Niketan Class 7 Social Chapter 19 গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 19 গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম and select need one.
Niketan Class 7 Social Chapter 19 গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 19 গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম Solutions for All Subjects, You can practice these here…
গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম
Chapter – 19
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। চমু উত্তৰ দিয়া—
( ক ) প্রচাৰ বুলিলে কি বুজা ?
উত্তৰঃ প্রচাৰ বুলি ক’লে সাধাৰণতে কোনাে খবৰ বাতৰি ঘটনা – পৰিঘটনা , আদেশ – উপদেশ আদি এজনৰ পৰা আনজনলৈ বা এঠাইৰ পৰা আন ঠাইলৈ বিস্তাৰিত হােৱা প্রক্রিয়াক বুজায় ।
( খ ) প্রচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি ?
উত্তৰঃ প্রচাৰ মাধ্যমক প্রধানত দুটা ভাগত ভাগ কৰা হয় — ছপা বা মুদ্রিত আৰু ইলেক্ট্রনিক বা বৈদ্যুতিন । বাতৰি কাকত , আলােচনী , কিতাপ আদি ছপা বা মুদ্রিত প্রচাৰ মাধ্যম আৰু অনাতাঁৰ , দূৰদৰ্শন , ইণ্টাৰনেট আদি ইলেক্টনিক বা বৈদ্যুতিন প্ৰচাৰ মাধ্যম ।
( গ ) গণমাধ্যম মানে কি ? উদাহৰণ দিয়া ।
উত্তৰঃ যিবােৰ প্ৰচাৰ মাধ্যমৰ পৰিসৰ বেছি আৰু অতি কম সময়ৰ ভিতৰত বহু লােকক খবৰ বাতৰি যােগান ধৰিব পাৰে তাকে গণমাধ্যম বুলি কোৱা হয় । অনাতাঁৰ , দূৰদৰ্শন , ইন্টাৰনেট আদি গণমাধ্যমৰ উদাহৰণ ।
( ঘ ) প্রাচীন কালত ব্যৱহাৰ কৰা দুই প্রকাৰৰ প্ৰচাৰ মাধ্যমৰ নাম লিখা।
উত্তৰঃ প্রাচীন কালৰ দুই প্রকাৰ প্ৰচাৰ মাধ্যম হৈছে— চৰাই আৰু ঢােল। পুৰণি কালত প্রয়ােজনীয় কথাখিনি লিখি লৈ চৰাইৰ ঠেঙত বান্ধি উৰুৱাই দি বাতৰি পঠিওৱা হৈছিল । আকৌ কেতিয়াবা কোন কোনাে ঠাইত ঢােল পিটি প্রজা গােট খুৱাই জাননী দিয়া হৈছিল ।
( ঙ ) কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল ?
উত্তৰঃ ইংৰাজ বিজ্ঞানী ছাৰ্লছ বেবেজে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল ।
প্রশ্ন ২। উত্তৰ দিয়া –
( ক ) দুটা প্রধান প্রচাৰ মাধ্যমৰ নাম লিখা । প্রচাৰ মাধ্যমসমূহে জনসাধাৰণক কেনেধৰণে সহায় কৰে ?
উত্তৰঃ দুটা প্রধান প্রচাৰ মাধ্যম হৈছে বাতৰি কাকত আৰু টেলিভিছন ।
প্রচাৰ মাধ্যমসমূহত বিভিন্ন খবৰ বাতৰি , ঘটনা – পৰিঘটনা , আদেশ উপদেশ , মতামত , বক্তব্য আদি প্ৰচাৰ কৰে । ইয়াৰ ফলত জনসাধাৰণে সেইবােৰ বিষয়ত জ্ঞান লাভ কৰে আৰু তেওঁলোক নতুন কৌতূহল , সজাগতা বা সচেতনতা বৃদ্ধি হয় । ইয়ে জনসাধাৰণক ব্যক্তিগত বা সাংগঠনিক মতামত , গঠনমূলক দিহা পৰামৰ্শ আদি আগবঢ়াবলৈ সুযােগ দিয়ে । প্রচাৰ মাধ্যম অবিহনে জনসাধাৰণে নিজৰ ভাব – অভিমত , মতামত আদি প্ৰকাশ কৰিবলৈ সক্ষম নহ’লহেঁতেন। প্রচাৰ ব্যৱস্থাক সমাজ আৰু সভ্যতাৰ মাপকাঠী বুলি আখ্যা দিব পাৰি ।
( খ ) গণতন্ত্রত প্ৰচাৰ মাধ্যমসমূহে কেনেধৰণৰ ভূমিকা পালন কৰে ?
