Niketan Class 5 Social Chapter 7 গৌতম বুদ্ধ আৰু মহাবীৰ

Niketan Class 5 Social Chapter 7 গৌতম বুদ্ধ আৰু মহাবীৰ, Sankardev Sishu Niketan Chapter 7 গৌতম বুদ্ধ আৰু মহাবীৰ Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 7 গৌতম বুদ্ধ আৰু মহাবীৰ

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 7 গৌতম বুদ্ধ আৰু মহাবীৰ gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

গৌতম বুদ্ধ আৰু মহাবীৰ

Chapter – 7

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমু উত্তৰ দিয়া –

( ক ) গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল ? তেওঁক গৌতম বােলা হৈছিল কিয় ? 

উত্তৰঃ সিদ্ধার্থ । সিদ্ধার্থৰ জন্মৰ পাছতে মাক মায়াদেৱীৰ মৃত্যু হােৱাত মাহীমাক গৌতমীয়ে তেওঁক ডাঙৰ – দীঘল কৰে । সেইবাবেই সিদ্ধার্থ গৌতম বােলা হৈছিল । 

( খ ) কি গছৰ তলত তপস্যা কৰি গৌতম বুদ্ধই পৰম জ্ঞান লাভ কৰিছিল ? পাছলৈ গছজোপা কি নামেৰে জনাজাত হ’ল ? 

উত্তৰঃ অশ্বথ ( আঁহত গছৰ তলত ) পাছলৈ গছজোপা বােধিদ্রুম নামেৰে জনাজাত হ’ল ।

( গ ) গৌতম বুদ্ধৰ মাক – দেউতাকৰ নাম কি আছিল ? 

উত্তৰঃ মাকৰ নাম মায়াদেৱী আৰু দেউতাকৰ নাম শুদ্ধোধন আছিল । 

( ঘ ) কি কাৰণত গৌতমে সংসাৰ ত্যাগ কৰিছিল ? 

উত্তৰঃ মানৱ জীৱনৰ দুখ – শােকৰ পৰা মুক্তি পথ বিচাৰি গৌতমে সংসাৰ ত্যাগ কৰিছিল । 

( ঙ ) বৌদ্ধ ধৰ্মৰ মূল পুথিখনৰ নাম কি ? 

উত্তৰঃ ত্রিপিটক ।

প্রশ্ন ২। বৌদ্ধ ধৰ্মৰ মূল মত কি চমুকৈ লিখা । 

উত্তৰঃ বৌদ্ধ ধৰ্মৰ মূল মত হ’ল— অহিংসাই পৰম ধর্ম । ভাল কৰ্মৰ ফল হয় ভাল আৰু বেয়া কৰ্মৰ ফল হয় বেয়া । তেওঁ শিষ্যসকলক চাৰিটা পৰম উপলব্ধি কৰিবলৈ পৰামর্শ দিছি — সত্য , দুখ , সন্তুষ্টি আৰু দুখৰ পৰা মুক্তি । দুখৰপৰা মুক্তিৰ বাবে তেওঁ আঠোটা পথ ( অষ্টাংগিক মার্গ ) নির্দেশনা দিছিল । 

প্রশ্ন ৩। জৈন ধৰ্মৰ মূল মত কি চমুকৈ লিখা । 

উত্তৰঃ অহিংসাই পৰম ধর্ম — এয়ে হ’ল জৈন ধৰ্মৰ মূল কথা । মহাবীৰে তেওঁৰ শিষ্যসকলক পাঁচটা গুণ আয়ত্ত কৰিবলৈ কৈছিল । সেইকেইটা হ’ল— 

( ১ ) সত্য ।

( ২ ) অহিংসা । 

( ৩ ) অপৰিগ্রহ ।

( ৪ ) অষ্টেয় । আৰু 

( ৫ ) ব্রহ্মচর্য । 

মহাবীৰৰ মতে প্রতিটো মৌলিক বস্তুৱেই ভৌতিক আৰু আধ্যাত্মিক শক্তিৰ ফল । জৈন ধর্মই ‘ আত্মা ‘ আৰু কর্মৰ ধাৰণা বিশ্বস কৰে । মহাবীৰে কৈছিল যে মানুহে পাঁচটা গুণ আয়ত্ত কৰাৰ উপৰি সৎ আচৰৰ পথ গ্রহণ কৰা উচিত । 

প্রশ্ন ৪। বৌদ্ধ ধর্ম আৰু জৈন ধৰ্মৰ মাজত তিনিটা সাদৃশ্য উল্লেখ কৰা । 

উত্তৰঃ বৌদ্ধ ধর্ম আৰু জৈন ধৰ্মৰ মাজত তিনিটা সাদৃশ্য হৈছে ―

( ১ ) দুয়ােটা মই অহিংসা আৰু সত্যৰ বাণী বিলাইছিল । 

( ২ ) দুয়ােটা ধর্মই বৈদিক ৰীতি – নীতিৰ বিৰােধিতা কৰিছিল । 

( ৩ ) দুয়ােটা ধর্মই মানুহক উচ্চ আদৰ্শ আৰু জীৱনৰ পৰম লক্ষ্যৰ পথ দেখুৱাই থৈ গৈছে ।

