Class 9 Commerce Elective Chapter 9 বীমাৰ প্ৰাথমিক মূলপদ সমূহ

Class 9 Commerce Elective Chapter 9 বীমাৰ প্ৰাথমিক মূলপদ সমূহ Solutions, SEBA Class 9 Banijya Parichoy Question Answer, Class 9 Commerce Elective Chapter 9 বীমাৰ প্ৰাথমিক মূলপদ সমূহ Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Banijya Parichoy Elective Notes Class 9 SEBA and select needs one.

Class 9 Commerce Elective Chapter 9 বীমাৰ প্ৰাথমিক মূলপদ সমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Commerce Elective Class 9 Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Commerce Elective Solutions for All Chapter, You can practice these here.

বীমাৰ প্ৰাথমিক মূলপদ সমূহ

Chapter – 9

চতুর্থ খণ্ডঃ বীমা

প্রশ্নাৱলী

১। বীমাকাৰী আৰু বীমাকৰ্তা বুলিলে কি বুজা?

উত্তৰঃ বীমাকাৰী (Insured): যি ব্যক্তিয়ে সম্ভাব্য বিপদৰ পৰা নিৰাপত্তা বিচাৰি বীমাপত্ৰ ক্ৰয় কৰে, তেওঁক বীমাকাৰী বোলা হয়।

বীমাকর্তা (Insurer): যি প্রতিষ্ঠান বা কোম্পানীয়ে কোনো ব্যক্তি বা প্রতিষ্ঠানক এক নির্দিষ্ট সময়ৰ ভিতৰত জীৱন বা অন্যান্য সম্পত্তিৰ পৰা উদ্ভৱ হ’ব পৰা সাম্ভাব্য বিপদৰ পৰা নিৰাপত্তা প্ৰদান কৰে, তেনে প্রতিষ্ঠান বা কোম্পানীক বীমাকর্তা বোলা হয়।

২। বীমা আশ্বাস মানে কি?

উত্তৰঃ বীমা আশ্বাস হৈছে এক চুক্তি যাৰ আধাৰত এটা পক্ষই আন এটা পক্ষৰ জীৱন আৰু সম্পত্তিৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সম্ভাব্য বিপদশংকাৰ বিৰুদ্ধে আৰ্থিক নিৰাপত্তা প্ৰদান কৰে। যদি এনে বিপদ প্রকৃতাৰ্থত উদ্ভৱ হয়, তেন্তে তাৰ বাৰ্থিক ক্ষতিপূৰণ দিয়া হয়।

৩। বীমাকিস্তি মানে কি?

উত্তৰঃ চুক্তি অনুসৰি বীমাকাৰীয়ে বীমাপত্ৰ ক্ৰয় কৰাৰ বাবদ বীমাকৰ্তাক একেলগে বা কিস্তি হিচাপত যি পৰিমাণৰ বৰঙনি পৰিশোধ কৰে, তাকে বীমাকিস্তি বোলা হয়।

৪। বৰঙনি বুলিলে কি বুজা?

উত্তৰঃ বৰঙনি হৈছে একোটা বিষয়বস্তু একাধিক বীমা কোম্পানীৰ ওচৰত বীমা কৰোৱা হয় আৰু তেনে সম্পত্তিৰ ক্ষতি হ’লে বীমাকাৰীয়ে প্রত্যেক বীমা কোম্পানীৰ পৰা সুকীয়া সুকীয়াকৈ ক্ষতিপূৰণৰ মূল্য আদায় কৰিব নোৱাৰে। অর্থাৎ, সংশ্লিষ্ট বিষয় বা বিষয়ত যি পৰিমাণৰ ক্ষতি হয় সেই পৰিমাণটো বিভিন্ন বীমা কোম্পানীৰ ওচৰত থকা বীমামূল্যৰ অনুপাতত বীমাদাবী লাভ কৰাৰ যোগ্যতা পায়।

৫। পুনঃ বীমা কি হয়?

উত্তৰঃ পুনঃ বীমা হৈছে এক প্ৰকাৰ বীমা প্ৰক্ৰিয়া যাৰ আধাৰত এটা বীমা কোম্পানীয়ে বীমা চুক্তিৰ বিপৰীতে গ্ৰহণ কৰা দেনা বা দায়িত্ব সম্পূর্ণভাৱে বা আংশিকভাৱে অন্য এটা বীমা কোম্পানীলৈ চুক্তিৰ যোগেদি হস্তান্তৰ কৰে।

৬। চমু টোকা লিখা (দুটামান শাৰীৰ ভিতৰত উত্তৰ লিখা)

(ক) ক্ষতিপূৰণ।

উত্তৰঃ বীমাচুক্তি আধাৰত বীমাকাৰীয়ে সন্মুখীন হোৱা ক্ষতিৰ যি পৰিমাণ ন্যায়িকভাৱে বীমাকর্তা কোম্পানীয়ে বীমাকাৰীক প্ৰদান কৰে, তাক ক্ষতিপূৰণ বোলে। সাধাৰণতে এই ক্ষতিপূৰণ আর্থিকভাৱে প্ৰদান কৰা হয়।

