Class 9 Commerce Elective Chapter 8 বীমাৰ পৰিচয়

Class 9 Commerce Elective Chapter 8 বীমাৰ পৰিচয় Solutions, SEBA Class 9 Banijya Parichoy Question Answer, Class 9 Commerce Elective Chapter 8 বীমাৰ পৰিচয় Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 9 SEBA and select needs one.

Class 9 Commerce Elective Chapter 8 বীমাৰ পৰিচয়

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 9 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Commerce Elective Solutions for All Chapter, You can practice these here.

বীমাৰ পৰিচয়

Chapter – 8

চতুর্থ খণ্ডঃ বীমা

প্রশ্নাৱলী

১। বীমা ব্যৱসায়ৰ ওপৰত এটি চমু টোকা আগবঢ়োৱা।

উত্তৰঃ বীমা হৈছে এক প্ৰকাৰৰ অৰ্থনৈতিক তথা সামাজিক উপকাৰিতা, যি মানুহৰ জীৱন আৰু অন্যান্য মূল্যৱান সা-সম্পত্তিৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ক্ষয়-ক্ষতিৰ ক্ষতিপূৰণ দিয়ে তথা ইয়াৰ লোকচানৰ পৰিমাণ হ্রাস কৰে। দুই পক্ষৰ মাজত হোৱা এক আইনী চুক্তি য’ত এটা পক্ষই এক নির্দিষ্ট অৰ্থৰ বিনিময়ত আন এটা পক্ষৰ কিছুমান অনিশ্চয়তাক সামৰি লয় বা সম্ভাব্য বিপদশংকাৰ বিৰুদ্ধে আর্থিক নিৰাপত্তা প্রদান কৰে। এনে অনিশ্চয়তাসমূহ ভৱিষ্যতে সংঘটিত হ’বও পাৰে বা নহ’বও পাৰে। ইয়াৰ এক নির্দিষ্ট সময়সীমা থাকে। যি পক্ষই নিৰাপত্তা বিচাৰে তেওঁক বীমাকাৰী (Insured), যি পক্ষই নিৰাপত্তা প্রদান কৰে, তাক বীমাকত্তা (Insurer) আৰু বীমাকাৰীয়ে যি অৰ্থৰ পৰিমাণৰ বিনিময়ত বিপদশংকাৰ বিৰুদ্ধে নিৰাপত্তা লাভ কৰে, তাক বীমাকিস্তি (Insurance Premium) বুলি কোৱা হয়।

২। বীমাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য সমূহ উল্লেখ কৰা।

উত্তৰঃ বীমাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য সমূহ হ’ল- 

(ক) বীমা হৈছে দুই পক্ষৰ মাজত হোৱা এক চুক্তি। ইয়াত এটা পক্ষ হৈছে বীমা কোম্পানী, যি আনটো পক্ষৰ বিপদশংকা গ্রহণ কৰে আৰু আনটো পক্ষ হৈছে, কোনো বিশেষ ব্যক্তি, গোট বা কোম্পানী যি বিপদশংকা হস্তান্তৰ কৰে।

(খ) বীমা হৈছে এক আইনী চুক্তি যি দুটা পক্ষৰ সন্মতিৰ আধাৰত সম্পন্ন হয়।

(গ) বীমা সম্পূৰ্ণ সৰল বিশ্বাসৰ নীতিৰ ওপৰত প্রতিষ্ঠিত। এই চুক্তিৰ আধাৰত বীমা কোম্পানীয়ে বীমাকাৰীক বীমাপত্ৰৰ সকলো তথ্য শুদ্ধ আৰু সম্পূৰ্ণ ৰূপত দিয়াটো আৱশ্যক।

(ঘ) বীমা সমবায় পদ্ধতিৰ ওপৰত প্ৰতিষ্ঠিত। অর্থাৎ এক বৃহৎ পৰিমাণৰ ব্যক্তি বিশেষ যাক সমবায় সদস্য হিচাপে গণ্য কৰা হয়, তেওঁলোকে ক্ষুদ্ৰ পৰিমাণৰ অৰ্থ আগবঢ়াই এক বৃহৎ পৰিমাণৰ পুঁজি গঠন কৰে।

