Niketan Class 6 Social Chapter 11 ( ক ) আদিম মানুহৰ অর্থনৈতিক কার্যকলাপ আৰু স্থায়ী বসবাস ( নৱপ্রস্তৰ যুগ )

resppost2025

Niketan Class 6 Social Chapter 11 ( ক ) আদিম মানুহৰ অর্থনৈতিক কার্যকলাপ আৰু স্থায়ী বসবাস ( নৱপ্রস্তৰ যুগ ) is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 11 ( ক ) আদিম মানুহৰ অর্থনৈতিক কার্যকলাপ আৰু স্থায়ী বসবাস ( নৱপ্রস্তৰ যুগ ) and select need one.

Niketan Class 6 Social Chapter 11 ( ক ) আদিম মানুহৰ অর্থনৈতিক কার্যকলাপ আৰু স্থায়ী বসবাস ( নৱপ্রস্তৰ যুগ )

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 11 ( ক ) আদিম মানুহৰ অর্থনৈতিক কার্যকলাপ আৰু স্থায়ী বসবাস ( নৱপ্রস্তৰ যুগ ) Solutions for All Subjects, You can practice these here.

( ক ) আদিম মানুহৰ অর্থনৈতিক কার্যকলাপ আৰু স্থায়ী বসবাস ( নৱপ্রস্তৰ যুগ )

Chapter – 11

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

resppost2025

অনুশীলনী

প্রশ্ন ১। অতি চমুকৈ উত্তৰ লিখা— 

( ক ) অঘৰী অৱস্থাৰ পৰা নিগাজিকৈ বসবাস কৰিবলৈ মানুহৰ কিমান বছৰ লাগিছিল ? 

sqare

উত্তৰঃ অঘৰী অৱস্থাৰ পৰা নিগাজিকৈ বসবাস কৰিবলৈ মানুহৰ বহু হাজাৰ বছৰ লাগিছিল । 

( খ ) কিহৰ প্ৰয়ােজনত আদিম মানুহে একে ঠাইতে বহুত দিন থাকিবলগীয়া হৈছিল ? 

উত্তৰঃ জীৱ – জন্তুৰ পৰা শস্য ৰক্ষা কৰা , শস্যৰ যতন লােৱা ইত্যাদি কামৰ বাবে আদিম মানুহে একে ঠাইতে বহুত দিন থাকিবলগীয়া হৈছিল। 

( গ ) আদিম মানুহে ক’ত শস্য সংৰক্ষণ কৰিছিল ? 

sqare

উত্তৰঃ আদিম মানুহে ডাঙৰ ডাঙৰ মাটিৰ পাত্ৰ সাজি শস্য সংৰক্ষণ কৰিছিল । 

( ঘ ) নৱপ্রস্তৰ যুগৰ সঁজুলিবোৰ কেনেকুৱা আছিল ? 

উত্তৰঃ নৱপ্রস্তৰ যুগৰ মানুহে শিলৰ বাহিৰে অন্য ধাতুৰ ব্যৱহাৰ নিশিকিলেও উন্নত মানৰ সঁজুলি ব্যৱহাৰ কৰিছিল । তেওঁলােকে শিলৰ সঁজুলিবােৰ গঢ়ি – পিটি অধিক নিমজ কৰি ল’লে । তদুপৰি তেওঁলােকে জন্তুৰ হাড়েৰেও সঁজুলি তৈয়াৰ কৰি লৈছিল । 