(খ) সম্পূর্ণ সৰল বিশ্বাস।

উত্তৰঃ বীমাচুক্তিৰ লগত জড়িত থকা সকলো পক্ষই সম্পূর্ণ সৰল বিশ্বাসৰ ভেটিত বীমাচুক্তি সম্পাদন কৰে। এই ক্ষেত্ৰত সকলোবোৰ তথ্য সত্য আৰু শুদ্ধ হোৱা উচিত। এই চুক্তি সম্পূর্ণ সততা আৰু নিষ্ঠাৰে সম্পাদন হ’ব লাগিব। 

(গ) বীমাযোগ্য স্বার্থ।

উত্তৰঃ বীমাকাৰীৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পৰা আৰম্ভ কৰি শেষ নোহোৱা পর্যন্ত বীমাযোগ্য স্বার্থ থাকিব লাগিব। বীমাযোগ্য স্বাৰ্থৰ অবিহনে বীমাচুক্তি কেতিয়াও সম্পূর্ণ নহয়।

(ঘ) সংকট।

উত্তৰঃ বীমা চুক্তি আধাৰত উদ্ভৱ হোৱা যিবোৰ সাম্ভাব্য বিপদ বা বিপদশংকাৰ নাম বীমা চুক্তিত উল্লেখ থাকে, সেইবোৰক বীমাৰ সংকট বোলা হয়। ই একমাত্র চুক্তিত উল্লেখ থকা বিপদশংকা সমূহকহে সামৰি হয়। যেনে- অগ্নি, চুৰি ইত্যাদি।

(ঙ) বীমা প্রতিনিধি।

উত্তৰঃ যিসকল ব্যক্তিয়ে কোনো বীমা কোম্পানীক প্রতিনিধিত্ব কৰে আৰু বীমা কোম্পানীৰ হৈ জনসাধাৰণৰ মাজত বীমাপত্র বিক্রী বা বিনিময় কৰে, তেনে ব্যক্তিক বীমা প্রতিনিধি বোলা হয়। বীমা প্রতিনিধি সকল বীমাকাৰী আৰু বীমাকৰ্তা সকলৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰে।

(চ) দালাল।

উত্তৰঃ যিসকল ব্যক্তিয়ে জনসাধাৰণৰ মাজত বিভিন্ন কোম্পানীৰ বীমাপত্র বিক্রী বা বিনিময় কৰে, তেনে ব্যক্তিক দালাল বোলা হয়। তেওঁলোক কোনো এটা বিশেষ কোম্পানীৰ সৈতে জড়িত নাথাকে আৰু গ্ৰাহকৰ প্ৰয়োজন সাপেক্ষে বিভিন্ন ধৰণৰ প্ৰতিভূতি কিনা-বেচা কৰে।

(ছ) দাবী।

উত্তৰঃ এজন বীমাকাৰীয়ে বীমাকোম্পানীক বীমাচুক্তিৰ আধাৰত উদ্ভৱ হোৱা লোকচানৰ ক্ষতিপূৰণ দিবলৈ যি অনুৰোধ জনায় তাকে দাবী বোলে। সাধাৰণতে বীমা কোম্পানীয়ে যি যি বিপদশংকাৰ বিৰুদ্ধে নিৰাপত্তা প্রদান কৰে, তেনে বিপদসমূহ উদ্ভৱ হ’লেহে বীমাচুক্তিৰ আধাৰত বীমাকাৰীয়ে দাবী জনাব পাৰে।

(জ) প্রতিশ্রুতি।

উত্তৰঃ এটা বীমা কোম্পানীয়ে এজন বীমাকাৰীক বীমা চুক্তিৰ আধাৰত সত্যতা আন নিৰ্ভৰযোগ্যতা সম্পর্কে যি লিখিত নিশ্চয়তা প্রদান কৰে, তাকে প্রতিশ্রুতি বোলে।

(ঝ) বিপদশংকা।

উত্তৰঃ বীমা চুক্তিৰ আধাৰত যি ঘটনা বা অঘটন সংঘটিত হ’লে বীমাকাৰীৰ লোকচান বা ক্ষতি হয়, তাক বিপদশংকা বোলে। এনে বিপদশংকা মানুহৰ জীৱনৰ লগত জড়িত হ’ব পাৰে বা সা- সম্পত্তিৰ ক্ষেত্ৰত উদ্ভৱ হোৱা কোনো দূর্ঘটনা যেনে- জুই লগা বা চুৰি কাৰ্য ইত্যাদিও হ’ব পাৰে।

(ঞ) অনুগ্ৰহৰ সময়।

উত্তৰঃ বীমাচুক্তিৰ আধাৰত বীমাকাৰীয়ে বীমা কিস্তি পৰিশোধ কৰাৰ শেষ দিন উকলি যোৱাৰ পাছত যি অতিৰিক্ত সময়সীমা লাভ কৰে, তাকে অনুগ্ৰহৰ সময় বোলে। অনুগ্ৰহৰ সময়ৰ ভিতৰত বীমা কিস্তি পৰিশোধ কৰিলে বীমাপত্র বাতিল হোৱাৰ পৰা ৰক্ষা পৰে।

(ট) আশ্বাস।

উত্তৰঃ আশ্বাস আৰু বীমাৰ মাজত বহুখিনি সামঞ্জস্য আছে, তথাপি আশ্বাস একমাত্র জীৱন বীমাৰ ক্ষেত্ৰতহে প্রযোজ্য হয়। আশ্বাস অনুসৰি কোনো বিশেষ ঘটনা সংঘটিত হওঁক বা নহওঁক ক্ষতিপূৰণ প্ৰদান কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top