Niketan Class 5 Social Chapter 8 আমাৰ সামাজিক জীৱন পদ্ধতি

Niketan Class 5 Social Chapter 8 আমাৰ সামাজিক জীৱন পদ্ধতি, Sankardev Sishu Niketan Chapter 8 আমাৰ সামাজিক জীৱন পদ্ধতি Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 8 আমাৰ সামাজিক জীৱন পদ্ধতি

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 8 আমাৰ সামাজিক জীৱন পদ্ধতি gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

আমাৰ সামাজিক জীৱন পদ্ধতি

Chapter – 8

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া- 

( ক ) এটা জনসমষ্টিক কেতিয়া সমাজৰূপে গণ্য কৰা যায় ? 

উত্তৰঃ কোনাে জনসমষ্টিয়ে যেতিয়া কেতবোৰ উমৈহতীয়া নীতি – নিয়ম বা শৃংখলা ৰক্ষা কৰি কোনাে – এটা অঞ্চলত একেলগে বাস কৰে তেতিয়া সেই জনসমষ্টিটোক সমাজৰূপে গণ্য কৰা হয় ।

( খ ) আমি সামাজিক জীৱন কেনেদৰে উপভােগ কৰিব পাৰোঁ ? 

উত্তৰঃ বিভিন্ন উপায়েৰে আমি সামাজিক জীৱন উপভােগ কৰিব পাৰোঁ। ওচৰ চুবুৰীয়াৰ কাৰােবাৰ বেমাৰ – আজাৰ হ’লে তেনে লােকৰ খা – খবৰ লােৱা , প্রয়ােজন সাপেক্ষে ডাক্তৰৰ ওচৰলৈ বা চিকিৎসালয়লৈ নিয়া , ঔষধ – পাতি আনি দিয়া — ইত্যাদি কাম কৰিব পাৰোঁ । সেইদৰে কাৰােবাৰ ঘৰত বিয়া – সবাহ বা উৎসৱ – পার্বণ হলে তালৈ গৈ সহায় কৰি দিয়া , যাতায়াতৰ বাবে অসুবিধা হৈ পৰা গাঁৱৰ ৰাস্তাটো লগে ভাগে ভাল কৰা — এনেকুৱা বহুতাে কামৰ জৰিয়তে আমি সামাজিক জীৱন উপভােগ কৰিব পাৰোঁ ।

( গ ) সামাজিক দায়বদ্ধতা বুলিলে কি বুজা ? 

উত্তৰঃ সমাজৰ অংশ হিচাপে এজন ব্যক্তি এখন সমাজৰ ওচৰত যি যি কাৰণত দায়বদ্ধ , সেয়েই সামাজিক দায়বদ্ধতা । আনৰ সুখ – দুখ , সুবিধা – অসুবিধালৈ লক্ষ্য ৰখা , আনৰ প্রতি ভাল আচৰণ কৰা , আনৰ সমস্যা দূৰ কৰাৰ চেষ্টা কৰা , আনৰ অসুবিধা নােহােৱাকৈ নিজৰ কাম কৰা , ৰাজহুৱা ব্যৱস্থাবােৰৰ উপযুক্ত প্রয়ােগ কৰা , দেশৰ বা সমাজৰ প্রতি ক্ষতিকাৰক কাম নকৰা — ইত্যাদিবােৰেই হ’ল সামাজিক দায়বদ্ধতাৰ নিদর্শন। 

( ঘ ) মানৱ সমাজৰ লক্ষণ কি ? 

