Class 9 Commerce Elective Chapter 3 ব্যৱসায়ৰ সাম্প্ৰতিক প্ৰকাৰ বা ধৰণসমূহ

Class 9 Commerce Elective Chapter 3 ব্যৱসায়ৰ সাম্প্ৰতিক প্ৰকাৰ বা ধৰণসমূহ Solutions, SEBA Class 9 Banijya Parichoy Question Answer, Class 9 Commerce Elective Chapter 3 ব্যৱসায়ৰ সাম্প্ৰতিক প্ৰকাৰ বা ধৰণসমূহ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 9 SEBA and select needs one.

Class 9 Commerce Elective Chapter 3 ব্যৱসায়ৰ সাম্প্ৰতিক প্ৰকাৰ বা ধৰণসমূহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 9 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Commerce Elective Solutions for All Chapter, You can practice these here.

ব্যৱসায়ৰ সাম্প্ৰতিক প্ৰকাৰ বা ধৰণসমূহ

Chapter – 3

প্রথম খণ্ড: ব্যৱসায় অধ্যয়ন

প্রশ্নাৱলী

১। ই-বাণিজ্য মানে কি?

উত্তৰঃ ই-বাণিজ্য হৈছে এক ইলেকট্রনিক পদ্ধতি যাৰ দ্বাৰা বিভিন্ন ধৰণৰ বাণিজ্যিক কার্যকলাপ সমূহ ইন্টাৰনেটৰ মাধ্যমেৰে সম্পাদন কৰা হয়।

২। ই-ব্যৱসায়ৰ অৰ্থ লিখা। ই-বাণিজ্য আৰু ই-ব্যৱসায়ৰ সম্পৰ্ক উল্লেখ কৰা।

উত্তৰঃ ই-ব্যৱসায়ৰ অৰ্থ হল- এটা বহুলভাৱে বিস্তাৰিত প্ৰক্ৰিয়া আৰু উদ্যোগ।

ই-বাণিজ্য আৰু ই-ব্যৱসায়ৰ সম্পৰ্ক হল- যিহেতু বাণিজ্য হৈছে ব্যৱসায়ৰ এটা অংশ সেয়েহে এই কথা নিশ্চিত ভাৱে ক’ব পাৰি যে ই- ব্যৱসায়ৰ পৰিসৰ ই-বাণিজ্যৰ পৰিসৰতকৈ বহু বেছি। তাৰ উপৰিও উৎপাদন, মজুত পণ্য ব্যৱস্থাপনা, সামগ্রী উন্নয়ন, হিচাপবিদ্যা, পুঁজি, মানৱ সম্পদ, ব্যৱস্থাপনা, ইন্টাৰনেট আদিৰ যোগেদি সামগ্রী কিনা- বেচা কৰা এই সকলোবোৰ ই-বাণিজ্যৰ অন্তৰ্গত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। ই-ব্যৱসায়ৰ পৰিসৰসমূহ কি কি?

উত্তৰঃ ই-ব্যৱসায়ৰ পৰিসৰসমূহ হল- 

(ক) ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ বাণিজ্য।

(খ) ব্যৱসায়ৰ পৰা গ্ৰাহকলৈ বাণিজ্য।

(গ) আন্তঃ ব্যৱসায় বাণিজ্য।

(ঘ) গ্ৰাহকৰ পৰা গ্ৰাহকলৈ বাণিজ্য।

৪। পৰম্পৰাগত ব্যৱসায় আৰু ই-ব্যৱসায়ৰ মাজৰ পাৰ্থক্য দেখুওৱা।

উত্তৰঃ পৰম্পৰাগত ব্যৱসায় আৰু ই-ব্যৱসায়ৰ মাজৰ পাৰ্থক্য –

পৰম্পৰাগত ব্যৱসায়ই-ব্যৱসায়ৰ
জটিলসহজ
বাধ্যতামূলকপ্ৰয়োজন নাই
যথেষ্ট বেছি স্থাপনৰ ব্যয় কম
কমযথেষ্ট, কাৰণ প্ৰযুক্তিবিদ্যা (IT)ৰ ওপৰত যথেষ্ট গুৰুত্ব প্রদান কৰা হয়।
দীঘলীয়া,কাৰণ বিভিন্ন ব্যৱসায়ৰ প্ৰক্ৰিয়াৰ মাজত এক অন্তৰ্নিহিত সমন্বয়।চুটি, কাৰণ লেন-দেনসমূহ লগে লগে ইণ্টাৰনেটৰ যোগেদি নিষ্পত্তি কৰা হয়।

