🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 6 Assamese Chapter 8 বেবেৰিবাং

Class 6 Assamese Chapter 8 বেবেৰিবাং Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Assamese Chapter 8 বেবেৰিবাং and select needs one.

SEBA Class 6 Assamese Chapter 8 বেবেৰিবাং

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Assamese Chapter 8 বেবেৰিবাং Solutions for All Subject, You can practice these here.

বেবেৰিবাং

পাঠ: 8

TEXTUAL QUESTION ANSWER

১। কবিতাটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

২। দলত ভাগ হৈ কবিতাফাকিৰ পৰা তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।

(ক) ফুচুক ফাচাক কথা এটাই

চুচুক চামাক কে

জুপুক জাপাক বুঢ়াৰ পেটত

আছিল কথমপি বৈ।

কেনেকুৱা কথাই চুচুক চামাককৈ ৰৈ আছিল?

কাৰ পেটত কথাটো কথমপি বৈ আছিল?

উত্তৰঃ ফুচুক ফাচাক কথা এটাই চুচুক চামাককৈ ৰৈ আছিল। – জুপুক জাপাক বুঢ়াৰ পেটত কথাটো ৰৈ আছিল।

(খ) পোলোক পালাক চকুৰে চাই

মোলোক দেউ আহিল

তিনি পৰ মান বহিল

গুজুক গাজাক কথাৰ মেল

পোলোক পালাক চকুৰে চাই কোন আহিছিল?

কথাৰ মেল কিমান পৰ বহিছিল?

উত্তৰঃ পোলোক পালাক চকুৰে চাই মোলোক দেউ আহিছিল। – কথাৰ মেল তিনিপৰ মান বহিছিল।

(গ) কবিতাটির কথাখিনি গদ্য রূপত কোৱা আক লিখা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

৩। ভল ভলীয়া বুঢ়া সলসলীয়া মুখ

এবাৰ সুৰুঙা পাই

ঢোলোক ঢালাক বাগৰি পৰিল

ফুচুক ফাচাক কাই।

– কথাখিনিৰ ভাব বহলাই লিখা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

৪। কবিতাটিৰ পৰা ‘ক’ বৰ্ণবে শেষ হোৱা শব্দবোৰ বাছি উলিয়াই লিখা।

উত্তৰঃ ফুচুক, ফাচাক, চুচুক, জুপুক, পোলোক, পালাক, মোলোক, গুজুক, গাজাক, ঘোটোক, ঘাটাক, মটক, মাটাক, খটক, খাটাক, ভুতুক, ভাটাক, ঢোলোক, ঢালাক, টুপুক, টাপাক, মুচুক, মাচাক।

৫। উত্তৰ দিয়া।

(ক) ভাত উতলাদি ভূতুক ভাতাক কৈ বুঢ়াৰ পেটত উতলি থাকি কোন ওলাব নোৱৰা হৈ আছিল?

উত্তৰঃ ভাত উতলাদি ভূতুক ভাতাক কৈ বুঢ়াৰ পেটত উতলি থাকি ফুচুক-ফাচাক কথা ওলাব নোৱৰা হৈ আছিল।

(খ) মোলোক দেউ কেনেকৈ যাবলৈ ওলাল?

উত্তৰঃ মোলোক দেও খৰম খটক-খাটাক কৰি যাবলৈ ওলাল।

(গ) মোলোক দেউবে কেনেদবে বাট বুলিছিল?

উত্তৰঃ মোলোক দেউবে মুচুক-মাচাক হাঁহি মাৰি বাট বুলিছিল।

৬। ভাত উতলাদি উতলি আছিল

ভুটোক ভতাক কৈ।

ভুতুক ভাতাক কে ভাত শব্দটো বিশেষ্য পদ। ইয়াৰ বিশেষণৰ ৰূপটো ভতুৱা।

এনে ধৰণৰ শব্দ আৰু সেই শব্দৰ প্ৰয়োগেৰে বাক্য গঠন কৰি তলৰ তালিকাখন পূৰ কৰা।

ৱিশেষ্যবিশেষণবাক্য
বনবনুৱাবনুৱাজনে ঘাঁহ কাটিছে
ৰণ
ঘৰ
সাৰ
খাৰ
পলস
বজাৰ

উত্তৰঃ 

ৱিশেষ্যবিশেষণবাক্য
বনবনুৱাবনুৱাজনে ঘাঁহ কাটিছে।
ৰণৰনুৱাৰনুৱা সকলে যুদ্ধ কৰি আছে।
ঘৰঘৰুৱাঘৰুৱা কাম নিজে কৰিব লাগে।
সাৰসাৰুৱানদীয়ে পথাৰ খন সৰুৱা কৰিছে।
খাৰখাৰুৱাসকলোৱে মাজে মাজে খাৰুৱা খাদ্য খাব লাগে।
পলসপলসুৱাপলসুৱা মাটি থকা জেগাত ধান খুব ভাল হয়।
বজাৰবজাৰুৱাআমি অণুবৰতে বজাৰুৱা খাদ্য খাব নালাগে।

