Class 9 Commerce Elective Chapter 4 পৰিচয়

Class 9 Commerce Elective Chapter 4 পৰিচয় Solutions, SEBA Class 9 Banijya Parichoy Question Answer, Class 9 Commerce Elective Chapter 4 পৰিচয় Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 9 SEBA and select needs one.

Class 9 Commerce Elective Chapter 4 পৰিচয়

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 9 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Commerce Elective Solutions for All Chapter, You can practice these here.

পৰিচয়

Chapter – 4

দ্বিতীয় খণ্ড: হিচাপবিদ্যাৰ আৰু হিচাপশাস্ত্ৰৰ পৰিচয়

প্রশ্নাৱলী

(ক) চমু উত্তৰৰ বাবে প্রশ্নাৱলী-

১। হিচাপৰক্ষণ মানে কি?

উত্তৰঃ হিচাপৰক্ষণ হৈছে ব্যৱসায়ৰ এক পদ্ধতিগত প্রণালী, যাৰ দ্বাৰা এটা ব্যৱসায়ত এক নির্দিষ্ট সময়ৰ ভিতৰত সংঘটিত হোৱা সকলোবোৰ বিত্তীয় লেন-দেন পদ্ধতিগতভাৱে লিপিবদ্ধ কৰা হয়। 

২। হিচাপৰক্ষণৰ পৰিসৰ সমূহ কি কি?

উত্তৰঃ হিচাপৰক্ষণৰ পৰিসৰ সমূহ হল–

(ক) ব্যৱসায়ৰ হিচাপৰ বহীসমূহ নিয়াৰিকৈ প্ৰতিপালন কৰা।

(খ) হিচাপৰ বহীত লিপিবদ্ধ কৰিবলগীয়া সকলো প্ৰকাৰৰ ঘটনা আৰু লেন-দেন চিনাক্ত কৰা।

(গ) ব্যৱসায়ৰ সকলোবোৰ লেন-দেন ধনৰ মাধ্যমত প্রকাশ কৰা।

(ঘ) এই সকলোবোৰ লেন-দেন হিচাপৰ বহীত শৃংখলাবদ্ধভাৱে লিপিবদ্ধ কৰা।

(ঙ) বিত্তীয় তথ্যবিলাক খতিয়নৰ হিচাপলৈ স্থানান্তৰ কৰা।

(চ) বিত্তীয় তথ্যবিলাক উদ্ধৃত মিলনপত্রলৈ স্থানান্তৰ কৰা।

৩। হিচাপবিদ্যা বুলিলে কি বুজা?

উত্তৰঃ হিচাপবিদ্যা হৈছে এক প্রণালীবদ্ধ প্ৰক্ৰিয়া যাৰ সহায়ত এটা ব্যৱসায়ৰ বিত্তীয় তথ্যসমূহ সংগ্রহ, লিপিবদ্ধকৰণ, সংক্ষিপ্তকৰণ, শ্ৰেণীবিভাজন আৰু উপসংস্থাপন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে এক নির্দিষ্ট সময়ছোৱাত ব্যৱসায়ত সংঘটিত হোৱা লাভ আৰু লোকচানৰ পৰিমাণ নিৰ্ণয় কৰা। 

৪। হিচাপবিদ্যাৰ উদ্দেশ্য সমূহ উল্লেখ কৰা।

উত্তৰঃ হিচাপবিদ্যাৰ উদ্দেশ্য সমূহ উল্লেখ হল-

(ক) ব্যৱসায়ৰ সৈতে জড়িত থকা সকলো প্ৰকাৰৰ হিচাপ লিপিবদ্ধ কৰা আৰু হিচাপৰ বহী চোৱাচিতা কৰা।

