Class 6 Assamese Chapter 4 বিহু আদৰণি Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Assamese Chapter 4 বিহু আদৰণি and select needs one.
SEBA Class 6 Assamese Chapter 4 বিহু আদৰণি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Assamese Chapter 4 বিহু আদৰণি Solutions for All Subject, You can practice these here…
বিহু আদৰণি – মিত্ৰদেৱ মহন্ত
পাঠ: 4
ক্ৰিয়া-কলাপ
চমুকৈ উত্তৰ দিয়া
প্ৰশ্ন ১। কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া ।
উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে কৰা) ।
প্রশ্ন ২। কবিতাটো শুদ্ধকৈ মুখস্থ কৰা আৰু লয় ছন্দৰ শুদ্ধতা ৰক্ষা কৰি আবৃত্তি কৰা ।
উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে কৰা)।
প্রশ্ন ৩। বাকচৰ ভিতৰত থকা শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই শিকি লোৱা ।
চ’তাই থেৰেজু আওলা
বৰ্হমথুৰি বাহঁত চাত
সুগৰ আঁচু ভমকা
ৰচঙ্গা খোলা শাল দিহা
উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে কৰা)
প্ৰশ্ন ৪। উত্তৰ দিয়া।
(ক) চ’তাই বুলি কবিয়ে কাক কৈছে ?
উত্তৰঃ চ’তাই বুলি কবিয়ে চ’ত মাহক বুজাইছে ।
(খ) কবিতাটিত জেতুকা, থেৰেজুৰ লগতে আৰু কি অনাৰ কথা কোৱা হৈছে ?
উত্তৰঃ জেতুকা আৰু থেৰেজুৰ লগত বৰ্হমথুৰি অনাৰ কথা কোৱা হৈছে ।
(গ) মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পেলোৱাৰ কথা কৈছে ?
উত্তৰঃ মাখিয়তীৰ পাত আৰু তৰাগছৰ পঘাৰে আওলা অৰ্থাৎ আগচালি জুৰি পেলোৱাৰ কথা কবিয়ে কৈছে ।
(ঘ) বাহঁত খোপালৈ বুলি কি ফুল আনিলে ?
উত্তৰঃ হালধি, থেকেৰা,আৰু বেঙেনাৰে বাহঁত চাত সজাইছে ।
(ঙ) বায়ে খোপালৈ বুলি কি ফুল আনিলে ?
উত্তৰঃ বায়ে খোপালৈ বুলি ৰংচঙীয়া কপৌফুল আনিছে ।
(চ) কবিয়ে চ’তাইক কি বুলি কাবৌ কৰিছে ?
উত্তৰঃ ৰঙালীক আদিৰ আনিবলৈ চ’তাইক কবিয়ে কাবৌ কৰিছে ।
প্রশ্ন ৫। কবিতাটিৰ কথাখিনি তোমাৰ কথাৰে লিখা ।
উত্তৰঃ কবিতাটিৰ কথাখিনি মাজেৰে কবি মিত্ৰদেৱ মহন্তদেৱে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰাৰ এটি সম্যক চিত্ৰ অংকন কৰিছে । কবিয়ে ‘চ’তাই’ অৰ্থাৎ চ’ত মাহক এই বুলি অনুৰোধ জনাইছে যে–চ’তে যেন সোনকালে ৰঙালী বিহুক আদৰি আনে । বিহুলৈ ৰৈ ৰৈ আমনি লাগিছে । জেতুকা, থেৰেজু, বহৰ মথুৰি, মাখিয়তী পাত, তৰাৰ পঘা আদিৰ যোগাৰ হ’লেই । গৰু বিহুৰ বাবেও হালধী, থেকেৰা, বেঙেনাৰে বাহঁত চাত সজোৱাও হ’ল । ঢোল, পেঁপা আদি বাদ্যও বজাবলৈ সাজু হৈ উঠিছে । আয়ে বোৱা গামোচা কাটি উলিওৱা হ’ল । বায়ে কপৌ ফুল আনিছে । পিতায়ে নাহৰৰ ডালি আনিছে । খুড়ীয়ে পিঠাৰ খোল পাতিছে । আইতাই থাপনাৰ সমুখো চিকুণাই থৈছে । গতিকে চ’তায়ে সোনকালে ৰঙালী বিহুক আদৰি আনিব লাগে ।
প্রশ্ন ৬। বাক্য ৰচনা কৰা ।
জেতুকা ভমকা আঁচু শাল দিহা
উত্তৰঃ জেতুকা : বাইদেৱে হাতত ৰং লগাবলৈ জেতুকাৰ পাত আনিছে ।
ভমকা :- হেৰা মাহীদেউ, ভমকা ফুলীয়া চাদৰ পিন্ধি কোনফালে যোৱা ?
