Niketan Class 7 Social Chapter 16 অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 16 অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা and select need one.
Niketan Class 7 Social Chapter 16 অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 16 অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা Solutions for All Subjects, You can practice these here…
অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
Chapter – 16
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
চমু উত্তৰ দিয়া –
প্রশ্ন ১। আন্তঃগাঁথনি বুলিলে কি বুজা ?
উত্তৰঃ আন্তঃগাঁথনি মানে কোনাে কার্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা – সুবিধাবিলাকক বুজায় — যিবিলাক অবিহনে অর্থনৈতিক উন্নয়ন সম্ভৱপৰ নহয় ।
প্রশ্ন ২। অর্থনৈতিক আন্তঃগাঁথনিৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ পৰিবহণ ব্যৱস্থা আৰু বহুমুখী নদী পৰিকল্পনা ।
প্রশ্ন ৩। সামাজিক আন্তঃগাঁথনিৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য সেৱা ব্যৱস্থা ।
প্রশ্ন ৪। ভাৰতৰ পৰিবহণ ব্যৱস্থাবােৰ কি কি ?
উত্তৰঃ ভাৰতৰ পৰিবহণ ব্যৱস্থাবােৰ হৈছে—
( ক ) পথ পৰিবহণ ।
( খ ) ৰে’ল পৰিবহণ ।
( গ ) বিমান পৰিবহণ ।
( ঘ ) জল পৰিবহণ । আৰু
( ঙ ) ইন্ধন পৰিবহণ ( পাইপলাইন ) ।
প্রশ্ন ৫। আটাইতকৈ সস্তীয়া পৰিবহণ ব্যৱস্থাটো কি ?
উত্তৰঃ পৰম্পৰাগত জল পৰিবহণ ব্যৱস্থা ।
প্রশ্ন ৬। প্রাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ বুলি কোনে স্বীকৃতি দিছে ?
উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানে ।
প্রশ্ন ৭। শিক্ষাৰ অধিকাৰ আইন কোন চনত গৃহীত হৈছিল ?
উত্তৰঃ ২০০৯ চনত গৃহীত হৈছিল ।
প্রশ্ন ৮। নিৰক্ষৰতাক কিয় সামাজিক ব্যাধি বুলি কোৱা হয় ?
উত্তৰঃ নিৰক্ষৰ লােকৰ মন কু – সংস্কাৰ পূৰ্ণ । এনে লোক অন্ধবিশ্বাসী আৰু প্রগতিশীল চিন্তা – চৰ্চাৰ বিৰােধী হয় । ইয়াৰ ফলত তেওঁলােক সমাজ এখনৰ সৰ্বাংগীণ উন্নতিৰ ক্ষেত্ৰত বাধাস্বৰূপ হৈ পৰে । সেয়েহে , নিৰক্ষৰতাক সামাজিক ব্যাধি বুলি কোৱা হয় ।
প্রশ্ন ৯। ভাৰতীয় মানুহৰ জীৱিকাৰ প্রধান উপায় কি ?
উত্তৰঃ কৃষিকার্য ।
প্রশ্ন ১০। কৃষি খণ্ডৰ বাবে ভাৰত চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে ?
উত্তৰঃ কৃষি খণ্ডৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰে ভূমি সংস্কাৰৰ বিভিন্ন ব্যৱস্থা , সমবায় কৃষি ব্যৱস্থা , মিশ্র কৃষি ব্যৱস্থা , বিস্তৃত আৰু পৌনঃপুণিক কৃষি ব্যৱস্থা গ্রহণ কৰা দেখা গৈছে । আকৌ অধিক উৎপাদনক্ষম বীজৰ প্ৰয়ােগ , ৰায়াসনিক সাৰৰ প্রয়ােগ , ব্যাপক হাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা , ট্রেক্টৰ , পাৱাৰ টিলাৰ ,হাৰভেষ্টৰ ব্যৱহাৰৰ জৰিয়তে কৃষিখণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনি পঞ্জাৱ , হাৰিয়ানা , ৰাজস্থান , মহাৰাষ্ট্ৰ আদি প্ৰদেশত সেউজ বিপ্লৱৰ সূচনা কৰিছে ।
অধিক খােৱা তেলৰ বীজ উৎপাদনৰ বাবে পীত বিপ্লৱ , মৎস্য শিল্প উন্নয়নৰ বাবে নীল বিপ্লৱ , দুগ্ধজাত সামগ্রী উৎপাদন বৃদ্ধিৰ বাবে শ্বেত বিপ্লৱ বা অপাৰেচন ফ্লাড আদি সূচনা কৰিছে । সেইদৰে উদ্ধৃত কৃষি সামগ্রী সঞ্চয় কৰি ৰখাৰ বাবে শীততাপ নিয়ন্ত্রিত বিজ্ঞানসন্মত ভৰাল স্থাপন , কৃষিজাত সামগ্ৰীৰ মান নিৰূপণ কৰি এগমার্ক ( Agmark ) প্রদান , নিয়ন্ত্রিত বজাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন আদি বিভিন্ন ব্যৱস্থা ভাৰত চৰকাৰে কৃষিখণ্ডৰ বাবে গ্ৰহণ কৰিছে ।
প্রশ্ন ১১। সেউজ বিপ্লৱ বুলিলে কি বুজা ?
