🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 6 Assamese Chapter 13 আবিষ্কাৰৰ কাহিনী

Class 6 Assamese Chapter 13 আবিষ্কাৰৰ কাহিনী Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Assamese Chapter 13 আবিষ্কাৰৰ কাহিনী and select needs one.

SEBA Class 6 Assamese Chapter 13 আবিষ্কাৰৰ কাহিনী

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Assamese Chapter 13 আবিষ্কাৰৰ কাহিনী Solutions for All Subject, You can practice these here.

আবিষ্কাৰৰ কাহিনী

পাঠ: 13

TEXTUAL QUESTION ANSWER

১। শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই নিজৰ বহীত লিখা।

পৰিবহণ,       অধ্যবসায়,      অসাধ্য,       অহবহ,     প্রায়োগিক,       নেৰানেপেৰা,       যুগান্তকাৰী,    
কৃতিত্ব,        নিয়ন্ত্রণ,         সুচল,      গুরুত্ব,         অতুলনীয়,         অদম্য,          দৃষ্টিগোচৰ,      দৃঢ়তা, 
সান্নিধ্য,        কর্মস্পৃহা,        উপলব্ধি,         প্রশিক্ষণ গবেষণা,         ঘাত-প্রতিঘাত

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

২। উত্তৰ দিয়া।

(ক) গুৰুপ্ৰসাদ দাসে উদ্ভাবন কৰা যন্ত্রটোৰ নাম লিখা।

উত্তৰঃ গুৰুপ্ৰসাদ দাসে উদ্ভাবন কৰা যন্ত্রটোৰ নাম ভেকুৱাম ব্ৰে’ক।

(খ) গুকপ্রসাদ দাসে কলকাতাত কাৰ মটৰ গেৰেজত কাম কৰিছিল?

উত্তৰঃ গুকপ্রসাদ দাসে কলকাতাত ভোলানাথ বৰুৱাৰ মটৰ গেৰেজত কাম কৰিছিল।

(গ) গুৰুপ্রসাদ দাসৰ কর্মনিষ্ঠা আৰু ধৈর্যশক্তি কাৰ চকুত পৰিছিল?

উত্তৰঃ গুৰুপ্রসাদ দাসৰ কর্মনিষ্ঠা আৰু ধৈর্যশক্তি এজন বৃটিছ চাহাবৰ চকুত পৰিছিল।

(ঘ) বৃটিছ চাহাবে গুৰুপ্রসাদ দাসক কোন কোম্পানীত নিযুক্তি দিছিল?

উত্তৰঃ বৃটিছ চাহাবে গুৰুপ্রসাদ দাসক ৱাৰ্ণ এণ্ড কোম্পানীত নিযুক্তি দিছিল।

(ঙ) গুকপ্রসাদ দাসে লণ্ডনৰ কোন প্রতিষ্ঠানত প্রশিক্ষণ লৈছিল?

উত্তৰঃ গুকপ্রসাদ দাসে লণ্ডনৰ ইনষ্টিটিউট্’ অব্ মেকানিকেল ইঞ্জিনিয়াৰিঙ প্রতিষ্ঠানত প্রশিক্ষণ লৈছিল।

(চ) লগুনত প্রশিক্ষণ লৈ থকা সময়ত গুৰুপ্রসাদ দাসে কাৰ পৰা বৃত্তি লাভ কৰিছিল?

উত্তৰঃ লগুনত প্রশিক্ষণ লৈ থকা সময়ত গুৰুপ্রসাদ দাসে অসম প্রশাসনৰ পৰা বৃত্তি লাভ কৰিছিল।

(ছ) আই. আৰ. এছৰ পদমর্যাদা লাভ কৰা প্ৰথম ভাৰতীয়জন কোন? 

উত্তৰঃ আই. আৰ. এছৰ পদমর্যাদা লাভ কৰা প্ৰথম ভাৰতীয়জন হ’ল গুৰুপ্ৰসাদ দাস।

(জ) গুৰুপ্ৰসাদ দাসে উদ্ভাবন কৰা ভেকুৱাম ব্রে’কক কোম্পানীয়ে কি বুলি নামকৰণ কৰিছিল?