sidebar2026

প্রশ্ন ২। খালী ঠাই পূৰ কৰা— 

( ক ) ……………….. পৰিৱৰ্তনৰ লগে লগে মানুহৰ জীৱন – নির্বাহ প্রণালীৰাে সলনি হৈছিল । 

2026

উত্তৰঃ সময়ৰ ।

( খ ) নৱপ্ৰস্তৰ যুগৰ মানুহে খাদ্য ………………… খাবলৈ শিকিলে । 

উত্তৰঃ সিজাই ৷ 

( গ ) নিজে উৎপাদন কৰা ……………….. পৰা ৰুটীও তৈয়াৰ কৰি খাইছিল । 

উত্তৰঃ গমৰ । 

sidebar2026

( ঘ ) নৱপ্ৰস্তৰ যুগৰ মানুহে শিলৰ সঁজুলিবােৰ গঢ়ি পিটি অধিক…………………. কৰি ল’লে । 

উত্তৰঃ নিমজ । 

( ঙ ) তেওঁলােকে কিছুমান জন্তুক ……………….. কামত ব্যৱহাৰ কৰিছিল । 

উত্তৰঃ যাতায়াতৰ । 

প্রশ্ন ৩। শুদ্ধ নে অশুদ্ধ লিখা –

( ক ) নৱপ্ৰস্তৰ যুগৰ মানুহে শিল গুহাৰ সলনি সৰু সৰু জুপুৰি ঘৰত থাকিবলৈ ল’লে । 

উত্তৰঃ শুদ্ধ ।

( খ ) এই যুগৰ মানুহে জুইৰ ব্যৱহাৰ নাজানিছিল। 

উত্তৰঃ অশুদ্ধ ।

( গ ) নৱপ্ৰস্তৰ যুগত খেতিৰ আৱিষ্কাৰ হয় ৷ 

উত্তৰঃ শুদ্ধ।

( ঘ ) নৱপ্ৰস্তৰ যুগত মানুহে শিলৰ উপৰি অন্য ধাতুৰৰ ব্যৱহাৰ কৰিছিল । 

উত্তৰঃ অশুদ্ধ।

( ঙ ) নৱপ্রস্তৰ যুগত মৃতদেহবােৰ পেলাই দিয়া হৈছিল । 

উত্তৰঃ অশুদ্ধ।

2026

প্রশ্ন ৪। আদিম মানুহে কেনেকৈ খেতি কৰিবলৈ শিকিছিল ? 

উত্তৰঃ আদিম মানুহে দল বান্ধি চিকাৰ আৰু খাদ্য বিচাৰি ঘূৰি ফুৰিছিল।এনেকৈ ঘূৰি ফুৰোঁতে কেতিয়াবা তেওঁলােকে পুনৰ আগৰ ঠাইতেই উপস্থিত হৈছিল । তেওঁলােকে মন কৰিছিল কেনেকৈ তেওঁলােকে খাই এৰি যােৱা গুটিবােৰৰ পৰা নতুন নতুন গছ গজিছিল । এনেকৈয়ে গুটিৰ পৰা গছ গজা , সেই গছত ফল – মূল লগা কথাবােৰৰ পৰাই আদিম মানুহে খেতি কৰিবলৈ শিকিছিল । 

প্রশ্ন ৫। নৱ প্রস্তৰ যুগৰ মানুহে কি কি খাদ্য খাইছিল ? 

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ মানুহে ফল , ফলৰ ৰস , গাখীৰ , দৈ , মাখন আদি খাদ্য খাইছিল । তদুপৰি তেওঁলােকে মাছ , পশু – পক্ষীৰ মাংস সিজাই খাইছিল । 

প্রশ্ন ৬। নৱপ্রস্তৰ যুগৰ মানুহে কি কি জন্তুক পােহপাল দিছিল ? জন্তুবােৰক তেওঁলােকে আৰু কি কি কামত ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ মানুহে গৰু , ছাগলী , ভেড়া আদি শান্ত প্রকৃতিৰ জন্তুবােৰক পােহপাল দিছিল।

নৱপ্রস্তৰ যুগৰ মানুহে পােহপাল দিয়া জন্তুবােৰক যাতায়াতৰ কামতাে ব্যৱহাৰ কৰিছিল । 

প্রশ্ন ৭। চকাৰ আৱিষ্কাৰ কেতিয়া হৈছিল ? কি কি কামত চকা ব্যৱহাৰ কৰা হৈছিল ? 

উত্তৰঃ নৱপ্রস্তৰ যুগত চকাৰ আৱিষ্কাৰ হৈছিল । নৱপ্ৰস্তৰ যুগৰ মানুহে দূৰ – দূৰণিৰ ঠাইলৈ অহা – যােৱা কৰিবলৈ , খেতিৰ ফচল কঢ়িয়াবলৈ আৰু মাটিৰ পাত্ৰ সাজিবলৈ কুমাৰসকলে চকা ব্যৱহাৰ কৰিছিল । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

( ক ) তলৰ প্রশ্নবােৰৰ অতি চমুকৈ উত্তৰ দিয়া – 

প্রশ্ন ১। কোনখিনি সময়ক নৱপ্ৰস্তৰ যুগ বুলি কোৱা হয় ? 

উত্তৰঃ আদিম মানুহে খহটা শিল ঘঁহি – পিটি অস্ত্র – শস্ত্ৰ আৰু সঁজুলিবােৰ মিহি কৰি গঢ়ি লােৱা যুগটোক নৱপ্ৰস্তৰ যুগ বােলে ।

প্রশ্ন ২। কোনটো যুগত খেতিৰ আৱিষ্কাৰ হ’ল ? 

