Class 9 Commerce Elective Chapter 7 বেংকিংৰ প্ৰাথমিক ধাৰণাসমূহ

Class 9 Commerce Elective Chapter 7 বেংকিংৰ প্ৰাথমিক ধাৰণাসমূহ Solutions, SEBA Class 9 Banijya Parichoy Question Answer, Class 9 Commerce Elective Chapter 7 বেংকিংৰ প্ৰাথমিক ধাৰণাসমূহ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 9 SEBA and select needs one.

Class 9 Commerce Elective Chapter 7 বেংকিংৰ প্ৰাথমিক ধাৰণাসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 9 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Commerce Elective Solutions for All Chapter, You can practice these here.

বেংকিংৰ প্ৰাথমিক ধাৰণাসমূহ

Chapter – 7

তৃতীয় খণ্ড: বেংকিং

প্রশ্নাৱলী

১। বেংক কি? বেংকিং সেৱা বুলিলে কি বুজা?

উত্তৰঃ বেংক হৈছে এক বিত্তীয় প্রতিষ্ঠান, যি জনসাধাৰণৰ সঞ্চয় গ্ৰহণ কৰে আৰু এই সঞ্চয়ক সুৰক্ষা প্ৰদান কৰে তথা জনসাধাৰণক ঋণ প্রদান কৰাৰ ব্যৱস্থা কৰে। বেংকিং হৈছে এক বিত্তীয় সেৱা, যাৰ জৰিয়তে জনসাধাৰণক ঋণ প্রদান কৰাৰ উদ্দেশ্যে জনসাধাৰণৰ সঞ্চিত ধন গ্ৰহণ কৰে আৰু তাৰ সুৰক্ষা প্ৰদান কৰে। এই কাৰ্যৰ যোগেদি বেংকে লাভ অর্জন কৰে। 

২। বেংকৰ বৈশিষ্ট্যাৱলীসমূহ উল্লেখ কৰা।

উত্তৰঃ বেংকৰ বৈশিষ্ট্যাৱলীসমূহ হ’ল-

(ক) বেংক কোনো ব্যক্তিবিশেষ বা প্রতিষ্ঠান বা কোম্পানী হ’ব পাৰে।

(খ) বেংক লাভ অর্জন আৰু বেংকিং সেবা প্রদান কৰাৰ উদ্দেশ্যেৰে গঠন হোৱা এক প্রতিষ্ঠান।

(গ) বেংকে ঋণ দাতাৰ আৰু ঋণ গ্রহীতাৰ মাজত এক সংযোগস্থলী হিচাবে কাম কৰে।

(ঘ) বেংক ধনৰ আদান-প্রদান তথা বিত্তীয় লেনদেনৰ সৈতে জড়িত।

(ঙ) বেংকে জনসাধাৰণৰ সঞ্চিত ধন আৰু আমানত গ্রহণ কৰে।

(চ) বেংকে গ্রাহকক আগধন, ঋণ আৰু বাকী সেৱা প্ৰদান কৰে।

(ছ) বেংকে গ্রাহকৰ সুবিধার্থে যিকোনো সময়তে ধন উলিয়াই নিয়াৰ আৰু গ্ৰাহকৰ নিমিত্তে ধন পৰিশোধ কৰাৰ সুবিধা প্ৰদান কৰে।

(জ) বেংকে বিভিন্ন ধৰণৰ প্রতিনিধিত্বমূলক কাৰ্য আৰু গ্রাহকৰ সুবিধার্থে জনোপযোগী সেৱা আগবঢ়ায়।

৩। বেংকৰ মূখ্য কাৰ্যাৱলীসমূহ কি কি?

উত্তৰঃ বেংকৰ মূখ্য কাৰ্যাৱলীসমূহ হ’ল- প্ৰাথমিক কাৰ্যাৱলী আৰু গৌণ কাৰ্যাৱলী।

৪। বেংকৰ গৌণ কার্যাৱলীসমূহ কি কি?