উত্তৰঃ গুৰুপ্ৰসাদ দাসে উদ্ভাবন কৰা ভেকুৱাম ব্রে’কক কোম্পানীয়ে  ‘জি পি ব্রে’ক’ বুলি নামকৰণ কৰিছিল।

৩। চমুকৈ লিখা।

(ক) গুৰুপ্রসাদ দাস লণ্ডণলৈ কিয় গৈছিল।

উত্তৰঃ গুৰুপ্ৰসাদ দাসে চাকৰিসূত্ৰে লণ্ডনলৈ গৈছিল।

(খ) তেখেতক অসমৰ সু-সন্তান বুলি কিয় কোৱা হৈছে। গুৰুপ্রসাদ দাস কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আছিল?

উত্তৰঃ বিশ্বৰ কাৰিকৰী বিজ্ঞানত গুৰুপ্ৰসাদ দাসে অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। ‘ভেকুৱাম ব্ৰে’ক’ আৰু ‘ছিমলেছ কাইল’ৰ উদ্ভাৱনৰ জৰিয়তে তেখেতে ৰে’ল যাতায়াতত যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিছিল আৰু ইয়াৰ জৰিয়তে অসমৰ নামো বিশ্বৰ দৰবাৰত উজ্বলাইছিল। সেইবাবে তেখেতক অসমৰ সু-সন্তান বুলি কোৱা হয়।

গুৰুপ্রসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্রে’ক বর্তমানো যথাক্ষেত্রত ব্যৱহাৰ হৈ আছে। ভেকুৱাম ব্ৰে’কৰ জৰিয়তে ‘বার্ণ এন্ড কোম্পানী’ও বিখ্যাত হৈ পৰিল। গুৰুপ্ৰসাদ দাসৰ বিৰল অৱদানৰ স্বীকৃতিস্বৰূপে তেখেতৰ নামেৰে কোম্পানীয়ে ভেকুৱাম ব্রে’কক ‘জিপি ব্রে’ক’ বুলি নামকৰণ কৰে। তদুপৰি, তেখেতক ‘এছ’ছিয়েটেড মেম্বাৰ অব ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াছ’ৰ সদস্যভুক্ত কৰে।

৪। ভাৱ বহলাই লিখা।

(ক) অভাৱেই আবিষ্কাৰৰ মূল।

উত্তৰঃ অভাৱৰ ক্ষেত্ৰ অনেক। কাৰিকৰী দিশত থকা অভাৱ পূৰ কৰিবলৈ উদ্ভাৱকসকলে অহৰহ প্ৰচেষ্টা চলাই আহিছে। কালক্রমত পৰিৱহণৰ ইতিহাসত ৰে’ল-গাড়ী, মটৰ-গাড়ী, উৰাজাহাজ আদিৰ উদ্ভাৱন হয়। যদিও চলাচলৰ ক্ষেত্ৰত উন্নত যন্ত্র-পাতি, সা-সৰঞ্জাম আৰু প্রায়োগিক কৌশলৰ অভাৱ পৰিলক্ষিত হয়। ৰে’ল-গাড়ীব ক্রমবিকাশত দৃষ্টিগোচৰ হোৱা অভাৱ আৰু অসুবিধাসমূহ দূৰ কৰিবলৈ উদ্ভাৱকসকলে নিতৌ ন ন উৎভাবনেৰে যাতায়ত ব্যৱস্থা সুচল কৰি তুলিছে।

৫। এটা শব্দত প্ৰকাশ কৰা। 

(ক) যিজনে কোনো বস্তু বা তথ্য আৱিষ্কাৰ কৰে। 

উত্তৰঃ আবিষ্কার্তা।

(খ) গোটেই জীৱন জুৰি।

উত্তৰঃ আজীৱন।

(গ) যিয়ে গুণীৰ গুণ বুজিব পাৰে। 

উত্তৰঃ গুণগ্ৰাহী।

(ঘ) পুৱাই স্মৰণ কৰাৰ যোগ্য।

উত্তৰঃ প্ৰাতঃস্মৰণীয়।

৬। তলৰ শব্দবোৰৰ পৰা শুদ্ধ বানানবোৰ বাছি উলিয়াই লিখা।

আকৰ্ষন, বৰ্জণ, প্ৰতিষ্ঠিত, অনুষ্ঠান, পৰিৱহন, আদৰণি, গ্ৰহণ, পুৰস্কাৰ, পূৰন, আবিস্কাৰ, কলিতাণী, কমাৰণী, অধিস্থান, পৰিহাষ, গৱেষণা, উত্তীৰ্ণ, অর্জন, প্ৰশিক্ষণ।

