Class 9 Commerce Elective Chapter 6 হিচাপবিদ্যাৰ বুনিয়াদী পদসমূহ

Class 9 Commerce Elective Chapter 6 হিচাপবিদ্যাৰ বুনিয়াদী পদসমূহ Solutions, SEBA Class 9 Banijya Parichoy Question Answer, Class 9 Commerce Elective Chapter 6 হিচাপবিদ্যাৰ বুনিয়াদী পদসমূহ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 9 SEBA and select needs one.

Class 9 Commerce Elective Chapter 6 হিচাপবিদ্যাৰ বুনিয়াদী পদসমূহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 9 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Commerce Elective Solutions for All Chapter, You can practice these here.

হিচাপবিদ্যাৰ বুনিয়াদী পদসমূহ

Chapter – 6

দ্বিতীয় খণ্ড: হিচাপবিদ্যাৰ আৰু হিচাপশাস্ত্ৰৰ পৰিচয়

প্রশ্নাৱলী

১। লেন-দেন বুলি ক’লে কি বুজা? দুটা ব্যৱসায়িক লেন-দেনৰ উদাহৰণ দিয়া?

উত্তৰঃ এটা ব্যৱসায়ত পণ্য-সামগ্রী বা সেৱা কিনা-বেচা কৰা কাৰ্যক লেন-দেন বুলি কোৱা হয়।দুটা ব্যৱসায়িক লেন-দেনৰ উদাহৰণ হল – নগদ আৰু বাকী। 

২। পণ্য সামগ্রী মানে কি বুজা? পণ্য সামগ্রীৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ এটা ব্যৱসায়ে গ্রাহকক বিক্ৰী কৰাৰ উদ্দেশ্যে যিবোৰ সা-সামগ্ৰী ক্ৰয় কৰি আনে, তাক পণ্য সামগ্রী বুলি কোৱা হয়। পণ্য সামগ্ৰীৰ দুটা উদাহৰণ হল চকলেট আৰু কল্ড ড্রিংকছ।

৩। এটা ব্যৱসায়ৰ বাবে পণ্য সামগ্রী গুৰুত্বপূর্ণ কিয়?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ সাধাৰণতে এটা ব্যৱসায়ত এনে পণ্য সমূহ বিভিন্ন উৎসৰ পৰা ক্ৰয় কৰি আনি গ্রাহকক বিক্ৰী কৰা হয়। এই সামগ্রীসমূহ তুলনামূলকভাৱে কম দামত কিনি অনা হয় আৰু গ্রাহকক অধিক দামত বিক্ৰী কৰা হয় আৰু এই সমস্ত প্ৰক্ৰিয়াৰ পৰা ব্যৱসায়ে লাভ অর্জন কৰে।সেইবাবে ব্যৱসায়ৰ বাবে পণ্য সামগ্রী গুৰুত্বপূর্ণ হয়।

৪। সেৱা মানে কি বুজা?

উত্তৰঃ সেৱা বুলি ক’লে এটা অৰ্থনীতিৰ সেইবিলাক উপাদানক বুজায় যাৰ কোনো শাৰীৰিক আকাৰ নথাকে বা অদৃশ্যমান হয়, কিন্তু ইয়াক যোগান ধৰা হয় বা উপভোগ কৰা হয়। 

(৫) পণ্য সামগ্রী আৰু সেৱাৰ মাজৰ পাৰ্থক্য দেখুওৱা?