উত্তৰঃ বেংকৰ গৌণ কার্যাৱলীসমূহ হ’ল- 

(১) গ্ৰাহকৰ সুবিধার্থে লাভ্যাংশ, বিল, চেক, ড্রাফ্ ট আদি সংগ্ৰহ কৰে।

(২) গ্রাহকৰ নিৰ্দেশমর্মে বিভিন্ন ঠাইত ধন পৰিশোধ কৰে। যেনে- বৰঙণি, ভাড়া, বিল পৰিশোধ, প্রতিশ্রুতি পত্র, বীমা-কিস্তি ইত্যাদি।

(৩) প্রতিভূতি বিনিময় (stock exchange) কেন্দ্ৰৰ সৈতে জড়িত বিভিন্ন লেন-দেন সম্পাদন কৰে বিশেষকৈ গ্ৰাহকৰ বাবে প্রতিভূতি কিনা-বেচা কৰে।

(৪) গ্রাহক তথা বিভিন্ন বিত্তীয় প্রতিষ্ঠানৰ প্ৰতিনিধি হিচাপে কার্যনির্বাহ কৰে।

(৫) কিছুমান বিশেষ সম্পত্তিৰ ন্যাস হিচাপে বা গ্ৰাহকৰ বাবে প্রশাসক হিচাপে কাম কৰে।

(৬) গ্ৰাহকৰ বাবে আয়কৰ খতিয়ন প্রস্তুত কৰাত সহায় কৰে।

৫। ই-বেংকিং বুলিলে কি বুজা?

উত্তৰঃ ই-বেংকিং হৈছে এনে এক ব্যৱস্থা য’ত ইণ্টাৰনেটৰ যোগেদি বেৱ্চাইটৰ সহায়ত গ্রাহকে বেংকৰ লগত বিভিন্ন প্ৰকাৰৰ বিত্তীয় লেন-দেন সম্পাদন কৰিব পাৰে। 

৬। বর্তমান যুগত গ্রাহকে উপভোগ কৰা ই-বেংকিংৰ সুবিধাসমূহ উল্লেখ কৰা।

উত্তৰঃ বর্তমান যুগত গ্রাহকে উপভোগ কৰা ই-বেংকিংৰ সুবিধাসমূহ তলত উল্লেখ কৰা হল –

১। ইলেক্ট্রনিক বেংকিংৰ জৰিয়তে এজন গ্রাহকে কম্পিউটাৰ বা মোবাইলৰ সহায়ত বেংকলৈ নোযোৱাকৈ তেওঁ একাউণ্টৰ পৰা বিভিন্ন লেন-দেন কৰিব পাৰে।

২। ইলেক্ট্রনিক বেংকিং এক প্ৰকাৰৰ সহজ, ক্ষিপ্র, সুৰক্ষিত আৰু কার্যদক্ষতা থকা ইলেক্ট্রনিক সেবা, যাৰ জৰিয়তে বেংকৰ বিভিন্ন কাম কাজ বা লেন-দেন বেংকলৈ নোযোৱাকৈ ইন্টাৰনেটৰ সহায়ত যিকোনো ঠাইৰ পৰা সম্পাদন কৰিব পাৰি।

৩। বেংকৰ দৰে ইয়াৰ কোনো নির্দিষ্ট সময় সীমা নাথাকে। অর্থাৎ ২৪ ঘণ্টাৰ যিকোনো সময়ত আৰু ৩৬৫ দিনৰ যিকোনো দিনত ‘ইলেক্ট্রনিক বেংকিং’ সেৱা ব্যৱহাৰ কৰিব পাৰে।

৪। এই সেবাই গ্রাহকৰ সময়, শ্রম আৰু খৰচ হ্রাস কৰে। এনে সেৰা সমূহ একমাত্র ইন্টাৰনেটৰ যোগেদি উপভোগ কৰিব পৰা যায়।

৭। বেংকৰ বিভিন্ন প্রকাৰসমূহ কি কি?

