Class 6 Assamese Chapter 15 মহো-হো গীত Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Assamese Chapter 15 মহো-হো গীত and select needs one.
SEBA Class 6 Assamese Chapter 15 মহো-হো গীত
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Assamese Chapter 15 মহো-হো গীত Solutions for All Subject, You can practice these here…
মহো-হো গীত
পাঠ: 15
ক্ৰিয়া-কলাপ
চমুকৈ উত্তৰ দিয়া
প্ৰশ্ন ১। মহো-হো গীতটো শুদ্ধ উচ্চাৰণেৰে পদ্য হিচাপে পঢ়া আৰু আটায়ে মিলি অংগ-ভংগীৰে পৰিৱেশন কৰা ।
উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে কৰা) ।
প্ৰশ্ন ২। পাঠত দিয়া মহো-হো গীতটো অন্ত্যধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা ।
উদাহৰণ– হৌ-লউ
উত্তৰঃ ( i ) হৌ-লউ ।
( ii ) মহ্ মহওঁতে- যহাওঁতে ।
( iii ) পৰিল- মৰিল ।
( iv ) ভাইৰে – খাইৰে ।
( v ) নুণ – দোণ ।
( vi ) কড়ি – চৰি ।
( vii ) যাওঁতে – পাওঁতে ।
( viii ) মালা – ভালা ।
( ix ) চাকা – টাকা ।
( x ) মিকি – সিকি ।
( xi ) পাটে – ঘাটে ।
প্ৰশ্ন ৩। পাঠত দিয়া মহো-হো গীতটোত দুবিধ কৃষি-সঁজুলিৰ নাম আছে । সঁজুলি দুবিধ কি কি ? সঁজুলি দুবিধৰ ছবি আঁকা ।
উত্তৰঃ পাঠত উল্লেখ থকা কৃষি-সঁজুলি দুবিধ হ’ল — সীৰলু আৰু মৈ ।

প্ৰশ্ন ৪। উত্তৰ দিয়া ।
(ক) মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে কি লৈছে ?
উত্তৰঃ মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে টাঙোন লৈছে ।
(খ) হিদাল গছত গা ঘহাওঁতে কি হ’ল ?
উত্তৰঃ হিদাল গছত গা ঘহাওঁতে বাগৰি পৰিল আৰু সকলোবোৰ মহ মৰিল।
(গ) মহ খেদিবলৈ যোৱা ল’ৰাহঁতক গৃহস্থই চাউলৰ সলনি কি দিছে ?
উত্তৰঃ চাউলৰ সলনি ল’ৰাহঁতক গৃহস্থই কড়ি দিছে ।
(ঘ) ‘টাকা’ আৰু ‘সিকি’ মানে কি ?
উত্তৰঃ ‘টাকা’ মানে হ’ল এটকীয়া মুদ্ৰা আৰু ‘সিকি’ মানে হ’ল পঁচিশ পইচাৰ মুদ্ৰা ।
(ঙ) মহো-হো গীতটোত উল্লেখ থকা নৈখনৰ নাম কি ?
উত্তৰঃ গীতটোত বুঢ়াদিয়া নদীৰ নাম উল্লেখ আছে ।
প্ৰশ্ন ৫। তলৰ পদবোৰ কি কি বিভক্তি যুক্ত হৈছে লিখা ।
পদ বিভক্তি
মাকোক
টেপৰত
ৰূপাৰ
সিৰালে
সোণৰ
বুঢ়াদিয়াৰ
ঘাটে
উত্তৰঃ পদ বিভক্তি
মাকোক – ওক
টেপৰত – অত
ৰূপাৰ – ৰ
সিৰালে – এ
সোণৰ – ৰ
বুঢ়াদিয়াৰ – ৰ
ঘাটে – এ
প্ৰশ্ন ৬। মহো-হো গীতটোত থকা পাঁচটা বিশেষ্য পদ আৰু পাঁচটা ক্ৰিয়াপদ বাছি উলিয়াই তাৰ মান্যৰূপবোৰ লিখা ।
উত্তৰঃ বিশেষ্য পদ মান্যৰূপ
টকান – টাঙোন
হিদেলি – হিদল
নুণ – লোণ
সোণাৰ – সোণৰ
টাকা – টকা
ক্ৰিয়া পদ – মান্যৰূপ
লউ – ল
দিলাক – দিলে
গেল – গ’ল
কইৰলু – কৰিলোঁ
নহল – নহ’ল
Sl. No. | Contents |
Chapter 1 | সবাতোকৈ আপোন |
Chapter 2 | বুধিয়ক বীৰবল |
Chapter 3 | অসমীয়া ভাষাৰ বিকাশৰ কথা |
Chapter 4 | বিহু আদৰণি |
Chapter 5 | গুৰুদক্ষিণা |
Chapter 6 | মিত্ৰামিত্ৰ |
Chapter 7 | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা |
Chapter 8 | বেবৰিবাং |
Chapter 9 | আইতাক মই কিদৰে পঢ়িবলৈ শিকিলোঁ |
Chapter 10 | মহীয়সী হেলেন কেলাৰ |