উত্তৰঃ মানৱ সমাজৰ লক্ষণবােৰ হৈছে— 

( ১ ) বাস কৰা লােকসকলৰ মাজত আচাৰ – ব্যৱহাৰৰ সাদৃশ্য ।

( ২ ) চিন্তা – ভাৱনাত মিল ।

( ৩ ) লােকসকলৰ মাজত ভাবৰ আদান – প্রদান । 

( ৪ ) ইজনৰ প্রতি সিজনৰ সদ্ভাৱ ।

( ৫ ) সকলােৰে বাবে কল্যাণমূলক ব্যৱস্থাৰ প্ৰচলন ইত্যাদি । 

প্রশ্ন ২। এখন সমাজৰ লক্ষণবােৰ কি কি ? পাঁচটা লক্ষণৰ কথা লিখা । 

উত্তৰঃ  পাঁচটা লক্ষণ হ’ল―

( ১ ) বাস কৰা লােকসকলৰ মাজত আচাৰ – ব্যৱহাৰৰ সাদৃশ্য ।

( ২ ) চিন্তা – ভাৱনাত মিল ।

( ৩ ) লােকসকলৰ মাজত ভাবৰ আদান – প্রদান । 

( ৪ ) ইজনৰ প্রতি সিজনৰ সদ্ভাৱ ।

( ৫ ) সকলােৰে বাবে কল্যাণমূলক ব্যৱস্থাৰ প্ৰচলন ইত্যাদি । 

প্রশ্ন ৩। সমাজত বিচিত্রতা আছে , তাকে বুজাবলৈ তুমি নিজাকৈ এটা উদাহৰণ দিয়া ।

উত্তৰঃ মানুহে সমাজ পাতি বাস কৰিলেও একেখন সমাজতে বিচিত্রতা দেখা যায় । কাৰণ ব্যক্তিভেদে ৰুচি – অভিৰুচি , মতামত , ধর্ম – বিশ্বাস, পিন্ধন – উৰণ আদি বেলেগ বেলেগ হয় । উদাহৰণ হিচাপে আমাৰ নিজৰ গাঁৱৰ সমাজখনৰ কথাই ক’ব পৰা যায় । আমাৰ গাঁৱৰ ত্রিশঘৰ মানুহৰ ভিতৰত আঠঘৰ মানুহে চালি ঘৰত বাস কৰে , বাকীবােৰৰ পকীঘৰ আছে । সেইদৰে দুইঘৰ মানুহে ঈশ্বৰ বিশ্বাস বা পূজা – পাতল নকৰে । বাকীবােৰে ঈশ্বৰ বিশ্বাস কৰে , মন্দিৰ বানা মঘৰলৈ যায় আৰু পূজা – পাতলাে কৰে । একে সমাজ বা একে পৰিয়ালত থাকিলেও আমাৰ গাঁৱৰ কিছুমান নিৰামিষভােজী আৰু কিছুমান আমিষভােজী । গতিকে দেখা যায় একে সমাজ হলেও , সমাজত বিচিত্রতা আছে । 

প্রশ্ন ৪। সময়ৰ লগে লগে সামাজিক জীৱন পদ্ধতি সলনি হয়; তাকে বুজাবলৈ তুমি এটা উদাহৰণ দিয়া । 

উত্তৰঃ সময়ৰ লগে লগে সামাজিক জীৱন পদ্ধতিৰ সলনি হয় । ই এক স্বাভাৱিক প্রক্রিয়া । এটা উদাহৰণৰ দ্বাৰা আমি কথাখিনিৰ সত্যতা উপলব্ধি কৰিব পাৰোঁ আমাৰ গাঁৱৰ প্ৰতিঘৰ মানুহে এটা সময়ত ওচৰতে থকা নদীখনৰ পানী বা পুখুৰীৰ পানী সকলাে কামতে ব্যৱহাৰ কৰিছিল, ৰন্ধা – বঢ়া কামত খৰি ব্যৱহাৰ কৰিছিল , কেৰাচিন তেলেৰে চাকি – লেম্প জ্বলাইছিল । বর্তমান প্রতিঘৰ মানুহে টিউৱৱেল বহুৱাই লৈছে , চৰকাৰীভাৱে পানী যােগানৰ ব্যৱস্থাও আছে । সেইদৰে প্রত্যেক ঘৰ মানুহে খৰিৰ সলনি ৰন্ধন গেছ আৰু কেৰাচিনেৰে জ্বলােৱা চাকি – লেম্পৰ সলনি বিজুলী বাতি ব্যৱহাৰ কৰে । গতিকে দেখা যায় সময়ৰ লগে লগে সামাজিক জীৱন পদ্ধতিৰে সলনি হয় । 

প্রশ্ন ৫। সামাজিক দায়বদ্ধতাৰ কথা বিবেচনা কৰি তলৰ প্রশ্নবােৰৰ উত্তৰ দিয়া ।

( ক ) মণিমালা পঞ্চম শ্রেণীৰ ছাত্রী । তাই চিটীবাছেৰে বিদ্যালয়লৈ যায়। সিদিনা তাই মহিলাৰ আসনত বহি গৈছিল । এনেতে ওচৰত এগৰাকী বুঢ়ী মানুহ থিয় দিলেহি ৷ মণিমালাই কি কৰা উচিত ? 