৭। দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্ত্যমিল থকা আন আন শব্দ গঠন কৰিবলৈ চেষ্টা কৰা।

কৈ – গৈ – ৰৈ _____________   _____________ _____________   _____________

(i) মুচুক মাচাক __________ __________ __________ 

উত্তৰঃ ফুচুক ফাচাক, খুচুক খাচাক, কুচুক কাচাক।

(ii) টুপুক টাপাক ____________  __________ ___________ 

উত্তৰঃ চুপুক চাপাক, চুচুক চামাক, জুপুক জাপাক।

(iii) কুৰুক কাৰাক __________ __________ ___________

উত্তৰঃ মুৰুক মাৰাক, ভুৰক ভাৰাক, পুৰুক পাৰাক।

(iv) চলচলীয়া ___________ ___________ ___________

উত্তৰঃ ভলভলীয়া, মলমলীয়া, গলগলীয়া।

(v) কিচকিচীয়া ____________ __________ ______________

উত্তৰঃ মিমিচীয়া, বিজবিজীয়া, চিকচিকীয়া।

৮। কবিতাকেইফাকি পঢ়া আৰু অনুরূপ শব্দবোৰত () চিন দিয়া।

(ঘৰ চৰ) ভাঙি নিলে

বৰদৈচিলাই

ৰহিমলাই কান্দি আছে

ইনাই বিনাই।

চাউল টাউল একো নাই

খৰিবোৰো তিতা

ছাগলী টাগলী কেনি গাল

ছেদেলি ভেদেলি ভিঠা।

উত্তৰঃ (ঘৰ চৰ) ভাঙি নিলে

বৰদৈচিলাই

ৰহিমলাই কান্দি আছে

(ইনাই বিনাই)।

(চাউল টাউল) একো নাই

খৰিবোৰো তিতা

(ছাগলী টাগলী) কেনি গাল

(ছেদেলি ভেদেলি) ভিঠা।

১০। শব্দৰ লগত অর্থ মিলোৱা।

অৰ্থশুনা ইন্দ্ৰিয়, কান্ধ, ঘেঁহুৰ গুড়ি, পিতাকৰ পিতাক
শব্দ
আটা
আতা
কাণ
কান

উত্তৰঃ 

শব্দঅর্থ
আটাঘেঁহুৰ গুড়ি
আতাপিতাকৰ পিতাক
কাণশুনা ইন্দ্ৰিয়
কানকান্ধ,

১১। চকৰিটোত থকা শব্দৰে কবিতা দুফাকি সম্পূৰ্ণ কৰা।

(ক) নিজৰা বৈ যায় __________ কৈ।

উত্তৰঃ নিজৰা বৈ যায় কুলকুল কৈ।

ভোমোৰাই উৰি ফুৰে ___________ কৈ।

উত্তৰঃ ভোমোৰাই উৰি ফুৰে গুণ গুণ কৈ।

বতাহত বাঁহ জোপাই ____________ কৰে।

উত্তৰঃ বতাহত বাঁহ জোপাই কেৰ মেৰ কৰে।

আকাশত তৰাবোৰে ____________ কৰে।

উত্তৰঃ আকাশত তৰাবোৰে তিৰবীৰ কৰে।

(খ) নপঢ়িলে দেউতাই __________ কৰে।

উত্তৰঃ নপঢ়িলে দেউতাই খেচ খেচ কৰে।

_________ হাঁহি মাৰি ভাইটি লৰ মাৰে।

উত্তৰঃ মিচিক মাচাক হাঁহি মাৰি ভাইটি লৰ মাৰে।

আইতা আহে ওচৰ চাপি ___________ কৰি।

উত্তৰঃ আইতা আহে ওচৰ চাপি থৰক বৰক কৰি।

ভন্টিও আহে বিস্কুট খাই ___________ কৰি।

উত্তৰঃ ভন্টিও আহে বিস্কুট খাই মচক মচক কৰি।

১২। কবি লীলা গগৈৰ ‘অঘাইটং ল’ৰা’ নামৰ কবিতাটিৰ পৰা কিছু অংশ দিয়া হৈছে; পঢ়ি চোৱা আৰু ভোটাৰামৰ বিষয়ে কোৱা।