উত্তৰঃ বেংকৰ প্ৰকাৰ সমূহ (Types of Bank):

(ক) কেন্দ্রীয় বেংক।

(খ) বাণিজ্যিক বেংক।

(গ) উন্নয়ন বেংক।

(ঘ) বিনিয়োগ বেংক বা উদ্যোগিক বেংক।

(ঙ) সমবায় বেংক।

(চ) আঞ্চলিক গ্ৰাম্য বেংক।

(ছ) অনা-বেংকিং বিত্তীয় কোম্পানী ।

(জ) বিনিময় বেংক।

৮। বিভিন্ন প্ৰকাৰৰ বেংকসমূহৰ বিষয় চমুটোকা লিখা।

উত্তৰঃ বেংকৰ প্ৰকাৰৰ বেংকসমূহৰ বিষয়ে চমুটোকা তলত উল্লেখ কৰা হল –

(ক) কেন্দ্রীয় বেংক (Central Bank): দেশৰ বেংকিং পদ্ধতি তথা বিত্তীয় ব্যৱস্থাৰ শীর্ষ স্থানীয় বেংক হৈছে কেন্দ্রীয় বেংক। ই দেশৰ মুদ্রা বজাৰখন নিয়ন্ত্ৰণ কৰে। ৰিৰ্জাভ বেংক হৈছে ভাৰতৰ কেন্দ্রীয় বেংক। কেন্দ্ৰীয় বেংকৰ মুখ্য কার্যাবলী সমূহ হৈছে- মুদ্রাৰ প্ৰচলন, চৰকাৰৰ বেংক হিচাবে দায়িত্ব পালন কৰা, অন্যান্য বেংক সমূহক বেংকিং সেৱা আগবঢ়োৱা ইত্যাদি।

(খ) বাণিজ্যিক বেংক (Commercial Bank): বাণিজ্যিক বেংক হৈছে দেশৰ অৰ্থ ব্যৱস্থাৰ এক অপৰিহাৰ্য অংগ। এই বেংক বিভিন্ন ধৰণৰ ব্যৱসায়িক কাৰ্যৰ লগত ওতঃপ্রোত ভাৱে জড়িত। বাণিজ্যিক বেংক বুলি কলে ৰাজহুৱা খণ্ডৰ বেংক, ব্যক্তিগত খণ্ডৰ বেংক, বৈদেশিক বেংক সকলোকে সামৰি লৈ যি লাভ অর্জন কৰিবৰ বাবে গ্রাহকৰ সঞ্চয় গ্রহণ কৰে, ঋণ প্রদান কৰে আৰু গ্ৰাহকৰ সুবিধার্থে বিভিন্ন ধৰণৰ সেৱা আগবঢ়ায়।

(গ) উন্নয়ন বেংক (Development Bank): এই বেংকে বিভিন্ন ব্যৱসায়িক গোটলৈ নানা ধৰণৰ উন্নয়নমূলক সেৱা আগবঢ়ায়। এই বেংকে উদ্যোগ খণ্ডৰ বাবে প্রয়োজনীয় পুঁজি যোগান ধৰে তথা বাণিজ্যিক দিশতকৈ উন্নয়নমূলক কাম কাজত অধিক লিপ্ত হয়। ইয়াৰ মূল উদ্দেশ্যে হৈছে দেশৰ উদ্যোগিক আৰু অর্থনৈতিক বিকাশ সাধন কৰা। উদাহৰণ স্বৰূপে ভাৰতীয় ঔদ্যোগিক বিত্ত নিগম (IFCI-Industrial Financial Corporation of India), ভাৰতীয় ঔদ্যোগিক উন্নয়নী বেংক (IDBI- Industrial Development Bank of India)

(ঘ) বিনিয়োগ বেংক বা উদ্যোগিক বেংক (Investment Bank/Industrial Bank): ই হৈছে এক প্ৰকাৰৰ অৰ্থনৈতিক সংযোগস্থলী যি জনসাধাৰণৰ সঞ্চয় একত্ৰিত কৰি প্ৰয়োজন হোৱা বা অভাৱত থকা খণ্ডলৈ পুঁজিৰ যোগান ধৰে। উদাহৰণ স্বৰূপে অসম সমবায় এপেক্স বেংক লিমিটেড (The Assam Co-operative Apex Bank Limited), ঔদ্যোগিক সমবায় বেংক লিমিটেড (The Industrial Co-operative Bank Limited).