আঁচু :- পেহীয়ে যে গামোচাত ইমান ধুনীয়া আঁচুৰ ফুল তুলিছে ।
শাল :- চ’ত মাহৰ শালৰ খট্ খট্ শব্দই গাঁওখনি মুখৰিত কৰি ৰাখে ।
প্ৰশ্ন ৭। লিংগ নিৰ্ণয় কৰি তালিকা পূৰ কৰা ।
খুৰী, আইতা, বাইদেউ, আই, পিতাই, ককাই, শাহু, ননন্দ, জোঁৱাই
উত্তৰঃ
পুংলিংগ স্ত্ৰীলিংগ
পিতাই আইতা
ককাই খুৰী
জোঁৱাই বাইদেউ
প্ৰশ্ন ৮। শব্দবোৰ বহুবচনত প্ৰকাশ কৰা ।
ককাই, গামোচা, মানুহ, পিঠা, বাইদেউ
উত্তৰঃ
একবচন বহুবচন
ককাই ককাইহঁত
গামোচা গামোচাবোৰ
মানুহ মানুহবিলাক
পিঠা পিঠাখিনি/পিঠাবোৰ
বাইদেউ বাইদেউহঁত
প্ৰশ্ন ৯। অৰ্থ প্ৰকাশ হোৱাকৈ তলৰ শব্দবোৰেৰে বাক্য সাজা ।
টকা বাত থাল জুৰি
টকা বাট ঠাল জুৰি
উত্তৰঃ টকা : পিতায়ে দুকুৰি টকাৰে এটা মাগুৰ মাছ কিনি আনিলে ।
টকা :- বিহুত বজাবলৈ বুলি জাতি বাঁহৰ টকা এটা কাটিছোঁ ।
বাত :- বৰালী মাছ আৰু কোমোৰা খালে মাৰ গাত বাত ওলাই যায় ।
বাট :- এইটো বাটেৰে গ’লে কোন গাঁও পোৱা যাব ?
থাল :- বাইটিয়ে চীনা মাটিৰ থালবোৰ লাহে লাহে ধুই আছে ।
ঠাল :- হৰিয়ে গছত উঠি ঠালবোৰ কাটি আছে ।
জুৰি :- আমাৰ গাঁৱৰ মাজেৰে এটা জুৰি বৈ গৈছে ।
জুৰি :- গোটেই ৰাজ্য জুৰি বিদ্রোহৰ জুই জ্বলি উঠিছিল ।
প্রশ্ন ১০। ৰচনাৰ আৰ্হিত বিহুৰ বিষয়ে দহটা বাক্য লিখা ।
উত্তৰঃ বিহু :-বিহু অসমৰ জাতীয় উৎসৱ । বিহু তিনিটা–কাতি বিহু, মাঘ বিহু আৰু ব’হাগ বিহু । কাতি বিহুক কঙালী বিহু, মাঘ বিহুক ভোগালী বিহু আৰু ব’হাগ বিহুক ৰঙালী বিহুও বোলা হয় । কাতি বিহুত তুলসী তল, ধাননি পথাৰ, ভঁৰাল আদিত ভক্তিৰে চাকি জ্বলাই লখিমীৰ আৱাহন কৰা হয় । ভোগালী বিহু ভোগৰ উৎসৱ । এই বিহুত মেজি আৰু ভেলাঘৰ সাজি, বিহুনাম গাই, লগভাত খোৱা হয় আৰু বিহুৰ দিনা মেজি জ্বলাই অগ্নিদেৱতাৰ পূজা কৰা হয় । চ’ত মাহৰ শেষৰ দিনাৰ পৰা সাত দিনলৈ ৰঙালী বিহু পালন কৰা হয় । গৰু বিহু, দেৱতা বিহু, মানুহ বিহু আদি নামেৰে ব’হাগ বিহুৰ প্ৰতিটো দিন পালন কৰা হয় । পূৰ্বতে বিহু প্ৰাকৃতিক পৰিৱৰ্তন আৰু কৃষিৰ ওপৰত ভিত্তি কৰি পালন কৰা হয় ।পূৰ্বতে বিহু প্ৰাকৃতিক পৰিৱৰ্তন আৰু কৃষিৰ ওপৰত ভিত্তি কৰি পালন কৰা হৈছিল । বৰ্তমানে ৰঙালী বিহু মঞ্চৰ উৎসৱত পৰিণত হৈছে। মদ, জুৱা আদি অপকৰ্মই বিহুৰ সৌন্দৰ্য বহু পৰিমাণে ম্লান কৰিছে ।
