Niketan Class 5 Social Chapter 13 ভূগোল অধ্যয়ন

Niketan Class 5 Social Chapter 13 ভূগোল অধ্যয়ন, Sankardev Chapter 13 ভূগোল অধ্যয়ন Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 13 ভূগোল অধ্যয়ন

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 13 ভূগোল অধ্যয়ন gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

ভূগোল অধ্যয়ন

Chapter – 13

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমু উত্তৰ দিয়া –

( ক ) ভূচিত্ৰাৱলীত কি থাকে ? 

উত্তৰঃ ভূচিত্ৰাৱলীত সমগ্র পৃথিৱীৰ মানচিত্র থাকে।

( খ ) মানচিত্র বুলিলে কি বুজা ? 

উত্তৰঃ মান বা জোখ – মাপ কৰি অঁকা চিত্রক মানচিত্র বােলা হয় । 

( গ ) প্রাকৃতিক ভূগােল আৰু মানৱ ভূগােল কাক বােলে ? 

উত্তৰঃ যি ভূগােলত বায়ুমণ্ডল , আকাশ , দিশ , স্থান , সময় , পর্বত – পাহাৰ , সাগৰ মহাসাগৰ , নদ – নদী আদিৰ দৰে প্ৰকৃতিৰ বিভিন্ন কথা আলােচনা কৰা হয় তাক প্রাকৃতিক ভূগােল ( Physical Geography) বােলে । আনহাতে , যি ভূগােলত মানুহৰ বাসস্থান আৰু মানুহ বসবাস কৰাৰ ফলত দেখা দিয়া পৰিৱৰ্তনবােৰৰ কথা , লগতে মানৱ সমাজৰ পৰিৱৰ্তন কেনেদৰে হয় আদি কথা আলােচনা কৰা হয় , তাকে মানৱ ভূগােল ( Human Geography ) বোলে ।

( ঘ ) প্রাকৃতিক মানচিত্র কি ?

উত্তৰঃ যি মানচিত্ৰত কেৱল নদ – নদী , পর্বত – পাহাৰ , হ্রদ , মৰুভূমি , সাগৰ – মহাসাগৰ আদি প্ৰকৃতিৰ বস্তু অংকন কৰি দেখুওৱা হয় , তাকে প্রাকৃতিক মানচিত্র বােলে । 

প্রশ্ন ২। ভূগােলৰ জ্ঞান আয়ত্ত নকৰিলে ভাল নাগৰিক হ’ব নােৱাৰি বুলি কিয় কোৱা হৈছে ? 

উত্তৰঃ ভূগােল বিষয়টো অধ্যয়নৰ মূল উদ্দেশ্য হ’ল মানুহে বিভিন্ন পৰিৱেশত কিদৰে জীৱন – নির্বাহ কৰিছে আৰু আমাৰ পৃথিৱীখনতনো কি কি আছে , পৃথিৱীত ঘটি থকা প্রাকৃতিক ঘটনাবোৰ কি আৰু সেইবােৰ ঘটাৰ কাৰণ কি , সেইবােৰৰ বিষয়ে জ্ঞান আহৰণ কৰা । এজন ভাল নাগৰিক হ’বলৈ হ’লে প্রাকৃতিক , ঐতিহাসিক , ৰাজনৈতিক , অর্থনৈতিক , সাংস্কৃতিক আদি বিভিন্ন দিশৰ জ্ঞানৰ আৱশ্যক । ভূগােল অধ্যয়ন কৰি আমি এই বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিব পাৰে । সেয়েহে , ভূগােলৰ জ্ঞান আয়ত্ত নকৰিলে ভাল নাগৰিক হ’ব নােৱাৰি বুলি কোৱা হৈছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top