Niketan Class 7 Social Chapter 20 প্রান্তীয় গােট আৰু গণতান্ত্রিক অধিকাৰ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 20 প্রান্তীয় গােট আৰু গণতান্ত্রিক অধিকাৰ and select need one.
Niketan Class 7 Social Chapter 20 প্রান্তীয় গােট আৰু গণতান্ত্রিক অধিকাৰ
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 20 প্রান্তীয় গােট আৰু গণতান্ত্রিক অধিকাৰ Solutions for All Subjects, You can practice these here…
প্রান্তীয় গােট আৰু গণতান্ত্রিক অধিকাৰ
Chapter – 20
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। চমু উত্তৰ লিখা –
( ক ) প্রান্তীয় গােট কাক বােলে ? প্রান্তীয় গােট হিচাপে কোনবােৰ মানুহক অভিহিত কৰিব পৰা যায় ?
উত্তৰঃ উদ্যোগীকৰণ , অর্থনৈতিক বিকাশ , নগৰীকৰণ , আধুনিকীকৰণৰ স্বাৰ্থত লগতে প্ৰাকৃতিক দুর্যোগৰ ফলত সমাজৰ যি সকল লােকে নিজৰ স্থায়ী ভেটি এৰি আন ঠাইলৈ যাবলৈ বাধ্য হয় , সেইসকল লােককে প্রান্তীয় গােট বােলে।
আর্থিক , সামাজিক , সাংস্কৃতিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভােগা লােকসকলক প্রান্তীয় গােট হিচাপে অভিহিত কৰিব পৰা যায় ।
( খ ) বানপানী আৰু গৰাখহনীয়াই কি কি অসুবিধাৰ সৃষ্টি কৰে ?
উত্তৰঃ অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা এক জটিল সমস্যা । এই ভয়াবহ সমস্যাই অসমৰ জনজীৱনত বাৰুকৈয়ে আঘাত হানিছে । প্রবল বানে মানুহৰ খেতি পথাৰ , ভেটি পর্যন্ত উছন কৰে। ইয়াৰ উপৰি পথাৰৰ উৰ্বৰতাও হ্রাস কৰে । গছ গছনি , জীৱ – জন্তু মৰি খাস্তাং হয়। এনে অৱস্থাত মানুহে কৃষি উৎপাদন বা মাছ উৎপাদন একোৱে কৰিব নােৱাৰা হয় । তদুপৰি বানপানীৰ পাছতে মানুহে হওঁক বা জীৱজন্তুৱে হওক বিভিন্ন ৰােগত আক্রান্ত হয় । আনহাতে , গৰাখহনীয়াৰ ফলতাে মানুহৰ সীমাহীন বিপর্যয় ঘটে । নিজৰ ঘৰৰ ভেটিও নদীৰ বুকুত জাহ যায় । গৰাখহনীয়াই গাঁও – পথাৰ নদীত বিলীন হৈ পৰাৰ ফলত মানুহে সর্বস্বান্ত হৈ এক বিপন্ন জীৱন কটাব লগাত পৰে ।
( গ ) বৃহৎ নদীবান্ধৰ পৰা হােৱা উপকাৰ আৰু অপকাৰসমূহৰ বিষয়ে লিখা ।
উত্তৰঃ বৃহৎ নদীবান্ধৰ উপকাৰ আৰু অপকাৰ দুয়ােটাই আছে । উপকাৰ হৈছে – বৃহৎ নদীবান্ধ আঁচনিসমূহে আমাক বিদ্যুৎ উৎপাদন , বান নিয়ন্ত্রণ , জলসিঞ্চন আদিৰ দৰে জনকল্যাণমূলক সুবিধাবােৰ প্ৰদান কৰে আৰু সেই অঞ্চলৰ আর্থ – সামাজিক দিশত উন্নতি হােৱাৰ লগতে থলুৱা লােকসকলে সংস্থাপনৰাে সুবিধা লাভ কৰে ।
