Niketan Class 7 Social Chapter 14 ভাৰতবৰ্ষৰ সংস্কৃতিৰ ক্ষেত্ৰলৈ মােগলসকলৰ অৱদান is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 14 ভাৰতবৰ্ষৰ সংস্কৃতিৰ ক্ষেত্ৰলৈ মােগলসকলৰ অৱদান and select need one.
Niketan Class 7 Social Chapter 14 ভাৰতবৰ্ষৰ সংস্কৃতিৰ ক্ষেত্ৰলৈ মােগলসকলৰ অৱদান
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 14 ভাৰতবৰ্ষৰ সংস্কৃতিৰ ক্ষেত্ৰলৈ মােগলসকলৰ অৱদান Solutions for All Subjects, You can practice these here…
ভাৰতবৰ্ষৰ সংস্কৃতিৰ ক্ষেত্ৰলৈ মােগলসকলৰ অৱদান
Chapter – 14
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। চমু উত্তৰ দিয়া —
( ক ) চম্বলৰ জুমা মছজিদ কোনে নির্মাণ কৰাইছিল ?
উত্তৰঃ বাবৰে ।
( খ ) দিন পানাহৰ নির্মাণকার্য কোনজনা সম্রাটে কৰাইছিল ?
উত্তৰঃ হুমায়ুনে ।
( গ ) ফতেহপুৰ চিক্ৰীৰ নিৰ্মাণৰ আঁচনি কোনজন সম্রাটে কৰিছিল ?
উত্তৰঃ আকৰে ।
( ঘ ) ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি ?
উত্তৰঃ বেবদল খাঁ ।
( ঙ ) তাজমহল কোন নদীৰ পাৰত অৱস্থিত ?
উত্তৰঃ যমুনা নদীৰ পাৰত অৱস্থিত ।
( চ ) লালকিল্লা কোনে সজাইছিল ?
উত্তৰঃ ছাহজাহানে ।
প্রশ্ন ২। খালী ঠাই পূৰ কৰা—
( ক ) পানিপথৰ ____আৰু _____ বাবৰৰ স্থাপত্য প্ৰেমৰ নিদর্শন ।
উত্তৰঃ পানিপথৰ কাবুলবাগ আৰু চম্বলৰ জুমা মছজিদ বাবৰৰ স্থাপত্য প্ৰেমৰ নিদর্শন ।
( খ ) _____ পাৰ্ছীয়ান আৰ্হিৰ কেইবাটাও অট্টালিকা নির্মাণ কৰােৱাইছিল ।
উত্তৰঃ হুমায়ুনে পাৰ্ছীয়ান আৰ্হিৰ কেইবাটাও অট্টালিকা নির্মাণ কৰােৱাইছিল ।
( গ ) আফগান নেতা ____ ভাৰতীয় স্থাপত্য – ভাষ্কর্যলৈ অভূতপূর্ব বৰঙণি আগবঢ়াইছিল ।
উত্তৰঃ আফগান নেতা শ্বেশ্বাহেও ভাৰতীয় স্থাপত্য ভাস্কর্যলৈ অভূতপূর্ব বৰঙণি আগবঢ়াইছিল ।
( ঘ ) ____ এজন ভাল চিত্ৰকৰ আৰু চিত্র সমালােচক আছিল ।
উত্তৰঃ জাহাংগীৰ এজন ভাল চিত্ৰকৰ আৰু চিত্র সমালােচক আছিল ।
( ঙ ) _____ ভাৰতীয় শিল্পকলাৰ এক অবিচ্ছেদ্য অংগ ।
উত্তৰঃ সংগীত ভাৰতীয় শিল্পকলাৰ এক অবিচ্ছেদ্য অংগ ।
( চ ) ভাৰতবর্ষ এখন ______ দেশ ।
উত্তৰঃ ভাৰতবর্ষ এখন ধর্ম নিৰপেক্ষ দেশ ।
প্রশ্ন ৩। উত্তৰ দিয়া – ( ৫০ টা মান শব্দৰ ভিতৰত )
( ক ) আকবৰৰ সময়ৰ স্থাপত্য কলা ।
