Class 6 Assamese Chapter 14 স্কাউট আৰু গাইড Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Assamese Chapter 14 স্কাউট আৰু গাইড and select needs one.
SEBA Class 6 Assamese Chapter 14 স্কাউট আৰু গাইড
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Assamese Chapter 14 স্কাউট আৰু গাইড Solutions for All Subject, You can practice these here…
স্কাউট আৰু গাইড
পাঠ: 14
ক্ৰিয়া-কলাপ
চমুকৈ উত্তৰ দিয়া
প্ৰশ্ন ১। ‘স্কাউট আৰু গাইড’ পাঠটো দলগতভাৱে মনোযোগেৰে পঢ়া। পাঠটোত দৰ্শনা আৰু দুৰ্লভৰ ভিতৰত কোনে দেউতাকক বেছিকৈ প্ৰশ্ন কৰিছে বিচাৰি উলিওৱা ।
উত্তৰঃ দর্শনাই দেউতাকক দুৰ্লভতকৈ বেছিকৈ প্ৰশ্ন কৰিছে ।
প্ৰশ্ন ২। উত্তৰ কোৱা আৰু লিখা ।
(ক) দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত কোনখন নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল ?
উত্তৰঃ দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত পুঠিমাৰী নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল ।
(খ) চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত কি কি বিতৰণ কৰিছিল ?
উত্তৰঃ চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত চাউল, চিৰা, গুৰ বিতৰণ কৰিছিল ।
(গ) চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতীসকল কোন ?
উত্তৰঃ চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতীসকল স্কাউট আৰু গাইড সংগঠন সদস্য-সদস্যা ।
(ঘ) যুৱক-যুৱতীসকলে কি পোছাক পিন্ধি বান সাহায্যৰ কাম কৰিছিল ?
উত্তৰঃ যুৱক-যুৱতীসকলে নীলা পোছাক, মূৰত টুপী আৰু ডিঙিত স্কাৰ্ফ পিন্ধি সাহায্যৰ কামত আত্মনিয়োগ কৰিছিল ।
(ঙ) দর্শনাহঁতৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে কেনেকৈ জানিলে ?
উত্তৰঃ দর্শনাহঁতৰ দেউতাকে এসময়ত স্কাউট আছিল বাবে তেখেতে স্কাউট-গাইডৰ বিষয়ে জানে ।
প্ৰশ্ন ৩। স্কাউট আৰু গাইডৰ সংগঠনৰ মূল কথাখিনি চমুকৈ লিখা ।
