Class 9 Commerce Elective Chapter 2 ব্যৱসায়িক সংঘটন

Class 9 Commerce Elective Chapter 2 ব্যৱসায়িক সংঘটন Solutions, SEBA Class 9 Banijya Parichoy Question Answer, Class 9 Commerce Elective Chapter 2 ব্যৱসায়িক সংঘটন Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 9 SEBA and select needs one.

Class 9 Commerce Elective Chapter 2 ব্যৱসায়িক সংঘটন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 9 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Commerce Elective Solutions for All Chapter, You can practice these here.

ব্যৱসায়িক সংঘটন

Chapter – 2

প্রথম খণ্ড: ব্যৱসায় অধ্যয়ন

প্রশ্নাৱলী

১। বিভিন্ন প্ৰকাৰৰ ব্যৱসায়িক সংগঠন সমূহ কি কি?

উত্তৰঃ 

২। একক মালিকীস্বত্ব ব্যৱসায় বুলিলে কি বুজা?

উত্তৰঃ একক মালিকীস্বত্ব বুলিলে সেই ব্যৱসায়ক বুজায় যি ব্যৱসায়ৰ গৰাকী এজন ব্যক্তি। যি ব্যৱসায় এজন ব্যক্তিৰ একক প্ৰচেষ্টাৰ দ্বাৰা আৰম্ভ, পৰিচালিত, নিয়ন্ত্রিত হয় তেনে ব্যৱসায়ক একক মালিকীস্বত্ব ব্যৱসায় বোলা হয়। 

৩। একক মালিকীস্বত্ব ব্যৱসায়ৰ গুৰুত্বপূর্ণ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ একক মালিকীস্বত্ব ব্যৱসায়ৰ গুৰুত্বপূর্ণ বৈশিষ্ট্যসমূহ হৈছে এনেধৰণৰ-

(ক) ব্যক্তিগত মালিকীস্বত্ব: একক মালিকীস্বত্ব ব্যৱসায়ৰ প্ৰধান বৈশিষ্ট্য হৈছে, এনে ব্যৱসায় এজন ব্যক্তিয়ে গঠন, পৰিচালিত আৰু নিয়ন্ত্ৰণ কৰে। ব্যৱসায়ৰ সমস্ত সম্পত্তি আৰু সম্পদৰ তেওঁৱেই একমাত্ৰ গৰাকী।

(খ) একক ব্যৱস্থাপনাঃ একক মালিকীস্বত্ব ব্যৱসায়ত মালিকে ব্যৱস্থাপনাৰ সকলো কাম কাজ অকলে সম্পাদন কৰে। এনে ব্যৱসায়ৰ আকাৰ বা পৰিসৰ বৃদ্ধি পালে, মালিকে কোনো ব্যক্তিক ব্যৱস্থাপক হিচাবে ৰাখিব পাৰে।

(গ) অসীমিত দেনা: ইয়াত মালিকৰ দেনাৰ পৰিমাণ বিনিয়োগ কৰা মূলধনতকৈ অধিক হয়। যদি ব্যৱসায়ত লোকচান হয়, তেতিয়া মালিকে ব্যৱসায়ৰ সম্পত্তি বিক্ৰী কৰি দিবলগীয়া ধন পৰিশোধ কৰে আৰু তেতিয়াওঁ যদি অপর্যাপ্ত হয়, তেন্তে মালিক ব্যক্তিগতভাৱে দায়ী হয় আৰু মালিকৰ ব্যক্তিগত সম্পত্তি বিক্ৰী কৰি হলেও তেনে দেনা পৰিশোধ কৰিব লাগে।

(ঘ) ব্যৱসায় নির্বাচনত স্বাধীনতা: ইয়াত এজন ব্যক্তিয়ে নিজস্ব ইচ্ছা অনুযায়ী যিকোনো ধৰণৰ ব্যৱসায় কৰিব পাৰে। এনে ক্ষেত্ৰত তেওঁ বিভিন্ন মানুহৰ পৰা দিহা পৰামৰ্শ লয় আৰু সুবিধা সামৰ্থ অনুসৰি এটা নির্দিষ্ট ব্যৱসায় বাছনি কৰে।

৪। যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায় বুলিলে কি বুজা?