(খ) এক নির্দিষ্ট সময়ৰ ভিতৰত ব্যৱসায়ত হোৱা লাভ-লোকচানৰ পৰিমাণ নিৰ্ণয় কৰা।

(গ) ব্যৱসায়ৰ বিত্তীয় অৱস্থা নিৰূপন কৰা।

(ঘ) হিচাপবিদ্যাৰ তথ্যসমূহ ব্যৱহাৰ কৰা পক্ষসমূহক যোগান ধৰা।

(ঙ) হিচাপবিদ্যাৰ কাৰ্যাৱলী সমূহ উল্লেখ কৰা।

উত্তৰঃ হিচাপবিদ্যাৰ কাৰ্যাৱলী সমূহ উল্লেখ হল-

(ক) ব্যৱসায়ৰ সকলোবোৰ লেন-দেন পদ্ধতিগত আৰু বিজ্ঞানসন্মতভাৱে লিপিবদ্ধ কৰা।

(খ) ব্যৱসায়ৰ লাভ-লোকচানৰ পৰিমাণ সঠিকভাৱে গণনা কৰা।

(গ) ব্যৱসায়ৰ সম্পত্তিসমূহ ৰক্ষণা-বেক্ষণ দিয়া আৰু নিয়ন্ত্ৰণ কৰা।

(ঘ) হিচাপবিদ্যাই ব্যৱসায়ক যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰাত সহায় কৰে।

(ঙ) ব্যৱসায়, বিনিয়োগকাৰী, ঋণদাতা আদিক সিদ্ধান্ত গ্রহনত সহায় কৰে।

৬। হিচাপশাস্ত্র বুলিলে কি বুজা?

উত্তৰঃ হিচাপৰক্ষকসকলে ব্যৱহাৰ কৰা সমগ্ৰ হিচাপবিদ্যা প্রক্রিয়াটোক হিচাপশাস্ত্র বোলা হয়।

(খ) দীঘল উত্তৰৰ বাবে প্রশ্নাৱলী:

১। হিচাপৰক্ষণৰ বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ হিচাপৰক্ষণৰ বৈশিষ্ট্যসমূহ (Characteristics of Bookkeeping):

(ক) হিচাপৰক্ষণ এক প্ৰণালীবদ্ধ পদ্ধতি যাৰ দ্বাৰা ব্যৱসায়ত সংঘটিত হোৱা বিত্তীয় লেন-দেনসমূহ বিজ্ঞাসন্মতভাৱে লিপিবদ্ধ কৰা হয়।

(খ) হিচাপৰক্ষণে ব্যৱসায়ত সংঘটিত হোৱা লেন-দেন সমূহ সঠিক আৰু সুচাৰু ভাৱে হিচাপৰ বহীত অর্ন্তভুক্ত কৰা প্ৰণালীটোক সূচায়।

(গ) ইয়াৰ উদ্দেশ্য হৈছে ব্যৱসায়টোৰ বিত্তীয় অৱস্থাৰ ওপৰত বিত্তীয় লেন-দেনসমূহৰ প্ৰভাৱ দশোৱা।

(ঘ) হিচাপৰক্ষণ হৈছে এক প্রাথমিক পৰ্যায়ৰ কাম, ইয়াক ব্যৱসায়ৰ নিম্ন পৰ্যায়ৰ কৰ্মচাৰীসকলে সম্পাদন কৰে।

(ঙ) হিচাপৰক্ষণক প্রাথমিক হিচাপৰ বহী (Books of Primary Entry) হিচাপে গণ্য কৰা হয়। হিচাপৰক্ষণক কলা তথা বিজ্ঞান হিচাবে অভিহিত কৰা হয়।

২। হিচাপবিদ্যাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ হিচাপবিদ্যাৰ বৈশিষ্ট্যসমূহ হল —

(ক) হিচাপবিদ্যাই সেইবিলাক তথ্য বা ঘটনা লিপিবদ্ধ কৰে, যিবিলাক বিত্তীয় প্ৰকৃতিৰ হয়।

(খ) হিচাপবিদ্যা লিপিবদ্ধকৰণ, শ্ৰেণীবিভাজন, সংক্ষিপ্তকৰণ আৰু বিত্তীয় প্রতিবেদন প্রস্তুকৰণৰ সৈতে জড়িত হৈ থাকে।

(গ) হিচাপবিদ্যাই এটা ব্যৱসায়ৰ বিত্তীয় অৱস্থা নির্ধাৰণ কৰাত সহায় কৰে তথা এই তথ্যসমূহ বহিৰাগত পক্ষক অৱগত কৰে।

(ঘ) হিচাপবিদ্যা ব্যক্তিৰ দ্বাৰা সম্পাদন হয়, সেয়েহে ব্যক্তিগত ভুলৰ বাবে হিচাপবিদ্যাৰ ফলাফল কেতিয়াবা ভুল হ’ব পাৰে।

(ঙ) হিচাপবিদ্যাত একমাত্র টকাৰ হিচাপত জুখিব পৰা লেন-দেন সমূহকহে গণ্য কৰা হয়।

৩। হিচাপবিদ্যাৰ বিভিন্ন স্তৰ সমূহ কি কি?