উত্তৰঃ অধিক উৎপাদনৰ লক্ষ্যৰে ভাৰতৰ কৃষিখণ্ডত অধিক উৎপাদনক্ষম বীজৰ প্রয়ােগ , ৰাসায়নিক সাৰৰ প্ৰয়ােগ , ব্যাপক হাৰত জলসিঞ্চনৰ ব্যৱস্থা গ্রহণ , ট্রেক্টৰ , পাৱাৰ টিলাৰ , হাৰভেষ্টৰ আদি ব্যৱহাৰৰ জৰিয়তে যি এক বৈপ্লৱিক পৰিবৰ্তনৰ সূচনা কৰা হৈছে , তাকে সেউজ বিপ্লৱ বােলে ।
প্রশ্ন ১২। স্বাস্থ্য সেৱাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা আঁচনি দুখনৰ বিষয়ে লিখা ।
উত্তৰঃ স্বাস্থ্য সেৱাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা দুখন আঁচনি হৈছে-
( ক ) অপাৰেচন স্মাইল । আৰু
( খ ) জননী সুৰক্ষা যােজনা ।
( ক ) অপাৰেচন স্মাইল :- অপাৰেচন স্মাইল আঁচনিৰ জৰিয়তে জন্মৰে পৰা ওঁঠ ফটা শিশুসকলে যেন স্বাভাৱিক মুখাৱয়ব লাভ কৰিব পাৰে তাৰে ব্যৱস্থা গ্রহণ কৰা হৈছে । এই আঁচনিৰ জৰিয়তে ইতিমধ্যে বহু শিশু উপকৃত হৈছে ।
( খ ) জননী সুৰক্ষা যােজনা :- জননী সুৰক্ষা যােজনাৰ জৰিয়তে মাতৃ আৰু নৱজাত শিশুৰ কল্যাণৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই আঁচনিখনে শিশুৰ আৰু সন্তান জন্ম দিয়াৰ সময়ত বা ঠিক পাছতে হােৱা মাতৃৰ মৃত্যুৰ হ্রাস কৰাত যথেষ্ট সহায় কৰিছে ।
প্রশ্ন ১৩। অসমৰ দুটা বিদ্যুৎ প্রকল্পৰ নাম লিখা ।
উত্তৰঃ ( ১ ) কপিলী জলবিদ্যুৎ প্রকল্প । আৰু
( ২ ) চন্দ্ৰপুৰ তাপবিদ্যুৎ প্রকল্প ।
প্রশ্ন ১৪। অসমৰ বিদ্যুৎ প্রকল্পই আমাৰ চাহিদা পূৰণ কৰিব পাৰিছেনে ? তােমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া ।
উত্তৰঃ অসমৰ বিদ্যুৎ প্রকল্পই আমাৰ চাহিদা পূৰণ কৰিব পৰা নাই । কাৰণ চৰকাৰী তথ্য অনুসৰি ২০১১-১২ , ২০১২-১৩ আৰু ২০১৩-১৪ চনত অসমৰ প্রয়ােজনীয় বিদ্যুৎ শক্তিৰ চাহিদা আছিল ক্রমে ৫৮৭৭ , ৬৩৯২ আৰু ৭৪৩৪ মিলিয়ন ইউনিট। এই সময়ছােৱাত ৰাজ্যখনত উৎপাদিত বিদ্যুৎ শক্তিৰ পৰিমাণ যথাক্রমে ৫৭০০ , ৫৮৯৫ আৰু ৬৯৬৫ মিলিয়ন ইউনিট । গতিকে বিদ্যুৎ শক্তিৰ ঘাটিৰ পৰিমাণ ক্রমে ১৭৭,৪৯৭ আৰু ৪৬৯ মিলিয়ন ইউনিট । ইয়াৰ পৰৱতী সময়তাে চাহিদা অনুপাতে অসমৰ বিদ্যুৎ প্রকল্পই বিদ্যুৎ উৎপাদন কৰিব পৰা নাই । ফলত মেঘালয়কে ধৰি বহিঃৰাজ্যৰ পৰা বিদ্যুৎ আনি আমাৰ চাহিদা পূৰণ কৰিব লগা হৈছে । ইয়ে ৰাজ্যখনৰ অর্থনৈতিক দিশৰ ক্ষতি সাধন কৰিছে ।
প্রশ্ন ১৫। চমু টোকা লিখা –
( ক ) ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিতকৰণ আঁচনি ।