উত্তৰঃ ই হৈছে এক প্ৰকাৰৰ ব্যৱসায় সংগঠন, য’ত পৰিয়ালৰ সদস্যসকল কোনো এক ব্যৱসায়ী কার্যত লিপ্ত থাকে আৰু পৰিয়ালৰ মুৰব্বীজন (কর্তা) হৈছে ব্যৱসায়টোৰ মুখ্য ব্যক্তি তেনে ব্যৱসায়ক যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায় বুলি কোৱা হয়।

৫। যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায়ৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায়ৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ হৈছে এনেধৰণৰ –

(i) যৌথ হিন্দু আইন অনুসৰি ব্যৱস্থাপনা: যৌথ হিন্দু পৰিয়াল ব্যৱসায়ৰ কাৰ্যকলাপসমূহ হিন্দু আইনমতে ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ কৰা হয়।

(ii) ব্যৱস্থাপনা: এনে ব্যৱসায় সাধাৰণতে পৰিয়ালৰ জ্যেষ্ঠ সদস্যজনৰ দ্বাৰা ব্যৱস্থাপিত হয়। তেওঁক ব্যবস্থাপক বা মুৰব্বী বা কর্তা বোলা হয়।

(iii) একমাত্ৰ পুৰুষ সদস্য: এই ব্যৱসায়ত পৰিয়ালৰ একমাত্ৰ পুৰুষ সদস্যসকলহে সমঅংশীদাৰ হ’ব পাৰে।

(iv) পঞ্জীয়ন: এনে ব্যৱসায়ত পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই।

৬। অংশীদাৰী ব্যৱসায় মানে কি?

উত্তৰঃ যি ব্যৱসায়ত দুজন বা ততোধিক ব্যক্তিৰ মাজত হোৱা চুক্তিৰ আধাৰত গঠন হয়, যি একেলগে ব্যৱসায়ৰ বিভিন্ন কাম-কাজসমূহ আগবঢ়াই নিবলৈ ৰাজী হয় আৰু ব্যৱসায়ৰ লাভ-লোকচান ভাগ কৰি লয় তেনে ব্যৱসায়ক অংশীদাৰী ব্যৱসায় বুলি কোৱা হয়।

৭। অংশীদাৰী ব্যৱসায়ৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ অংশীদাৰী ব্যৱসায়ৰ বৈশিষ্ট্যসমূহ হৈছে-

(i) এজনতকৈ অধিক ব্যক্তিঃ এই ব্যৱসায়ত নিম্নতম সদস্যৰ সংখ্যা দুজন। এনে ব্যৱসায় কোনো এজন বিশেষ ব্যক্তিৰ দ্বাৰা গঠন হ’ব নোৱাৰে।

(ii) ব্যৱসায়ৰ অস্তিত্বঃ দুজন বা তাতোধিক ব্যক্তিৰ সমষ্টিক অংশীদাৰী ব্যৱসায় বোলা হয়। তেওঁলোকে এটা ব্যৱসায় একেলগে চলাই নিয়াৰ বাবে সন্মত হয় আৰু তাৰ বাবে সমূহীয়াকৈ কাম কৰে।

(iii) চুক্তিগত সম্পর্ক: অংশীদাৰী ব্যৱসায়ৰ সূত্রপাত হয় অংশীদাৰসকলৰ মাজত হোৱা চুক্তিৰ আধাৰত। সেয়েহে ইয়াত অংশীদাৰসকলৰ মাজত এক লিখিত চুক্তি থকাটো প্রয়োজন।

(iv) লাভৰ উদ্দেশ্য: অংশীদাৰী ব্যৱসায়ৰ মূল উদ্দেশ্য হৈছে লাভ অৰ্জন কৰা। ইয়াত, ব্যৱসায়টোৰ পৰা হোৱা লাভ অংশীদাৰ সকলৰ মাজত তেওঁলোকৰ মাজত হোৱা চুক্তি অনুযায়ী বিভাজন কৰা হয়।

৮। ক্ষুদ্র খণ্ডৰ উদ্যোগ বুলিলে কি বুজা? ক্ষুদ্র খণ্ডৰ উদ্যোগৰ অন্তগর্ত বিভিন্ন প্ৰকাৰৰ ব্যৱসায়সমূহ কি কি?

উত্তৰঃ ক্ষুদ্ৰ খণ্ডৰ উদ্যোগ হৈছে সেইবিলাক উদ্যোগ যিবোৰে সামগ্ৰীৰ বা সেৱাৰ উৎপাদন, বিতৰণ ইত্যাদি ক্ষুদ্ৰ পৰিসৰত কৰে ৷

ক্ষুদ্র খণ্ডৰ উদ্যোগৰ অন্তগর্ত বিভিন্ন প্ৰকাৰৰ ব্যৱসায়সমূহ হল —

(i) ক্ষুদ্র আকাৰৰ উদ্যোগ (Small Scale Industries).

(ii) ক্ষুদ্র উদ্যোগ গোটৰ সহায়ক (Ancillary Auxiliary Small Industries Unit).

(ⅲ) ৰপ্তানিমুখী গোট (Export Oriented Unit).

(iv) মহিলা উদ্যোগীব মালিকানা আৰু ব্যৱস্থাপনাৰ ক্ষুদ্র উদ্যোগ (Small Scale Industries Owned and Managed by Women Entrepreneurs).