উত্তৰঃ বহুমুখী প্রতিভাৰ অধিকাৰী আকবৰে স্থাপত্য কলাৰ দিশত বহুখিনি অৱদান আগবঢ়াই গৈছে । উদাৰ দৃষ্টিভংগীৰ আকৰ ইচলাম ধৰ্মাৱলম্বীহ’লেও তেওঁ হিন্দু আৰু আন ধর্ম সংস্কৃতিকো সমদৃষ্টিৰে চাইছিল । তেওঁৰ সময়ৰ স্থাপত্য কৃতিবােৰত হিন্দু আৰু আন স্থানীয় শৈলীৰ প্ৰভাৱ দেখা যায় । তেওঁৰ পৃষ্ঠপােষকতাত নির্মিত স্থাপত্যসমূহত পাৰ্চী , জৈন , বৌদ্ধ আৰু হিন্দু শিল্পৰ স্পষ্ট প্রভাৱ দেখা যায় ।ফাতেহপুৰ চিক্রী , লাহােৰ আৰু আগ্রা দুর্গকে ধৰি ভালেমান অট্টালিকাৰ আঁচনি আকবৰে নিজেই তৈয়াৰ কৰিছিল । বিশেষকৈ ফটেহপুৰ চিক্রীত সকলাে সংস্কৃতিৰ এক অপূর্ব সমন্বয় পৰিলক্ষিত হয় ।
উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ওচৰৰ ছিকান্দ্রাত অৱস্থিত আকবৰৰ সমাধি নামেৰে বিখ্যাত স্মৃতিসৌধটোৰ কাম আকবৰেই আৰম্ভ কৰিছিল আৰু তেওঁ বহুখিনি কাম সম্পূর্ণও কৰিছিল । ১৬০৫ চনত তেওঁৰ মৃত্যু হােৱাত তেওঁক ইয়াতে সমাধিস্থ কৰা হয় আৰু পুত্র জাহাংগীৰে সমাধিসৌধৰ বাকীখিনি কাম সম্পূর্ণ কৰে ।
( খ ) মােগল যুগৰ স্থাপত্য কলালৈ ছাহজাহানৰ বৰঙণি ।
উত্তৰঃ মােগল যুগৰ স্থাপত্য কলালৈ ছাহজাহানে অতুলনীয় বৰঙণি আগবঢ়াইছিল । স্থাপত্যবিদসকলে তেওঁক ‘ স্থাপত্য শিল্পৰ ৰাজপুত্র ’ বুলি অভিহিত কৰিছে । উল্লেখযােগ্য যে তেওঁৰ ৰাজত্বৰ আগৰ মােগল স্থাপত্যতকৈ তেওঁৰ দিনত নির্মিত স্থাপত্য পার্থক্য দেখা যায় । ছাহজাহানৰ পৃষ্ঠপােষকতাত নির্মিত স্থাপত্য পার্থক্য দেখা যায় । ছাহজাহান পৃষ্ঠপােষকতাত নির্মিত স্থাপত্যসমূহত নান্দনিক সৌন্দৰ্যৰ ওপৰত অধিক জোৰ দিয়া হৈছিল । অট্টালিকাসমূহত কুতকটা কাৰুকার্য ফুটাই তুলিবলৈ সােণ , ৰূপ , বগা মাৰ্বল পাথৰ , মণি – মুকুতা আদি ব্যৱহাৰ কৰা হৈছিল । আগ্রাৰ যমুনা নদীৰ পাৰত সজা — তাজমহল ছাহজাহান শিল্প প্রীতিৰ শ্রেষ্ঠ নিদর্শন । তাজমহলৰ উপৰি তেওঁ দিল্লীৰ লালকিল্লা , মুছাম্মান বুর্জ ( আগ্রা ফর্ট ) , মতি মছজিদ , আউলিয়াৰ সৌধ , জামা মছজিদ আদি নির্মাণ কৰােৱাইছিল । ‘ ছাহজাহানবাদ ’ নামেৰে এখন নগৰীও তেওঁ নিৰ্মাণ কৰাইছিল । এনেবােৰ কামৰ মাজেৰে ছাহজাহানে মােগল যুগৰ স্থাপত্য কলালৈ অতুলনীয় বৰঙণি আগবঢ়াইছিল ।
( গ ) মােগল চিত্রকলা ।