উত্তৰঃ স্কাউট আৰু গাইড গোটেই পৃথিৱীতে থকা এটা সংগঠন । এই সংগঠনৰ ছয়ৰ পৰা দহ বয়সৰ ভিতৰৰ ল’ৰা সদস্যক কাব আৰ ছোৱালী সদস্যাক বুলবুল বোলে । তেনেদৰে এঘাৰৰ পৰা সোতৰ বছৰ বয়সৰ ল’ৰাক স্কাউট আৰু ছোৱালীক গাইড বোলে আৰু ওঠৰ পৰা পঁচিশ বছৰ বয়সৰ ল’ৰাক ৰোভাৰ আৰু ছোৱালী সদস্যাক ৰেঞ্জাৰ বোলা হয় । স্কাউট সংগঠনৰ জন্মদাতা বেডেন পাৱেল আৰু তেখেতৰ ভনীয়েক এগনেচ বেডেন পাৱেলে গাইড সংগঠনৰ জন্ম দিয়ে । স্কাউট আৰু গাইডসকলে বহুতো নীতি আৰু সংকল্পৰ দ্বাৰা জীৱন পৰিচালিত কৰে । যেনে—- সাধুতা, বন্ধুত্ব, ৰাষ্ট্ৰীৰ প্ৰতি আনুগত্য, জীৱ-জন্তুৰ প্ৰতি দয়া, পৰোপকাৰ, সৎ চিন্তা, সৎ কৰ্ম, সৎ চৰিত্ৰৰ অধিকাৰী হোৱা, স্বাৱলম্বী হোৱা ইত্যাদি ।
প্ৰশ্ন ৪। পাঠটোৰ জটিল শব্দবোৰৰ অৰ্থ জানি লোৱা ।
থাউনি, নাজল-নাথল অৱস্থা, বিপদসংকুল, আনুগত্য, জনহিতকৰ, স্বাৱলম্বী, হস্ত-শিল্প, হুৱা-দুৱা, জনপ্ৰিয়, উচ্ছৃংখল, সংকল্প
উত্তৰঃ
শব্দ অর্থ
থাউনি – পানীত তল নোযোৱাকৈ ভৰিৰে পোৱা পানীৰ তলৰ মাটি ।
নাজল-নাথল অৱস্থা – আলাই-আথানি ।
বিপদসংকুল – বিপদেৰে ভৰা ।
আনুগত্য – বাধ্য হৈ থকা অৱস্থা ।
জনহিতকৰ – জনসাধাৰণৰ বাবে মংগলজনক ।
স্বাৱলম্বী – আপোনাক আপুনি প্ৰতিপাল কৰা ।
হস্ত-শিল্প – কুটীৰ শিল্প।
হুৱা-দুৱা – বিপদ আদিত কৰা চিঞৰ-বাখৰ ।
জনপ্ৰিয় – জনসাধাৰণে ভাল পোৱা ।
উচ্ছৃংখল – নিয়ম নমনা ।
সংকল্প – দৃঢ় ইচ্ছা, প্ৰতিজ্ঞা ।
প্ৰশ্ন ৫। প্ৰথমে অকলে পঢ়া তাৰ পাছত সৰু সৰু দলত ভাগ হৈ পঢ়া আৰু বাকীবোৰে শুনা ।
উপকাৰ অপকাৰ পৰোপকাৰ নিৰ্বিকাৰ সৎ চিন্তা সৎ কৰ্ম সৎ চিত্ৰত সৎসংগ সমাজ-সেৱা গুৰু-সেৱা অতিথি-সেৱা দেশ-সেৱা আত্মকথা আত্মত্যাগ আত্মতুষ্টি আত্মগ্লানি
অপকৰ্ম অপবাদ অপহৰণ অপসংস্কৃতি
উত্তৰঃ (ছাত্র-ছাত্ৰী নিজে কৰা) ।
প্ৰশ্ন ৬। কাষৰ ফুলপাহৰ পৰা শব্দ আনি তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা ।

(ক) স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ—-স্বীকাৰ কৰিছিল ।
উত্তৰঃ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ ত্যাগ স্বীকাৰ কৰিছিল ।
(খ) জননী জন্মভূমিৰ প্ৰতি মানুহৰ—থকা উচিত ।
উত্তৰঃ জননী জন্মভূমিৰ প্ৰতি মানুহৰ আনুগত্য থকা উচিত ।
(গ) সদায় ভাল সংগৰ লগত—কৰিব লাগে ।
উত্তৰঃ সদায় ভাল সংগৰ লগত বন্ধুত্ব কৰিব লাগে ।
(ঘ) —–গুণে মানুহক মহান কৰে ।