উত্তৰঃ প্ৰতিষ্ঠিত, অনুষ্ঠান, পৰিৱহন, আদৰণি, পুৰস্কাৰ, অধিস্থান, গৱেষণা, উত্তীৰ্ণ, অর্জন, প্ৰশিক্ষণ।

৭। বৰ্ণজালখনৰ পৰা বৰ্ণ আনি বিজ্ঞানীৰ নাম লিখা। 

উদাহৰণ: আৰ্কিমিডিচ।

মানিআমামেউলিও
ৰাইনুনজকমিলা
কেকগেনিষ্টামটন
লভিলিগুআর্কিনন
ওষ্টনমিৰুইপ্ৰডিচ
ফেনচসানদ

উত্তৰঃ ১। আইনষ্টাইন।    

২। গেলেলিও।

৩। ৰামানুজন।      

৪। নিউটন।

৫। গুৰুপ্ৰসাদ।     

৬। কেলভিন ইত্যাদি।

৮। দফাটো পঢ়া আৰু কাষৰ বাকচৰ পৰা নাম এটা লৈ দফাটোৰ নামকৰণ কৰা। লগতে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। 

স্কটলেণ্ডৰ জেমছ ৱাটে ১৭৬৯ চনত উন্নত মানৰ ভাপ ইঞ্জিন আৱিষ্কাৰ কৰি স্থল পৰিবহণৰ ক্ষেত্রত আমূল পৰিৱৰ্তন সাধন কৰে। আকৌ ১৮০৩ চনত ইংলেণ্ডৰ অভিযন্তা ৰিছাৰ্ড ট্রেভিথিকে আগতকৈ উন্নত মানৰ ভাপ ইঞ্জিন তৈয়াৰ কৰি উলিয়ায়। পৰৱৰ্তী স্তৰত কয়লাৰ খনিত কাম কৰা জৰ্জ ষ্টিফেনছনে উন্নত এটি ইঞ্জিন তৈয়াৰ কৰি যাত্ৰীবাহী ৰে’ল-গাড়ীৰ চলাচলত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। তাৰ পাছত ৰে’ল-গাড়ীৰ চলাচল সুচল আৰু নিৰাপদ কৰিবলৈ গুৰুপ্ৰসাদ দাসে ‘ভেকুৱাম ব্রে’ক’ উদ্ভাৱন কৰে।

(ক) জেমছ্ ৱাটে কি আৱিষ্কাৰ কৰে? 

উত্তৰঃ ৰে’লৰ ক্ৰমবিকাশ জেমছ্ ৱাটে উন্নত মানৰ ভাপ ইঞ্জিন আৱিষ্কাৰ কৰিছিল।

(খ) ৰিছাৰ্ড ট্রেভিথিকে কোন চনত আগতকৈ উন্নতমানৰ ইঞ্জিন তৈয়াৰ কৰে?

উত্তৰঃ ৰিছাৰ্ড ট্রেভিথিকে ১৮০৩ চনত আগতকৈ উন্নত মানৰ ইঞ্জিন তৈয়াৰ কৰে।

৯। অধ্যৱসায়ৰ জৰিয়তে বিজ্ঞানী গুৰুপ্ৰসাদ দাসে জীৱনত কেনেকৈ সফলতা লাভ কৰিলে, দলত আলোচনা কৰা আৰু বহলাই লিখা।

