Class 6 Assamese Chapter 10 মহীয়সী হেলেন কেলাৰ

Class 6 Assamese Chapter 10 মহীয়সী হেলেন কেলাৰ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Assamese Chapter 10 মহীয়সী হেলেন কেলাৰ and select needs one.

SEBA Class 6 Assamese Chapter 10 মহীয়সী হেলেন কেলাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Assamese Chapter 10 মহীয়সী হেলেন কেলাৰ Solutions for All Subject, You can practice these here…

মহীয়সী হেলেন কেলাৰ

পাঠ: 10

ক্ৰিয়া-কলাপ

চমুকৈ উত্তৰ দিয়া

প্ৰশ্ন ১। পাঠটো শুদ্ধ উচ্চাৰণেৰে খোকোজা নলগাকৈ পঢ়া। 

উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে কৰা) ।

প্ৰশ্ন ২। পাঠটো পঢ়ি তুমি বুজি নোপোৱা শব্দবোৰৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰ চাই লিখা ।

উত্তৰঃ  (ছাত্ৰ-ছাত্ৰী নিজে কৰা) ।

প্ৰশ্ন ৩। তলত বাক্যশাৰী পঢ়ি কোনে, কিয় আপ্ৰাণ চেষ্টা কৰিছিল কোৱা আৰু লিখা । “বিভিন্ন ধৰণেৰে ছোৱালীজনীৰ মনত সাহস আৰু আত্মবিশ্বাস জগাই তুলিবলৈ তেখেতসকলে আপ্ৰাণ চেষ্টা কৰিছিল ।”

উত্তৰঃ সন্তান হেলেন কেলাৰৰ বিষাদপূৰ্ণ অৱস্থা দেখি তেখেতৰ মনত বিভিন্ন উপায়েৰে সাহস আৰু আত্মবিশ্বাস জাগ্ৰত কৰিবলৈ পিতৃ-মাতৃয়ে আপ্ৰাণ চেষ্টা চলাইছিল । ছোৱালীজনীৰ অৱস্থা দেখি যেতিয়া তেখেতসকল মৰ্মাহত হৈছিল, তেতিয়াই তেনে চেষ্টা চলাইছিল ।

প্ৰশ্ন ৪। পাঠটো পঢ়ি উপযুক্ত শব্দ আৰু চন খালী ঠাইত বহুওৱা । 

(ক)…….চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰলাল নেহৰুৱে ভাষণ দি থাকোঁতে এগৰাকী মহিলাই তেওঁৰ ওঁঠ দুটি……. কৰি সকলোকে…. কৰিলে ।

উত্তৰঃ ১৯৫৪ চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰলাল নেহৰুৱে ভাষণ দি থাকোঁতে এগৰাকী মহিলাই তেওঁৰ ওঁঠ দুটি স্পৰ্শ কৰি সকলোকে অবাক কৰিলে ।

(খ) ……চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক….. পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰে ডেৰ বছৰ বয়সত…..ৰোগত আক্ৰান্ত হৈছিল ।

উত্তৰঃ ১৮৮০ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰে ডেৰ বছৰ বয়সত মেনিনজাইটিছ্ ৰোগত আক্ৰান্ত হৈছিল ।

(গ) নিঃস্বাৰ্থ আৰু পবিত্ৰ প্ৰেমেৰে……সকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয়…… চনত ।

উত্তৰঃ নিঃস্বাৰ্থ আৰু পবিত্ৰ প্ৰেমেৰে বিশেষ প্ৰয়োজনসম্পন্ন সকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয় ১৯৬৮ চনত ।

(ঘ) …..ভালকৈ উপলদ্ধি কৰিছিল যে বিশেষ প্ৰয়োজনসম্পন্ন ব্যক্তিসকলৰ বাবে ধন-বিততকৈ মৰম,……আৰু……. বেছি প্ৰয়োজন ।

উত্তৰঃ গ্ৰাহাম বেলে ভালকৈ উপলদ্ধি কৰিছিল যে বিশেষ প্ৰয়োজনসম্পন্ন ব্যক্তিসকলৰ বাবে ধন-বিততকৈ মৰম, চেনেহ আৰু আত্মবিশ্বাসৰহে বেছি প্ৰয়োজন ।

