Niketan Class 7 Social Chapter 13 মােগল ৰাজত্বকালত ভাৰতবর্ষ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Social Chapter 13 মােগল ৰাজত্বকালত ভাৰতবর্ষ and select need one.
Niketan Class 7 Social Chapter 13 মােগল ৰাজত্বকালত ভাৰতবর্ষ
Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Social Chapter 13 মােগল ৰাজত্বকালত ভাৰতবর্ষ Solutions for All Subjects, You can practice these here…
মােগল ৰাজত্বকালত ভাৰতবর্ষ
Chapter – 13
সমাজ বিজ্ঞান
SHANKARDEV SISHU VIDYA NIKETAN
TEXTUAL QUESTIONS AND ANSWERS
প্রশ্ন ১। উত্তৰ দিয়া –
( ক ) কোন চনত ভাৰতত মােগল সাম্রাজ্য প্রতিষ্ঠা হৈছিল ?
উত্তৰঃ ১৫২৬ খ্রীষ্টাব্দত ।
( খ ) কোনখন যুদ্ধত আকবৰে মেৱাৰৰ ৰাণা প্রতাপ সিংহক পৰাস্ত কৰি চিতােৰ দুর্গ অধিকাৰ কৰিছিল ?
উত্তৰঃ হলদি ঘাটৰ যুদ্ধত ।
( গ ) ‘ মনচব ’ শব্দৰ অর্থ কি ?
উত্তৰঃ পদমর্যাদা ।
( ঘ ) ‘ আকবৰ নামা ’ কোনে লিখিছিল ?
উত্তৰঃ আবুল ফজলে ।
( ঙ ) মিৰজুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহােম ৰজা কোন আছিল ?
উত্তৰঃ জয়ধ্বজ সিংহ ।
প্রশ্ন ২। চমু টোকা লিখা –
( ক ) পানিপথৰ প্রথম যুদ্ধ ।
উত্তৰঃ ফাৰগানা ( বর্তমান উজবেকিস্তান ) ৰ ৰজা বাবৰ আৰু দিল্লীৰ চুলতান ইব্রাহিম লােডীৰ মাজত পানিপথৰ প্রথম যুদ্ধ হৈছিল । ফাৰগানাৰ ৰাজপাটত উঠাৰ পাছৰ পৰাই বাবৰৰ ভাৰতবৰ্ষৰ ওপৰত চকু পৰিছিল । এটা সময়ত তেওঁ হিন্দুকুশ পর্বতপাৰ হৈ কাবুল সােমাই আৰু তাৰ পৰাই ক্রমান্বয়ে ভাৰতৰ ভিতৰুৱা অঞ্চললৈ সােমাই পৰে। ১৫২৫ খ্রীঃত বাবৰে পঞ্জাৱ দখল কৰি দিল্লী অভিমুখে অগ্ৰসৰ হয় । সেই সময়ত দিল্লীৰ চুলতান আছিল ইব্রাহিম লােডী । দিল্লীৰ ওচৰৰ পানিপথ নামৰ ঠাইত ইব্রাহিম লোডীৰ সৈন্যবাহিনীয়ে বাবৰৰ সৈন্য বাহিনীক ভেটা দিয়ে । ফলত ১৫২৬ খ্রীঃৰ ২১ এপ্রিলত দুয়ােপক্ষৰ মাজত এখন যুদ্ধ হয় । যুদ্ধত বাবৰে ইব্রাহিম লােডীৰ সৈন্যবাহিনীক ঘটুৱাই দিল্লী অধিকাৰ কৰে । এই যুদ্ধখনকে পানিপথৰ প্রথম যুদ্ধ বুলি কোৱা হয় ।
( খ ) হুমায়ুন ।
উত্তৰঃ হুমায়ুন বাবৰৰ পুত্র । বাবৰৰ মৃত্যুৰ পাছত ১৫৩০ খ্রীঃত হুমায়ুন মােগল সিংহাসনৰ অধিকাৰী হয় । সিংহাসনত উঠাৰ পাছতে হুমায়ুনৰ তিনিজন ভায়েক ক্রমে — কামৰাম , হিন্দাল আৰু আষ্কাৰীয়ে সিংহাসনৰ দাবীদাৰ হৈ উঠি বিদ্রোহ ঘােষণা কৰাত ; হুমায়ুনে কিছু বিপদৰ সন্মুখীন হ’বলগীয়া হৈছিল । এই বিপদৰ পৰা হাত সাৰিবলৈ হুমায়ুনে ভায়েক সকলক তেওঁৰ সাম্রাজ্যৰ বিভিন্ন ঠাইৰ আঞ্চলিক শাসনকর্তা পাতি দিছিল ।