উত্তৰঃ সাধুতা গুণে মানুহক মহান কৰে ।
(ঙ) —– স্কাউট আৰু গাইডৰ মূল কথা ।
উত্তৰঃ পৰোপকাৰ স্কাউট আৰু গাইডৰ মূল কথা।
প্ৰশ্ন ৭। তলত দিয়া বিশেষ্য পদবোৰৰ পৰা গুণবাচক বিশেষ্যবোৰ বাছি উলিয়াই লিখা ।

উত্তৰঃ একতা, পৰোপকাৰ, ত্যাগ, দয়া, আনুগত্য, বন্ধুত্ব ।
প্ৰশ্ন ৮। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা

উত্তৰঃ
বিপৰীত অৰ্থ
ন্যায় – অন্যায়
সৎচৰিত্ৰ – অসৎ চৰিত্ৰ
সাধু – অসাধু
বিশ্বাস – অবিশ্বাস
হিত – অহিত
প্ৰশ্ন ৯। তলত চিঠিখন পঢ়া আৰু প্ৰশ্নসমূহৰ উত্তৰ লিখা ।
উত্তৰঃ
শ্ৰীহৰি
গুৱাহাটী
কল্যাণীয় মাজনী,
২১-০৫-২০১৩
মোৰ আশীৰ্বাদ গ্ৰহণ কৰিবা । আশা কৰোঁ মাৰাৰ লগতে মুনু আৰু তুমি কুশলে আছা । ভগৱানৰ কৃপাত ময়ো ভাল আছোঁ। তোমাৰ চিঠিখন পঢ়ি সন্তোষ পালোঁ। তুমি বাক্যবোৰ শুদ্ধকৈ লিখিব পাৰিছা, কেৱল দুই-এঠাইত বানান ভুল কৰিছা । বানান লিখাৰ ক্ষেত্ৰত সদায় সাৱধান হ’বা । সন্দেহ থাকিলে অভিধানৰ সহায় ল’বা ।
চাকৰিৰ সংক্ৰান্তত যদিও মই গুৱাহাটীত আছোঁহি, তথাপি অনবৰতে তোমালোকৰ বাবে চিন্তা লাগি থাকে । অৱশ্যে মাৰাই ঘৰৰ যাৱতীয় কাম-কাজ কৰাৰ উপৰি তোমালোকৰ যত্ন লোৱাৰ ত্ৰুটি কৰা নাই। তেওঁ অকলে মাক-দেউতাক দুয়োৰে দায়িত্ব পালন কৰিছে । তাৰ বাবে তেওঁৰ যথেষ্ট কষ্টও হৈছে । মুনু আৰু তুমি মাৰাক ঘৰুৱা কাম-বনত সহায় কৰি দিবা । তেওঁ নিজৰ স্বাস্থ্যৰ যত্ন লৈছেনে নাই তাৰ প্ৰতিও লক্ষ্য ৰাখিবা । মোৰ বাবে তোমালোকে চিন্তা কৰি নাথাকিবা ।
তোমালোকৰ দ্বিতীয় গোট মূল্যায়ন ওচৰ চাপিছে বুলি তুমি চিঠিত উল্লেখ কৰিছা । তোমালোক দুয়ো ভালদৰে পঢ়া-শুনা কৰিবা । তুমি মুনুৰ বায়েক যেতিয়া মুনুৰ পঢ়া-শুনাতো মাজে মাজে চকু দিবা । গণিতৰ অনুশীলন নিতৌ কৰিবা আৰু মুনুকো কৰিবলৈ দিবা।
মাজনী, তোমালোকৰ বিদ্যালয়ত স্কাউট আৰু গাইডৰ শাখা খুলিছে বুলি জানি আনন্দ পালোঁ । পাৰিলে মুনু আৰু তুমি ক্ৰমে ‘কাব’ আৰু ‘গাইড’ হিচাপে সদস্যভুক্ত হ’বা ।
আজিলৈ সামৰোঁ । শেষত তোমালোক দুয়ো মোৰ আশীৰ্বাদ আৰু মৰম ল’বা । মাৰাক মোৰ মৰম দিবা ।
ইতি
…………………….
(ক) চিঠিখন মাজনীলৈ কোনে লিখিছে ?
উত্তৰঃ চিঠিখন মাজনীলৈ দেউতাকে লিখিছে ।
(খ)মুনু আৰু মাজনীৰ মাজত কি সম্বন্ধ ?
