Niketan Class 7 Social Chapter 15 ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 15 ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ and select need one.
Niketan Class 7 Social Chapter 15 ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 15 ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ Solutions for All Subjects, You can practice these here…
ভাৰতৰ জনসংখ্যা বৃদ্ধি, বিতৰণ
Chapter – 15
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। জনসংখ্যা কাক বােলে ?
উত্তৰঃ কোনাে এটা অঞ্চলত স্থায়ীভাৱে বসবাস কৰি অহা জনগণক অঞ্চলটোৰ জনসংখ্যা বােলে।
প্রশ্ন ২। জনসংখ্যা ঘনত্ব মানে কি বুজা ?
উত্তৰঃ কোনাে এখন ঠাইৰ মুঠ মাটিকালিৰ বিপৰীতে সেই ঠাইখনৰ থকা মুঠ জনসংখ্যা হৈছে ঠাইখনৰ জনসংখ্যা ঘনত্ব ।
কোনাে এখন ঠাইৰ জনসংখ্যা ঘনত্ব = ঠাইখনৰ মুঠ জনসংখ্যা / ঠাইখনৰ মুঠ মাটিকালি ।
প্রশ্ন ৩। ২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা ঘনত্ব কিমান আছিল ?
উত্তৰঃ প্রতি বর্গ কিলােমিটাৰত ৩৮২ ।
প্রশ্ন ৪। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল দুটা কাৰণ লিখা ।
উত্তৰঃ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল দুটা কাৰণ হৈছে—
( ১ ) অন্ধবিশ্বাস নিৰক্ষৰতা আদিৰ বাবে ভাৰতীয় লােকৰ জন্মৰ হাৰ নিয়ন্ত্রণ কৰিব পৰা হােৱা নাই । সেয়ে জন্মৰ হাৰ বৃদ্ধি পাই আহিছে , ফলত ভাৰতৰ জনসংখ্যা বৃদ্ধি হৈছে ।
( ২ ) বাংলাদেশ , নেপাল আদিৰ দৰে ওচৰৰ ৰাষ্ট্ৰৰপৰা অবাধ গতিত হােৱা প্ৰব্ৰজনৰ ফলতাে ভাৰতৰ জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে ।
প্রশ্ন ৫। ২০১১ চনত ভাৰতৰ মুঠ জনসংখ্যা কিমান আছিল ?
উত্তৰঃ ১২১ , ০৫ ৬৯ , ৫৭৩ ।
প্রশ্ন ৬। ভাৰতৰ জনসংখ্যাৰ বিতৰণ সকলাে ঠাইতে কিয় সমান নহয় ? ইয়াৰ মূল কাৰণ কি কি ?
উত্তৰঃ কোনাে ঠাইৰ প্ৰাকৃতিক অৱসৰৰ বিভিন্নতা অনুসৰি সেই ঠাইখনৰ জনসংখ্যাৰ বিতৰণত বিভিন্নতা আহে । তদুপৰি উদ্যোগ , পৰিবহন , যােগাযােগ আদি কাৰকেও জনসংখ্যাৰ বিতৰণৰ প্ৰভাৱ পেলায় । ভাৰতৰ জনসংখ্যা বিতৰণৰ সকলাে ঠাইতে সমান নােহােৱাৰ কেইটামান মূল কাৰণ তলত উল্লেখ কৰা হ’ল ।
( ১ ) ভূ – প্রাকৃতিক ভিন্নতা :- ভাৰতত নদীৰ উপত্যকা অঞ্চল , উপকূলীয় অঞ্চল , মৰুভূমি অঞ্চল , পাহাৰীয়া অঞ্চল , বনাঞ্চল আদিৰ প্ৰাথমিক ভিন্নতা আছে । নদীৰ উপত্যকা আৰু উপকূলীয় অঞ্চল বসবাসৰ অধিক উপযােগী বাবে এইবােৰ অঞ্চলত আন অঞ্চলতকৈ জনবসতি ঘন।
( ২ ) মাটিৰ উৰ্বৰতা :- ভাৰতৰ সকলাে ঠাইৰ মাটি উর্বৰ নহয় । উৰ্বৰ মাটি কৃষি উপযােগী বাবে উৰ্বৰ মাটি থকা ঠাইত জনবসতি ঘন আৰু অনুৰ্বৰ মাটি থকা ঠাইত জনবসতি পাতল ।
( ৩ ) পানীৰ প্রাচুর্যতা :- ভাৰতৰ কিছুমান অঞ্চলত পানীৰ প্রাচুর্যতা আছে , কিন্তু কিছুমান অঞ্চলত পানীৰ নাটনি । গতিকে নদী , হ্রদ , বিলৰ পাৰে পাৰে মানুহৰ বসতি ঘন আৰু পানীৰ নাটনি থকা অঞ্চলত জনবসতি কম ।
( ৪ ) উদ্যোগ :- ভাৰতৰ সকলাে ঠাইতে সমানে উদ্যোগিক বিকাশ হােৱা নাই । যিবােৰ অঞ্চলত উদ্যোগিক বিকাশ হৈছে , জীৱিকাৰ সুবিধা থকা বাবে সেইবােৰ ঠাইত জনবসতিৰ ঘনত্ব উদ্যোগিক বিকাশ নােহােৱা অঞ্চলবােৰতকৈ বেছি ।
( ৫ ) যাতায়াত – যােগাযােগৰ ব্যৱস্থা :- ভাৰতৰ যাতায়াত , যােগাযােগ তথা পৰিবহন ব্যৱস্থাৰ সকলাে ঠাইতে সুচল নহয় । যিবােৰ অঞ্চলত এইবােৰ সুচল , তাত জনবসতি ঘন । আনহাতে যিবােৰ অঞ্চলত এই ব্যৱস্থাবােৰ সুচল নহয় , তাত জনবসতি কম ।
প্রশ্ন ৭। ভাৰতৰ কোন কোন অঞ্চলত জনসংখ্যাৰ বিতৰণ অধিক , কিয় ?