উত্তৰঃ ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিতকৰণ আঁচনি -২০০৫ ( NREGA ) খন পিছত ‘ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি’হিচাপে নামকৰণ কৰা হয় । আঁচনিখনৰ লক্ষ্য হল —গাঁও অঞ্চলৰ প্রতিঘৰ মানুহৰ কাম কৰিবলৈ ইচ্ছুক প্রাপ্তবয়স্ক লােকক এটা বিত্তীয় বৰ্ষত কমেও ১০০ দিনৰ নিয়ােগ নিশ্চিতি দিয়া । কামৰ বিনিময়ত প্রত্যেককে ন্যূনতম মজুৰি দিয়াৰ ব্যৱস্থা আইন খনত ৰখা হৈছে ।
ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিতকৰণ আঁচনিখন গাঁও পঞ্চায়ত সমূহে ৰূপায়ণ কৰিব লাগে । স্থানীয় লােকেহে ইয়াত মজুৰিৰ বিনিময়ত কাম কৰিব পাৰে , ঠিকাদাৰৰ প্রৱেশ নিষিদ্ধ কৰা হৈছে । এই আঁচনিৰ অধীনত গাঁও অঞ্চলত ৰাস্তা – ঘাট নির্মাণ , নলা নির্মাণ , পুখুৰী খন্দা , কুঁৱা খন্দা আদি কামবােৰ কৰা হয় । গাঁও অঞ্চলৰ লােকক অর্থনৈতিক নিৰাপত্তা দিয়া বা ৰাস্তা – ঘাট আদি নির্মাণ কৰাৰ উপৰি আঁচনিখনৰ , আন কিছুমান উদ্দেশ্য হৈছে – পৰিৱেশ ৰক্ষা কৰা , গ্রাম্য – মহিলা সবলীকৰণ , গাঁওৰ পৰা চহৰলৈ হােৱা প্ৰব্ৰজন ৰােধ কৰা ইত্যাদি ।
( খ ) সর্বশিক্ষা অভিযান মিছন ।
উত্তৰঃ ভাৰতীয় সংবিধানে প্রাথমিক শিক্ষা লাভ কৰাটো শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে । ২০০৯ চনৰ ‘ শিক্ষাৰ অধিকাৰ আইন’ অনুসৰি জাতি বর্ণ – ধর্ম – লিংগ নির্বিশেষে ৬ বছৰৰ পৰা ১৪ বছৰ বয়সলৈ দেশৰ সকলাে শিশুৰ বাবে প্রাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়া কৰা হৈছে ।
সর্বশিক্ষা অভিযান মিছন আঁচনিখন প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ দিনত গ্ৰহণ কৰা হয় । প্রাথমিক শিক্ষাক সার্বজনীন কৰাৰ লক্ষ্যৰে আঁচনিখন গ্ৰহণ কৰা হয় । এই আঁচনিখন ২০০০-২০০১ চনৰ পৰা কাৰ্যকৰী হৈছে । ইয়াত প্রাথমিক বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত গাঁও পঞ্চায়ত , বিদ্যালয় পৰিচালনা সমিতি , অভিভাৱক – অভিভাৱিকা , জনজাতি স্বায়ত্তশাসিত পৰিষদকে ধৰি বিভিন্ন তৃণমূল পর্যায়ৰ সংগঠন বা অনুষ্ঠানৰ অংশগ্ৰহণৰ ব্যৱস্থা ৰখা হৈছে ।
আঁচনিখন ৰূপায়ণৰ বাবে শতকৰা পঁচাশী অংশ ধন কেন্দ্রীয় চৰকাৰে যােগান ধৰে , বাকীখিনি ৰাজ্যিক চৰকাৰবােৰে দিব লাগে । কেন্দ্রীয় চৰকাৰৰ অংশটোত বিশ্ব বেংক , ইউনিচেফ আদিৰ নিচিনা আন্তর্জাতিক সংস্থা বা সংগঠনবােৰে সহযােগ কৰে । এই আঁচনিৰ অধীনত চৰকাৰী বিদ্যালয়ৰ ভৱনসমূহ সুন্দৰকৈ নির্মাণ কৰি বিশুদ্ধ খােৱাপানীৰ যােগান আৰু শৌচাগাৰৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি প্রাথমিক আৰু মজলীয়া বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথিৰ যােগান ধৰাৰ লগতে তেওঁলােকৰ বাবে মধ্যাহ্ন ভােজনৰ যােগান ধৰাৰ ব্যৱস্থা কৰা হৈছে ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.