Niketan Class 7 Social Chapter 17 গণতন্ত্র, নাগৰিক আৰু নাগৰিকত্ব is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 17 গণতন্ত্র, নাগৰিক আৰু নাগৰিকত্ব and select need one.
Niketan Class 7 Social Chapter 17 গণতন্ত্র, নাগৰিক আৰু নাগৰিকত্ব
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 17 গণতন্ত্র, নাগৰিক আৰু নাগৰিকত্ব Solutions for All Subjects, You can practice these here…
গণতন্ত্র, নাগৰিক আৰু নাগৰিকত্ব
Chapter – 17
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। দুটা বাক্যত উত্তৰ লিখা—
( ক ) গণতন্ত্র কেই প্ৰকাৰৰ ? প্ৰতিটো প্ৰকাৰৰ একোটিকৈ উদাহৰণ দিয়া ।
উত্তৰঃ গণতন্ত্র দুই প্রকাৰৰ — প্রত্যক্ষ আৰু পৰােক্ষ । প্রত্যক্ষ গণতন্ত্রৰ উদাহৰণ — ছুইজাৰলেণ্ড আৰু পৰােক্ষ গণতন্ত্রৰ উদাহৰণ— ভাৰতবর্ষ।
( খ ) আগৰ কালত প্রত্যক্ষ গণতন্ত্র ক’ত আছিল আৰু সেয়া কিয় সম্ভৱ হৈছিল ?
উত্তৰঃ এথেন্সকে ধৰি গ্ৰীচৰ সৰু সৰু নগৰ ৰাষ্ট্ৰবােৰত প্রত্যক্ষ গণতন্ত্র আছিল । নগৰ ৰাষ্ট্ৰবােৰৰ আয়তন আৰু জনসংখ্যা নিচেই কম আছিল বাবে সেয়া সম্ভৱ হৈছিল ।
( গ ) জনমত মানে কি বুজা আৰু জনমত গঠনত কিহে সহায় কৰে ?
উত্তৰঃ জনমত হৈছে জনকল্যাণৰ হকে নাগৰিকৰ সমূহীয়া মত । জনমত গঠনত সহায় কৰে ৰাজনৈতিক দল , প্রচাৰ মাধ্যম , শিক্ষানুষ্ঠান , চলচ্চিত্র , সাংস্কৃতিক অনুষ্ঠান আদিয়ে ।
( ঘ ) গণতন্ত্রত ৰাজনৈতিক দল কিয় লাগে ? দুটা ভাৰতীয় ৰাজনৈতিক দলৰ নাম লিখা ।
উত্তৰঃ নাগৰিকসকলক সংগঠিত কৰা , সচেতন কৰা , ৰাজনৈতিক শিক্ষা দান কৰা আৰু জনমত গঠনত সহায় কৰাৰ বাবে গণতন্ত্রত ৰাজনৈতিক দল লাগে । দুটা ভাৰতীয় ৰাজনৈতিক দল হৈছে — ভাৰতীয় জনতা দল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দল ।
( ঙ ) পৰােক্ষ গণতন্ত্রত নাগৰিকে কেনেকৈ অংশ গ্রহণ কৰে ?
উত্তৰঃ পৰােক্ষ গণতন্ত্রত নাগৰিকে নির্বাচনৰ মাধ্যমেৰে অংশ গ্রহণ কৰে।নির্বাচনত ভােট প্রদান কৰি নাগৰিকে প্রতিনিধি নির্বাচন কৰে আৰু সেই নির্বাচিত প্রতিনিধিয়ে নাগৰিকৰ হৈ শাসন কৰে ।
প্রশ্ন ২। ৩ টা বা ৪ টা বাক্যত উত্তৰ দিয়া –
( ক ) নাগৰিক আৰু ভােটদাতাৰ মাজত পার্থক্য কি ?
উত্তৰঃ নাগৰিক আৰু ভােটদাতাৰ মাজত পার্থক্য হৈছে –
( ১ ) সকলাে নাগৰিকেই ভােটদাতা নহয় , কিন্তু ভােটদাতা হ’বলৈ নাগৰিক হ’বই লাগিব ।
২। এজন লােকে জন্ম হােৱাৰ লগে লগে জন্মসূত্রে , দেশীয়কৰণৰদ্বাৰা বা ৰাজ্যক্ষেত্র চামিলকৰণৰ সূত্রে এখন দেশৰ নাগৰিক হ’ব পাৰে , কিন্তু জন্মাৰ লগে লগে ভােটদানৰ অধিকাৰ নাপায় । ভােটদাতা হ’বলৈ এটা নির্দিষ্ট বয়স হােৱা দৰকাৰ । ভাৰতবৰ্ষত এই বয়স ১৮ বছৰ আৰু ইয়াক প্রাপ্তবয়স্ক ভােটাধিকাৰ বােলা হয় ।
( খ ) নাগৰিকসকল কেনেকুৱা হ’ব লাগে ?
উত্তৰঃ নাগৰিকসকলৰ নিজৰ অধিকাৰ আৰু কৰ্তব্য , চৰকাৰৰ দায়িত্ব আৰু ক্ষমতাৰ সীমা , জনস্বার্থ , জনকল্যাণ আদিৰ বিষয়ে জ্ঞান থকাটো দৰকাৰ । নাগৰিকসকল শিক্ষিত হােৱাটো অতি দৰকাৰ । তদুপৰিনাগৰিকসকল সজ , সাহসী আৰু সহনশীল হ’ব লাগে ।
( গ ) কোন দেশত এতিয়াও প্রত্যক্ষ গণতন্ত্র আছে ?
উত্তৰঃ ছুইজাৰলেণ্ডত এতিয়াও প্রত্যক্ষ গণতন্ত্র আছে । ছুইজাৰলেণ্ডৰ কিছুমান কেন্টন ( প্রদেশ বা ৰাজ্য ) আছে যিবিলাকৰ আয়তন আৰু জনসংখ্যা নিচেই কম । আয়তন আৰু জনসংখ্যা নিচেই কম হােৱা বাবে তাত প্রত্যক্ষ গণতন্ত্র চলি থকাত বিশেষ অসুবিধা হােৱা নাই ।
( ঘ ) ভাৰতীয় নাগৰিকত্ব আইন কোন চনত প্রণয়ন কৰা হয় ?
উত্তৰঃ ভাৰতীয় নাগৰিকত্ব আইন ১৯৫৫ চনত প্রণয়ন কৰা হয় । ভাৰতীয় সংবিধানত নাগৰিকত্বৰ কথা উল্লেখ কৰিছে , কিন্তু ইয়াৰ সকলাে দিশ সামৰি আইন প্রণয়ন কৰাৰ দায়িত্ব সংসদত অৰ্পণ কৰিছে । সেইমতেই ভাৰতৰ সংসদে ১৯৫৫ চনত ভাৰতীয় নাগৰিকত্ব আইন প্রণয়ন কৰিছে ।
( ঙ ) ছিকিমৰ বাসিন্দাসকল ক’ৰ নাগৰিক ?
উত্তৰঃ ছিকিমৰ বাসিন্দাসকল ভাৰতৰ নাগৰিক । ছিকিম আগতে ভাৰতৰ চুবুৰীয়া এখন বেলেগ ৰাষ্ট্ৰ আছিল । ১৯৭৫ চনত ছিকিম ভাৰতবৰ্ষৰ লগত চামিল হৈ যােৱাৰ ফলত ছিকিমৰ নাগৰিকসকল তেতিয়াৰে পৰা ভাৰতৰ নাগৰিক হৈছে ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.