উত্তৰঃ নৱপ্রস্তৰ যুগত খেতিৰ আৱিষ্কাৰ হ’ল । 

প্রশ্ন ৩। নৱপ্রস্তৰ যুগত মানুহে কেনেধৰণৰ ঘৰত বাস কৰিছিল ? 

উত্তৰঃ নৱপ্ৰস্তৰ যুগত মানুহে সৰু সৰু জুপুৰী ঘৰত বাস কৰিছিল । 

প্রশ্ন ৪। নৱপ্রস্তৰ যুগৰ মানুহে কি কি শস্যৰ খেতি কৰিছিল ? 

উত্তৰঃ নৱপ্রস্তৰ যুগৰ মানুহে গম , বার্লি , যৱ আদি শস্যৰ খেতি কৰিছিল । 

প্রশ্ন ৫। নৱপ্ৰস্তৰ যুগৰ মানুহে সংৰক্ষণ কৰা শস্য কি কি কামত লগাইছিল ? 

2026

উত্তৰঃ নৱপ্রস্তৰ যুগৰ মানুহে সংৰক্ষণ কৰা শস্যৰ কিছু অংশ খাদ্য বাবে আৰু কিছু অংশ পিছত বীজ হিচাপে পুনৰ খেতিত লগাবলৈ ব্যৱহাৰ কৰিছিল । 

প্রশ্ন ৬। অসমৰ কোনখন ঠাইত মিহি কোৰৰ আকৃতিৰ শিল , শস্য গুড়ি কৰা পটা আৰু মাটিৰ পাত্ৰৰ টুকুৰা পােৱা গৈছে ? 

উত্তৰঃ অসমৰ ডিমা হাছাও জিলাৰ দাওজালি হার্ডিং নামৰ ঠাইত বহুতাে মিহি কোৰৰ আকৃতিৰ শিল , শস্য গুড়ি কৰা পটা আৰু মাটিৰ পাত্ৰৰ টুকুৰা ‘ পােৱা গৈছে । 

প্রশ্ন ৭। নৱপ্ৰস্তৰ যুগৰ মানুহে মৃতদেহবােৰ কি কৰিছিল ? 

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ মানুহে মৃতদেহবােৰ পুতি থৈছিল বা কবৰ দিছিল। 

প্রশ্ন ৮। ঐতিহাসিকসকলে নৱপ্ৰস্তৰ যুগৰ সময় কিমান বুলি অনুমান কৰিছিল ?

উত্তৰঃ ঐতিহাসিকসকলে নৱপ্ৰস্তৰ যুগৰ সময় খ্রীঃপূঃ ৭,০০০ বুলি অনুমান কৰিছে । 

( খ ) তলৰ প্রশ্নবােৰৰ চমুকৈ উত্তৰ দিয়া –

প্রশ্ন ১। আদিম মানুহে খেতি কৰিবলৈ লােৱাৰ পৰা কি কি নতুন পৰিৱর্তন আহিল ? 

উত্তৰঃ খেতি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে আদিম মানুহৰ জীৱনযাত্রাত বহুত পৰিৱৰ্তন আহিবলৈ ধৰিলে । খেতি কৰাৰ লগে লগে স্থায়ী বসবাসৰ ধাৰণাত গাঁৱৰ ধাৰণা , শস্য সংৰক্ষণৰ ধাৰণা , নতুন নতুন সঁজুলিৰ ধাৰণা ইত্যাদি কথাবােৰ মানুহৰ মনলৈ আহিল । ইয়াৰ ফলত খেতিৰ ৰক্ষণাবেক্ষণ দিবলৈ খেতি কৰা ঠাইৰ কাষতে ঘৰ সাজি , গাঁও পাতি বাস কৰিবলৈ ল’লে। খেতি কৰা শস্যৰ সংৰক্ষণৰ ব্যৱস্থা কৰিলে আৰু খেতিৰ বাবে হাবি – জংঘল ভাঙিবলৈ , খেতিৰ মাটি চহাবলৈ শস্য চপাবলৈ আৰু ব্যৱহাৰৰ উপযােগীকৈ মানুহে অধিক উন্নত মানৰ সঁজুলি সাজি ল’লে । 

প্রশ্ন ২। জুইৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ ফলত আদিম মানুহৰ কি কি সুবিধা হৈছিল ? 