(ঙ) সমবায় বেংক (Co-operative Bank): কৃষি খণ্ডৰ হ্রস্বকালীন ঋণৰ অভাৱ পূৰণাৰ্থে আৰু কৃষক সকলৰ ক্ষুদ্ৰ সঞ্চয় সংগ্ৰহ কৰাৰ উদ্দেশ্যে সমবায় বেংক প্রতিষ্ঠা কৰা হয়। ইয়াক তিনিটা ভাগত বিভক্ত কৰিব পাৰি –

ৰাজ্যিক সমবায় বেংক (State Co-operative Banks): যেনে- অসম সমবায় এপেক্স বেংক লিমিটেড (The Assam Co-operative Apex Bank Limited).

কেন্দ্রীয় সমবায় বেংক (Central Co-operative Banks): যেনে- অন্ধ্রপ্রদেশ ৰাজ্যিক সমবায় বেংক লিমিটেড.

প্রাথমিক ঋণ সমিতি (Primary Agricultural Credit Societies): যেনে- অসম শাক- পাচলি উৎপাদক সমবায় সমিতি (Assam Vegetable Growers Cooperative Society).

(চ) আঞ্চলিক গ্রাম্য বেংক (Regional Rural Bank): ভাৰতৰ দুৰ্বল, পিছপৰা আৰু গ্ৰাম্য অঞ্চলৰ লোক সকলৰ অর্থনৈতিক উন্নয়নৰ উদ্দেশ্যে এই বেংক প্রতিষ্ঠা কৰা হয়। এই বেংকে ক্ষুদ্র কৃষক, শ্রমিক, কাৰিকৰ, ক্ষুদ্র উদ্যোক্তা আদি সকলোকে বেংকিং সেৱাৰ দ্বাৰা সামৰি লয়। যেনে- অসম গ্রামীণ বিকাশ বেংক (Assam Gramin Vikash Bank), ৰাষ্ট্ৰীয় কৃষি আৰু গ্রামোন্নয়ন বেংক (National Bank for Agriculture and Rural Development).

(ছ) অনা-বেংকিং বিত্তীয় কোম্পানী (Non-Banking Financial Company): ৰির্জাভ বেংক অৰ ইন্ডিয়াৰ নীতি অনুসৰি  ই হৈছে এক প্রকাৰৰ বিত্তীয় প্রতিষ্ঠান, যি প্রকৃতার্থত বেংক নহয়, বৰঞ্চ এটা কোম্পানী, যাৰ মুখ্য কার্য হৈছে বিভিন্ন আঁচনিৰ অন্তর্গত জনসাধাৰণৰ সঞ্চয় গ্রহণ কৰা তথা বিভিন্ন ৰূপত ঋণ প্রদান কৰা ইত্যাদি। যেনেঃ বাণিজ্যিক বেংক, খিলঞ্জীয়া বেংক, সদাগৰী বেংক।

(জ) বিনিময় বেংক (Exchange Bank): এই বেংক মূলত বৈদেশিক মুদ্রা কিনা-বেচা কৰা কাৰ্য তথা বৈদেশিক বিনিময় পত্র আদান-প্রদান কৰা কাৰ্যৰ সৈতে জড়িত হৈ থাকে। যেনে- বেংক অফ ইণ্ডিয়া (Bank of India), বেংক অৱ বৰোদা (Bank of Baroda).

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top