Chapter 11 | সঞ্চয় |
Chapter 12 | মনোৰম মাজুলী |
Chapter 13 | আবিষ্কাৰৰ কাহিনী |
Chapter 14 | স্কাউট আৰু গাইড |
Chapter 15 | মহো-হো গীত |
প্ৰশ্ন ৭। বাক্য ৰচনা কৰা ।
চক্ চকীয়া, চিক্ মিকীয়া, সিকি, সীৰলু, টাঙোন
উত্তৰঃ চক্ চকীয়া – কৰ্দৈৰে ঘঁহি ধুই দিয়াৰ পাছত শৰাই দুখন চক্ চকীয়া হৈ উঠিল।
চিক্ মিকীয়া – দেৱালীৰ চিক্ মিকীয়া চাকিবোৰ দেখি ৰীতাৰ মন আনন্দৰে ভৰি উঠিল ।
সিকি – মদনে সংগ্ৰহ কৰা মুদ্ৰাবোৰৰ ভিতৰত এটা ১৯৫১ চনৰ সিকিও আছে ।
সীৰলু – সীৰলুৰ পৰশত পথাৰখন পুনৰ জীপাল হৈ উঠিল।
টাঙোন – সীমাই টাঙোনেৰে কুকুৰটোৰ পিঠিত কোব এটা শোধালে ।
প্ৰশ্ন ৮। পাঠত দিয়া মহো-হো গীতটোৰ পৰা তলত দিয়া শব্দবোৰৰ মান্য অসমীয়াৰ ৰূপবোৰ লিখা ।
টকান — মাইৰবা–
গাছত — নুণ —
দিলাক — দেইখবা —
মাকোক — কইৰলু —
উত্তৰঃ টকান – টাঙোন ।
মাইৰবা– মাৰিবলৈ ।
গাছত — গছত ।
নুণ — লোণ ।
দিলাক — দিলে ।
দেইখবা — দেখিবলৈ ।
মাকোক — মাকক ।
কইৰলু — কৰিলোঁ ।
প্ৰশ্ন ৯। তুমি দেখা যি কোনো এটা লোক উৎসৱৰ বিষয়ে বৰ্ণনা কৰা ।
উত্তৰঃ মহো-হো উৎসৱ
আঘোণ মাহৰ পূৰ্ণিমাৰ নিশা চেমনীয়া ল’ৰাবোৰে হাতত টাঙোন লৈ মহ খেদা বা মহো-হো উৎসৱ পাতে । এজনে কল চোঁচনি আদি পিন্ধি ভালুকৰ বেশ ধৰে । তেওঁলোকে মানুহৰ চোতালে চোতালে মহো-হো গীত গাই ফুৰে । গৃহস্থক তেওঁলোকে গীতৰ মাজেদিয়ে আশীৰ্বাদ দিয়ে । গৃহস্থই সেৱা কৰে আৰু ল’ৰাহঁতক টকা, চাউল আদি দিয়ে । তাৰে তেওঁলোকে পাছদিনা এটা লগভাত খায় ।
প্ৰশ্ন ১০। শ্ৰেণীকোঠাৰ বাহিৰত শিক্ষকৰ সহায়ত লোক উৎসৱ সম্পৰ্কীয় আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা পাতা ।
উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে কৰা)।
প্ৰশ্ন ১১। তলত উল্লেখ কৰা লোক গীতসমূহৰ যিকোনো দুটাৰ বিষয়ে টোকা যুগুত কৰা । তুমি নিলিখা আৰু তোমাৰ সহপাঠীয়ে লিখা বিষয়ৰ টোকা সংগ্ৰহ কৰা আৰু পঢ়া ।
(ক) নাওখেলৰ গীত
(খ) আই সবাহৰ গীত
(গ)আইনাম
(ঘ) টোকাৰী গীত
(ঙ) গৰখীয়া গীত
(চ) সুবচনী গীত
(ছ) হাউখেলৰ গীত
উত্তৰঃ (ক) নাওখেলৰ গীত :- আগৰ দিনত বাৰিষাৰ পানীয়ে নদীৰ দুয়োপাৰে থকা অঞ্চলসমূহ বুৰাই পেলাইছিল । তেতিয়া চিকাৰী প্ৰকৃতিৰ লোকসকলে নাও বাই গীত গাই গাই দাঁতি-কাষৰীয়া হাবিলৈ চিকাৰ কৰিবলৈ গৈছিল । সেই গীতবোৰকে নাওখেলৰ গীত বোলা হয় । মাথাউৰি হোৱাৰ পৰা নদীৰ বাহিৰে আনত নাও চলাব পৰাকৈ পানী নুঠে সেইবাবে নাও প্ৰতিযোগিতাবোৰতহে এনে গীতৰ প্ৰচলন ক্ষীণকৈ চলি আছে ।
(খ) আই সবাহৰ গীত :- কাৰোবাৰ আই ওলালে অৰ্থাৎ বসন্ত ৰোগ হ’লে মহিলাসকলে শৰাই, বগা কাপোৰ, বগা ফুল আদিৰে আই সবাহ পাতি আই সবাহৰ গীত গায় । জনবিশ্বাস মতে তেনে কৰিলে বসন্তৰ দেৱী তুষ্ট হয় আৰু ৰোগীৰ কষ্টৰ উপশম ঘটায় । এনে এফাকি গীত হ’ল —
“গধূলিতে আই আহে পদূলিলৈ চাই ।
মহামায়া আই আহে সোণৰ বংশী বাই ।।”
উল্লেখযোগ্য যে আই সবাহৰ গীতৰ মাজত বসন্ত ৰোগৰ অধিষ্ঠাত্রী দেৱীক দুৰ্গাদেৱীৰে এটা ৰূপ বুলি ধৰি লোৱা হয় ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.