উত্তৰঃ হিচাপবিদ্যাৰ বিভিন্ন স্তৰ সমূহ হল –

৪। হিচাপবিদ্যা আৰু হিচাপৰক্ষণৰ মাজৰ পাৰ্থক্য সমূহ উল্লেখ কৰা।

উত্তৰঃ হিচাপবিদ্যা আৰু হিচাপৰক্ষণৰ মাজৰ পাৰ্থক্য সমূহ হল –

আধাৰহিচাপৰক্ষণহিচাপবিদ্যা
১। উদ্দেশ্যহিচাপৰক্ষণৰ উদ্দেশ্য হৈছে বিত্তীয় লেন-দেন সমূহ প্রণালীবদ্ধভাৱে লিপিবদ্ধ কৰা।হিচাপবিদ্যাৰ উদ্দেশ্য হৈছে বিত্তীয় ফলাফল আৰু বিত্তীয় অৱস্থা নিৰূপন কৰা তথা আগ্রহী পক্ষক এই তথ্যসমূহ অৱগত কৰা।
২। স্তৰহিচাপৰক্ষণ হৈছে হিচাপবিদ্যাৰ প্রাৰম্ভিক পর্যায়।হিচাপবিদ্যা হৈছে দ্বিতীয় পর্যায়। হিচাপৰক্ষণ য’ত শেষ হয় তাত হিচাপবিদ্যা আৰম্ভ হয়।
৩। পৰিসৰহিচাপৰক্ষণে বিত্তীয় লেন-দেন সমূহ চিনাক্তকৰণ, লিপিবদ্ধকৰণ আৰু পৰিমাপন কৰে।হিচাপবিদ্যাই বিত্তীয় লেন-দেন সংক্ষিপ্তকৰণ, শ্রেণীবিভাজন, উপস্থাপন আৰু যোগাযোগস্থাপন কৰে।

৪। সম্পাদন
হিচাপৰক্ষণ সাধাৰণতে নিম্ন পর্যায়ৰ কর্মচাৰীয়ে সম্পাদন কৰে, যিহেতু ইয়াৰ বাবে বিশেষ জ্ঞানৰ প্রয়োজন নহয়।হিচাপবিদ্যাৰ বাবে বিশেষ জ্ঞানৰ প্রয়োজন হয় আৰু এই কাম সাধাৰণতে উচ্চ পর্যায়ৰ কর্মচাৰীয়ে সম্পাদন কৰে।

৫। বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত হিচাপবিদ্যাৰ উপকাৰীতা সমূহ উল্লেখ কৰা।

উত্তৰঃ বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত হিচাপবিদ্যাৰ উপকাৰীতা সমূহ তলত উল্লেখ কৰা হল —

(ক) হিচাপবিদ্যাই ব্যৱসায়ৰ বিত্তীয় তথ্যসমূহ আগ্রহী গোটসমূহক অৱগত কৰে।

(খ) হিচাপবিদ্যাই দুটা পৃথক বিত্তীয় বর্ষ বা দুটা পৃথক কোম্পানীৰ মাজৰ বিত্তীয় প্রতিবেদন সমূহ তুলনা কৰাত সহায় কৰে।

(গ) যিকোনো ন্যায়িক ক্ষেত্ৰত বা কৰ সম্পৰ্কীয় কাৰ্যত হিচাপবিদ্যাৰ তথ্যসমূহ সাক্ষীৰূপে ব্যৱহাৰ কৰা হয়।

(ঘ) হিচাপবিদ্যাই ব্যৱসায়ৰ মূল্য নিৰূপন কৰাত আৰু বিত্তীয় সিদ্ধান্ত গ্রহণ কৰাত সহায় কৰে।