প্ৰশ্ন ৫। মহীয়সী নাৰীগৰাকীৰ জীৱনটো তোমাৰ কথাৰে লিখা । 

উত্তৰঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এজন সামৰিক বিষয়াৰ প্ৰথম সন্তান হিচাপে ১৮৮০ চনত হেলেন কেলাৰৰ জন্ম হৈছিল । ডেৰ বছৰ বয়সত হেলেন মেনিনজাইটিছ্ ৰোগত আক্ৰান্ত হৈ শ্ৰৱণ শক্তি, দৃষ্টিশক্তি হেৰুৱাইছিল । সন্তানৰ এনে বিষাদপূৰ্ণ অৱস্থা দেখি পিতৃ-মাতৃ মৰ্মাহত হৈছিল আৰু চিকিৎসাৰ দ্বাৰা সেই সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হৈছিল । শেষত পিতৃ গ্ৰাহাম বেলৰ পৰা সহায় বিচাৰিলে ।  গ্ৰাহাম বেলে হেলেনৰ সমস্যা সমাধান কৰিবলৈ এনি চুলিভানক নিয়োগ কৰিলে । এনি চুলিভানে অতি মৰমেৰে হেলেনক ওঁঠৰ কঁপনিৰ দ্বাৰা মনৰ ভাব বুজি পোৱা কৌশলটো শিকাই দিলে । অৱশেষত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰি হেলেন কেলাৰে ১৯০৪ চনত কলা শাখাৰ স্নাতক ডিগ্ৰীও ল’লে । পাছত বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তিসকলৰ শিক্ষা আৰু বিকাশৰ বাবে প্ৰতিষ্ঠিত প্ৰতিষ্ঠান এখনৰ অধ্যক্ষ নিযুক্ত হয় । তেখেতে মানৱ সেৱাৰ হকে বহুতো গ্ৰন্থ ৰচনা কৰিছিল, যুদ্ধত আহতসকলৰ প্ৰতি সেৱা আগবঢ়াইছিল, নানান সংগঠনৰ জন্ম দিছিল আৰু সেৱাৰ মনোভাৱেৰে পৃথিৱীজুৰি ভ্ৰমণ কৰি বক্তৃতা দিছিল । ১৯৬৮ চনত এগৰাকী মহীয়সী নাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। 

প্ৰশ্ন ৬। দলত আলোচনা কৰি উত্তৰ লিখা । “চুলিভানে গ্ৰাহাম বেলৰ পৰা শিকা কৌশলটো অতি মৰমেৰে হেলেন কেলাৰকো শিকাই দিলে ।”

(ক) চুলিভান বুলি ইয়াত কাৰ কথা কোৱা হৈছে ?

উত্তৰঃ ইয়াত এনি চুলিভান নামৰ শিক্ষয়িত্ৰীগৰাকীৰ কথা কোৱা হৈছে ।

(খ) চুলিভানে গ্ৰাহাম বেলৰ পৰা কি শিকিছিল ? 

উত্তৰঃ চুলিভানে গ্ৰাহাম বেলৰ পৰা ওঁঠৰ কঁপনি অনুভব কৰি মনৰ ভাব বুজি পোৱাৰ কৌশল শিকিছিল । 

(গ) চুলিভানে হেলেনক কি শিকাইছিল ? 

উত্তৰঃ এনি চুলিভানে হেলেনক গ্ৰাহাম বেলৰ পৰা ওঁঠৰ কঁপনিৰে মনৰ ভাব বুজি পোৱাৰ ন ন কৌশল শিকাইছিল । 

প্ৰশ্ন ৭। তলৰ শব্দবোৰৰ সন্ধি ভাঙি পঢ়োঁ আহা । 

হিম+অচল=হিমাচল,   পৰি+ঈক্ষা=পৰীক্ষা,

বিদ্যা+আলয়=বিদ্যালয়,  অতি+আচাৰ=অত্যাচাৰ,  

হিম+আলয়=হিমালয়,

যথা+ইষ্ট=যথেষ্ট,    মণি+ইন্দ্ৰ= মণীন্দ্ৰ, 

যথা+উপযুক্ত= যথোপযুক্ত, অতি+ইন্দ্ৰিয়=অতীন্দ্ৰিয়, নৌ+ইক=নাৱিক

উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে পঢ়া ।) 