উত্তৰঃ গুৰুপ্ৰসাদ দাস এক প্ৰখ্যাত ভাৰতীয় বিজ্ঞানী আৰু শিক্ষাবিদ। তেওঁৰ জীৱনত সফলতাৰ প্ৰথম চৰণ হৈছিল তেওঁৰ উচ্চশিক্ষা প্ৰাপ্তি। তেওঁ হেৰানীৰ পৰা উঠি চৰণত উচ্চশিক্ষাৰ পথত সমৰ্থন আৰু সহায়তা পোৱা সুবিধা পায়। তেওঁ এক প্ৰবীণ বিজ্ঞানী হিচাপে প্ৰখ্যাত হৈ উঠিব পাৰিব আৰু তেওঁৰ দৃষ্টিতে এক শিক্ষাবিদ হিচাপে কাম কৰা অপৰিসৰ। তেখেতৰ অতুলনীয় অধ্যৱসায়ৰ ফলশ্ৰুতিত ১৯২৬ চনৰ পৰা ১৯৩০ চনলৈ কৰা অবিৰত গৱেষণাৰ সাধন কৰি ‘ছিমলেছ কইল ব্রে’ক’ উদ্ভাৱন কৰে। বিজ্ঞানী গুৰুপ্ৰসাদ দাসে ‘কাট্ অব কন্ট্ৰ’ল গেজ’ আৰু ‘বয়লাৰ’ আৰু ‘ছেফটি ভালভ’ আৱিষ্কাৰ কৰে। সফলতাৰ পুৰস্কাৰ স্বৰূপে তেখেতে ‘ভাৰতীয় ৰে’ল সেৱা’ৰ প্ৰথম বিষয়া আৰু কৰ্নেলৰ পদ মৰ্যাদা লাভ কৰে।

১০। আবিষ্কাৰ আৰু উদ্ভাবনৰ মাজত পার্থক্য কি? শিক্ষকৰ সহায়ত জানি লোৱা আৰু নিজৰ বহীত লিখা।

উত্তৰঃ 

আবিষ্কাৰউদ্ভাবনৰ
(i) বিশ্বত পূৰ্বৰে পৰা থকা, কিন্তু কোনেও নজনা কথা, তথ্য আদিৰ ৰহস্য ভেদ কৰা কাৰ্যকে আৱিষ্কাৰ বোলে।(i) পূৰ্বতে নথকা কোনো বস্তু সূত্ৰ, বস্তু তথ্য, আহিলা আদিৰ মৌলিক সৃষ্টিকে উদ্ভাৱন বোলা হয়।
(ii) যেনে– নতুন গ্ৰহাণু এটাৰ আৱিষ্কাৰ, কলম্বাছৰ আমেৰিকা আৱিষ্কাৰ, পানী অম্লজান আৰু জলজানৰ যৌগ বুলি আৱিষ্কাৰ ইত্যাদি।(ii) উল্লেখযোগ্য যে উদ্ভাৱন কৰা বস্তু, কথা, যন্ত্ৰ আদি আনে কৰা কামৰ লগত একে নহয়। যেনে– টমাছ আলভা এডিচনৰ বিজুলী-বাতিৰ উদ্ভাৱন।

১১। তলৰ চতুর্ভূজটোত উদ্ভাৱক আৰু উদ্ভাবন কৰা বস্তুৰ নাম দিয়া আছে। কোনে কি উদ্ভাবন কৰিছিল মিলাই লিখা।

উত্তৰঃ ১। টমাছ আলফা এডিচন- বিজুলী বাতি।

২। গুৰুপ্ৰসাদ দাস — ভেকুৱাম ব্রে’ক।

৩। জন লেগি বেয়াৰ্ড — দূৰদৰ্শন।

৪। জেমছ ৱাট — ভাপ ইঞ্জিন।

১২। ‘বিজ্ঞানী আৰু আৱিষ্কাৰ’ বিষয়ক এটি কুইজ প্রতিযোগিতাৰ আয়োজন কৰা। প্রয়োজন হ’লে শিক্ষকৰ সহায় ল’বা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

১৩। দলত ভাগ হৈ লোৱা। প্রতিটো দলে বে’ল-গাড়ীৰ লগত সম্বন্ধ থকা শব্দবে খালী ঘৰবোৰ সম্পূৰ্ণ কৰা আৰু আন দলৰ শব্দ কাৰ্ডৰ লগত তুলনা কৰা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top