(ঙ) বীমা চুক্তিত উল্লেখ থকা নীতি-নিয়ম অনুসৰি বীমাই বিভিন্ন প্ৰকাৰৰ বিপদশংকাৰ নিৰাপত্তা প্রদান কৰে।

(চ) এই চুক্তি অনুযায়ী বিপদশংকাৰ দায়িত্ব এটা পক্ষই আন এটা পক্ষলৈ হস্তান্তৰ কৰে।

(ছ) বীমা কোম্পানীয়ে বীমাকাৰীৰ পৰা পোৱা বীমাকিস্তিৰ আধাৰতহে বিপদশংকাৰ দায়িত্ব গ্রহণ কৰে তথা আর্থিক নিৰাপত্তা প্রদান কৰে।

৩। বীমাৰ বিভিন্ন প্ৰকাৰ সমূহ বৰ্ণনা কৰা।

উত্তৰঃ বীমাৰ বিভিন্ন প্ৰকাৰ সমূহ হ’ল- 

১। জীৱন বীমা (Life Insurance): বিভিন্ন প্ৰকাৰৰ ভিতৰত সৰ্বাধিকভাৱে প্রচলিত আৰু জনপ্রিয় বীমা হৈছে জীৱন বীমা। ইয়াৰ মূল আধাৰ হৈছে মানুহৰ জীৱনৰ ক্ষতিপূৰণ। ইয়াত কোনো এজন ব্যক্তিয়ে তেওঁৰ মৃত্যু বা দুর্ঘটনা, বেমাৰ ইত্যাদিৰ ওপৰত বীমা কৰাব পাৰে। ইয়াত এজন মানুহে তেওঁৰ জীৱনৰ ওপৰত ঘটা নানা দূৰ্ঘটনাৰ নিৰাপত্তাক সামৰি লয় আৰু তাৰবাবে তেওঁ নির্দিষ্ট সময়ৰ মূৰে মূৰে বীমাকিস্তি দিব লাগে। তাৰোপৰি ইয়াত বীমাকাৰীয়ে এজন উত্তৰাধিকাৰী চিনাক্ত কৰিব পাৰে, যি তেওঁৰ মৃত্যুৰ পাছত কী”গমূল্য গ্রহণ কৰাৰ অধিকাৰ লাভ কৰে। যেনে- ভাৰতীয় জীবন বীমা নিগম LICI (Life Insurance Corporation of India).

২। সাধাৰণ বীমা (General Insurance): যিবিলাক বীমা চুক্তি জীৱন বীমাৰ বাহিৰে অন্যান্য প্ৰকাৰৰ বীমা সমূহক সামৰি লয়, তাক সাধাৰণ বীমা বুলি কোৱা হয়। সাধাৰণ বীমাই ব্যক্তি বা ব্যৱসায়ৰ বিভিন্ন সম্পত্তিৰ পৰা উদ্ভৱ হ’ব পৰা দূৰ্ঘটনা, চুৰি, অগ্নি ইত্যাদি বিপদশংকাৰ বিৰুদ্ধে নিৰাপত্তা প্রদান কৰে। যেনে- ভাৰতীয় সাধাৰণ বীমা নিগম GICI (General Insurance Corporation of India).