Sl. No. | Contents |
Chapter 1 | সবাতোকৈ আপোন |
Chapter 2 | বুধিয়ক বীৰবল |
Chapter 3 | অসমীয়া ভাষাৰ বিকাশৰ কথা |
Chapter 4 | বিহু আদৰণি |
Chapter 5 | গুৰুদক্ষিণা |
Chapter 6 | মিত্ৰামিত্ৰ |
Chapter 7 | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা |
Chapter 8 | বেবৰিবাং |
Chapter 9 | আইতাক মই কিদৰে পঢ়িবলৈ শিকিলোঁ |
Chapter 10 | মহীয়সী হেলেন কেলাৰ |
Chapter 11 | সঞ্চয় |
Chapter 12 | মনোৰম মাজুলী |
Chapter 13 | আবিষ্কাৰৰ কাহিনী |
Chapter 14 | স্কাউট আৰু গাইড |
Chapter 15 | মহো-হো গীত |
প্ৰশ্ন ১১। তোমালোকৰ অঞ্চলত ৰঙালী বিহু কেনেদৰে উদ্যাপন কৰা হয় লিখা ।
উত্তৰঃ আমাৰ গাঁৱত বিৰাট উৎসাহ উদ্দীপনাৰে ৰঙালী বিহু পালন কৰা হয় । আটায়ে চ’ত মাহ আৰম্ভ হোৱাৰ পৰা অধীৰ আগ্ৰহেৰে বিহুলৈ বাট চাই থাকে । জীয়ৰী-বোৱাৰীহঁতে বহুদিনৰ আগৰে পৰাই শালত ফুলাম গামোচা লগায় আৰু বিহুৰ আগে আগে কাটি উলিয়াই । গৰু বিহুৰ দিনা সকলোৱে নদীৰ ঘাটলৈ লৈ গৈ গৰুক গা-পা ধুৱাই দিয়ে । তাৰ পাছত দীঘলতী, মাখিয়তীৰ পাতেৰে গৰুবোৰক কোবাই কোবাই, লাও-বেঙেনাৰ মালা পিন্ধাই গায় –
“লাও খা বেঙেনা খা
বছৰি বছৰি বাড়ি যা ।
মাৰ সৰু বাপেৰ সৰু
তই হ’বি বৰ গৰু ।”
পিছদিনা মানুহ বিহু, সিদিনা সৰুৱে ডাঙৰক তামোল-পাণ, গামোচাৰে সেৱা-সৎকাৰ কৰে । ডাঙৰেও সৰুক প্ৰাণ ভৰি আশীৰ্বাদ দিয়ে । গোঁসাই বিহুৰ দিনাখন সকলোৱে নাম-কীৰ্তন কৰে । একেদৰে শেষৰ বিহু অৰ্থাৎ সাত বিহুৰ দিনা সকলোৱে সাতবিধ শাকৰ আঞ্জা খায় ।বিহুৰ আটাইকেইটা গাঁৱৰ ডেকাসকলে মানুহৰ চোতালে চোতালে হুঁচৰি গাই ফুৰে । আমাৰ গাঁৱৰ ওচৰতে থকা আমতলি গাঁৱৰ এখন মঞ্চবিহু হয় । সন্ধিয়া আমি সেইখন বিহুতলীলৈ গৈ অনুষ্ঠান চাওঁ । তালৈ বহুত নামী গায়কে গান গাবলৈ আহে । এইবেলি বেবেজীয়াৰ বিহু হুঁচৰি দিলে তাত বৰ মনোৰম বিহুনাচ প্ৰদৰ্শন কৰিছিল ।