হুমায়ুনৰ বাবে আন এটা বিপদ আহিছিল আফগান মেতা শ্বেৰশ্বাহৰ পৰা।তেওঁৰ ৰাজত্বকালত আফগানসকলে শ্বেৰশ্বাহৰ নেতৃত্বত মােগলসকলৰ বিৰুদ্ধে যুদ্ধ কৰে । ১৫৩৯ খ্রীঃত চৌচাৰ যুদ্ধ আৰু ১৫৪০ খ্রীঃত হােৱা কণৌজৰ যুদ্ধত শ্বেশ্বাহৰ হাতত পৰাস্ত হৈ হুমায়ুনে ইৰাণলৈ পলাই যায় । ১৫৫৫ খ্রীঃত তেওঁ সিংহাসন পুনৰ অধিকাৰ কৰিছিল যদিও কিছুদিনৰ পাছতে তেওঁৰ মৃত্যু হয় ।
( গ ) পানিপথৰ দ্বিতীয় যুদ্ধ ।
উত্তৰঃ ১৫৫৬ খ্রীঃত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হয় । এই যুদ্ধ আফগান সেনাপতি হিমু আৰু আকবৰৰ মাজত লাগিছিল । যুদ্ধত আকবৰে হিমুৰ সৈন্যবাহিনীক সম্পূৰ্ণৰূপে পৰাস্ত কৰিছিল । যুদ্ধত বন্দী হােৱা হিমুক আকবৰৰ শিবিৰলৈ আনি বেইৰাম খাঁৰ নিৰ্দেশত প্রাণদণ্ড বিহা হৈছিল । এই যুদ্ধৰ ফলত দিল্লী আৰু আগ্ৰাত মােগলৰ ক্ষমতা পুনৰ প্রতিষ্ঠিত হয় ।
( ঘ ) নুৰজাহান ।
উত্তৰঃ নূৰজাহান আছিল আকবৰৰ ৰাজ্যসভাৰ মীর্জাঘিয়াচ বেগ নামৰ এজন বিষয়াৰ জীয়ৰী । ১৬১১ খ্রীঃত দিল্লীৰ সম্রাট জাহাংগীৰে নূৰজাহানক বিয়া কৰায় । নূৰজাহান অতিশয় সুন্দৰী হােৱাৰ লগতে ৰাজনীতিৰ ক্ষেত্ৰত যথেষ্ট অভিজ্ঞ আছিল । তেওঁ অতি সাহসী আৰু বুদ্ধিমতীও আছিল । নূৰজাহানে ৰাজ্যৰ বহুতাে গুৰুত্বপূর্ণ কাম চোৱা – চিতা কৰিছিল । তেওঁ দেশৰ শিক্ষা আৰু শিল্প উন্নতিৰ প্ৰতিও চকু দিছিল।ৰাজত্বৰ শেহৰফালে জাহাংগীৰক ৰজাহানে হাতৰ পুতলাৰ দৰে নচুৱাইছিল ।
( ঙ ) ঔৰংদেৱৰ ৰাজপুত নীতি ।
উত্তৰঃ সম্রাট আকবৰে ৰাজপুতসকলৰ প্রতি বন্ধুত্বপূর্ণ উদাৰনীতি গ্রহণ কৰিছিল । হিন্দু – মুছলমানৰ মাজত সম্প্রীতিৰ ভাব জগাই তুলিবলৈকে হয়তাে তেওঁ এনে উদাৰনীতি গ্রহণ কৰিছিল । কিন্তু কাকো বিশ্বাসত নােলােৱা , আন ধৰ্মৰ প্রতি সহানুভূতি নথকা ঔৰংজেৱে ৰাজপুত্ৰসকলৰ প্রতি আকবৰে গ্ৰহণ কৰা বন্ধুত্বপূর্ণ নীতিৰ পৰিৱর্তে তেওঁলােকৰ প্রতি আক্রমণাত্মক নীতি গ্রহণ কৰিছিল । ঔৰংজেৱে মেৱাৰ আক্ৰমণ কৰিছিল যদিও ৰাজপুত সৈন্যৰ পৰাক্ৰমত তিষ্ঠিব নােৱাৰি পাছত সন্ধি কৰিবলৈ বাধ্য হৈছিল । সন্ধিৰ চৰ্ত অনুসৰি মেৱাৰৰ ৰাণাই তেওঁৰ ৰাজ্যৰ এটা অংশ মােগলক এৰি দিয়ে । ঔৰংজেৱে হিন্দুসকলৰ ওপৰত জিজিয়া কৰ’ বহুৱাইছিল ।
প্রশ্ন ৩। খালী ঠাই পূৰ কৰা –
( ক ) ১৫২৮ খ্রীঃত ____ যুদ্ধত বাবৰে ৰাজপুতসকলক পৰাস্ত কৰে ।
