , ৰাজপুতসকলে নিজকে শক্তিশালী কৰাৰ সুবিধা পাইছিল ।
( ৩ ) ঔৰংজেৱ ধৰ্মৰ ক্ষেত্ৰত বৰ গােড়া আছিল । তেওঁ আন ধৰ্মৰ মানুহৰ ওপৰত অত্যাচাৰ চলাইছিল । তেওঁ হিন্দুৰ ওপৰত ‘ জিজিয়া কৰ ’ বহুৱাইছিল । ঔৰংজেৱৰ ধর্মীয় নীতিয়ে হিন্দুসকলক বেছিকৈ ক্ষুব্ধ কৰিছিল । ইয়াৰ পৰাই হিন্দু – মুছলমান সম্প্রীতিৰ মাজত ভাঙোন আৰম্ভ হৈছিল ।
( ৪ ) ঔৰংজেৱে কাকো বিশ্বাসত নলৈছিল । তেওঁৰ এই সন্দেহী মনােভাৱ মােগল সাম্রাজ্য পতনৰ এক কাৰণ হৈ পৰিছিল ।
( ৫ ) ঔৰংজেৱৰ পাছৰ মােগল ৰজাসকল দুর্বল আৰু অদক্ষ আছিল আৰু সেয়ে বিশাল মােগল সাম্রাজ্যখন ধৰি ৰাখিবলৈ তেওঁলােক সক্ষম নহৈছিল ।
প্রশ্ন ৫৪। চম্বলৰ জুমা মছজিদ কোনে নির্মাণ কৰাইছিল ?
উত্তৰঃ বাবুৰে ।
প্রশ্ন ৫৫। ফতেহপুৰ চিক্রীৰ নিৰ্মাণৰ আঁচনি কোনজন সম্রাটে কৰিছিল ?
উত্তৰঃ সম্রাট আকবৰে কৰিছিল ।
প্রশ্ন ৫৬। ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি ? কোন সম্রাট দিনত ইয়াক নির্মাণ কৰা হৈছিল ?
উত্তৰঃ বেবদল খাঁ । সম্রাট ছাহজাহানৰ দিনত ময়ূৰ সিংহাসন নির্মাণ কৰা হৈছিল ।
প্রশ্ন ৫৭। আন্তঃগাঁথনি বুলিলে কি বুজা ? অর্থনৈতিক আন্তগাঁথনিৰ দুটিমান উদাহৰণ দিয়া ।
উত্তৰঃ আন্তঃগাঁথনি বুলিলে কোনাে কার্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা – সুবিধাবিলাকক বুজায় যিবিলাকৰ অবিহনে অর্থনৈতিক উন্নয়ন সম্ভৱপৰ নহয় ।
অর্থনৈতিক আন্তঃগাঁথনিৰ দুটিমান উদাহৰণ হৈছে — যাতায়াত বা পৰিবহন ব্যৱস্থা , যােগাযােগ ব্যৱস্থা , বিদ্যুৎ প্রকল্প , বহুমুখীনদী পৰিকল্পনা , দলং আৰু গৃহ নির্মাণ ইত্যাদি ।
প্রশ্ন ৫৮। ভাৰতৰ পৰিবহন ব্যৱস্থাবােৰ কি কি ? আটাইতকৈ সস্তীয়া পৰিবহণ ব্যৱস্থাটো কি ?
উত্তৰঃ ভাৰতৰ পৰিবহন ব্যৱস্থাবােৰ হৈছে-
( ক ) পথ পৰিবহণ ।
( খ ) ৰে’লপৰিবহণ ।
( গ ) বিমান পৰিবহণ ।
( ঘ ) জল পৰিবহণ । আৰু
( ঙ ) ইন্ধন পৰিবহণ ( পাইপলাইন ) ।
আটাইতকৈ সস্তীয়া পৰিবহণ ব্যৱস্থাটো হৈছে— পৰম্পৰাগত জল পৰিবহণ ব্যৱস্থা ৷
প্রশ্ন ৫৯। প্রাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ বুলি কোনে স্বীকৃতি দিছে ?