উত্তৰঃ মুনু মাজনীৰ ভায়েক ।
(গ) চিঠিখন পঢ়ি মুনু ল’ৰা নে ছোৱালী চিনাক্ত কৰা ?
উত্তৰঃ মুনুক দেউতাকে ‘কাব’ হিচাপে সদস্যভুক্ত হ’বলৈ কৈছে; সেয়েহে মুনু ল’ৰা ।
(ঘ) চিঠিখনত কোনটো বিষয় সদায় অনুশীলন কৰাৰ কথা কোৱা হৈছে ?
উত্তৰঃ চিঠিখনত গণিতৰ অনুশীলন সদায় কৰাৰ কথা কোৱা হৈছে ।
(ঙ) বানান লিখোঁতে কিহৰ সহায় ল’ব লাগে ?
উত্তৰঃ বানান লিখোঁতে অভিধানৰ সহায় ল’ব লাগে ।
Sl. No. | Contents |
Chapter 1 | সবাতোকৈ আপোন |
Chapter 2 | বুধিয়ক বীৰবল |
Chapter 3 | অসমীয়া ভাষাৰ বিকাশৰ কথা |
Chapter 4 | বিহু আদৰণি |
Chapter 5 | গুৰুদক্ষিণা |
Chapter 6 | মিত্ৰামিত্ৰ |
Chapter 7 | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা |
Chapter 8 | বেবৰিবাং |
Chapter 9 | আইতাক মই কিদৰে পঢ়িবলৈ শিকিলোঁ |
Chapter 10 | মহীয়সী হেলেন কেলাৰ |
Chapter 11 | সঞ্চয় |
Chapter 12 | মনোৰম মাজুলী |
Chapter 13 | আবিষ্কাৰৰ কাহিনী |
Chapter 14 | স্কাউট আৰু গাইড |
Chapter 15 | মহো-হো গীত |
প্ৰশ্ন ১০। তলত উল্লেখ কৰা গীতসমূহ কেতিয়া আৰু ক’ত গোৱা হয় ?
(ক) ‘জন গণ মন অধিনায়ক….’
উত্তৰঃ ভাৰত স্বাধীনতা আৰু গণতন্ত্ৰ দিৱসত পতাকা উত্তোলনৰ সময়ত গোৱা হয় ।
(খ) ‘চিৰ চেনেহী মোৰ ভাষা জননী…’
উত্তৰঃ অসম সাহিত্য সভাৰ অধিৱেশনৰ আৰম্ভণী গীত হিচাপে গোৱা হয় ।
(গ) ‘শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে…’
উত্তৰঃ অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ সময়ত উত্তোলন-স্থলীত গোৱা হয় ।
(ঘ) ‘ভাৰত স্কাউট-গাইড ঝাণ্ডা উচ্চা সদা ৰহেগা….’