উত্তৰঃ ১৫২৮ খ্রীঃত চান্দেৰী যুদ্ধত বাবৰে ৰাজপুতসকলক পৰাস্ত কৰে।
( খ ) হুমায়ুনৰ ৰাজত্বকালত আফগানসকলে ____ নেতৃত্বত মােগলৰ বিৰুদ্ধে যুদ্ধ কৰে।
উত্তৰঃ হুমায়ুনৰ ৰাজত্বকালত আফগানসকলে শ্বেৰশ্বাহৰ নেতৃত্বত মােগলৰ বিৰুদ্ধে যুদ্ধ কৰে ।
( গ ) পানিপথৰ দ্বিতীয় যুদ্ধ আকবৰ আৰু _____ মাজত লাগিছিল ।
উত্তৰঃ পানিপথৰ দ্বিতীয় যুদ্ধ আকবৰ আৰু হিমুৰ মাজত লাগিছিল ।
( ঘ ) আকবৰে অম্বৰ ৰাজ্যৰ লগত ______ নীতি গ্রহণ কৰিছিল ।
উত্তৰঃ আকবৰে অম্বৰ ৰাজ্যৰ লগত বন্ধুত্বমূলক নীতি গ্রহণ কৰিছিল ।
( ঙ ) আকবৰ এজন ______ ৰজা বুলি আখ্যা দিয়া হয় ।
উত্তৰঃ আকবৰক এজন শ্রেষ্ঠ ৰজা বুলি আখ্যা দিয়া হয় ।
প্রশ্ন ৪। চমুকৈ উত্তৰ দিয়া –
( ক ) আকবৰৰ ৰাজপুত নীতি ।
উত্তৰঃ আকবৰে ৰাজপুতসকলৰ প্রতি উদাৰ নীতি গ্রহণ কৰিছিল । হিন্দু – মুছলমানৰ মাজত সম্প্রীতিৰ ভাৱ জগাই তুলিবলৈকে হয়তাে এনে উদাৰনীতি তেওঁ গ্রহণ কৰিছিল ।
আকবৰে অম্বৰ , বিকানীৰ , যােধপুৰ , জয়চালমেৰ আদি ৰাজপুত ৰাজ্যসমূহৰ প্রতি বন্ধুত্বমূলক নীতি গ্রহণ কৰিছিল । কোনাে কোনাে ঠাইত ৰাজপুতসকলৰ লগত মােগলৰ বৈবাহিক সম্বন্ধও স্থাপন হৈছিল । অৱশ্যে মেৱাৰৰ নিচিনাকৈ যিবােৰ ৰাজপুত ৰাজ্যৰ ৰজাই আকবৰৰ বশ্যতা মানি লােৱা নাছিল । তেনে ৰাজ্যৰ লগত আকবৰে যুদ্ধ কৰিছিল।
( খ ) আকবৰৰ ধর্মীয় নীতি ।
উত্তৰঃ ধর্মীয় নীতিৰ ক্ষেত্ৰত আকবৰ উদাৰ আছিল । আন ধৰ্মৰ মানুহৰ প্রতি তেওঁ অত্যন্ত সহানুভূতিশীল আছিল । কোনাে ধৰ্মৰ প্রতি তেওঁৰ বিদ্বেষ নাছিল , সকলাে ধৰ্মৰ মানুহকে শ্রদ্ধা কৰিছিল আৰু তেওঁলােকৰ ধর্ম মত অনুসৰি প্রার্থনা কৰাৰ অনুমতি দিছিল । আকবৰে এটা নতুন ধর্ম মত প্রচাৰ কৰিছিল । ইয়াক ‘ দিন – ই – ইলাহি ’ বুলি জনা গৈছিল। অৱশ্যে এই ধর্ম মতটোৱে বেছি প্ৰসাৰতা লাভ নকৰিলে ।
( গ ) মিৰজুমলাৰ অসম আক্রমণ ।
উত্তৰঃ ঔৰংজেৱৰ নির্দেশমর্মে বংগৰ শাসনকর্তা , মিৰজুমলাই ১৬৬১ খ্রীঃৰ ডিচেম্বৰ মাহত অসম আক্ৰমণ কৰিবলৈ আহে । তেওঁ প্রথমে কোচবিহাৰ দখল কৰে । তাৰ পাছত অসম আক্ৰমণ কৰি আহােমৰ ৰাজধানী গড়গাঁও দখল কৰে । আহােম ৰজা জয়ধজ সিংহ ৰাজধানী এৰি পলাই যায় । কিন্তু এনে সময়তে মােগল সৈন্যবাহিনী বহুতাে সংকটৰ সন্মুখীন হ’বলগীয়া হয় । অসমত প্রৱল বানপানী হৈ যাতায়াত ব্যৱস্থাৰ অসুবিধা হােৱাত মােগল সৈন্যবাহিনীয়ে ৰচদপাতি , যুদ্ধৰ আহিলা আদি সমস্যাত ভােগে।বানপানীৰ পাছত মহামাৰী আৰম্ভ হয় আৰু মােগলৰ বহুতাে সৈন্য মৃত্যু মুখত পৰে । মিৰজুমলাই নিজেও টান নৰিয়াত পৰে । শেষত আহােমৰ লগত মােগলৰ সন্ধি হয় । এই সন্ধি হৈছিল ১৬৬৩ খ্রীঃৰ ৯ জানুৱাৰীত । সন্ধিৰ চুক্তি অনুসৰি আহােম ৰজাই মােগলক বহুতাে সােণ , ৰূপ , হাতী আদি দিব লগাত পৰিছিল ।