উত্তৰঃ পণ্য সামগ্রী আৰু সেৱাৰ মাজৰ পাৰ্থক্য হল- 

পণ্য (Goods): এটা ব্যৱসায়ে গ্রাহকক বিক্ৰী কৰাৰ উদ্দেশ্যে যিবোৰ সা-সামগ্ৰী ক্ৰয় কৰি আনে, তাক পণ্য বুলি কোৱা হয়। পণ্য সামগ্ৰী সমূহৰ এক নির্দিষ্ট আকাৰ থাকে। সাধাৰণতে এটা ব্যৱসায়ত এনে পণ্য সমূহ বিভিন্ন উৎসৰ পৰা ক্ৰয় কৰি আনি গ্রাহকক বিক্ৰী কৰা হয়। এই সামগ্রীসমূহ তুলনামূলকভাবে কম দামত কিনি অনা হয় আৰু গ্রাহকক অধিক দামত বিক্ৰী কৰা হয় আৰু এই সমস্ত প্রক্ৰিয়াৰ পৰা ব্যৱসায়ে লাভ অর্জন কৰে। উদাহৰণ চকলেট, কল্ড ড্রিংকছ, আইচক্ৰীম আদিক পণ্য বুলি ধৰা হয় গাদ যিহেতু গ্রাহকক বিক্রী কৰাৰ উদ্দেশ্যে ক্ৰয় কৰি অনা হৈছে।

সেৱা (Services): সেৱা বুলি ক’লে এটা অর্থনীতিৰ সেইবিলাক উপাদানক বুজায় যাৰ কোনো শাৰীৰিক আকাৰ নথাকে বা অদৃশ্যমান হয়, কিন্তু ইয়াক যোগান ধৰা হয় বা উপভোগ কৰা হয়। এনে সেৱাৰ এক নির্দিষ্ট মূল্য থাকে আৰু যাক উপভোগ কৰা সময়ত মূল্য পৰিশোধ কৰিব লগা হয়। উদাহৰণস্বৰূপে- বেংকিং সেৱা, শিক্ষা, মবাইল নেটৱর্ক সেৱা ইত্যাদি। ব্যৱসায় প্রতিষ্ঠানসমূহে পণ্যৰ লগতে বিভিন্ন সেৱাৰ লেন-দেন কৰে।

৬। হিচাপৰক্ষণ মানে কি?

উত্তৰঃ হিচাপৰক্ষণ হৈছে এক প্রণালীবদ্ধ প্রণালী, যাৰ সহায়ত এটা ব্যৱসায়ত সংঘটিত হোৱা সকলোবোৰ লেন-দেন পদ্ধতিগতভাৱে হিচাপৰ বহীত লিপিবদ্ধ কৰা হয়। 

৭। জাবেদা মানে কি?

উত্তৰঃ এটা ব্যৱসায়ত এটা লেন-দেন সংঘটিত হোৱাৰ লগে লগে যি হিচাপৰ বহীত তাক পদ্ধতিগতভাৱে লিখা হয়, তাক জাবেদা বুলি কোৱা হয়। 

৮। খতিয়ন মানে কি?

উত্তৰঃ বিত্তীয় লেন-দেন সমূহ জাবেদাত প্ৰৱিষ্ট কৰাৰ পাছত এইবোৰ সংশ্লিষ্ট হিচাপলৈ স্থানান্তৰ কৰা হয়। এই হিচাপসমূহ যি বহীত ৰখা হয়, তাক খতিয়ন বোলা হয়। 

৯। মূলধন মানে কি বুজা? উদাহৰণ সৈতে বর্ণনা কৰা।

উত্তৰঃ এটা ব্যৱসায় আৰম্ভ কৰিবলৈ যি ধনৰাশিৰ প্ৰয়োজন হয়, তাক মূলধন বুলি কোৱা হয়। উদাহৰণ হল অজয়ে ২ লাখ ৫০ হাজাৰ টকা বিনিয়োগ কৰি ব্যৱসায় আৰম্ভ কৰে। ইয়াত ২ লাখ ৫০ হাজাৰ টকা ব্যৱসায়ৰ বাবে হৈছে মূলধন।