৩। অগ্নি বীমা (Fire Insurance): অগ্নি বীমাই অগ্নিৰ পৰা হ’ব পৰা বিপদ বা ক্ষয়-ক্ষতিৰ ওপৰত নিৰাপত্তা প্রদান কৰে। এই বীমাৰ অধীনত, যদি কোনো বিশেষ সম্পত্তিৰ ওপৰত অগ্নি বীমা কৰোৱা থাকে আৰু তেনে সম্পত্তি অগ্নিৰ পৰা ক্ষতি বা ধবংস হ’লে, বীমাকাৰীয়ে বীমা কোম্পানীৰ পৰা এনে ক্ষতিৰ পৰিমাণ লাভ কৰে।

৪। চুৰি-ডকাইতি বীমা (Theft Insurance): এনে বীমাই চুৰি কাৰ্যৰ পৰা উদ্ভৱ হোৱা লোকচানৰ নিৰাপত্তা প্রদান কৰে। যদি বীমাকাৰীৰ বীমা কৰা কোনো মূল্যৱান সম্পত্তি চুৰি বা ডকাইতি হয়, তেন্তে বীমা কোম্পানীয়ে ইয়াৰ আৰ্থিক ক্ষতিপূৰণ দিয়ে।

৫। নৌ-বীমা (Marine Insurance): সকলো আন্তঃৰাষ্ট্ৰীয় বেপাৰ সাগৰৰ মাধ্যমেদি সংঘটিত হয়। এখন দেশৰ পৰা আন এখন দেশলৈ সা-সামগ্ৰীসমূহ জাহাজৰ মাধ্যমত যাতায়ত কৰা হয়। ইয়াত এক বৃহৎ পৰিমাণৰ বিপদশংকা জড়িত হৈ থাকে। যদি এখন জাহাজ নৌ-পথত ধুমুহা বা অন্যান্য যিকোনো ধৰণৰ বিপদৰ মুখা-মুখি হয়, তেন্তে ইয়াৰ ফলত ব্যৱসায়ত এক বৃহৎ পৰিমাণৰ ক্ষতি হয়। নৌ-বীমাই এনে অনিশ্চয়তা আৰু বিপদশংকাৰ ওপৰত বীমাকাৰীক আর্থিক নিৰাপত্তা প্রদান কৰে।

৪। বীমাৰ নীতি সমূহ কি কি?

উত্তৰঃ বীমাৰ নীতি সমূহ হ’ল- 

(ক) সম্পূৰ্ণ সৰল বিশ্বাসৰ নীতি (Principle of utmost good faith): সকলো প্ৰকাৰৰ বীমা চুক্তি সম্পূর্ণ সৰল বিশ্বাস নীতিৰ আধাৰত প্রতিষ্ঠিত। এই নীতি অনুসৰি, বীমাকাৰী আৰু বীমাকৰ্তাৰ মাজত যিবিলাক বিষয় সংক্রান্তত চুক্তিবদ্ধ হয় তথা তথ্যৰ বিনিময় হয়, সেইবিলাক সঁচা হোৱাটো আৱশ্যক। যিকোনো এটা পক্ষই বিষয় সম্বন্ধীয় কোনো তথ্য গোপনে ৰখাটো অনুচিত।

(খ) বীমাযোগ্য নীতি (Principle of Insurable Interest): কোনো সম্পত্তি বা জীৱনৰ ক্ষতি হ’লে, গৰাকীজনৰ যি আর্থিক ক্ষতি হয়, তাক বীমাযোগ্য স্বার্থ বোলে। অর্থাৎ গৰাকীজনৰ আৰ্থিক ক্ষতি লাভ কৰা উদ্দেশ্যেৰে বীমা কৰা হয় বাবে ইয়াক বীমাযোগ্য স্বার্থ বুলি কোৱা হয়। যদি বীমা কৰা সা-সম্পত্তি বা জীৱনৰ ওপৰত কোনো বিপদ আহে বা তাৰ ক্ষয়-ক্ষতি হয়, তেন্তে তাৰ ক্ষতিপূৰণ বীমা কোম্পানীয়ে প্রদান কৰে।

