Class 9 Commerce Elective Chapter 1 ব্যৱসায়ৰ বুনিয়াদ Solutions, SEBA Class 9 Banijya Parichoy Question Answer, Class 9 Commerce Elective Chapter 1 ব্যৱসায়ৰ বুনিয়াদ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 9 SEBA and select needs one.
Class 9 Commerce Elective Chapter 1 ব্যৱসায়ৰ বুনিয়াদ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 9 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Commerce Elective Solutions for All Chapter, You can practice these here.
ব্যৱসায়ৰ বুনিয়াদ
Chapter – 1
| প্রথম খণ্ড: ব্যৱসায় অধ্যয়ন |
প্রশ্নাৱলী
১। মানুহৰ কাৰ্যকলাপসমূহৰ শ্ৰেণীবিভাজন কৰা।
উত্তৰঃ
২। অর্থনৈতিক কার্যকলাপ আৰু অনা অর্থনৈতিক কার্যকলাপ বুলিলে কি বুজা? উদাহৰণ দিয়া।
উত্তৰঃ অর্থনৈতিক কার্যকলাপ (Economic Activities): জীৱন নিৰ্বাহৰ উদ্দেশ্যে আৰু অৰ্থ উপাৰ্জনৰ কাৰণে মানুহে যিবিলাক কার্য সম্পাদন কৰে, সেইবিলাক কার্যক অর্থনৈতিক কার্যকলাপ বোলে। উদাহৰণস্বৰূপে- ব্যৱসায় কৰা, চাকৰি কৰা, সা-সামগ্রী বিক্ৰী কৰা ইত্যাদি।
অনা-অর্থনৈতিক কার্যকলাপ (Non-Economic Activities): যিবিলাক কার্যকলাপ মানুহে জীয়াই থাকিবলৈ বা উপাৰ্জন কৰিবলৈ সম্পাদন নকৰে যিবিলাক কাৰ্যকলাপৰ দ্বাৰা মানুহৰ শাৰীৰিক আৰু মানসিক উৎকর্ষ সাধন হয় তথা ব্যক্তিগত সন্তুষ্টি লাভ কৰে, তেনে কার্যকলাপ সমূহক অনা-অর্থনৈতিক কার্যকলাপ বোলা হয়।
যেনে- ধ্যান, প্রেম, আনন্দ ইত্যাদি।
৩। ব্যৱসায় মানে কি বুজা? ব্যৱসায়ৰ বৈশিষ্টাবলীসমূহ লিখা।
উত্তৰঃ লাভ অৰ্জনৰ বাবে কোনো সামগ্রী কিনা-বেচা কৰা বা উপাৰ্জন কৰা, বিনিময় কৰা, বিতৰণ কৰা, স্থানান্তৰ কৰা আৰু সেৱা যোগান ধৰা কাৰ্যকলাপক ব্যৱসায় বুলি কোৱা হয়।
ব্যৱসায়ৰ বৈশিষ্টাবলীসমূহ হল-
(ক) এক অর্থনৈতিক কার্যকলাপ: ব্যৱসায়ে বিভিন্ন ধৰণৰ অর্থনৈতিক কার্যকলাপ সামৰি লয়। ইয়াত অর্থনৈতিক কার্যকলাপ বুলিলে উপার্জন আৰু লাভ কৰাৰ উদ্দেশ্যে সামগ্ৰী আৰু সেৱা কিনা-বেচা কৰা কার্যকলাপসমূহক বুজায়। উদাহৰণস্বৰূপে, এজন দোকানীয়ে গ্রাহকক সামগ্রী বিক্ৰী কৰা কাৰ্য।
(খ) সামগ্ৰী আৰু সেৱা বিনিময়: এটা ব্যৱসায়ৰ বাবে সা-সামগ্ৰী আৰু সেৱাৰ আদান-প্রদান কৰাটো আৱশ্যক। যদি কোনোবা এজন ব্যক্তিয়ে তেওঁৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে সা-সামগ্রী কিনে তেন্তে এনে কাৰ্যক ব্যৱসায় বোলা নহয়। যিহেতু ই এক ব্যক্তিগত খৰচ। কিন্তু সেই একে কাৰ্য যদি ব্যৱসায়ৰ বাবে সম্পাদন কৰে, তেন্তে এনে কার্যক ব্যৱসায়ৰ হিচাপত ধৰা হয়।
(গ) নিয়মীয়া লেনদেন: ব্যৱসায় হৈছে এক প্ৰকাৰৰ নিয়মীয়া লেনদেন। অর্থাৎ এটা ব্যৱসায়ত কিনা- বেচা কার্যকলাপসমূহ দৈনন্দিন ৰূপত সংঘটিত হয়। উদাহৰণস্বৰূপে, যদি এজন ব্যক্তিয়ে এটা পুৰণি ৰেফ্রিজেৰেটৰ বিক্ৰী কৰি এটা নতুন ৰেফ্রিজেৰেটৰ ক্ৰয় কৰে, তেন্তে ই এক কিনা-বেচা কৰা কাৰ্য কিন্তু এনে কার্য যদি নিয়মিত ভাৱে নহয়, তেন্তে ইয়াক ব্যৱসায় বুলি কোৱা নহয়।