নদীবান্ধৰ এই উপকাৰসমূহৰ বিপৰীতে কিছুমান অপকাৰৰ আছে । নদীবান্ধৰ বাবে বান্ধৰ ওপৰৰ অংশত পানী জমা কৰি ৰাখিবলৈ এক বৃহৎ এলেকাৰ প্রয়ােজন হয় । ফলত এই এলেকাত পূর্বৰে পৰা বসবাস কৰা লােকসকলে বান্ধ নির্মাণ কার্য আৰম্ভ হােৱাৰ লগে লগে নিজ ঠাইত থাকিব নােৱাৰা হৈ সেই ঠাই এৰি যাব লগাত পৰে । আনহাতে , বান্ধৰ নামনি অংশত বাস কৰা লােকসকলেও নানান অসুবিধাৰ সন্মুখীন হয় । নদীৰ পানীভাগ ওপৰৰ অংশত আবদ্ধ কৰি ৰখাৰ বাবে নিম্ন অংশৰ কৃষিজীৱী লােকসকলৰ কৃষি কার্য কৰিবলৈ প্রয়ােজনীয় পানীৰ অভাৱ ঘটে । ইফালে নৈৰ পানী তৰাং হােৱাৰ ফলত নদীত থকা মাছ – পুথি , বিভিন্ন জলচৰ প্রাণীৰ বিলুপ্তি ঘটে । জলপথেৰে অহা – যােৱা কৰা লােকসকলৰ যাতায়াতৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয় । মুঠতে নদীবান্ধ এলেকাৰ পাৰিপাৰ্শ্বিকৈ ভাৰসাম্য বহুগুণে হ্রাস পায় ।
( ঘ ) অসমৰ চাহ খেতিৰ কাৰণে ব্রিটিছসকলে ক’ৰপৰা শ্রমিক আনিছিল ?
উত্তৰঃ অসমৰ চাহ খেতিৰ কাৰণে থলুৱা শ্ৰমিকৰ নাটনিৰ ফলত ব্রিটিছসকলে দেশৰ আন অঞ্চলৰ পৰা , বিশেষকৈ মধ্য ভাৰতৰ পৰা হাজাৰ হাজাৰ শ্ৰমিক অসমলৈ আনিছিল ।
( ঙ ) কোনখন আইনমতে প্রাথমিক শিক্ষা বাধ্যতামূলক কৰা হয় ?
উত্তৰঃ ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইন ’ মতে প্রাথমিক শিক্ষা বাধ্যতামূলক কৰা হয় ।
( চ ) পার্বত্য জনজাতিসকলৰ কাৰণে থকা দুখন স্বায়ত্তশাসিত জিলা পৰিষদৰ নাম লিখা ।
উত্তৰঃ পার্বত্য জনজাতিসকলৰ কাৰণে থকা দুখন স্বায়ত্ত শাসিত জিলা পৰিষদ হৈছে— কার্বিসকলৰ বাবে কাৰ্বি আংলং জিলা পৰিষদ ’, আৰু ডিমাচাসকলৰ বাবে ‘ উত্তৰ কাছাৰ জিলা পৰিষদ ‘ ।
প্রশ্ন ২। উত্তৰ লিখা –
( ক ) কি কি কাৰণত প্রান্তীয় গােটৰ সৃষ্টি হ’ব পাৰে ? তেওঁলােকৰ প্রধান সমস্যাসমূহৰ বিষয়ে লিখা ।
উত্তৰঃ উদ্যোগীকৰণ , অর্থনৈতিক বিকাশ , নগৰীকৰণৰ আধুনিকীকৰণৰ স্বার্থত ; বান , গৰাখহনীয়া , ভূমিকম্প আদি প্রাকৃতিক দুর্যোগৰ ফলত অথবা চাহ উদ্যোগ , বৃহৎ নদীবান্ধ আদিৰ বাবেও প্রান্তীয় গােটৰ সৃষ্টি হ’ব পাৰে ।
প্রান্তীয় গােটৰ প্রধান সমস্যাবােৰ হৈছে — নতুন ঠাইৰ আচহুৱা পৰিৱেশ, নিজকে দীন – হীন আৰু অৱহেলিত বুলি অনুভৱ , আর্থিক , সামাজিক , সাংস্কৃতিক , শৈক্ষিক আদি অনগ্ৰসৰতাত ভুগিব লগা হােৱা।
( খ ) অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ছাত্ৰ – ছাত্ৰীসকলক সংবিধানে কি বিশেষ সুবিধা প্রদান কৰিছে লিখা ।
উত্তৰঃ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ছাত্ৰ – ছাত্ৰীসকলক সংবিধানে বহুতাে বিশেষ সুবিধা প্রদান কৰিছে । সেইবােৰ হ’ল – তেওঁলােকৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান , কাৰিকৰী প্রতিষ্ঠানসমূহত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে , তেওঁলােকৰ ছাত্ৰ – ছাত্ৰীসকলৰ উচ্চ শিক্ষা লাভৰ বাবে আর্থিক অনুদান দিয়াৰ লগতে চৰকাৰী চাকৰিত সংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
( গ ) ভৈয়াম আৰু পার্বত্য অঞ্চলৰ জনজাতি লােকসকলৰ বাবে কেনেধৰণৰ স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে ?