(গ) ক্ষতিপূৰণৰ নীতি (Principle of Indemnity): জীৱন বীমাৰ বাহিৰে অন্যান্য সকলো বিলাক বীমা চুক্তি এক প্ৰকাৰৰ ক্ষতিপূর্ণণ চুক্তি। অর্থাৎ বীমাকৃত সম্পৰ্কত যি পৰিমাণ দিয়া হয় সেই পৰিমাণৰ ধন পৰিশোধৰ ক্ষেত্ৰতহে বীমা সম্পাদন কৰাটো দায়বদ্ধ। ক্ষতিপূৰণৰ এই নীতি সকলো প্ৰকাৰৰ বীমা চুক্তিৰ ক্ষেত্ৰত প্রয়োগ হয়, যদিও জীবন বীমাৰ ক্ষেত্রত প্রয়োগ নহয়।

(ঘ) প্রতিশ্রুতিৰ নীতি (Principle of Warranty): বীমা চুক্তিৰ আধাৰত কিছুমান নির্দিষ্ট নীতি-নিয়ম বন্ধা থাকে, যিবিলাক বীমা কৰাৰ সময়ত বীমাকাৰীয়ে পালন কৰিব লাগে। যদি এনে নিয়মাবলীসমূহ বীমাকাৰীয়ে পালন নকৰে বা পালন কৰাত ব্যর্থ হয়, তেন্তে বীমা চুক্তি কার্যকৰী নহয়।

৫। বীমাৰ সুবিধা সমূহ বর্ণনা কৰা।

উত্তৰঃ বীমাৰ সুবিধা সমূহ হ’ল-

(ক) নিৰাপত্তা প্রদান (Providing Protection): বীমাই মানুহৰ জীৱন আৰু সম্পত্তিৰ ওপৰত নিৰাপত্তা প্রদান কৰে। জীৱন বীমাই মানুহৰ জীৱনৰ ওপৰত নিৰাপত্তা প্রদান কৰে আৰু ক্ষতিপূৰণৰ নীতি অনুসৰি কোনো সা-সম্পত্তিৰ ওপৰত হোৱা লোকচানৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰে।

(খ) বিনিয়োগ (Investment Elements): বীমাই একমাত্ৰ সুৰক্ষা প্ৰদান নকৰে, বৰঞ্চ ই বিনিয়োগত সহায় কৰে। বীমাকাৰীৰ পৰা বীমাকৰ্তাই যি বীমাকিস্তি লাভ কৰে, তাক বীমাকর্তাই লাভাংশ বা সুত অৰ্জনৰ বাবে বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰে।

(গ) বিপদশংকাৰ বিতৰণ (Distribution of Risk): বীমা চুক্তিৰ জৰিয়তে কোনো এজন ব্যক্তিৰ বিপদশংকা অন্য বহুতো মানুহৰ ভিতৰত বিতৰণ বা হস্তান্তৰ কৰা হয়। বীমাকাৰীয়ে নির্দিষ্ট সময়ৰ অন্তত নিদ্ধাৰিত বীমাকিস্তি দিব লাগে।

(ঘ) ঋণৰ সুবিধা (Loan Facility): বেংক, বিত্তীয় প্রতিষ্ঠান আৰু বীমাকোম্পানীসমূহে বীমাকাৰীক ঋণৰ সুবিধা প্রদান কৰে।

(ঙ) সঞ্চয়ৰ প্রতি উৎসাহ (Encouragement to Savings): প্রত্যেক বীমাকাৰীয়ে এক নির্দিষ্ট সময়ৰ মূৰে মূৰে বীমা চুক্তিৰ আধাৰত বীমাকিস্তি দিব লাগে। ই বীমাকাৰীজনৰ মাজত এক সঞ্চয়ৰ অভ্যাস গঢ় দিয়ে।

(চ) অর্থনৈতিক উন্নয়ণ (Economic Growth): বীমাই এখন দেশৰ অর্থনৈতিক উন্নয়ন আৰু প্রগতিত অৱদান আগবঢ়ায়। বীমা কোম্পানী সমুহে বীমাকিস্তি ৰূপত এক বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰে অর্থাৎ ই অর্থনীতিৰ বিভিন্ন উৎসৰ পৰা পুঁজি সংগ্ৰহ আৰু একত্ৰিত কৰাত সহায় কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top