Niketan Class 7 Social Chapter 18 নির্বাচন আৰু নির্বাচন প্রক্রিয়া is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 18 নির্বাচন আৰু নির্বাচন প্রক্রিয়া and select need one.
Niketan Class 7 Social Chapter 18 নির্বাচন আৰু নির্বাচন প্রক্রিয়া
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 18 নির্বাচন আৰু নির্বাচন প্রক্রিয়া Solutions for All Subjects, You can practice these here…
নির্বাচন আৰু নির্বাচন প্রক্রিয়া
Chapter – 18
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। দুটা বাক্যত উত্তৰ দিয়া –
( ক ) নির্বাচন কি ?
উত্তৰঃ নির্বাচন হ’ল এটা গণতান্ত্রিক বাছনি প্রক্রিয়া । এই প্রক্রিয়াৰ মাজেৰে ভােটদাতাসকলে তেওঁলােকৰ প্রতিনিধি নির্বাচন কৰে ।
( খ ) নির্বাচন কোনে পৰিচালনা কৰে ?
উত্তৰঃ নির্বাচন ‘ নির্বাচন আয়ােগ ’এ পৰিচালনা কৰে । নির্বাচন আয়ােগ এটা স্বতন্ত্রৰীয়া বিভাগ ।
( গ ) ভাৰতবৰ্ষত কি পদ্ধতিৰে নির্বাচন পতা হয় ?
উত্তৰঃ ভাৰতবৰ্ষত দুটা পদ্ধতিৰে নির্বাচন পতা হয়— প্রত্যক্ষ আৰু পৰােক্ষ । লােকসভাৰ সদস্য , বিধান সভাৰ সদস্য আৰু স্থানীয় স্বায়ত্ত শাসন অনুষ্ঠানৰ সদস্যসকলক প্রত্যক্ষভাবে , আনহাতে ৰাষ্ট্রপতি , উপৰাষ্ট্রপতি , আৰু ৰাজ্যৰ বিধান পৰিষদৰ সদস্যসকলক পৰােক্ষভাৱে ভােটদাতাসকলে নির্বাচন কৰে ।
( ঘ ) লােকসভাৰ সদস্যসকলক কোনে কেনেকৈ নির্বাচন কৰে ?
উত্তৰঃ লােকসভাৰ সদস্যসকলক ভােটদাতাসকলে প্রত্যক্ষভাৱে বা পােনপটীয়াকৈ নির্বাচন কৰে । এই নির্বাচনত সদস্যসকলক ৫ বছৰৰ বাবে নির্বাচিত কৰা হয় ।
( ঙ ) প্রতীক চিহ্নৰে সৈতে ভাৰতৰ দুটা জাতীয় ৰাজনৈতিক দলৰ নাম লিখা ।
উত্তৰঃ ভাৰতৰ দুটা জাতীয় ৰাজনৈতিক দল হৈছে — ভাৰতীয় জনতা দল আৰু ভাৰতীয় জাতীয় কংগ্রেছ । ভাৰতীয় জনতা দলৰ প্রতীক চিহ্ন‘ পদুম ফুল ’ আৰু ভাৰতীয় জাতীয় কংগ্রেছৰ প্রতীক চিহ্ন হৈছে ‘ হাত ‘ ।
প্রশ্ন ২। ৩ টা বা ৪ টা বাক্যত উত্তৰ দিয়া –
( ক ) নির্বাচন আয়ােগৰ বিষয়ে এটি টোকা লিখা ।
উত্তৰঃ ‘ নির্বাচন আয়ােগ ’ হৈছে আমাৰ দেশৰ নির্বাচন পৰিচালনা কৰা এটা বিশেষ বিভাগ । ইয়াৰ মুৰব্ৰীজনক ‘ মুখ্য নির্বাচন আয়ুক্ত ’ বােলা হয় । তেওঁক ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে ।
( খ ) প্রত্যক্ষ আৰু পৰােক্ষ নির্বাচনৰ পার্থক্য কি ?