উত্তৰঃ অসমৰ ভৈয়াম জনজাতি লােকসকলৰ কাৰণে ‘ স্বায়ত্তশাসিত পৰিষদ ’ আৰু পাহাৰ অঞ্চলৰ জনজাতি লােকসকলৰ কাৰণে ‘ স্বায়ত্তশাসিত জিলা পৰিষদ ’গঠন কৰা হৈছে ।
প্রশ্ন ৩। খালী ঠাই পূৰ কৰা—
( ক ) আর্থিক , সামাজিক , সাংস্কৃতিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভােগা লােকসকলক ______গােট হিচাপে অভিহিত কৰিব পৰা যায় ।
উত্তৰঃ আর্থিক , সামাজিক , সাংস্কৃতিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভােগা লােকসকলক প্রান্তীয গােট হিচাপে অভিহিত কৰিব পৰা যায় ।
( খ ) গণতন্ত্রত দেশৰ সকলাে নাগৰিকৰ গণতান্ত্রিক অধিকাৰ ____।
উত্তৰঃ গণতন্ত্রত দেশৰ সকলাে নাগৰিকৰে গণতান্ত্রিক অধিকাৰ সমান ।
( গ ) ____ চাহ খেতিৰ বাবে উপযােগী ।
উত্তৰঃ অসমৰ মাটি চাহ খেতিৰ বাবে উপযােগী ।
( ঘ ) সংখ্যালঘু লােকসকলৰ _____ ক গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে ।
উত্তৰঃ সংখ্যালঘু লােকসকলৰ ভাষা – সংস্কৃতিক গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে ।
( ঙ ) গৰাখহনীয়া এটা _____ দুর্যোগ ।
উত্তৰঃ গৰাখহনীয়া এটা প্রাকৃতিক দুর্যোগ ।
প্রশ্ন ৪। কাষৰ বাকচত ( শুদ্ধ ) বা ( অশুদ্ধ ) চিন দিয়া ।
( ক ) অন্য প্রান্তৰ পৰা ছাত্র – ছাত্রীৰ লগত বন্ধুত্ব নকৰোঁ ।
উত্তৰঃ অশুদ্ধ ।
( খ ) বেলেগ বেলেগ ৰীতি – নীতিৰে চলা মানুহক অৱহেলা নকৰোঁ ।
উত্তৰঃ শুদ্ধ ।
( গ ) দেশৰ সকলােৰে মংগলৰ বাবে চৰকাৰক সহযােগিতা কৰিম ।
উত্তৰঃ শুদ্ধ ।
( ঘ ) প্রাকৃতিক দুর্যোগ হ’লে আমি পৰস্পৰে পৰম্পৰক সহায় নকৰোঁ ।
উত্তৰঃ অশুদ্ধ ।
( ঙ ) আমি আন ব্যক্তিক শ্রদ্ধা , মৰম , সম্মান জনালেহে আমিও মৰম , স্নেহ পাম ।
উত্তৰঃ শুদ্ধ ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.