উত্তৰঃ জুইৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ ফলত আদিম মানৱৰ বহুতাে সুবিধা হ’ল । সফলভাৱে জুই জ্বলােৱাৰ কৌশল শিকাৰ লগে লগে আদিম মানুহে ইমান দিনে কেঁচাই খােৱা মাছ , মাংস আদি খাদ্যবােৰ জুইত পুৰি আৰু সেকি খাবলৈ শিকিলে। ইয়াৰ ফলত তেওঁলােকে খাদ্যৰ এক নতুন জুতি লাভ কৰিলে । 

প্রশ্ন ৩। নৱপ্ৰস্তৰ যুগৰ মানুহৰ পশুপালনৰ বিষয়ে লিখা । 

উত্তৰঃ নৱপ্রস্তৰ যুগৰ মানুহে খেতি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে অঘৰী জীৱন বাদ দি স্থায়ীভাৱে বাস কৰিবলৈ ল’লে । ইয়াৰ লগে লগে তেওঁলােকে কিছুমান জীৱ – জন্তুক পােহপাল দি ৰাখিবলৈ শিকিলে । তেওঁলােকে গৰু , ছাগলী , ভেড়া আদি শান্ত প্রকৃতিৰ জন্তুবােৰক পােহপাল দিছিল । ইয়াৰে কিছুমান জন্তুক তেওঁলােকে যাতায়াতৰ কামত ব্যৱহাৰ কৰিছিল । 

প্রশ্ন ৪। নৱপ্ৰস্তৰ যুগত চকাৰ আৱিষ্কাৰ আৰু মানুহৰ জীৱন যাত্ৰাত ইয়াৰ প্ৰভাৱ সম্পর্কে লিখা। 

উত্তৰঃ নৱপ্রস্তৰ যুগত চকাৰ আৱিষ্কাৰে মানুহৰ জীৱনযাত্রাৰ মান অধিক উন্নত কৰিলে । চকাৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ ফলত আদিম মানুহে দূৰ – দূৰণিৰ ঠাইলৈ অহা – যােৱা কৰা , খেতিৰ ফচল কঢ়িওৱা আদি কামবােৰ সহজতে কৰিব পৰা হ’ল । অৱশ্যে এইবােৰ পৰিৱৰ্তনৰ বাবে বহু হাজাৰ বছৰ লাগিছিল । খেতি বাতিৰ পৰিমাণ বাঢ়ি যােৱাৰ লগে লগে পথাৰৰ শস্য আনিবলৈ মানুহে চকা লগাই বিশেষ কৌশলেৰে গাড়ী নির্মাণ কৰি ল’ব পৰা হ’ল । কম শক্তি আৰু সময় প্রয়ােগ কৰিয়েই গধুৰ আৰু বৃহৎ আকাৰৰ বয় – বস্তু অনায়াসে অনা – নিয়া কৰিব পৰা হ’ল । 

ইতিমধ্যে মানুহে হাতেৰে মাটিৰ পাত্র নির্মাণ কৰিবলৈ শিকিছিল । চকাৰ উদ্ভাৱন আৰু ব্যৱহাৰৰ ফলত অতি কম সময়তে উন্নতমানৰ মাটিৰ পাত্র তৈয়াৰ কৰিব পৰা হ’ল । মাটিৰ পাত্ৰ সাজিবলৈ কুমাৰসকলে চকা ব্যৱহাৰ কৰিলে । কুমাৰৰ চকাৰ সহায়ত পাত্র নির্মাণ কৰি পাত্ৰবােৰৰ গাত ৰং আৰু চিত্র অংকণ কৰিলে । চকাৰ ব্যৱহাৰ কৰি গাড়ী চলাবলৈও শিকিলে । মুঠৰ ওপৰত চকাৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিলে । 

প্রশ্ন ৫। ভাৰতৰ কোন কোন ৰাজ্যত নৱপ্ৰস্তৰ যুগত ব্যৱহাৰ কৰা বিভিন্ন সামগ্রী উদ্ধাৰ হৈছে ? 

উত্তৰঃ ভাৰতৰ উত্তৰ প্ৰদেশ , জম্মু আৰু কাশ্মীৰ , বিহাৰ , উৰিষ্যা , অন্ধ্রপ্রদেশ , মহাৰাষ্ট্র ইত্যাদি ৰাজ্যত নৱপ্রস্তৰ যুগত ব্যৱহাৰ কৰা বিভিন্ন সামগ্রী উদ্ধাৰ হৈছে ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top