প্রশ্ন ৫। চমুকৈ উত্তৰ দিয়া –

( ক ) মহাবীৰক ‘ জিন ’ বােলা হৈছিল কিয় ? ‘ জিন ’ শব্দৰ অর্থ লিখা । 

উত্তৰঃ মহাবীৰে কঠোৰ সাধনাৰে ৰিপু জয় কৰিছিল বাবে তেওঁক ‘ জিন’ বােলা হৈছিল । ‘ জিন ’ শব্দৰ অৰ্থ — ৰিপুজয় । 

( খ ) মহাবীৰৰ মাক – দেউতাকৰ নাম কি আছিল ? 

উত্তৰঃ মহাবীৰৰ মাৰ নাম ত্রিশলা আৰু দেউতাকৰ নাম সিদ্ধার্থ । 

( গ ) জৈন ধৰ্মৰ মূল পুথিখনৰ নাম কি ? 

উত্তৰঃ অংগ । 

( ঘ ) ‘ ৰত্নত্রয় ’ কি ? 

উত্তৰঃ সৎ বিশ্বাস , সৎ জ্ঞান আৰু সৎ আচৰণ — এই তিনিটা গুণক ‘ ৰত্নত্রয় ’ বুলি কোৱা হয় । 

( ঙ ) তীর্থংকৰ কাক বােলে ? প্রথমগৰাকী তীথংকৰ আৰু তান্তিমগৰাকী তীথংকৰৰ নাম লিখা । 

উত্তৰঃ জৈন ধর্মগুৰুসকলক তীর্থংকৰ বুলি কোৱা হয় । প্রথম গৰাকী তীথংকৰৰ নাম আছিল— ঋষভ আৰু অন্তিম গৰাকী হ’ল মহাবীৰ ।

( চ ) মহাবীৰে কি পাঁচটা গুণ আয়ত্ত কৰিবলৈ কৈছিল ? 

উত্তৰঃ সত্য , অহিংসা , অপৰিগ্রহ , অষ্টেয় আৰু ব্রহ্মচর্য । 

প্রশ্ন ৬। গৌতম বুদ্ধ আৰু মহাবীৰৰ ধর্ম প্রচাৰে সমাজত কেনেধৰণৰ প্রভাৱ পেলাইছিল ? 

উত্তৰঃ গৌতম বুদ্ধ আৰু মহাবীৰৰ ধর্ম প্রচাৰে সমাজত ব্যাপকভাৱে শুভ প্রভাৱ পেলাইছিল । সেইবােৰ হ’ল ―

( ১ ) অহিংসাৰ বাণী প্রচাৰ হােৱাৰ ফলত সমাজত হিংসাৰ প্রকোপ কমিছিল । যাক – যজ্ঞত বলি – বিধানৰ প্রয়ােজন নাই বুলি মানুহে অনুভৱ কৰিছিল । 

( ২ ) সমাজত সকলো শ্রেণীৰ মাজত ধর্ম প্রচাৰ কৰা হৈছিল । সেয়েহে ব্রাহ্মণ , ক্ষত্রিয় , বৈশ্য আৰু শূদ্ৰসকলে সমাজত সমান স্থান পাবলৈ সক্ষম হৈছিল । 

( ৩ ) ভাল কৰ্ম কৰিলে ভাল ফল পায় — এই বিশ্বাসে মানুহক সৎজীৱন- যাপন কৰিবলৈ প্ৰেৰণা দিছিল । 

প্রশ্ন ৭। খ্রীষ্টপূর্ব ষষ্ঠ শতিকাটো ভাৰতৰ ইতিহাসৰ গৌৰৱপূর্ণ কাল বুলি কিয় কোৱা হয় ? 

উত্তৰঃ খ্রীষ্টপূর্ব ষষ্ঠ শতিকাটো ভাৰতীয় ইতিহাসৰ এটা গৌৰৱপূর্ণ কাল বুলি কোৱা হয় । কাৰণ এইটো শতিকাতে গৌতম বুদ্ধ আৰু মহাবীৰে ভাৰতত জন্ম গ্রহণ কৰিছিল । এই দুয়ােগৰাকী মহাপুৰুষে সমাজত অহিংসা আৰু সত্যৰ বাণী বিলাই মানুহক উচ্চ আদৰ্শ আৰু জীৱনৰ পৰম লক্ষ্যৰ পথ দেখুৱাই থৈ গৈছে । তেওঁলােকে যােগাই যােৱা অতুলনীয় অৱদানৰ বাবে সমগ্র মানৱ জাতি চিৰকৃতজ্ঞ । বিশ্বৰ অনেক মহাপুৰুষ গৌতম বুদ্ধ আৰু মহাবীৰৰ আদৰ্শৰ দ্বাৰা অনুপ্রাণিত । সেইবাবেই খ্রীষ্টপূর্ব ষষ্ঠ শতিকাটো ভাৰতৰ ইতিহাসৰ গৌৰৱপূর্ণ কাল বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top