উত্তৰঃ ভাৰতৰ সংবিধানে স্বীকৃতি দিছে ।
প্রশ্ন ৬০। শিক্ষাৰ অধিকাৰ আইনখন কোন চনত গৃহীত হৈছিল ?
উত্তৰঃ ২০০৯ চনত ।
প্রশ্ন ৬১। গণতন্ত্র কেই প্রকাৰৰ ? প্ৰতিটো প্ৰকাৰৰে একোটাকৈ উদাহৰণ দিয়া ।
উত্তৰঃ গণতন্ত্র দুই প্রকাৰৰ প্ৰত্যক্ষ আৰু পৰােক্ষ । প্রত্যক্ষ গণতন্ত্রৰ উদাহৰণ হৈছে — ছুইজাৰলেণ্ডৰ কেইখনমান কেন্টন আৰু পৰােক্ষ গণতন্ত্ৰৰ উদাহৰণ হৈছে – ভাৰতবর্ষ ।
প্রশ্ন ৬২। ৰাজনৈতিক দল মানে কি ? তিনিটা ভাৰতীয় ৰাজনৈতিক দলৰ নাম লিখা ।
উত্তৰঃ ৰাজনৈতিক দল হ’ল একে ৰাজনৈতিক ভাবাদৰ্শৰ কিছুমান সচেতন ব্যক্তিৰ গােট বা সংগঠন । এনেকৈ একে ভাবাদর্শ ব্যক্তি সমষ্টি এটাই ৰাজনৈতিক দল হিচাপে প্রতিষ্ঠিত হ’বলৈ এটা নাম লৈ নির্বাচন আয়ােগৰ অধীনত পঞ্জীয়নভুক্ত হ’ব লাগে । প্ৰতিটো ৰাজনৈতিক দলৰে এটা নামৰ উপৰি এটা প্রতীক চিহ্ন থাকে । প্রতীক চিহ্নত নির্বাচন আয়ােগৰ দ্বাৰা অনুমােদিত হ’ব লাগিব ।
তিনিটা ভাৰতীয় ৰাজনৈতিক দল হৈছে —
১। ভাৰতীয় জনতা দল ।
২। ভাৰতীয় জাতীয় কংগ্ৰেছ । আৰু
৩। তৃণমূল কংগ্ৰেছ ৷
প্রশ্ন ৬৩। নাগৰিক আৰু ভােটদাতাৰ মাজত পার্থক্য কি ?
উত্তৰঃ নাগৰিক আৰু ভােটদাতাৰ মাজত পার্থক্য হৈছে — সকলাে নাগৰিকেই ভােটদাতা নহয় , কিন্তু ভােটদাতা হ’বলৈ নাগৰিক হ’বলৈ লাগিব । আকৌ জন্মৰ লগে লগে জন্মসূত্রে , দেশীয়কৰণৰ দ্বাৰা অথবা ৰাজ্যক্ষেত্র চামিলকৰণসূত্রে এজন ব্যক্তিয়ে নাগৰিকত্ব লাভ কৰে নাগৰিকত্ব লাভৰ ক্ষেত্ৰত বয়সৰ কথা নাই । কিন্তু ভােটদাতা হ’বলৈ এজন নাগৰিকে এটা নির্দিষ্ট বয়স পাব লাগিব , জন্মৰ পৰাই ভােটদাতা হ’ব নােৱাৰে । ভাৰতবৰ্ষত এই বয়স ১৮ বছৰ । অর্থাৎ ওঠৰ বছৰ পূর্ণ হ’লেহে এজন নাগৰিক ভাৰতবৰ্ষত ভােটদাতা হ’ব পাৰে ।
প্রশ্ন ৬৪। নির্বাচন কি ? নির্বাচন কোনে পৰিচালনা কৰে ?