উত্তৰঃ বয়সিয়াল লােকক সন্মান কৰা , শ্রদ্ধা জনােৱা তথা তেওঁলােকৰ প্রতি সহানুভূতিশীল হােৱাটোও সামাজিক দায়বদ্ধতা । গতিকে ছােৱালী হিচাপে নিয়মানুসাৰে মণিমালাই মহিলাৰ আসনত বহি গ’লেও বুঢ়ী মানুহগৰাকীৰ শাৰীৰিক অৱস্থা লক্ষ্য কৰি আৰু সামাজিক দায়বদ্ধতাৰ খাতিৰত বুঢ়ী গৰাকীক আসনখন এৰি দিয়া উচিত।

( খ ) দেবাংশু কায়েকৰ সৈতে ৰেল ষ্টেচনলৈ গৈছিল । প্লেটফৰ্মত থকা খােৱা পানীৰ টেপটোৰে অনবৰতে পানী গৈ আছে , কোনােবাই টেপটো খুলি থৈ গৈছে । দেবাংশুৱে কি কৰা উচিত ? 

উত্তৰঃ আনে কৰা অপচয়ে আন কাৰােবাক অসুবিধাত পেলাব পাৰে । নিজে অপচয় নকৰা আৰু আনে কৰা অপচয় ৰােধ কৰাটো এক সামাজিক দায়বদ্ধতা । খুলি থােৱা টেপটোৰে পানী পৰি পৰি পানীৰ এনেয়ে অপচয় হলে , কোনােবাই অতি প্রয়ােজনতাে পানী নাপাব পাৰে । গতিকে দেবাংশুৱে সামাজিক দায়বদ্ধতাৰ পৰিচয় দি টেপটো বন্ধ কৰা উচিত ।

( গ ) অনন্ত অৰু দিগন্ত দুয়াে একেলগে বিদ্যালয়লৈ আহি আছিল । বুঢ়ী মানুহ এগৰাকীয়ে ৰাস্তা পাৰ হ’ব নােৱাৰি ৰৈ আছিল আৰু সিহঁতৰ সন্মুখতে উজুটি খাই পৰিল । সিহঁতে কি কৰা উচিত ? 

উত্তৰঃ দুর্বল , অক্ষম অথবা অসহায় অৱস্থাত পৰা মানুহৰ প্রতি সহানুভূতি দেখুওৱাটো এক সামাজিক দায়বদ্ধতা । এনে সামাজিক দায়বদ্ধতাৰ পৰিচয় দি অনন্ত আৰু দিগন্ত দুয়ােজনে উজুটি খাই পৰি যােৱা বুঢ়ী গৰাকীক উঠাই দি নিৰপদে ৰাস্তাটো পাৰ হােৱাত সহায় কৰা উচিত ।

( ঘ ) যােৱা ৰাতি ধুমুহাত জামু গছজোপা উভালি ৰাস্তাতে পৰিল । ফলত অৰুণহঁতৰ অহা – যােৱা বাটটো বন্ধ হৈ পৰিল । অৰুণহঁতে কি কৰা উচিত ? 

উত্তৰঃ ৰাস্তাৰে সকলাে মানুহে যাতায়াত কৰে । কিবা কাৰণত ৰাস্তা এটা বেয়া হ’লে বা গছ – গছনি পৰি ৰাস্তাটো বন্ধ হৈ পৰিলে ৰাস্তাটো ভাল কৰ , মােকোলােৱাটো ওচৰৰ মানুহখিনিৰ সামাজিক দায়বদ্ধতা । গতিকে ভাগি ৰাস্তত পৰা গছজোপা অৰুণহঁতে কাটি – মেলি আতৰ কৰি ৰাস্তাটো মুকলি কৰা উচিত ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top