Sl. No.Contents
Chapter 1সবাতোকৈ আপোন
Chapter 2বুধিয়ক বীৰবল
Chapter 3অসমীয়া ভাষাৰ বিকাশৰ কথা
Chapter 4বিহু আদৰণি
Chapter 5গুৰুদক্ষিণা
Chapter 6মিত্ৰামিত্ৰ
Chapter 7ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
Chapter 8বেবৰিবাং
Chapter 9আইতাক মই কিদৰে পঢ়িবলৈ শিকিলোঁ
Chapter 10মহীয়সী হেলেন কেলাৰ
Chapter 11সঞ্চয়
Chapter 12মনোৰম মাজুলী
Chapter 13আবিষ্কাৰৰ কাহিনী
Chapter 14স্কাউট আৰু গাইড
Chapter 15মহো-হো গীত

প্ৰশ্ন ৮। ইচ্ছাশক্তি, কল্যাণ, নিঃস্বাৰ্থ, আত্মবিশ্বাস, প্ৰয়োজন, প্ৰবল, সহায়, কৰ্মপ্ৰৱণতা, দুঃসাহসী । এই শব্দকেইটা ব্যৱহাৰ কৰি কমেও পাঁচটা বাক্য সাজা ।উদাহৰণ :- প্ৰবল ইচ্ছাশক্তি আৰু আত্মবিশ্বাসৰ দ্বাৰা ছোৱালীজনীয়ে জীৱনত সফলতা লাভ কৰিব পাৰিলে। 

উত্তৰঃ (ক) সমাজৰ কল্যাণৰ বাবে আজি প্ৰয়োজন হৈছে প্ৰবল কৰ্ম প্ৰৱণতা ।

(খ) দুঃসাহসী আৰু নিঃস্বাৰ্থ লোক আছিল বাবেই বৰুৱাই সকলোৰে প্ৰতি সহায়ৰ হাত আগবঢ়াইছিল ।

(গ) তোমালোকৰ আত্মবিশ্বাসে নিশ্চয়কৈ দেশৰ কল্যাণ সাধন কৰিব ।

(ঘ) হেলেন কেলাৰ প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰী হোৱাৰ উপৰি তেখেতৰ আত্মবিশ্বাস আৰু কৰ্মপ্ৰৱণতাও শলাগিবলগীয়া আছিল । 

(ঙ) দুর্গতজনক সহায় কৰা নিঃস্বাৰ্থ লোকেহে প্ৰয়োজন সাপেক্ষে নিজেও সহায় পায় আৰু সকলোৱে তেনে লোকৰ কল্যাণ কামনা কৰে । 

প্ৰশ্ন ৯। শব্দবোৰ অভিধানৰ দৰে বৰ্ণমালাৰ ক্ৰমত-সজোৱা । প্ৰয়োজন হ’লে শিক্ষকৰ সহায় ল’বা । উদাহৰণ–অধ্যক্ষ,অবাক,আনুষ্ঠানিক, আপ্ৰাণ ।মহীয়সী নিঃস্বাৰ্থ উপলব্ধি আপ্ৰাণ ফলপ্ৰসূ মধ্যবিত্ত দুঃসাহসী আনুষ্ঠানিক খুঁত কৰ্মপ্ৰৱণতা বিষাদপূৰ্ণ জৰিয়তে প্ৰতিষ্ঠিত শিক্ষা সংস্থাপন শাৰীৰিক অবাক চিকিৎসক ওঁঠ উৎসৰ্গা অধ্যক্ষ টেলিফোন ডিগ্ৰী আৰম্ভ ছোৱালী গ্ৰাহাম হতাশ নেহেৰু যুক্তৰাষ্ট্ৰ ইচ্ছাশক্তি হতভম্ভ হাঁহি কৰ্ম ।

উত্তৰঃ অধ্যক্ষ,অবাক,আনুষ্ঠানিক, আপ্ৰাণ, আৰম্ভ, ইচ্ছাশক্তি, উপলব্ধি, উৎসৰ্গা, ওঁঠ, কৰ্ম, কৰ্মপ্ৰৱণতা, খুঁত, গ্ৰাহাম, চিকিৎসক, ছোৱালী, জৰিয়তে, টেলিফোন, ডিগ্ৰী, দুঃসাহসী, নিঃস্বাৰ্থ, নেহেৰু, প্ৰতিষ্ঠিত, ফলপ্ৰসূ, বিষাদপূৰ্ণ, মধ্যবিত্ত, মহীয়সী, যুক্তৰাষ্ট্ৰ, শাৰীৰিক, শিক্ষা, সংস্থাপন, হতভম্ভ, হতাশ, হাঁহি ।

প্ৰশ্ন ১০। তলত দিয়াবোৰৰ পুংলিংগ,স্ত্ৰীলিংগ আৰু উভয়লিংগ নিৰ্ণয় কৰি তালিকা প্ৰস্তুত কৰা । 