উত্তৰঃ নির্বাচন হ’ল এটা গণতান্ত্রিক বাছনি প্রক্রিয়া , ‘ ৰ্বিাচন আয়ােগ ’এ পৰিচালনা কৰে ।
প্রশ্ন ৬৫। নির্বাচন আয়ােগৰ বিষয়ে এটি টোকা লিখা ।
উত্তৰঃ আমাৰ দেশত নির্বাচন পৰিচালনা কৰিবৰ বাবে এটা বিশেষ বিভাগ আছে ৷ এই বিভাগটোক ‘ নির্বাচন আয়োগ ‘ বােলা হয় আৰু ইয়াৰ মুৰব্বী জনক মুখ্য নির্বাচন আয়ুক্ত বােলা হয় । তেওঁক ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে । নির্বাচন আয়ােগে কেন্দ্রীয় সংসদ , ৰাজ্যিক বিধান মণ্ডল , ৰাষ্ট্রপতি , উপ – ৰাষ্ট্রপতি নির্বাচন সময়মতে অনুষ্ঠিত কৰিবলৈ সকলাে ব্যৱস্থা কৰিব লাগে । নির্বাচনৰ দিন ধার্য কৰা , নিয়মাৱলী প্রস্তুত কৰা , নির্বাচনত অংশ গ্রহণ কৰিবলৈ ৰাজনৈতিক দলবােৰক স্বীকৃতি দিয়া , প্রার্থী অৰ্হতা নির্ণয় কৰা , নির্বাচনী আচৰণ বিধি প্রস্তুত কৰা , মনােনয়ন পত্র দাখিল আৰু প্রত্যাহাৰৰ দিন ঠিক কৰা, নির্বাচনৰ কাম কৰিবলৈ বিভিন্ন স্থান আৰু স্তৰত বিষয়া কর্মচাৰী নিযুক্তি দিয়া , নির্বাচনৰ ফলাফল ঘােষণা কৰা , তাৰ বাবে দিন ঠিক কৰা আদি কামৰ দায়িত্ব নির্বাচন আয়ােগৰ । তদুপৰি নির্বাচন যাতে শান্তিপূর্ণ হয় , কোনেও যাতে নির্বাচনী নীতি উলংঘা কৰিব নােৱাৰে , নির্বাচনী দায়িত্ব পালনত কোনেও যাতে অৱহেলা নকৰে সেইবােৰ দিশতাে নির্বাচন আয়ােগে চকু ৰাখে । ৰাজ্যবােৰত নির্বাচন পৰিচালনাত আয়ােগক সহায় কৰিবলৈ এজনকৈ মুখ্য নির্বাচন বিষয়াৰ অধীনত একোখনকৈ সমিতি পাতি দিয়া হয় ।
প্রশ্ন ৬৬। প্রত্যক্ষ আৰু পৰােক্ষ নির্বাচনৰ পার্থক্য কি ?
উত্তৰঃ প্রত্যক্ষ নির্বাচনত ভােটদাতাই প্রত্যক্ষভাৱে বা পােনপটীয়াকৈ প্রতিনিধি নির্বাচন কৰে । কিন্তু পৰােক্ষ নির্বাচনত সাধাৰণ ভােটদাতাই প্রত্যক্ষভাৱে বা পােনপটীয়াকৈ প্রতিনিধি নির্বাচন কৰিব নােৱাৰে , তেওঁলােকে ইতিপূর্বে নির্বাচন কৰি পঠোৱা প্রতিনিধিসকলেহে নির্বাচন কৰে ।
প্রশ্ন ৬৭। ৰাষ্ট্রপতি নির্বাচনৰ বিষয়ে এটি চমু টোকা লিখা ।
উত্তৰঃ ভাৰতৰ ৰাষ্ট্রপতিক পৰােক্ষ পদ্ধতিৰে নির্বাচন কৰা হয় । তেওঁক সাধাৰণ ভােটদাতাসকলে ইতিপূর্বে নির্বাচন কৰি পঠোৱা প্রতিনিধিসকলেহে নির্বাচন কৰে । ৰাষ্ট্রপতিৰ নির্বাচনত সংসদৰ দুয়ােটা সদন ( লােকসভা আৰু ৰাজ্যসভা ) ৰ নির্বাচিত সদস্যৰ লগতে ৰাজ্যিক বিধান সভাৰ সদস্যসকলেও অংশগ্রহণ কৰে ।
প্রশ্ন ৬৮। প্ৰচাৰ বুলিলে কি বুজা ? প্রচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি ?