প্ৰশ্ন ১২। দলত আলোচনা কৰি বস্তুকেইপদেৰে আমি কি কি কৰোঁ লিখা ।
(ক) জেতুকা পাত
(খ) বৰ্হমথুৰি
(গ) পঘা
(ঘ) কপৌ-ফুল
(ঙ) বিহুৱান
(চ) মাখিয়তী
উত্তৰঃ (ক) জেতুকা পাত :- জেতুকা পাতবোৰে পটাত পিহি হাতৰ তলুৱা আৰু আঙুলিত লগাই থোৱা হয় । কিছু সময় পাছত লগোৱা অংশ ধুনীয়া ৰঙচুৱা হয় । বিহু নাচিবলৈ হাত আৰু আঙুলিত ৰং বোলাবলৈ জেতুকা পাতক প্ৰাকৃতিক প্ৰসাধন দ্ৰব্য হিচাপে অসমীয়া ছোৱালীয়ে ব্যৱহাৰ কৰে ।
(খ) বৰ্হমথুৰি :- ইয়াৰ থুৰিবোৰ চোবাই চোবাই তাৰ ৰসেৰে ওঁঠ ৰঙীন কৰা হয় ।
(গ) পঘা :- তৰা বা মৰাপাটৰ আঁহেৰে তৈয়াৰী ৰছীৰে পঘা প্ৰস্তুত কৰা হয় । পঘাৰে গৰু, ছাগলী, ম’হ আৰু ভেঁড়া বান্ধি থোৱা হয় ।
(ঘ) কপৌ-ফুল :- বিহু নাচনীসকলে খোপাত কপৌ-ফুল মাৰি লয় ।
(ঙ) বিহুৱান :- ফাগুন-চ’ত মাহত বৈ উলিওৱা ফুলাম গামোচা ব’হাগ মাহত বিহুৱান হিচাপে ব্যৱহাৰ কৰা হয় । বিহুৱান সৰুৱে ডাঙৰক সন্মানৰ প্ৰতীক হিচাপে আৰু প্ৰিয়জনক মৰমৰ চিন স্বৰূপে দিয়া হয় ।
(চ) মাখিয়তী :- গৰু বিহুৰ দিনা গৰুক গা-পা ধুৱাই মাখিয়তী আৰু দীঘলতিৰ পাতেৰে গৰুক লাহে লাহে কোবোৱা হয় । এনে কৰিলে গৰুৱে বছৰজোৰা মহ-দাহৰ কামোৰৰ পৰা ৰক্ষা পায় বুলি অসমীয়া লোক সমাজে বিশ্বাস কৰে ।
প্ৰশ্ন ১৩। তলত উল্লেখ কৰা বাদ্যসমূহৰ কোনকেইবিধ বাদ্য বিহুগীত বা বিহুনাচত ব্যৱহাৰ কৰা হয়, দলত আলোচনা কৰি লিখা ।
পেঁপা গগনা ঢোল হাৰমনিয়াম
খোল সুতুলি তাল ঢাক টকা গীতৰ
উত্তৰঃ বিহুগীত বা বিহুনাচত ব্যৱহৃত বাদ্যকেইবিধ হ’ল– পেঁপা, গগনা, ঢোল, সুতুলি, তাল, আৰু টকা ।
প্রশ্ন ১৪। তাঁত-শালৰ সঁজুলিবোৰৰ ব্যৱহাৰৰ বিষয়ে শিক্ষকক সুধি জানি লোৱা : উঘা,চেৰেকী, টোলোঠা,ৰাঁচ,মহুৰা,নাচনী, গৰকা, যঁতৰ, নেওঠনী
উত্তৰঃ উঘা :- তাঁতৰ বাটি কৰিবলৈ বাঁহেৰে নিৰ্মিত উঘাত চেৰেকীৰ পৰা সূতা মেৰিওৱা হয় ।
চেৰেকী :- চেৰেকীত সূতা লৈ তাৰ পৰা মহুৰা ফুৰোৱা হয় ।
টোলোঠা :- তাঁত শালত দীঘল সূতা মেৰিওৱা গোটা কাঠ ।