১০। আহৰণ মানে কি বুজা? দুটা উদাহৰণ দিয়া।

উত্তৰঃ এটা ব্যৱসায়ত ইয়াৰ মালিকে নিজৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে যি পৰিমাণৰ ধন বা পণ্য সামগ্ৰী ব্যৱসায়ৰ পৰা উঠাই নিয়ে, তাক আহৰণ বোলা হয়। উদাহৰণস্বৰূপে মিঃ অনিল এটা ব্যৱসায়ৰ মালিক। তেওঁ ব্যৱসায়ৰ পৰা ৩০,০০০ টকাৰ নগধ ধন উলিয়াই নিজ পৰিয়ালৰ সৈতে ফুৰিবলৈ যায়। ইয়াত মালিকে ব্যৱসায়ৰ পৰা খৰচ কৰা ৩০,০০০ টকা কোনো ধৰণৰ ব্যৱসায়িক খৰছ নহয়, বৰঞ্চ ই এক ব্যক্তিগত খৰছ। সেয়েহে ৩০,০০০ টকাক হিচাপৰ বহীত আহৰণ বুলি অভিহিত কৰা হ’ব।

১১। আহৰণক কিয় ব্যৱসায়িক খৰচ হিচাপে গণ্য কৰা নহয়?

উত্তৰঃ আহৰণক ব্যৱসায়িক খৰচ হিচাপে গণ্য কৰাৰ কাৰণ এটা ব্যৱসায়ত ইয়াৰ মালিকে নিজৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে যি পৰিমাণৰ ধন বা পণ্য সামগ্ৰী ব্যৱসায়ৰ পৰা উঠাই নিয়ে, তাক আহৰণ বোলা হয়। আহৰণৰ ফলত এটা ব্যৱসায়ৰ মূলধনৰ পৰিমাণৰ হ্রাস পায়। সাধাৰণতে আহৰণ তিনি ধৰণে সংঘটিত হ’ব পাৰে- নগদ, চেক বা বেংকৰ পৰা উলিওৱা ধনৰ যোগেদি আৰু বয়-বস্তু বা পণ্য সামগ্ৰীৰ যোগেদি। উদাহৰণস্বৰূপে মিঃ অনিল এটা ব্যৱসায়ৰ মালিক। তেওঁ ব্যৱসায়ৰ পৰা ৩০,০০০ টকাৰ নগধ ধন উলিয়াই নিজ পৰিয়ালৰ সৈতে ফুৰিবলৈ যায়। ইয়াত মালিকে ব্যৱসায়ৰ পৰা খৰচ কৰা ৩০,০০০ টকা কোনো ধৰণৰ ব্যৱসায়িক খৰছ নহয়, বৰঞ্চ ই এক ব্যক্তিগত খৰছ। সেয়েহে ৩০,০০০ টকাক হিচাপৰ বহীত আহৰণ বুলি অভিহিত কৰা হ’ব।

১২। সম্পত্তি মানে কি? সম্পত্তিৰ দুটা উপদাহৰণ দিয়া।

উত্তৰঃ এটা ব্যৱসায় প্ৰতিষ্ঠানে ভৱিষ্যতে ব্যৱসায়ত ব্যৱহাৰ কৰিবৰ বাবে যিবোৰ সম্পদ ক্রয় কৰে, তাক সম্পত্তি বোলা হয়। সম্পত্তিৰ দুটা উপদাহৰণ যেনে- আয় বৃদ্ধি কৰে আৰু এটা ব্যৱসায় সুচাৰুৰূপে আগবঢ়োৱাত সহায় কৰে। 

১৩। এটা ব্যৱসায়ত সম্পত্তিৰ গুৰুত্ব কি?

উত্তৰঃ এটা ব্যৱসায়ত সম্পত্তিৰ গুৰুত্ব এটা ব্যৱসায়ত প্রতিষ্ঠানে ভৱিষ্যতে ব্যৱসায়ত ব্যৱহাৰ কৰিবৰ বাবে সম্পত্তিৰ প্ৰয়োজন হয়। সম্পত্তিৰ অৰ্থিক মূল্য থাকে, যি ব্যৱসায়ৰ মূলধনৰ ভাৰসাম্য বজাই ৰাখিবলৈ আৰু লগত বিনিয়োগৰ বাবে ব্যৱহৃত হয়। সম্পত্তি সুৰক্ষা আৰু স্থিতিশীলতাৰ অনুভূতি যোগায়। ইয়াক ব্যৱসায়ৰ সুৰক্ষা আৰু ঋণ পাবলৈ বন্ধক হিচাপে ব্যৱহাৰ কৰিব পাৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top