উত্তৰঃ ‘ভাৰত স্কাউট-গাইড’ৰ পতাকা উত্তোলনৰ গীত হিচাপে উত্তোলন-স্থলীত গোৱা হয় ।
প্ৰশ্ন ১১। তোমাৰ পাঠত মৌ-পালন, কৃষি, বয়ন, ব্স্ত-শিল্প– এইকেইটা বৃত্তিৰ নাম উল্লেখ আছে । ইয়াৰ বাহিৰে আৰু কি কি বৃত্তিৰ নাম জানা লিখা ।
উত্তৰঃ পশু-পালন, দুগ্ধ উৎপাদন, বেহা-বেপাৰ, পৰ্যটন-গাইড, কাঁহ-পিতলৰ, বাচন-বৰ্তন তৈয়াৰ, লৌহ-সামগ্ৰী তৈয়াৰ, মৃৎ শিল্প, ভাস্কৰ্য, মৎস্য চিকাৰ, ‘চাইন-বোৰ্ড’ লিখন ইত্যাদি ।
প্ৰশ্ন ১২। তুমি অকলে আৰু দলীয়ভাৱে কৰি ভাল পোৱা কামৰ তালিকা কৰা ।
উত্তৰঃ খেলা-ধূলা, পঢ়া-শুনা, কিতাপ-সংগ্ৰহ, মুদ্ৰা-সংগ্ৰহ, বাগিচা স্থাপন, পাচলি-ৰোপণ, পৰোপকাৰ, ছবি অঁকা, কবিতা লিখা, মাছমৰা, কাপোৰ বোৱা, কাপোৰত ফুল তোলা, ডাঙৰক সৰু-সুৰা কামত সহায় কৰা, দুৰ্গতৰ প্ৰতি সহায় আগবঢ়োৱা, বাঁহৰ সামগ্রী তৈয়াৰ কৰা, কাঠ/মাটিত মূৰ্তি তৈয়াৰ কৰা, চিলাই কৰা, পেলনীয়া সামগ্ৰীৰ পৰা সজোৱা বস্তু তৈয়াৰ কৰা, চাইকেল চলোৱা, পাহাৰ বগোৱা, সাঁতোৰ ইত্যাদি।
প্ৰশ্ন ১৩। এসপ্তাহৰ বাবে ৰেডিঅ’ বা দূৰদৰ্শনৰ সন্ধিয়াৰ বাতৰি লৈ ঘাই ঘাই বাতৰিখিনি লিখি শিক্ষকক দেখুওৱা ।
উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে কৰা ) ।
প্ৰশ্ন ১৪। ‘একতাৰ বল’ — সকলোৱে জানে,
একেলগে থাকিলে কি কৰিব আনে ?
লগ হৈ ভেটোঁ আমি বাৰিষাৰ বান,
দা-কোৰ লৈ গাঁও একতাৰ গান ।
বান্ধো আমি ৰাজআলি, পীড়িতৰ ঘৰ,
সকলো আপোন মোৰ, নাই কোনো পৰ ।
ওপৰৰ পদ্যটোৰ দৰে তোমালোকেও নিজে ‘একতা’ক বিষয় হিচাপে লৈ পদ্য এটা লিখা । পদ্যটোৰ নাম দিবা আৰু শিক্ষকক দেখুৱাবা ।
উত্তৰঃ
লগুণ-পুথিৰ বুদ্ধি
এদিন এটা ডাঙৰ মাছে
খাওঁ খাওঁ ৰূপ ধৰে,
সৰু মাছবোৰ ভয়ত আতুৰ
চিটিকি চিটিকি পৰে ।
সুবিধা বুজি ডাঙৰ মাছে
এটা এটা ধৰি খায়,
ছেদেলি-ভেদেলি হ’ল সৰু মাছ
আৰু যে উপায় নাই ।
লগুণ-পুথিয়ে দুখেৰে ক’লে—
ই কথা নহ’ব ভাই’,
আটাইৰে কাণত লগুণ বোপায়ে
কিবা ক’লে ফুচফুচাই ।
সেই কথা শুনি সৰু মাছবোৰ
মাৰ বান্ধি থিয় হ’ল,
লগুণে দূৰত ৰৈ ৰৈ চালে
কাৰ নো কিমান বল ।
সৰু মাছবোৰে লগ লাগি হ’ল
যেনিবা মাছ প্ৰকাণ্ড,
ডাঙৰ মাছে ভয়তে ক’লে–
এয়া কি ডাঙৰ কাণ্ড ।’
প্ৰকাণ্ড মাছৰ ৰূপত সৰু
মাছৰ জাকে ল’লে চোঁচা,
চিকাৰি মাছে তৰা-নৰা ছিঙি
পলাল কোবাই ফিছা ।
লগুণে ক’লে– ‘দেখিলি এতিয়া
একতাৰ বল কিমান ?’
সৰু মাছবোৰে শলাগি ক’লে—
–‘তোমাৰ বুদ্ধি যিমান ।’

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.