ৰাঁচ :- ৰাঁচৰ সৰু সৰু কাঠিবোৰৰ মাজেৰে তাঁতৰ দীঘল সূতাবোৰ পাৰ কৰোৱা হয়, যাতে সূতাবোৰ সঠিক ঠাইতে থাকে ।
মহুৰা :- মহুৰাত সূতা মেৰাই মাকোত ভৰোৱা হয় আৰু ইয়াৰে তাঁতৰ বাণি সূতা বোৱা হয় ।
নাচনী :- তাঁতৰ বাণিৰ সূতা উঠোৱা-নমোৱা কৰিবলৈ ওপৰত বান্ধি লোৱা কাঠ বা বাঁহৰ সৰু টুকুৰা । ইয়াতেই নাচনী-জৰী ওলোমাই থোৱা হয় ।
গৰকা :- গৰকা তাঁতৰ তলত থাকে । গৰকা দুডালত ভৰিৰে গচকি গচকি বাণিৰ সূতা উঠোৱা নমোৱা হয় ।
যঁতৰ :- যঁতৰেৰে মহুৰা ফুৰোৱা হয় ।
নেওঠনী :- পাঁজিত সূতা কটাৰ আগতে নেওঁঠনীৰে কঁপাহৰ গুটি আঁতৰোৱা হয়।
প্ৰশ্ন ১৫। আমাৰ ৰাজ্যত বিভিন্ন জনগোষ্ঠীয়ে পালন কৰা উৎসৱসমূহৰ নামবোৰ দলত আলোচনা কৰি তালিকাখনত লিখা ।
উত্তৰঃ
জনগোষ্ঠীৰ নাম | উৎসৱৰ নাম |
বড়ো | বাথৌ পূজা, মাইনাও খেৰাই |
মিচিং | আলি আই লৃগাং |
আহোম | মে’ দাম মে’ফি |
চাহ জনগোষ্ঠী | চড়ক পূজা |
প্রশ্ন ১৬। সৰু সৰু দলত ভাগ হৈ বৰ্ণৰ তালিকাখনৰ পৰা বিভিন্ন শব্দ লিখা ।

উদাহৰণ :- বিহু, পাভ, দৰা
উত্তৰঃ

বাৰ, আন, শাক, দুৰ্গা, পালি ইংৰাজ, পূব, পূৰ, নলী, ছাদৰ, লাই, আলি, আই, লৃগাং, ফাল ।
প্ৰশ্ন ১৭। ব’হাগত ৰঙালী, কাতিত কঙালী আৰু মাঘত হয় ভোগালী বিহু । প্ৰতিটো বিহুতে প্ৰাকৃতিয়ে বেলেগ বেলেগ ৰূপ লয় । ব’হাগ মাহত প্ৰকৃতিয়ে কেনে ৰূপ লয় দলত আলোচনা কৰি বৰ্ণনা কৰা ।
উত্তৰঃ ব’হাগ মাহত অসমত প্ৰকৃতিয়ে মনোৰম ৰূপ লয় । গছত কুঁহিপাত ওলায় । ফাগুনৰ পছোৱা বতাহত লঠঙা হোৱা গছবোৰে যেন নতুন পোছাকহে পৰিধান কৰে । চৰাই-চিৰিকটিয়ে চোদিশ মুখৰিত কৰি তোলে । কুলি চৰাইৰ মোহনীয় মাতে মন-প্ৰাণ উতলা কৰে । গছে-বনে ন ন ফুল ফুলে । সেই ফুলে ফুলে ভোমোৰা আৰু পখিলা উৰি ফুৰে । মৌ-মাখিয়েও হেঁপাহ পলুৱাই ফুলৰ মৌ সংগ্ৰহ কৰে । আকাশত মেঘ জমা হয় । দুই-এজাক বৰষুণে ধূলিবোৰ ধুই নিয়ে । শীতৰ অৱসান ঘটে । কেতিয়াবা এনেদৰে ব’হাগত প্ৰকৃতিয়ে নতুন ৰূপ গ্ৰহণ কৰে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Ma