উত্তৰঃ প্ৰচাৰ বুলি ক’লে সাধাৰণতে কোনাে খবৰ বাতৰি , ঘটনা – পৰিঘটনা , আদেশ উপদেশ আদি এজনৰ পৰা আনজনলৈ বা এঠাইৰ পৰা আন ঠাইলৈ বিস্তাৰিত হােৱা প্রক্রিয়াক বুজা যায় ।
প্রচাৰ মাধ্যমৰ প্রধান ভাগ হৈছে – ছপা বা মুদ্রিত আৰু ইলেক্ট্রনিক বা বৈদ্যুতিন । বাতৰি-কাকত , আলােচনী , কিতাপ আদি হৈছে ছপা বা মুদ্রিত প্ৰচাৰ মাধ্যম ।
আনহাতে , অনাতাঁৰ , দূৰদৰ্শন , ইন্টাৰনেট আদি হৈছে ইলেক্ট্রনিক বা বৈদ্যুতিন প্রচাৰ মাধ্যম ।
প্রশ্ন ৬৯। দুটা প্রধান প্রচাৰ মাধ্যমৰ নাম লিখা । প্রচাৰ মাধ্যমসমূহে জনসাধাৰণক কেনেধৰণৰ সহায় কৰে ?
উত্তৰঃ দুটা প্রধান প্রচাৰ মাধ্যম হৈছে —বাতৰি কাকত আৰু দূৰদর্শন । প্রচাৰ মাধ্যমসমূহে বিভিন্ন খবৰ বাতৰি , ঘটনা – পৰিঘটনা আদেশ – উপদেশ আদি প্ৰচাৰ কৰে । এই ঘটনা বা বিষয়সমূহ প্রচাৰ হােৱাৰ ফলত জনসাধাৰণে সেই বিষয়ত জ্ঞান লাভ কৰে আৰু তেওঁলােকৰ নতুন কৌতূহল , সজাগতা বা সচেতনতা বৃদ্ধি হয় । ফলত জনসাধাৰণে ব্যক্তিগত বা সাংগঠনিক মতামত , দিহা পৰামৰ্শ আদি আগবঢ়াই সুযােগ লাভ কৰে । প্ৰচাৰ মাধ্যম নহ’লে মানুহে নিজৰ ভাব অভিমত মতামত আদি প্ৰকাশ কৰিবলৈ সক্ষম নহ’লহেঁতেন।
প্রশ্ন ৭০। প্রান্তীয় গােট কাক বলে ? প্রান্তীয় গােট হিচাপে কোনবােৰ মানুহক অভিহিত কৰিব পৰা যায় ?