উত্তৰঃ মােগল চিত্রকলাই ভাৰতীয় সংস্কৃতিক অন্য এক মাত্রা দিছিল । মােগল চিত্রশৈলীত পাৰ্ছীয়ান আৰু ইউৰােপীয় শৈলীৰ সমন্বয় ঘটি এক নতুন আৰু সুকীয়া দৃষ্টিনন্দন শৈলীৰ জন্ম হৈছিল । মােগল শাসকল সদায়েই প্রকৃতিপ্রেমী আছিল । বাবৰে তেওঁৰ দিনত চিত্ৰকৰসকলক প্রকৃতিক ভিত্তি কৰি চিত্র অংকনত গুৰুত্ব দিবলৈ পৰামর্শ দিছিল । চিত্রপ্রেমী হুমায়ুনে পাৰস্যৰ দুজন শিল্পী মতাই আমি প্রকৃতি বিষয়ক কেইবাখনাে মূল্যৱান চিত্র অংকন কৰােৱাইছিল ।
মােগল চিত্রকলাৰ চৰম উৎকর্ষ সাধন হৈছিল সম্রাট জাহাংগীৰৰ , শাসনকালত । তেওঁ নিজে এজন ভাল চিত্ৰকৰ আৰু চিত্র সমালােচক আছিল । এওঁৰ দিনত ক্ষুদ্র চিত্রশিল্প ( miniature painting ) ই বিশেষ সমাদৰ লাভ কৰিছিল । জাহাংগীৰে চিত্ৰকলাসমূহত কল্পনাৰ পৰিৱর্তে বাস্তৱক ফুটাই তুলিবলৈ চিত্ৰকসকলক দিহা – পৰামর্শ দিছিল । উল্লেখযােগ্য যে মােগল চিত্রকলাত অভিজাত শ্ৰেণীটোকেত গুৰুত্ব দিয়া হৈছিল , সাধাৰণ শ্রেণীৰ জীৱন তাত প্রতিফলিত হােৱা নাছিল ৷
( ঘ ) মােগল যুগৰ সংগীত ।
উত্তৰঃ মােগল যুগত সংগীতৰ স্থান অতি উচ্চ আছিল । বাবৰ , হুমায়ুনৰ দিনৰ পৰাই মধ্য যুগৰ সংগীতে ৰাজপৃষ্ঠপােষকতা লাভ কৰিছিল । সম্রাট আকবৰৰ ৰাজসভা কেইবাজনাে সংগীতজ্ঞই শুৱনি কৰিছিল । এওঁলােকৰ ভিতৰত অতিকে প্রখ্যাত আছিল তানসেন । ছাহজাহানৰ ৰাজত্বকালত জগন নাথ আৰু জনার্দন ভট্ট নামৰ দুজন নামজ্বলা গায়ক আছিল । হিন্দু ‘ ধ্রুপদ ৰাগ ’ ছাহ জাহান প্রিয় আছিল আৰু এই ৰাগ পৰিবেশন কৰিছিল তানসেনৰ জোঁৱায়েক লালখানে । সুৰসেন সেই সময়ৰ প্রখ্যাত বীণাবাদক আছিল ।
( ঙ ) মােগল সাহিত্যই কিদৰে ভাৰতীয় সাহিত্যক চহকী কৰিছে ।
উত্তৰঃ মােগল সাহিত্যই ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। বাবৰ , হুমায়ুন , জাহাংগীৰ আৰু আন বহুতাে ৰাজকুমাৰ আৰু ৰাজকুমাৰীয়ে তেওঁলােকৰ ৰচনাৰে মােগল সাহিত্যক সােণত সুৱগা চৰা কৰিছিল । আকবৰৰ দিনত পাৰ্ছীয়ান সাহিত্যই নৱজাগৰণৰ সূচনা কৰিছিল অনুবাদ সাহিত্যই সাহিত্য ভাণ্ডাৰ টনকিয়াল কৰিছিল । ‘ মহাভাৰত ’ , ‘ ৰামায়ণ ’ , ‘ অথর্ববেদ ’ আদি গ্রন্থ মুছলমান লেখকে অনুবাদ কৰিছিল । ‘ বাবৰ নামা ’ , ‘ আকবৰ নামা ’ , ‘ আইন – ই – আকবৰী ’ , হুমায়ুন নামা ’ আদি পুথিসমূহ মােগল সাহিত্যৰ আপুৰুগীয়া সম্পদ । মুছলমান সাহিত্যিকে পাছী ভাষাৰ উপৰি হিন্দী ভাষাতাে পুথি ৰচনা কৰিছিল। ‘ ৰামচৰিত মানস ’ , ‘ পদ্মাৱত ’ , সুৰসাগৰ আদি পুথি হিন্দী ভাষাত লিখিছিল । এনেকুৱা ধৰণে মােগল সাহিত্যই ভাৰতীয় সাহিত্যক যথেষ্ট চহকী কৰিছে ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.