উত্তৰঃ প্রত্যক্ষ নির্বাচনত ভােটদাতাসকলে প্রত্যক্ষভাবে বা পােনপটীয়াকৈ ভােটদান কৰি প্রতিনিধি নির্বাচন কৰে ৷ পৰােক্ষ নির্বাচনত ভােটদাতাসকলে প্রত্যক্ষভাবে বা পেপানপটীয়াকৈ অংশগ্রহণ কৰিব বা ভােট দিব নােৱাৰে । পৰােক্ষ নির্বাচনত ভােটদাতাসকলে ইতিমধ্যে প্রত্যক্ষ নির্বাচনৰ দ্বাৰা নির্বাচিত কৰি পঠিওৱা প্রতিনিধিসকলেহে অংশগ্রহণ কৰে । লােকসভা , বিধান সভা আৰু স্থানীয় স্বায়ত্ত শাসন অনুষ্ঠান নির্বাচন প্রত্যক্ষ ; আনহাতে , ৰাজ্যসভা , ৰাজ্য বিধান পৰিষদ , ৰাষ্ট্রপতি , উপ – ৰাষ্ট্রপতি নির্বাচন পৰােক্ষ ।
( গ ) ৰাজনৈতিক দল বুলিলে কি বুজা ?
উত্তৰঃ ৰাজনৈতিক দল হ’ল একে ৰাজনৈতিক ভাবাদৰ্শৰ কিছুমান সচেতন ব্যক্তিৰ গােট বা সংগঠন । একে ৰাজনৈতিক ভাবাদর্শৰ ব্যক্তিৰ এনেকুৱা গােট বা সংগঠন এটাই ৰাজনৈতিক দল হিচাপে প্রতিষ্ঠিত হ’বলৈ এটা নাম লৈ নির্বাচন আয়ােগৰ অধীনত পঞ্জীয়নভুক্ত হ’ব লাগে । প্ৰতিটো ৰাজনৈতিক দলৰে এটা নামৰ উপৰি এটা প্রতীক চিহ্ন থাকে । প্রতীক চিহ্নটো নির্বাচন আয়ােগৰ দ্বাৰা অনুমােদিত হ’ব লাগিব ।
( ঘ ) বিৰােধী দলৰ ভূমিকা কি ?
উত্তৰঃ গণতন্ত্রৰ কৃতকার্যতাৰ বাবে বিৰােধী দলে বিশেষ ভূমিকা গ্রহণ কৰিব লাগে । বিৰােধী দলৰ কাম হ’ল চৰকাৰৰ ভুল – ভ্রান্তিবােৰ আঙুলিয়াই দিয়া , গঠনমূলক পৰামৰ্শ আগবঢ়াই চৰকাৰৰ আঁচনি কার্যকৰীকৰণত সহযােগিতা কৰা , চৰকাৰ দ্বাৰা ক্ষমতাৰ অপপ্রয়ােগ , কর্তব্যৰ গাফিলতি , দুর্নীতি আদিৰ সমালােচনা কৰা । বিৰােধী পক্ষ সচেতন আৰু শক্তিশালী হলে শাসক দলেও সংযমী হৈ নিষ্ঠাৰে কাম কৰিবলৈ বাধ্য হয়। এক কথাত ক’বলৈ গ’লে বিৰােধীদল চৰকাৰ এখনৰ নিয়ন্ত্রক ।
( ঙ ) ৰাষ্ট্ৰপতিক কোনে কেনেকৈ নির্বাচন কৰে ?
উত্তৰঃ ৰাষ্ট্রপতি নির্বাচন পৰোক্ষ । ইয়াত ভােটদাতাসকলে ইতিমধ্যে নির্বাচন কৰি পঠিওৱা প্রতিনিধি সকলেহে অংশগ্রহণ কৰে । ৰাষ্ট্রপতিৰ নির্বাচনত সংসদৰ দুয়ােটা সদন ( লােকসভা আৰু ৰাজ্যসভা ) ৰ নির্বাচিত সদস্যসকলৰ লগতে ৰাজ্যিক বিধানসভাৰ সদস্যসকলেও অংশ গ্রহণ কৰে । ৰাষ্ট্রপতিক পাঁচ বছৰীয়া কাৰ্যকাল এটিৰ বাবে নির্বাচন কৰা হয় ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.