উত্তৰঃ আর্থিক , সামাজিক , সাংস্কৃতিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভােগা লােকসকলক প্রান্তীয় গােট বুলি কোৱা হয় । উদ্যোগীকৰণ , অর্থনৈতিক বিকাশ , নগৰীকৰণ আৰু আধুনিকীকৰণৰ স্বাৰ্থত নিজৰ স্থায়ী ভেটি এৰি নতুন ঠাই , নতুন পৰিৱেশত বসবাস কৰিবলৈ বাধ্য হােৱা মানুহবােৰক প্ৰান্তীয় গােট হিচাপে অভিহিত কৰিব পৰা যায় ।
প্রশ্ন ৭১। নদীবান্ধ মানে কি ? বৃহৎ নদীবান্ধৰ পৰা হােৱা উপকাৰ আৰু অপকাৰসমূহৰ বিষয়ে লিখা।
উত্তৰঃ বিদ্যুৎ উৎপাদন , বান নিয়ন্ত্রণ , জলসিঞ্চন আদিৰ দৰে জনকল্যাণমূলক কাম কৰাৰ লক্ষ্যৰে আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ সহায়ত কোনাে নদীৰ উজনি ভাগত ভেটা দি যি প্রকল্প নির্মাণ কৰা হয় , তাকে নদীবান্ধ বােলে ।
বৃহৎ নদীবান্ধৰ উপকাৰঃ- বৃহৎ নদীবান্ধ আঁচনিসমূহে আমাক বিদ্যুৎ উৎপাদন , বান নিয়ন্ত্রণ , জলসিঞ্চন আদিৰ দৰে জনকল্যাণমূলক সুবিধাবােৰ প্ৰদান কৰে । তদুপৰি নদীবান্ধ নির্মাণ হােৱা অঞ্চলৰ আর্থ – সামাজিক দিশত উন্নতি হােৱাৰ লগতে থলুৱা লােকসকলে সংস্থাপনৰাে সুবিধা লাভ কৰে ।
বৃহৎ নদীবান্ধৰ অপকাৰঃ- বৃহৎ নদীবান্ধৰ বাবে বান্ধৰ ওপৰৰ অংশত পানী জমা কৰি ৰাখিবলৈ এক বৃহৎ এলেকাৰ প্রয়ােজন হয় বাবে সেই এলেকাত পূর্বৰে পৰা বসবাস কৰা লােকসকলে বান্ধৰ নিৰ্মাণ কাৰ্য আৰম্ভ হােৱাৰ লগে লগে সেই ঠাই এৰি যাব লগা হয় । নামনি অংশৰ লােকসকলেও নানান অসুবিধাৰ সন্মুখীন হয় । নদীৰ পানীভাগ ওপৰৰ অংশত আবদ্ধ কৰি ৰখাৰ বাবে এইসকল মানুহৰ কৃষিকার্যকে ধৰি বিভিন্ন কামৰ বাবে প্রয়ােজনীয় পানীৰ অভাৱ হয় । নৈৰ পানী তৰাং হােৱাৰ ফলত মাছ – পুঠি আদি বিভিন্ন জলচৰ প্ৰাণীৰ বিলুপ্তি ঘটে আৰু ইয়াৰ প্ৰভাৱ নৈ পৰীয়া বিশেষকৈ মাছমৰীয়া মানুহৰ ওপৰত পৰে। জলপথতাে এনেকুৱা বান্ধে বাধাৰ সৃষ্টি কৰে । বৃহৎ নদীবান্ধৰ ফলত পাৰিপাৰ্শ্বিক ভাৰসাম্যও বহুখিনি হ্রাস পায় ।
প্রশ্ন ৭২। বিশ্ব প্রথম মহিলা মহাকাশচাৰী গৰাকীৰ নাম কি ? ভাৰতৰ দুগৰাকী মহিলা মহাকাশচাৰীৰ নাম লিখা ।
উত্তৰঃ ভেলেন্টিনা টেৰেক্স’ভা । ভাৰতৰ দুগৰাকী মহিলা মহাকাশচাৰী হৈছে— কল্পনা চাওলা আৰু সুনীতা উইলিয়ামছ ।
প্রশ্ন ৭৩। শ্ৰমৰ সমমর্যাদা মানে কি ? শ্ৰমৰ সমমূল্যই কি সূচায় ?
উত্তৰঃ লিংগ বৈষম্য নাৰাখি মহিলাই কৰা কামৰ প্রতি পুৰুষৰ সমানে গুৰুত্ব দিয়া বা শ্রদ্ধা কৰাটোকে শ্ৰমৰ সমমর্যদা বুলি বুজা যায় । শ্ৰমৰ সমমূল্যই কোনাে কামৰ বিনিময়ত পুৰুষৰ সমান হাৰত মহিলাসকলৰাে মজুৰি প্ৰদান কৰাটোকে সূচায় ।
প্রশ্ন ৭৪। বিনিময় প্রথা কাক বােলে ? এই প্রথা আজিকালি প্রচলন আছেনে ?