( ঘ ) ছাহজাহানৰ ৰাজত্বকালত হােৱা শিল্প – সংস্কৃতিৰ উন্নতি ।
উত্তৰঃ ছাহজাহানৰ শিল্প কলা , সাহিত্য – সংস্কৃতিৰ প্রতি প্রচুৰ ৰাপ আছিল । তেওঁ সংগীত খুব ভাল পাইছিল আৰু সংগীতজ্ঞসকলক যথেষ্ট সন্মান দিছিল । ছাহজাহানূৰ ৰাজসভাত কেইবাজনাে সংগীতজ্ঞ আছিল।তাৰ ভিতৰত জগন্নাথ মহাপাত্র , ৰামদাস আৰু লালখান আছিল প্রধান । ছাহজাহানৰ ৰাজত্বকালতে সাজি উলিওৱা ময়ূৰ সিংহাসন আৰু তাজমহলত স্থাপত্য , ভাস্কর্য অপূর্ব নিদর্শন দেখিবলৈ পােৱা যায় । তাজমহল বিশ্বৰ সপ্তম আশ্চর্যৰ এটা বুলি পৰিগণিত । ছাহজাহানৰ আন এটা উল্লেখনীয় কীর্তি হ’ল আগ্রাত নির্মাণ কৰা মতি মছজিদ ।
ওপৰৰ উদাহৰণবােৰৰ পৰা বুজা যায় ছাহজাহানৰ ৰাজত্বকালত শিল্প সংস্কৃতিৰ যথেষ্ট উন্নতি হৈছিল ।
( ঙ ) মােগল সাম্রাজ্যৰ পতনৰ পাঁচটা কাৰণ ।
উত্তৰঃ মােগল সাম্রাজ্যৰ পতনৰ পাঁচটা কাৰণ হৈছে –
( ১ ) ঔৰংজেৱৰ ৰাজত্বকালত মােগল সাম্রাজ্যৰ বিস্তৃতি ইমান বিশাল হৈছিল যে ইয়াৰ সকলাে দিশত চিচকু ৰাখি সুচাৰুৰূপে পৰিচালনা কৰা সম্রাটৰ পক্ষে টান হৈ পৰিছিল ।
( ২ ) ঔৰংজেৱ বহুদিন ধৰি দাক্ষিণাত্য অভিযানত ব্যস্ত হৈ থাকিব লগা হােৱাত শাসনকার্যৰ পিনে ভালদৰে চকু দিব পৰা নাছিল । দীঘলীয়া যুদ্ধত ৰাজভৰালৰ ধনাে বহুখিনি খৰচ হৈছিল । তদুপৰি তেওঁ দাক্ষিণাত্য অভিযানত ব্যস্ত থকাৰ বাবে শিখ , জাঠ , ৰাজপুতসকলে নিজকে শক্তিশালী কৰাৰ সুবিধা পাইছিল ।
( ৩ ) ঔৰংজেৱে কাকো বিশ্বাসত নলৈছিল । তেওঁৰ এই সন্দেহী মনােভাৱ মােগল সাম্রাজ্য পতনৰ এক কাৰণ হৈ পৰিছিল ।
( ৪ ) ঔৰংজেৱৰ পাছৰ মােগল ৰজাসকল দুর্বল আৰু অদক্ষ আছিল আৰু সেয়ে বিশাল মােগল সাম্রাজ্যখন ধৰি ৰাখিবলৈ তেওঁলােক সক্ষম নহৈছিল ।
( ৫ ) ঔৰংজেৱে ধৰ্মৰ ক্ষেত্ৰত বৰ গােড়া আছিল । তেওঁ আন ধৰ্মৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিছিল । হিন্দুৰ ওপৰত ‘ জিজিয়া কৰ ’ বহুৱাইছিল । ঔৰংজেৱৰ ধর্মীয় গােড়ামীয়ে হিন্দুসকলক বেছিকৈ ক্ষুব্ধ কৰিছিল । ইয়াৰ পৰাই হিন্দু – মুছলমানৰ সম্প্ৰীতিৰ মাজত ভাঙোন আৰম্ভ হৈছিল ।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.