৬। হিচাপবিদ্যাৰ সীমাবদ্ধতা সমূহ উল্লেখ কৰা।

উত্তৰঃ হিচাপবিদ্যাৰ সীমাবদ্ধতা সমূহ তলত উল্লেখ কৰা হল –

(ক) ব্যৱসায়ৰ সৈতে জড়িত থকা সকলো প্ৰকাৰৰ হিচাপ লিপিবদ্ধ কৰা আৰু হিচাপৰ বহী চোৱাচিতা কৰা।

(খ) এক নিৰ্দিষ্ট সময়ৰ ভিতৰত ব্যৱসায়ত হোৱা লাভ-লোকচানৰ পৰিমাণ নিৰ্ণয় কৰা।

(গ) ব্যৱসায়ৰ বিত্তীয় অৱস্থা নিৰূপন কৰা।

(ঘ) হিচাপবিদ্যাৰ তথ্যসমূহ ব্যৱহাৰ কৰা পক্ষসমূহক যোগান ধৰা।

৭। হিচাপবিদ্যা চক্র কি?

উত্তৰঃ হিচাপবিদ্যা চক্র হৈছে এটা প্রক্রিয়া যি ব্যৱসায়ৰ এটা বিত্তীয় লেনদেন লিপিবদ্ধ কৰাৰ পৰা আৰম্ভ কৰি বিত্তীয় প্রতিবেদন প্রস্তুত কৰালৈকে সকলোবোৰ পৰ্যায় বা স্তৰ সামৰি লয়। 

৮। হিচাপবিদ্যা চক্ৰৰ বিভিন্ন স্তৰ সমূহ বর্ণনা কৰা।

উত্তৰঃ হিচাপবিদ্যা চক্ৰৰ বিভিন্ন স্তৰ সমূহ হল –

(ক) লেন-দেন লিপিবদ্ধ কৰণ: এটা লেনদেন সংঘটিত হোৱাৰ লগে লগে প্রথমে তাক হিচাপৰ বহীত লিখা হয়।

(খ) জাবেদা: লিপিবদ্ধ কৰা এই লেন-দেন সমূহৰ পৰা ক্রম অনুসাৰে জাবেদা প্রস্তুত কৰা হয়।

(গ) খতিয়ন: এই জাবেদা সমূহ শ্রেণী বিভাজন কৰি ক্ৰম অনুসাৰে আৰু শ্রেণীবদ্ধভাৱে খতিয়ন প্রস্তুত কৰা হয়।

(ঘ) উদ্ধৃত্ত মিলনপত্র: ইয়াৰ পিছত সকলোবোৰ খতিয়নৰ চূড়ান্ত স্থিতি সমূহ লৈ বিত্তীয় বর্ষৰ অন্তত উদ্ধৃত্ত মিলনপত্র প্রস্তুত কৰা হয়।

(ঙ) সংযোজিত প্রৱিষ্টি: সকলোবোৰ সংযোজিত প্রৱিষ্টি হিচাপৰ বহীত নিয়াৰিকৈ লিখা হয় আৰু বিত্তীয় প্রতিবেদন প্রস্তুত কৰা আগেয়ে সংযোজন কৰা হয়।

(চ) সংযোজিত উদ্ধৃত মিলন পত্র: ইয়াৰ পিছত প্রয়োজন অনুসাৰে সংযোজিত উদ্ধৃত্ত মিলনপত্র প্রস্তুত কৰিবলগীয়া হ’ব পাৰে।

(ছ) চূড়ান্ত প্রৱিষ্টিঃ সকলো ধৰণৰ অৱাস্তৱ হিচাপ সম্পূৰ্ণ কৰা হয় আৰু ইয়াৰ চুড়ান্ত স্থিতিসমূহ ক্রয়- বিক্রয় হিচাপ আৰু লাভ-লোকচান হিচাপলৈ স্থানান্তৰ কৰা হয়।

(জ) বিত্তীয় প্রতিবেদন: হিচাপবিদ্যা চক্রৰ অন্তিম পর্যায়ত ব্যৱসায়ৰ বিত্তীয় প্রতিবেদন সমূহ প্রস্তুত কৰা হয়। বিত্তীয় প্রতিবেদনে ব্যবসায়ৰ বিত্তীয় ফলাফল আৰু বিত্তীয় অৱস্থাৰ প্ৰকৃত প্রতিচ্ছবি দাঙি ধৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top