উত্তৰঃ বস্তুৰ লগত বস্তুৰ প্রত্যক্ষ সাল – সলনি কৰা প্ৰথাটোক ‘ বিনিময় প্রথা ’ বুলি কোৱা হয় ।
অসমৰ মৰিগাঁও জিলাত জোনবিল নামৰ ঠাইত বহা ‘ জোনবিল মেলাত ‘ আজিও পৰম্পৰাগতভাৱে বস্তুৰ সলনি বস্তু বিনিময় কৰা প্রথা চলি আছে । মাঘ বিহুৰ পিছতে বছৰি এবাৰ বহা ‘ জোনবিল মেলা ’ প্রচলন হৈ থকা বিনিময় প্রথা এক ব্যতিক্রমহে , সাধাৰণ অৱস্থাত আজি-কালি সকলােতে মুদ্রাক বিনিময়ৰ মাধ্যম – হিচাপে ব্যৱহাৰ কৰা হয় ।
প্রশ্ন ৭৫। বজাৰ কাক বােলে ? বিভিন্ন প্রকাৰৰ বজাৰৰ সংজ্ঞা দিয়া ।
উত্তৰঃ মুদ্ৰাৰ মাধ্যমত সামগ্রী বা সেৱা কিনা – বেচা কৰা সমগ্র ব্যৱস্থাটোক বজাৰ বুলি কোৱা হয় ।
বজাৰ বিভিন্ন প্রকাৰৰ হয় । যেনে- দৈনিক বজাৰ , সাপ্তাহিক বজাৰ , অর্ধ সাপ্তাহিক বজাৰ , খুচুৰা বজাৰ , পাইকাৰী বজাৰ , শ্বপিং মল , ই-বজাৰ ইত্যাদি ।
দৈনিক বজাৰঃ- স্থায়ী ঘৰত বহা আৰু সপ্তাহটোৰ এটা নির্দিষ্ট বন্ধৰ দিন বাদ দি সদায় একোটা নির্দিষ্ট সময়ৰ বাবে ভােলা থকা বজাৰক দৈনিক বা স্থায়ী বজাৰ বােলে ।
সাপ্তাহিক বজাৰঃ- সপ্তাহৰ এটা নির্দিষ্ট দিনত কোনাে নির্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা বজাৰেই হৈছে সাপ্তাহিক বজাৰ ।
অর্ধ – সাপ্তাহিক বজাৰঃ- সপ্তাহৰ দুটা নির্দিষ্ট দিনত কোনাে নির্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা বজাৰক অর্ধ – সাপ্তাহিক বজাৰ বােলে ।
খুচুৰা বজাৰঃ- যি বজাৰত খুচুৰা দামত বস্তু ক্রয় – বিক্রয় হয় আৰু বিক্রেতা আৰু গ্রাহকৰ প্রত্যক্ষ সম্পর্ক ঘটে , তাক খুচুৰা বজাৰ বােলা হয় ।
পাইকাৰী বজাৰঃ- যি বজাৰত পাইকাৰী হাৰত আৰু পাইকাৰী দৰত বস্তু ক্রয় বিক্রয় হয় , তাক পাইকাৰী বজাৰ বােলে । এই বজাৰ পাইকাৰী ব্যৱসায়ী আৰু খুচুৰা ব্যৱসায়ীৰ মাজত চলে ।
শ্বপিং মলঃ- শ্বপিংমল হৈছে এক আধুনিক বজাৰ ব্যৱস্থা , য’ত একেটা বৃহৎ ঘৰৰ বিভিন্ন কক্ষত আমাৰ প্রয়ােজনীয় প্ৰায়বােৰ সামগ্রী নির্ধাৰিত মূল্যত বিক্ৰীৰ বাবে আকর্ষণীয়কৈ সজোৱা থাকে।
ই-বজাৰঃ- ই বজাৰ হ’ল এক অত্যাধুনিক বজাৰ ব্যৱস্থা , য’ৰ পৰা গ্রাহকে অনলাইনযােগে সামগ্রী ক্রয় কৰিব পাৰে ।
প্রশ্ন ৭৬। মুদ্ৰা বুলিলে কি বুজা ? বিক্রেতাই লাভ কেনেকৈ অৰ্জন কৰে ?