৫। সাম্প্রতিক সময়ত ই-ব্যৱসায়ৰ সুবিধাসমূহ উল্লেখ কৰা।

উত্তৰঃ সাম্প্রতিক সময়ত ই-ব্যৱসায়ৰ সুবিধাসমূহ তলত উল্লেখ কৰা —

(ক) বিশ্বব্যাপি: ই ব্যৱসায়ৰ যোগেদি পৃথিৱীৰ যিকোনো প্রান্তৰ যিকোনো ব্যৱসায়ৰ সৈতে লেন-দেন কৰিব পৰা যায় তথা গ্রাহক সৃষ্টি কৰিব পৰা যায়। যিহেতু ইন্টাৰনেট সমগ্র বিশ্বজুৰি বিয়পি আছে, সেয়েহে ই-বাণিজ্য পৃথিৱীৰ যিকোনো প্ৰান্তৰ পৰা সম্পাদন কৰিব পাৰি বা ইয়াৰ পৰিসৰ যিকোনো এক স্থানলৈ বিস্তাৰ কৰিব পাৰি।

(খ) মধ্যস্থতাকাৰী বিলুপ্তিকৰণঃ এবিধ সামগ্রী উৎপাদনস্থলীৰ পৰা গ্ৰাহকৰ কাষ পোৱালৈকে কেইবাটাও স্তৰ অতিক্ৰম কৰিব লগা হয় আৰু এই প্রত্যেকটো স্তৰতে বিভিন্ন মধ্যস্থতাকাৰী জড়িত হৈ থাকে। এই ব্যৱসায়ত ইন্টাৰনেটৰ যোগেদি এটা অৰ্ডাৰ দিয়া হয় আৰু এনে স্থলত মধ্যস্থতাকাৰীৰ প্রয়োজনীয়তা নোহোৱা হয়।

(গ) সহজ বিতৰণ: ইন্টাৰনেটৰ যোগেদি বহু তথ্য সহজে লাভ কৰিব পাৰি বা বিভিন্ন সেৱাৰ বিষয়ে জানিব পাৰি। ই-ব্যৱসায় যিহেতু ইন্টাৰনেটৰ যোগেদিহে সম্পাদন কৰে, সেয়েহে ই বিতৰণ পদ্ধতি সহজসাধ্য কৰি তোলে তথা মূল্যৰ পৰিমাণ হ্রাস কৰে।

(ঘ) ক্ষিপ্র সমাধান: ইন্টাৰনেট হৈছে ই-ব্যৱসায়ৰ মূল আধাৰ। ইন্টাৰনেটৰ জৰিয়তে গ্রাহক আৰু ব্যৱসায়ী সকলৰ মাজত এক সুমধুৰ সম্পৰ্ক গঢ় লয়, যাৰ ফলস্বৰূপে যিকোনো লেন-দেনৰ ক্ষেত্ৰত উদয় হোৱা কোনো ধৰণৰ অসুবিধা বা সমস্যাৰ ক্ষিপ্ৰ সমাধান কৰিব পৰা যায়।

(ঙ) নতুন সামগ্রী উন্মোচন: ই-ব্যৱসায়ৰ জড়িয়তে এটা ব্যৱসায়ে উৎপাদন কৰা এবিধ নতুন সামগ্রী উন্মোচন কৰিব পাৰে আৰু ইয়াৰ বিষয়ে সবিশেষ তথ্য গ্রাহকক আগবঢ়াব পাৰে।

