Class 9 Commerce Elective Chapter 5 হিচাপবিদ্যাৰ নীতি আৰু ধাৰণাসমূহ

Class 9 Commerce Elective Chapter 5 হিচাপবিদ্যাৰ নীতি আৰু ধাৰণাসমূহ Solutions, SEBA Class 9 Banijya Parichoy Question Answer, Class 9 Commerce Elective Chapter 5 হিচাপবিদ্যাৰ নীতি আৰু ধাৰণাসমূহ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 9 SEBA and select needs one.

Class 9 Commerce Elective Chapter 5 হিচাপবিদ্যাৰ নীতি আৰু ধাৰণাসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 9 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Commerce Elective Solutions for All Chapter, You can practice these here.

হিচাপবিদ্যাৰ নীতি আৰু ধাৰণাসমূহ

Chapter – 5

দ্বিতীয় খণ্ড: হিচাপবিদ্যাৰ আৰু হিচাপশাস্ত্ৰৰ পৰিচয়

প্রশ্নাৱলী

১। হিচাপবিদ্যাৰ ধাৰণা বুলিলে কি বুজা?

উত্তৰঃ হিচাপবিদ্যাৰ নথিসমূহৰ মাজত সামঞ্জস্যতা আৰু একতা বজাই ৰাখিবলৈ কিছুমান নিয়ম বা নীতি পালন কৰা হয়। এই নীতি সমূহ হৈছে সার্বজনীন আৰু এই নীতিৰ আধাৰত হিচাপবিদ্যাৰ বিত্তীয় প্রতিবেদন সমূহ প্রস্তুত কৰা হয়। ইয়াক হিচাপবিদ্যাৰ ধাৰণা বুলি কোৱা হয়।

২। হিচাপবিদ্যাৰ ধাৰণাসমূহৰ নাম লিখা।

উত্তৰঃ হিচাপবিদ্যাৰ ধাৰণাসমূহ হৈছে- 

১। ব্যৱসায়ৰ অস্তিত্বৰ ধাৰণা (Business Entity Concept).

২। চলন্ত ব্যৱসায়ৰ ধাৰণা (Going Concern Concept).

৩। মুদ্রা পৰিমাপক ধাৰণা (Money Measurement Concept).

৪। ব্যয়মূল্যৰ ধাৰণা (Cost Concept).

৫। দ্বৈত দিশৰ ধাৰণা (Dual Aspect Concept).

৬। হিচাপ গণনাকালৰ ধাৰণা (Accounting Period Concept).

৭। আয় স্বীকৃতিৰ ধাৰণা (Revenue Recognition Concept).

৮। উদ্ভুত ধাৰণা (Accrual Concept).

৯। সমতুল্য ধাৰণা (Matching Concept).

৩। ব্যৱসায়ৰ অস্তিত্বৰ ধাৰণা মানে কি বুজা?

উত্তৰঃ ব্যৱসায়ৰ অস্তিত্বৰ ধাৰণা অনুসৰি ব্যৱসায় হৈছে এক স্বতন্ত্র অস্তিত্ব। অর্থাৎ এটা ব্যৱসায় আৰু ইয়াৰ মালিক বা মালিকীস্বত্ব হৈছে দুটা সম্পূর্ণ সুকীয়া অস্তিত্ব।

8। চলন্ত ব্যৱসায়ৰ ধাৰণা মানে কি বুজা?

উত্তৰঃ চলন্ত ব্যৱসায়ৰ ধাৰণা অনুসৰি, ব্যৱসায় হৈছে এটা চলন্ত গোট আৰু ই অনির্দিষ্ট কালৰ বাবে চলি থাকিব।

৫। মুদ্রা পৰিমাপক ধাৰণা মানে কি বুজা?

উত্তৰঃ মুদ্রা পৰিমাপক ধাৰণা হৈছে একমাত্ৰ সেইবিলাক লেন-দেনহে হিচাপৰ বহীত লিপিবদ্ধ কৰা হয় যিবিলাক লেন-দেন টকাৰ মাধ্যমত প্ৰকাশ কৰিব পাৰি বা যিবিলাক লেন-দেন মুদ্রা মানেৰে জুখিব পাৰি।

৬। দ্বৈত দিশৰ ধাৰণা বুলিলে কি বুজা?

উত্তৰঃ দ্বৈত নীতিৰ ধাৰণা হৈছে হিচাপ বিদ্যাৰ মূল ভেটি। এই ধাৰণা অনুসৰি প্ৰতিটো লেন-দেন হিচাপৰ বহীত নথিভুক্ত কৰাৰ সময়ত দুটা দিশত প্ৰকাশ কৰা হয়- ডেবিট (Debit) আৰু ক্রেডিট (Credit)।

৭। ব্যয়মূল্যৰ ধাৰণা মানে কি বুজা?

উত্তৰঃ ব্যয়মূল্যৰ ধাৰণা মানে হৈছে যিকোনো সামগ্ৰী বা সম্পত্তি হিচাপৰ বহীত সেই দামত লিপিবদ্ধ কৰা হয়, যি মূল্য সেই সামগ্রী বা সম্পত্তিসমূহ ক্ৰয় কৰাৰ সময়ত প্ৰদান কৰা হয়।

৮। হিচাপ গণনাকালৰ ধাৰণা মানে কি বুজা?

উত্তৰঃ এটা ব্যৱসায়ৰ জীৱন কালছোৱা একোটা একোটা ক্ষুদ্র ভাগ কৰা হয়, ইয়াক হিচাপ গণনাকাল বুলি কোৱা হয়। এই গণনা কাল সাধাৰণতে এবছৰীয়া হয়।

৯। আয় স্বীকৃতিৰ ধাৰণা মানে কি বুজা?

উত্তৰঃ আয় স্বীকৃতিৰ ধাৰণা অনুসৰি ব্যৱসায়ত লেন-দেনৰ পৰা হোৱা আয় তেতিয়া স্বীকৃতি দিয়া হয়, যেতিয়া বিক্রী কার্য সম্পাদন হয়। বিক্ৰীৰ ধন পোৱাৰ ওপৰত ভিত্তি কৰি আয় স্বীকৃতি দিয়া নহয়। উদাহৰণস্বৰূপে, যদি বিক্ৰীৰ তাৰিখ গাদাৰু বিক্ৰীৰ ধন আদায় পোৱাৰ তাৰিখ দুটা সুকীয়া হয়, তেতিয়া যিদিনা ব্যৱসায়ত বিক্ৰী কার্য সম্পাদন হয়, সেইদিনা আয় হৈছে বুলি ধৰা হয়।

১০। উদ্ভুত ধাৰণা মানে কি বুজা?

উত্তৰঃ উদ্ভুত ধাৰণা অনুযায়ী এটা লেন-দেন যেতিয়া সংঘটিত হয়, তেতিয়া তাক হিচাপৰ বহীত লিপিবদ্ধ কৰা হয়। ধন দিয়া বা ধন পোৱাৰ ওপৰত ভিত্তি কৰি লেন-দেন এটা লিপিবদ্ধ কৰা নহয়।

১১। সমতুল্য ধাৰণা মানে কি বুজা?

উত্তৰঃ সমতুল্য ধাৰণা মতে এক নির্দিষ্ট সময়ৰ ভিতৰত সংঘটিত হোৱা আয়ক সেই সময়ৰ ব্যয়ৰ সৈতে তুলনা কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top