উত্তৰঃ ভাৰতৰ গংগা নদীৰ দুয়ােপাৰে জনসংখ্যাৰ বিতৰণ আটাইতকৈ বেছি । উত্তৰ ভাৰতৰ নদী গঠিত সমভূমি অঞ্চল , অর্থাৎ উত্তৰ – পশ্চিম ৰাজস্থানৰ পৰা পাঞ্জাৱ হাৰিয়ানা হৈ ব্ৰহ্মপুত্র উপত্যকা পর্যন্ত উর্বৰ ভূমিত প্রায় ৪৮ শতাংশ লােকে বাস কৰে । এই অঞ্চলৰ জনসংখ্যা ঘনত্ব প্রতি কিলােমিটাৰত ৩০০ ১০০০। আকৌ উপকূলীয় অঞ্চলসমূহত, যেনে – গােৱাৰ পৰা আৰম্ভ হৈ তললৈ কৰমণ্ডল উপকূললৈকে এই সমগ্ৰ অঞ্চলত জন সংখ্যাৰ বিতৰণ বেছি । এই অঞ্চলত জনবসতিৰ ঘনত্ব প্রতি কিলােমিটাৰত গড়ে ৮০০ ।
সেইদৰে খনিজ সম্পদৰ আধিক্য তথা কৃষিকাৰ্যৰ সুবিধা থকা ঝাৰখণ্ড , মহাৰাষ্ট্ৰ আদিৰ মালভূমি অঞ্চলত , জনবসতিৰ ঘনত্ব প্রতি কিলােমিটাৰত ৩০০ – ৪০০ ।
ভাৰতৰ মুঠ জনসংখ্যাৰ অধিক সংখ্যক গাঁও অঞ্চলত বাস কৰে । আনহাতে নগৰ , চহৰ , শিল্প উদ্যোগ , খনিজ প্রধান অঞ্চলবােৰত জনসংখ্যাৰ বিতৰণ বেছি ।
ওপৰত উল্লেখিত অঞ্চলসমূহত জনসংখ্যাৰ বিৰণ বেছি হােৱাৰ বাবে সেইবােৰ অঞ্চলৰ মাটি উর্বৰ ; পানী পর্যাপ্ত পৰিমাণে পােৱা যায় ; পশুপালন মীন পালন আৰু কৃষিকাৰ্যৰ বাবে উপযােগী ; যাতায়াত – যােগাযােগ আদিৰ সুব্যৱস্থা আছে ইত্যাদি । মুঠতে জীৱন আৰু জীৱিকাৰ বাবে উপযােগী বাবে এইবােৰ অঞ্চলত জনসংখ্যাৰ বিতৰণ বেছি।
প্রশ্ন ৮। ভাৰতৰ কোন অঞ্চলত জনসংখ্যাৰ বিতৰণ কম , কিয় ?
উত্তৰঃ ভাৰতৰ হিমালয় পর্বতমালাৰ উচ্চ স্থানত থকা দেশৰ উত্তৰ পশ্চিম আৰু উত্তৰ – পূব অঞ্চলত জনসংখ্যাৰ বিতৰণ কম । লাখ আৰু অৰুণাচল প্রদেশৰ অতি উচ্চস্থানত মানুহৰ বসতি প্রায় নাই । উত্তৰ – পশ্চিম অঞ্চলৰ মৰুভূমি অঞ্চলতাে জনসংখ্যাৰ বিতৰণ কম । সেইদৰে অৰণ্য অঞ্চলতাে জনসংখ্যাৰ বিতৰণ অতি কম ।
ওপৰত উল্লেখিত অঞ্চলবােৰত পানী পর্যাপ্ত পৰিমাণে পােৱা নাযায় , কৃষিকার্য , মীন পালন – পশুপালন কৰা অসুবিধা , যাতায়াত , পৰিবহণ তথা যােগাযােগৰ অসুবিধা জীৱন আৰু জীৱিকাৰ বাবে অনুপযােগী এনে কিছুমান কাৰৰ বাবে এইবােৰ অঞ্চলত জনসংখ্যাৰ বিতৰণ কম ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.