(চ) ব্যক্তিগত খৰচ হ্রাস: সাধাৰণতে এটা ব্যৱসায়ত কেইবাজনো কৰ্মচাৰী জড়িত হৈ থাকে, কিন্তু এটা ই-ব্যৱসায়ত এটা কম্পিউটাৰৰ জৰিয়তে সেইখিনি কাম কৰিব পৰা হয়। বৰঞ্চ তেনে কাম আৰু অধিক খৰতকীয়া বা শুদ্ধকৈ কৰা সম্ভৱ হয়। সেয়েহে ই-ব্যৱসায়ৰ ফলত ব্যৱসায়ৰ কৰ্মচাৰীসকলৰ লগত হোৱা খৰচ নোহোৱা হয় বা ব্যৱসায়ৰ ব্যক্তিগত খৰছসমূহ কমি যায়।

৬। অন্ লাইন ধন পৰিশোধ সেৱাৰ বিভিন্ন পদ্ধতিসমূহ লিখা।

উত্তৰঃ অন্ লাইন ধন পৰিশোধ সেৱাৰ বিভিন্ন পদ্ধতিসমূহ হল- 

(ক) কেচ্ অন ডেলিভাৰি (Cash on Delivery): এয়া হৈছে ই-ব্যৱসায়ৰ এক জনপ্রিয় ধন পৰিশোধ পদ্ধতি। ইয়াত এজন গ্রাহকে অনলাইনযোগে ধন হস্তান্তৰ নকৰাকৈ যিকোনো সামগ্রী ইন্টাৰনেটত অৰ্ডাৰ কৰিব পাৰে আৰু তেওঁ সেই সামগ্রীবিধ হাতত আহি পোৱাৰ সময়ত নগদ ধন প্রদান কৰে। ই গ্রাহকৰ বাবে এটা অতি সহজ আৰু সুবিধাজনক পৰিশোধ সেৱা।

(খ) চেক্ (Cheque): চেক্ হৈছে এক জনপ্রিয় বিত্তীয় আহিলা। নগদ ধনৰ বিকল্প হিচাপে এঠাইৰ পৰা আন এঠাইলৈ বা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ চেক্ যোগে ধন সহজে হস্তান্তৰ কৰিব পাৰি।

(গ) নেট্-বেংকিং হস্তান্তৰ (Net Banking Transfer): এই সুবিধাৰ সহায়ত এজন গ্রাহকে তেওঁ দিবলগীয়া ধন তেওঁৰ বেংক একাউন্টৰ পৰা দিবলগীয়া ব্যক্তিৰ বেংক একাউন্টলৈ ইন্টাৰনেটৰ মাধ্যমেদি অতি সহজে হস্তান্তৰ কৰিব পাৰে। যি কাৰ্য এজন ব্যক্তিয়ে শাৰীৰিকভাৱে বেংকলৈ গৈ কৰে, সেই কাম তেওঁ বেংকলৈ নোযোৱাকৈ বিশেষকৈ পৰিশোধৰ ক্ষেত্ৰত মোবাইল বা কম্পিউটাৰৰ সহায়েৰে অনায়াসে সম্পাদন কৰিব পাৰে। সাধাৰণতে এই সুবিধা বেংকে ইয়াৰ গ্রাহকসকলক প্রদান কৰে আৰু তাৰ বাবে User ID আৰু পাছৱর্ড প্রদান কৰে।

(ঘ) ডেবিট কার্ড আৰু ক্রেডিট কার্ড (Credit Card or Debit Card): বর্তমানৰ আধুনিক জনজীৱনত ডেবিট কার্ড আৰু ক্রেডিট কার্ড হৈছে অত্যন্ত জনপ্রিয় বিত্তীয় আহিলা। ইয়াক প্লাস্টিক মানি (Plastic Money) বুলিও কোৱা হয় আৰু সমগ্র বিশ্বতে ই বহুলভাৱে ব্যৱহৃত আৰু সমাদৃত। বর্তমান সমগ্র বিশ্বতে হোৱা মুঠ অল্লাইন লেন-দেনৰ প্রায় ৯৫% ইয়াৰ যোগেদি সম্পন্ন হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top