উত্তৰঃ বিনিময়ৰ মাধ্যম হিচাপে যিটো বস্তু সকলােৱে গ্ৰহণ কৰে আৰু যি একে সময়তে মূল্যৰ জোখ আৰু সঞ্চয়ৰ ভঁৰাল হিচাপে কাম কৰে তাকেই মুদ্রা বুলি কোৱা হয় ।
নিজে ক্রয় কৰা দামতকৈ অধিক দামত বস্তু বিক্ৰী কৰি বিক্রেতাই লাভ অর্জন কৰে ।
প্রশ্ন ৭৭। পৰিকল্পনা কাক বােলে ? পঞ্চবার্ষিক পৰিকল্পনাৰ পৰিসৰ কিমান ?
উত্তৰঃ কোনাে প্রকল্প প্রস্তুত কৰাৰ উপলক্ষে যিবােৰ কামৰ কথা আগতীয়াকৈ চিন্তা কৰা হয় , তাকে পৰিকল্পনা বােলে । পঞ্চবার্ষিক পৰিকল্পনাৰ পৰিসৰ ৫ বছৰ ।
প্রশ্ন ৭৮। বাজেট কাক বােলে ? ঘৰুৱা বাজেট আৰু চৰকাৰী বাজেটৰ মাজত পার্থক্য কি ?
উত্তৰঃ পৰিকল্পনা অনুসৰি কোনাে প্রকল্পৰ কাম কৰিবলৈ লওঁতে হিচাপ নিকাচৰ যি এক আগতীয়া খতিয়ান প্রস্তুত কৰা হয় , তাকে বাজেট বুলি কোৱা হয় ।
ঘৰুৱা বাজেট আৰু চৰকাৰী বাজেটৰ মাজত পার্থক্য হৈছে— ঘৰুৱা বাজেট মাহিলী হিচাপত কৰা হয় , কিন্তু চৰকাৰী বাজেট বছৰেকীয়া হিচাপত কৰা হয় । আকৌ মাহিলি আয় বা উপর্জনৰ ওপৰত ভিত্তি কৰি আয়-ব্যয়ৰ মাজত সমতা ৰাখি সাধাৰণতে ঘৰুৱা বাজেট প্রস্তুত কৰা হয় । কিন্তু জনসাধাৰণৰ মংগলৰ হকে প্রয়ােজন সাপেক্ষে চৰকাৰে ঘাটি বাজেটো প্রস্তুত কৰে ।
প্রশ্ন ৭৯। মানৱ সম্পদ কি ? ইয়াক কিদৰে গঢ়ি তুলিব পাৰি ?
উত্তৰঃ বুদ্ধি , কর্মদক্ষতা , ক্ষমতা আৰু কৌশল বৃত্তিৰ দ্বাৰা যিসকল মানুহে সমাজৰ উন্নতি তথা বিকাশৰ বাবে যিকোনাে উৎপাদনমুখী কাম কৰে , তেওঁলােকক মানৱ সম্পদ বুলি কোৱা হয় ।
জনসাধাৰণক উপযুক্ত শিক্ষা আৰু প্রশিক্ষণ দি আৰু তেওঁলােকৰ সু-স্বাস্থ্যৰ বাবে স্বাস্থ্য খণ্ডত প্রয়ােজনীয় অর্থ বিনিয়ােগ কৰি মানৱ সম্পদ গঢ়ি তুলিব পাৰি ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.