পঢ়াশালিত ভোটাৰাম

ঘৰত মাতে ভটং, 

ল’ৰা নহয় এলাপেচা 

বৰ অঘাইটং।

এদিনাখন ভটং বোপাই 

ঘটং ঘটং কৰি, 

হাত এখনি পতং পেলালে 

গছৰ পৰা পৰি।

কলং নদীৰ দলং খনত।

তলং ভলং কবি, 

জপং কবে ভটং বোপাই 

দিয়ে পানীত পৰি।

বংমনে খং কৰি 

ৰং লগাই কয়, 

ভটং বোপাই খাটাং কথা 

মনত পেলাই থয়।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১৩। দলত বহি তলত দিয়া শব্দসমূহ ব্যৱহাৰ হোৱাকৈ একোটিকৈ কবিতা লিখিবলৈ যত্ন কৰা। 

খট খট্                 টং টং                   জক্ মক্

গুৰুম, গুৰুম্      মুৰুক্ মাৰাক্       খপ্ জপ্

টিক্ টিক্              কক্ বক্               ঢলং পলং

উত্তৰঃ ঠিক সময়ত ঘড়ী কৰে টিক্ টিক্, 

সৰু সৰু তৰাবোৰ জ্বলে চিক্ মিক্।

টং টং মন্দিৰৰ ঘণ্টা বাজিল,

খপ্ জপ্ কৰি তাই লৱৰি উঠিল। 

গুৰুম, গুৰুম্ মাত আহিল দেৱলী,

ফুলজাৰি, চকৰি, বোমা ফুটিল জ্বলি।

ভুক্ ভুক্ কৰে টমে ঢলং পলং, 

জক্ মক্ পোহৰত পলাই পত্ৰং।

ভাইটীয়ে চানা খায় মুৰুক্ মাৰাক্,

ফুলজাৰ নজ্বলাই চুমুক চামাক।

খট্ খট্ জোতাৰে মামাও আহিল,

বেমাৰ মাতত হেনো অৱস্থা কাহিল।

১৪। দলত আলোচনা কৰি কাষৰ বাকচৰ ভিতৰত থকা শব্দ খটুৱাই তলৰ দফাটো সম্পূর্ণ কৰা।

গলগলীয়া, সল্সলীয়া, চলচলীয়া, পৰিপাটি, ৰং চঙীয়া, তজৱজিয়া, খদমদম, খপজপ

নয়ন এজন ____________ ল’ৰা। পিচে সি 

________ কাপোৰ পিন্ধি ভাল পায়। তাৰ 

কাম-কাজবোৰ ____________। কাম কৰোঁতে সি 

___________ নকৰে কোনো কথাতে তাৰ 

___________  অৱস্থা নহয়। সি তাৰ মনৰ ভাব 

___________ কৈ প্রকাশ কৰিব পাৰে। তাৰ 

মাতটোও ____________  এদিন এখন সভাত সি 

ছহিদসকলৰ বিষয়ে কৈ আছিল। তাৰ ভাষণ শুনি 

লগৰীয়াৰ চকু _________ হৈছিল।

উত্তৰঃ নয়ন এজন চলচলীয়া ল’ৰা। পিচে সি 

ৰং চঙীয়া কাপোৰ পিন্ধি ভাল নাপায়। তাৰ 

কাম-কাজবোৰ পৰিপাটি। কাম কৰোঁতে সি খপজপ

নকৰে। কোনো কথাতে তাৰ সল্সলীয়া অৱস্থা নহয়। 

সি তাৰ মনৰ ভাব খদমদম কৈ প্রকাশ কৰিব পাৰে। 

তাৰ মাতটোও গলগলীয়া এদিন এখন সভাত সি 

ছহিদসকলৰ বিষয়ে কৈ আছিল। তাৰ ভাষণ শুনি 

লগৰীয়াৰ চকু চলচলীয়া হৈছিল।

পাঁচটা ধেমেলীয়া কবিতা সংগ্ৰহ কৰা। সেই কবিতাৰ নাম আৰু কবি পৰিচয় দি এখন প্রাচীব পত্রিকা প্রস্তুত কৰা আৰু সকলোৱে পঢ়িব পৰাকৈ শ্ৰেণীকোঠাৰ বেৰত আৰি থোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

দৈনন্দিন জীবনত কথা কওঁতে সচৰাচৰ ব্যৱহাৰ কৰা বিশটাকৈ বিশেষ্য পদ আৰু অনুৰূপ শব্দ তলৰ তালিকাত লিখা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Class 6 Assamese Chapter 8 বেবেৰিবাং”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top