(v) ক্ষুদ্রতম বিভাগ (Tiny Sector).

(vi) ক্ষুদ্ৰ পৰিসৰৰ সেৱা আৰু ব্যৱসায় (উদ্যোগ সম্পর্কীয়) প্রতিষ্ঠান (Small Scale Service and Business Industry related Enterprise).

(vii) অতি ক্ষুদ্র ব্যবসায়িক প্রতিষ্ঠান (Micro Business Enterprise).

(viii) কুটীৰ আৰু গ্ৰাম্য উদ্যোগ (Cottage and Rural Industries).

৯। গ্রাম্য অঞ্চলত ক্ষুদ্র ব্যৱসায়ৰ ভূমিকাৰ বিষয়ে লিখা।

উত্তৰঃ গ্রাম্য অঞ্চলত ক্ষুদ্র ব্যৱসায়ৰ ভূমিকা বিষয়ে তলত দিয়া হল —

(ক) অধিক সংস্থাপন: সাধাৰণতে ক্ষুদ্র ব্যৱসায়সমূহ শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে। এই খণ্ডত সর্বাধিক সংখ্যক শ্রমিকৰ প্রয়োজন হয়। ভাৰতৰ গ্ৰাম্য অঞ্চলসমূহত পর্যাপ্ত পৰিমাণৰ শ্ৰম কৰিব পৰা লোক বিয়পি আছে। এই সকল লোকৰ কিছুমানে হয়তো খেতি-বাতি কৰে আৰু অন্য কিছুমানে নিবনুৱা হিচাপে আছে। ক্ষুদ্র উদ্যোগসমূহে এনে লোকসকলক সু-সংস্থাপন প্রদান কৰে।

(খ) অর্থনৈতিক ভেটি: ক্ষুদ্র উদ্যোগসমূহে গ্রাম্য অঞ্চলৰ অর্থনৈতিক ভেটি দুই ধৰণে শক্তিশালী কৰে। প্রথমে, এনে ব্যৱসায় আৰম্ভ কৰিবলৈ সীমিত পৰিমাণৰ পুঁজি বা মূলধনৰ প্রয়োজন হয়, সেয়েহে কম পৰিমাণৰ পুঁজিৰ যিকোনো ব্যক্তিয়ে এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। দ্বিতীয়তে, ক্ষুদ্র উদ্যোগে নিবনুৱাসকলক সংস্থাপন প্রদান কৰে।

(গ) দক্ষ ব্যক্তিৰ বাবে সুবিধা: ভাৰতৰ গাঁও সমূহত এনে বহুতো লোক আছে যিসকল বিভিন্ন ক্ষেত্রত দক্ষ, বিশেষ জ্ঞানসম্পন্ন বা কৌশলসম্পন্ন। এনে লোকসকল সুযোগ আৰু সুবিধাৰ অভাৱত তেওঁলোকৰ মাজত থকা দক্ষতা বিকাশ ঘটা নাই বা পোহৰলৈ অহা নাই। ক্ষুদ্র ব্যৱসায়ে এনে লোকসকলৰ সুপ্ত প্রতিভা আৰু দক্ষতা বিকাশ ঘটাত সহায় কৰে।

(ঘ) থলুৱা উন্নয়ণ: ক্ষুদ্র ব্যৱসায়সমূহ সাধাৰণতে উৎপাদনৰ বাবে থলুৱা উৎসৰ ওপৰত নিৰ্ভৰশীল হয়। সেয়েহে এনে ব্যবসায় যিকোনো স্থানতে চলাই নিব পৰা যায়। আনকি ভিতকৰা অঞ্চলসমূহতো এনে ব্যবসায়ে আঞ্চলিক উন্নয়ণৰ ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰে।

(ঙ) জীৱন নির্বাহৰ মানদণ্ড উন্নীতকৰণ: ক্ষুদ্র ব্যৱসায় সমূহ প্রতিষ্ঠা হোৱাৰ লগে লগে গ্রাম্য অঞ্চলসমূহত বহুতো সা-সুবিধা উপলব্ধ হয়। যেনে সংস্থাপন, বিদ্যুৎ, বাট-পথ, শিক্ষা, বেংক সেবা, যাতায়ত ব্যবস্থা ইত্যাদি। এনে সা-সুবিধাসমূহে গ্রাম্য অঞ্চলত বসবাস কৰা লোকসকলৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নীত কৰে।