মহিলা  নাৰী  শিক্ষক  সন্তান  প্ৰধানমন্ত্ৰী  ছোৱালী  পিতৃ   মাতৃ  শিক্ষয়িত্ৰী  শিশু  অধ্যক্ষ  ব্যক্তি  দেউতা  কেঁচুৱা  পুৰুষ  লোক 

পুংলিংগ      স্ত্ৰীলিংগ      উভয়লিংগ

উদাহৰণ    পুৰুষ          মাতৃ         কেঁচুৱা

উত্তৰঃ    

পুংলিংগ   স্ত্ৰীলিংগ    উভয়লিংগ

শিক্ষক    মহিলা         সন্তান

পিতৃ          নাৰী        প্ৰধানমন্ত্ৰী

অধ্যক্ষ    ছোৱালী          শিশু

দেউতা       মাতৃ           ব্যক্তি

পুৰুষ       শিক্ষয়িত্ৰী      কেঁচুৱা

প্ৰশ্ন ১১। “বিশেষ প্ৰয়োজনসম্পন্ন ব্যক্তিসকল সমাজৰ সম্পদ” — এইসকলৰ বাবে তুমি কি কৰিব দলত আলোচনা কৰি লিখা । 

উত্তৰঃ বিশেষ প্ৰয়োজনসম্পন্ন ব্যক্তিসকল মনত আত্মবিশ্বাস জাগ্ৰত কৰাটো আটাইতকৈ প্ৰয়োজনীয় কথা । আমি নিশ্চয়কৈ এনে ব্যক্তিৰ বাবে বিশেষ অনুষ্ঠান গড়ি তুলিব পাৰোঁ । মৰম-চেনেহেৰে তেওঁলোকৰ সুপ্ত প্ৰতিভা জগাই তুলিব পাৰোঁ।  তেনে লোকৰ প্ৰতি আমাৰ দৃষ্টিভংগী সলনি কৰিব পাৰিলে তেওঁলোকক সমাজৰ স’তে খোজ মিলোৱাত সহায় কৰিব পাৰোঁ । ব্যক্তিগতভাৱেও আমি তেনে লোকৰ প্ৰয়োজন পূৰণ কৰিবলৈ যত্ন কৰিব পাৰোঁ ।

প্ৰশ্ন ১২ । “বিশেষ প্ৰয়োজনসম্পন্ন ব্যক্তিসকলে দেশ তথা সমাজৰ সম্পদ” — এই বিষয়ে তোমাৰ শ্ৰেণীকোঠাত এটি বক্তৃ্তা অনুষ্ঠানৰ আয়োজন কৰা ।

উত্তৰঃ   আজি আমি পুৰণি দৃষ্টিভংগী সলনি কৰাৰ সময় আহি পৰিছে । পূৰ্বতে বিশেষ প্ৰয়োজনসম্পন্ন ব্যক্তিসকলৰ বিষয়ে মানুহৰ মনত ভুল ধাৰণা আছিল; তেওঁলোকৰ পৰা দেশ তথা সমাজৰ কোনো লাভ নহয় বুলি ভবা হৈছিল । আজিকালি ধাৰণা সলনি হৈছে । বিশেষ প্ৰয়োজনসম্পন্ন ব্যক্তিসকলেই তেনে ধাৰণা নিজ কৰ্মৰ দ্বাৰা সলনি কৰি পেলাইছে । তেনে ব্যক্তিও  অসাধাৰণ প্ৰতিভা আৰু মানসিক ক্ষমতাৰ অধিকাৰী হ’ব পাৰে । হেলেন কেলাৰ, ষ্টিফেন হকিং আদি বিশ্ববৰেণ্য ব্যক্তিয়ে তাৰ প্ৰমাণ । মৰম-চেনেহেৰে তেনে লোকৰ মনত সাহস আৰু আত্মবিশ্বাস জগাই তুলিব পাৰিলে সুপ্ত প্ৰতিভা জাগ্ৰত কৰিব পাৰি ।

প্ৰশ্ন ১৩। শ্ৰুতলিপি লিখা । 

উত্তৰঃ 

1 thought on “Class 6 Assamese Chapter 10 মহীয়সী হেলেন কেলাৰ”

  1. I like this app very useful for me I like too much I didn’t understand anything then I will open this app when teachers will give homework then I will open this how I understand you that how much I love it it’s like a friend of my study 😊 🤗all types of questions and answers here I really love it 🙂

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top