(ঘ) লাভৰ মনোবৃত্তি: যিকোনো ব্যৱসায়ৰ মূল উদ্দেশ্য হৈছে লাভ অর্জন কৰা। এটা ব্যৱসায়ত সংঘটিত হোৱা প্রতিটো কিনা-বেচা কৰা কাৰ্যৰ উদ্দেশ্য লাভ অর্জন কৰা হোৱাটো বাঞ্চনীয়। এটা ব্যৱসায়ত লাভ অর্জন কৰিব যাওঁতে লোকচানৰো সম্মুখীন হয়। তথাপি লোকচানৰ সময়তো এটা ব্যৱসায়ীয়ে লাভ অৰ্জন কৰাৰ উদ্দেশ্য কেতিয়াও বাদ নিদিয়ে।
(ঙ) বিপদশংকা: বিপদশংকা হৈছে এটা ব্যৱসায়ৰ ফলাফলৰ লগত জড়িত থকা অনিশ্চয়তাসমূহ। কম- বেছি পৰিমাণে সকলো ব্যৱসায়ত বিপদশংকা বা অনিশ্চয়তা জড়িত হৈ থাকে। ইয়াৰ অৰ্থ এয়া যে, সকলো ব্যৱসায়তে কিছুমান আসোঁৱাহ বা প্রত্যাহ্বান থাকে, যি ব্যৱসায়ৰ লোকচানৰ উৎস হ’ব পাৰে। ব্যৱসায় বুলিলে সকলো সময়তে লাভ অৰ্জন কৰা নুবুজায়। এটা ব্যৱসায়ত লাভৰ দৰে লোকচানকো সমান্তৰালভাৱে গণ্য কৰা হয়। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনীয়তাকে বিপদশংকা (Risk) হিচাপে জনা যায়। মানুহৰ জীৱনত উত্থান-পতন থকাৰ নিচিনাকৈ এটা ব্যৱসায়তো লাভ লোকচান থাকে আৰু ইয়াক লৈ এটা ব্যৱসায় আগবাঢ়ি যায়।
৪। বৃত্তি মানে কি বুজা? বৃত্তিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ বৃত্তি বুলিলে এক অর্থনৈতিক সেৱাক বুজায় যাক সম্পাদন কৰাৰ উদ্দেশ্যে এজন ব্যক্তিৰ বিশেষ জ্ঞান, কৌশল, দক্ষতা বা নিপুনতা থকাটো প্রয়োজন।
বৃত্তিৰ বৈশিষ্ট্যসমূহ হল (Characteristics of Profession): (ক) বিশেষ জ্ঞান আৰু কৌশলঃ এটা বৃত্তিৰ সকলোতকৈ ডাঙৰ বৈশিষ্ট্যটো হৈছে যে এজন বৃত্তিধাৰী কোনো এক বিষয়ত বা যিকোনো ক্ষেত্রত বিশেষ জ্ঞান আৰু কাৰিকৰী কৌশলৰ অধিকাৰী হ’ব লাগিব।
(খ) প্রশিক্ষণ আৰু অভিজ্ঞতা: যিকোনো বৃত্তিধাৰীৰ প্ৰশিক্ষণ আৰু অভিজ্ঞতা থকাটো নিতান্ত প্রয়োজন। এই কার্য কোনো ব্যক্তিয়ে তেওঁ অর্জন কৰা বিশেষ জ্ঞান আৰু কৌশলৰ বিনিময়ত সম্পাদন কৰে।
(গ) প্রতিনিধিত্বমূলক বৃত্তিমুখী সংঘ স্থাপন: ইয়াৰ তৃতীয় বৈশিষ্ট্য হৈছে যে কিছুমান বিশেষ ব্যক্তি, সংস্থা বা সংঘ থাকে, যিবিলাকে তলত উল্লেখ কৰা কাৰ্যসমূহ সম্পাদন কৰে-
(ⅰ) ইয়াৰ সদস্য সমূহৰ আচৰণসমূহ নিয়ন্ত্ৰণ কৰা।
(ii) বৃত্তিধাৰীসকলৰ কাৰ্যসমূহক গতিফল দেখুওৱাৰ বাবে এক আচৰণ বিধি প্রস্তুত কৰা।
(iii) ইয়াৰ বৃত্তিধাৰীসকলৰ ভাবমূর্তি গঢ় দিয়া আৰু উত্তৰণ ঘটোৱা।
(iv) ইয়াৰ সদস্যসকলৰ ন্যূনতম অর্হতা নির্ধাৰণ কৰা।
(v) বৃত্তিধাৰী সকলৰ প্রবেশপথ মুকলি কৰা।
(ঘ) আচৰণ বিধি: বৃত্তিধাৰী সদস্য সকলে নিৰ্ধাৰিত আচৰণ বিধিসমূহ পালন কৰিবলৈ বাধ্য। এই আচৰণ বিধিসমূহে নিৰ্দ্ধাৰিত নীতি – নিয়মসমূহৰ লগতে সাধুতা, সমন্বয়, নৈতিকতা, ইত্যাদিৰ সৈতে জড়িত হৈ থাকে।
(ঙ) সেৱা কাৰ্যৰ প্ৰাধান্য: অন্যান্য ব্যৱসায়ৰ দৰে যিকোনো বৃত্তি নির্বাচন কৰাৰ মূল উদ্দেশ্য হৈছে আয় বা লাভ অৰ্জন কৰা। ইয়াত এজন বৃত্তিধাৰীয়ে তেওঁ অৰ্জন কৰা বিশেষ জ্ঞান বা কৌশলেৰে সেৱা আগবঢ়োৱাৰ বিনিময়ত ধন উপার্জন কৰিবলৈ সমর্থ হয়। সেয়েহে এজন বৃত্তিধাৰীক সমাজত সম্মানৰ দৃষ্টিৰে চোৱা হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