(চ) থলুৱা সম্পদৰ সদ্ব্যবহাৰ: গ্ৰাম্য অঞ্চলত কেঁচা সামগ্রী, ভূমি, শ্রমিক আদি বিভিন্ন ধৰণৰ সম্পদ পোৱা যায় যিবিলাকৰ সৎ-ব্যৱহাৰ হোৱা নাই বা প্রকৃত মূল্যাংকন হোৱা নাই। ক্ষুদ্র ব্যৱসায় প্রতিষ্ঠা হোৱাৰ লগে লগে এনে অৱহেলিত সম্পদ সমূহ সঠিকৰূপে ব্যৱহাৰ কৰা হয়।

১০। ভাৰতৰ ক্ষুদ্র ব্যৱসায় সমূহে সম্মুখীন হোৱা বিভিন্ন প্ৰকাৰৰ অসুবিধা আৰু প্রত্যাহ্বান সমূহৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ ক্ষুদ্র ব্যৱসায় সমূহে সম্মুখীন হোৱা বিভিন্ন প্ৰকাৰৰ অসুবিধা আৰু প্রত্যাহ্বান সমূহ হ’ল- 

(ক) কেঁচা সামগ্ৰীৰ অভাৱ: ক্ষুদ্র ব্যৱসায় সমূহে সম্মুখীন হোৱা এটা ডাঙৰ সমস্যা হ’ল কেঁচা সামগ্রীৰ অভাব। ক্ষুত্র ব্যৱসায় সমূহ পর্যাপ্ত পৰিমাণৰ কেঁচা সামগ্রীৰ অভাৱত ভোগা দেখা যায়। তাৰোপৰি ইয়াত ব্যৱহাৰ কৰা কেঁচা সামগ্রীসমূহ সাধাৰণতে নিম্ন মানদণ্ডৰ অথবা অধিক মূল্যৰ হোৱা দেখা যায়।

(খ) পুঁজিৰ অভাৱ: ক্ষুদ্র ব্যৱসায় বা উদ্যোগসমূহে সম্মুখীন হোৱা এটা প্রধান সমস্যা হৈছে, ব্যৱসায়ৰ বাবে প্রয়োজন হোৱা পুঁজিৰ অভাৱ। ক্ষুদ্র ব্যৱসায় সমূহৰ বিনিয়োগৰ বাবে প্রয়োজন হোৱা পুঁজিৰ মূল উৎস হৈছে বেংকৰ ঋণ। দেখা পোৱা যায়, এনে ব্যৱসায়ীসকলক যি পৰিমাণৰ পুঁজিৰ প্ৰয়োজন হয়, সেই পৰিমাণৰ পুঁজিৰ ঋণ বেংকৰ পৰা লাভ নকৰে। ইয়াৰ ফলস্বৰূপে তেওঁলোকে ব্যৱসায়ক যথোচিত আর্থিক নিৰাপত্তা প্রদান কৰাত ব্যর্থ হয়।

(গ) পৰম্পৰাগত উৎপাদন পদ্ধতি: ক্ষুদ্র ব্যৱসায় সমূহত এতিয়াও বহু আগৰে পৰা চলি অহা উৎপাদন পদ্ধতি ব্যৱহাৰ কৰা দেখা যায়। ই হৈছে ক্ষুদ্র ব্যৱসায়ৰ এটা প্রধান অন্তৰায়। দেখা যায় বহু ক্ষেত্রত যন্ত্র-পাতিৰ দ্বাৰা চালিত কৰা পদ্ধতিতকৈ হাতৰ দ্বাৰা চালিত পদ্ধতিক বেছিকৈ ব্যৱহাৰ কৰা হয়। বহু ক্ষেত্রত এতিয়াও নিত্য-নতুন আৰু উন্নত মানদণ্ডৰ যন্ত্র-পাতি ব্যৱহাৰ হোৱা নাই। ইয়াৰ ফলস্বৰূপে, উৎপাদনৰ পৰিমাণ আৰু মানদণ্ড দুয়োটা নিম্নগামী হয়।

(ঘ) বজাৰকৰণৰ সুবিধাৰ অভাৱ: ক্ষুদ্র ব্যৱসায়সমূহে বজাৰকৰণৰ ক্ষেত্রত সম্মুখীন হোৱা বিভিন্ন অসুবিধাসমূহ হৈছে এনেধৰণৰ-

(i) কেঁচা সামগ্রীৰ মূল্য বেছি হোৱা বাবে উৎপাদিত সামগ্রীৰ বজাৰ মূল্য বৃদ্ধি পায়।

(ii) পর্যাপ্ত পৰিমাণৰ কেঁচা সামগ্রী আৰু আধুনিক উৎপাদন পদ্ধতিৰ অভাৱ।

(iii) গ্রাহকৰ পৰিৱর্তনশীল ৰুচিৰ সৈতে খোজ মিলোৱাত অসুবিধা।

(iv) এনে ব্যৱসায়সমূহে বিজ্ঞাপন আৰু প্ৰচাৰ কার্য সমূহত বেছি ধন খৰচ কৰিব নোৱাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top