উত্তৰঃ প্রচাৰ মাধ্যমক গণতন্ত্রৰ চতুর্থ স্তম্ভ বুলি কোৱা হয় । গণতন্ত্ৰত প্ৰচাৰ মাধ্যমে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । গণতান্ত্রিক ৰাষ্ট্র এখন বিকাশ আৰু সমৃদ্ধিত প্রচাৰ মাধ্যমে প্রভূত অৰিহণা যােগাব পাৰে।প্ৰচাৰ মাধ্যমে গণতান্ত্রিক চিন্তা – চর্চা কৰিবলৈ জনসাধাৰণক উদগনি যােগায় । জনসাধাৰণ আৰু চৰকাৰৰ মাজত প্রধান যােগাযােগ মাধ্যম হৈছে প্ৰচাৰ মাধ্যমসমূহ ।
সততা আৰু নিষ্ঠা অবিহনে গণতন্ত্র বর্তি নাথাকে । ইয়াৰ ভেটি সুদৃঢ় কৰাত প্ৰচাৰ মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । ভােটাধিকাৰ , নির্বাচনত জনসাধাৰণৰ অংশগ্রহণ , উপযুক্ত তথা দায়িত্বশীল প্রতিনিধি নির্বাচন আদিৰ দৰে সময় সাপেক্ষে বিভিন্ন কার্যসূচীসমূহ সুচাৰুৰূপে পালনৰ বাবে উপযুক্ত প্রচাৰ মাধ্যমৰ সহায়ত জনসাধাৰণক সচেতন কৰিব পৰা যায় । এখন সুস্থ – সবল সমাজ তথা ৰাষ্ট্র গঠন কৰি প্রকৃত গণতন্ত্র প্রতিষ্ঠা কৰাত প্ৰচাৰ মাধ্যমসমূহৰ ভূমিকা সুদূৰ প্ৰসাৰী ।
( গ ) জনমত বুলিলে কি বুজা ?
উত্তৰঃ জনমত হৈছে সমকালীন সামাজিক , অর্থনৈতিক , ৰাজনৈতিক , সাংস্কৃতিক আদি বিভিন্ন বিষয়ৰ ওপৰত দিয়া ৰাইজৰ মতামত । ই সুচিন্তিত , জনহিতকৰ আৰু সুদৃঢ় । জনমত সদায় সমষ্টিগত মতামত । সংবাদপত্র , ৰাজহুৱা সভা – সমিতি , নাটক , কথাছৱি , ৰেডিঅ ’ , টেলিভিছন আদি প্ৰচাৰ মাধ্যমসমূহ হৈছে জনমত গঠনৰ ঘাই অভিকৰণ।
প্রশ্ন ৩। খালি ঠাই পূৰ কৰা –
( ক ) প্রচাৰ মাধ্যমক কোৱা হয় গণতন্ত্রৰ _____ স্তম্ভ ।
উত্তৰঃ প্রচাৰ মাধ্যমক কোৱা হয় গণতন্ত্রৰ চতুর্থ স্তম্ভ ।
( খ ) মানুহৰ মাজৰ ______ প্রতিভা বিকাশত প্রচাৰ মাধ্যমসমূহে যথেষ্ট সহায় কৰে ।
উত্তৰঃ মানুহৰ মাজৰ সুপ্ত প্রতিভা বিকাশত প্ৰচাৰ মাধ্যমসমূহে যথেষ্ট সহায় কৰে ।
( গ ) _____ ছপাশাল আৱিষ্কাৰ কৰিছিল ।
উত্তৰঃ গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰিছিল ।
( ঘ ) কম্পিউটাৰক অসমীয়াত ____ যন্ত্ৰ বুলি কোৱা হয় ।
উত্তৰঃ কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলি কোৱা হয় ।
( ঙ ) চৰকাৰ আৰু _____ মাজৰ যোগসূত্র স্থাপনৰ প্রধান মাধ্যম হৈছে প্রচাৰ মাধ্যমসমূহ ।
উত্তৰঃ চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ যােগসূত্র স্থাপনৰ প্রধান মাধ্যম হৈছে প্ৰচাৰ মাধ্যমসমূহ ।
প্রশ্ন ৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
( ক ) কনকলতা অসহযােগ আন্দোলন / ভাৰত ত্যাগ আন্দোলনত শহীদ হৈছিল ।
উত্তৰঃ ভাৰত ত্যাগ আন্দোলনত শহীদ হৈছিল ।
( খ ) অতীতত ৰজাই প্রজাক বাতৰি দিয়াৰ বাবে ঢােল / মাইকৰ ব্যৱহাৰ কৰিছিল ।
উত্তৰঃ অতীতত ৰজাই প্রজাক বাতৰি দিয়াৰ বাবে ঢােল ব্যৱহাৰ কৰিছিল ।
( গ ) মুদ্রিত মাধ্যম হ’ল দূৰদৰ্শন / বাতৰি কাকত ।
উত্তৰঃ মুদ্রিত মাধ্যম হ’ল বাতৰি কাকত ।
( ঘ ) ইলেক্ট্রনিক মাধ্যম হ’ল কিতাপ / কম্পিউটাৰ।
উত্তৰঃ ইলেক্ট্রনিক মাধ্যম হ’ল কম্পিউটাৰ ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.