Niketan Class 5 Social Chapter 12 স্বায়ত্তশাসিত জিলা পৰিষদ

Niketan Class 5 Social Chapter 12 স্বায়ত্তশাসিত জিলা পৰিষদ, Sankardev Sishu Niketan Chapter 12 স্বায়ত্তশাসিত জিলা পৰিষদ Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 12 স্বায়ত্তশাসিত জিলা পৰিষদ

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 12 স্বায়ত্তশাসিত জিলা পৰিষদ gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

স্বায়ত্তশাসিত জিলা পৰিষদ

Chapter – 12

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমু উত্তৰ দিয়া –

( ক ) জনজাতি কাক বােলে ? জনজাতীয় লােকসকলৰ বৈশিষ্ট্য কি ? 

উত্তৰঃ একোটা অঞ্চলত আদিম কালৰে পৰা বাস কৰি থকা একোটা সামাজিক গােটক জনজাতি বােলা হয় । জনজাতীয় লােকসকলৰ বৈশিষ্ট্য হৈছে তেওঁলােকৰ নিজা ভাষা , ৰীতি-নীতি আৰু সংস্কৃতি আছে। তেওঁলােকৰ জীৱন – নির্বাহৰ পদ্ধতি , সামাজিক ব্যৱস্থা আৰু পৰম্পৰাবােৰাে সুকীয়া ।

( খ ) স্বায়ত্তশাসন ব্যৱস্থা বুলিলে কি বুজা ? ইয়াৰ উদ্দেশ্য কি ? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ একোখন জনজাতীয় সমাজৰ উন্নয়নৰ বাবে অঞ্চলটোৰ শাসনভাৰ সেই জনজাতিটোৰ সাংবিধানিকভাৱে নির্বাচিত প্রতিনিধিৰ হাতত অৰ্পণ কৰা ব্যৱস্থাটোকে স্বায়ত্ত শাসন ব্যৱস্থা বােলা হয় । জনজাতিসকলৰ ভাষা – সংস্কৃতি , ৰীতি – নীতি , সামাজিক ব্যৱস্থা তথা পৰম্পৰাসমূহ যাতে হেৰাই নাযায় , তাৰ বাবে সংবিধানত স্বায়ত্ত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে ।

( গ ) অসমৰ পাহাৰীয়া অঞ্চলত থকা দুখন স্বায়ত্তশাসিত জিলা পৰিষদৰ নাম লিখা । 

উত্তৰঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত জিলা পৰিষদ আৰু ডিমা হাছাও জিলা পৰিষদ । 

( ঘ ) অসমৰ ভৈয়ামত থকা তিনিখন স্বায়ত্তশাসিত পৰিষদৰ নাম লিখা। 

উত্তৰঃ বড়ােলেণ্ড স্বায়ত্তশাসিত পৰিষদ , ৰাভা স্বায়ত্তশাসিত পৰিষদ আৰু মিচিং স্বায়ত্তশাসিত পৰিষদ ।

( ঙ ) বিটিএডিৰ জিলাকেইখনৰ নাম লিখা । 

উত্তৰঃ কোকৰাঝাৰ , চিৰাং , বাসা আৰু ওদালগুৰি ।

প্রশ্ন ২। খালী ঠাই পূৰণ কৰা –

( ক ) পাহাৰীয়া স্বায়ত্তশাসিত জিলা পৰিষদ দুখন ………….. চনত গঠিত হৈছিল । 

উত্তৰঃ পাহাৰীয়া স্বায়ত্তশাসিত জিলা পৰিষদ দুখন ১৯৫৫ চনত গঠিত হৈছিল ।

( খ ) …………….. চনত বিটিএডি পৰিষদ গঠন কৰা হৈছিল । 

উত্তৰঃ ২০০৩ চনত বিটিএডি পৰিষদ গঠন কৰা হৈছিল । 

( গ ) স্বায়ত্তশাসিত জিলা পৰিষদৰ …………….. সদস্য ভােটাৰসকলে বাছি দিয়ে । 

উত্তৰঃ স্বায়ত্তশাসিত জিলা পৰিষদৰ তিনি চতুর্থাংশ সদস্য ভােটাৰসকলে বাছি দিয়ে । 

( ঘ ) স্বায়ত্তশাসিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক………………. সকলে বাছি দিয়ে । 

উত্তৰঃ স্বায়ত্তশাসিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক কাৰ্যবাহী সদস্য সকলে বাছি দিয়ে । 

( ঙ ) স্বায়ত্তশাসিত পৰিষদ ……………… সকলে কিছুমান বিশেষ সুবিধা ভােগ কৰিব পাৰে । 

উত্তৰঃ স্বায়ত্তশাসিত পৰিষদ জনজাতীয় লােকসকলে কিছুমান বিশেষ সুবিধা ভােগ কৰিব পাৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top