Class 6 Assamese Chapter 12 মনোৰম মাজুলী Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Assamese Chapter 12 মনোৰম মাজুলী and select needs one.
SEBA Class 6 Assamese Chapter 12 মনোৰম মাজুলী
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Assamese Chapter 12 মনোৰম মাজুলী Solutions for All Subject, You can practice these here…
মনোৰম মাজুলী
পাঠ: 12
ক্ৰিয়া-কলাপ
চমুকৈ উত্তৰ দিয়া
প্ৰশ্ন ১। দলত ভাগ হৈ পাঠটো মনোযোগেৰে পঢ়া আৰু তলত উল্লেখ কৰা দিশসমূহ কত আৰু কেনেদৰে প্ৰতিফলিত হৈছে—- আলোচনা কৰি লিখা ।
–প্ৰাকৃতিক দিশ (চৰাই-চিৰিকটি আদি)
—সাংস্কৃতিক দিশ
— পুৱাৰ আধ্যাত্মিক দিশ
উত্তৰঃ প্ৰাকৃতিক দিশ — ” মনোৰম মাজুলী” পাঠটোৰ মাজেৰে মাজুলীৰ মনোৰম প্ৰাকৃতিক দৃশ্যাৱলী বৰ্ণিত হৈছে । ল’ৰা-ছোৱালীবিলাকে গড়মূৰ সত্ৰ দৰ্শনৰ পাছত কাষৰীয়া জলাশয় এখনলৈ যাত্ৰা কৰিছিল । সেই জলাশয়ৰ আশেপাশে অজস্ৰ চিনাকি-অচিনাকি চৰাই উৰি ফুৰিছিল । ইয়াতে মাজুলীৰ নৈসৰ্গিক শোভাৰ পৰিচয় পোৱা যায় ।
সাংস্কৃতিক দিশ — মাজুলীৰ সত্ৰসমূহৰ বৰ্ণনাৰ মাজত সেই অঞ্চলৰ সত্ৰীয়া সংস্কৃতিৰ পৰিচয় পোৱা যায় । কমলাবাৰী সত্ৰৰ শিল্পকলা, কমলাবাৰী সত্ৰৰ ভাওনা, বেলগুৰি সত্ৰৰ নৃত্য-গীত, চামগুৰি সত্ৰৰ মুখাশিল্পী আদিৰ বৰ্ণনাত সাংস্কৃতিক দিশ প্ৰকট হৈ উঠিছে । আকৌ, প্ৰভাতৰ প্ৰশ্নৰ উত্তৰত ছাৰে মাজুলীত পালিত উৎসৱসমূহৰ বৰ্ণনা দিছে ।
পুৱাৰ আধ্যাত্মিক দিশ— কমলাবাৰী সত্ৰৰ অতিথিশালাত ৰাতি কটোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে পুৱাৰ প্ৰসংগ দেখা পোৱাৰ আৰু প্ৰভাতী বৰগীত শুনাৰ সৌভাগ্য লাভ কৰিলে । ইয়াতে পুৱাৰ আধ্যাত্মিক দিশ প্ৰতিফলিত হৈছে ।
প্ৰশ্ন ২। বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সবাহৰ উপৰি মাজুলীত আৰু কি উৎসৱ পালন কৰা হয় ?
উত্তৰঃ মাজুলীত বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সবাহৰ উপৰি আলি-আয়ে-লৃগাং, ৰাজকেবাং, বাথৌ আদি লোক উৎসৱো ইয়াত পালন কৰা হয় ।
প্ৰশ্ন ৩। (ক) “কি ক’বা । ইয়াত মানুহৰ সপোনে পোখা মেলে, কিন্ত বানপানী আৰু গৰাখহনীয়াই সেই পোখা মোহাৰি পেলায় ।” কথাষাৰ কোনে কি প্ৰসংগত আৰু কিয় কৈছিল ?
উত্তৰঃ প্ৰশ্নত উল্লেখ কৰা কথাষাৰ বৰুৱা ছাৰে হিমশিখৰৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কৈছিল । হিমশিখৰে মাজুলীত বৰ্তমানে থকা সত্ৰৰ সংখ্যা জানিবলৈ বিচাৰিছিল ।
মাজুলীত অন্যতম প্ৰধান সমস্যা হ’ল বানপানী আৰু গৰাখহনীয়া । গৰাখহনীয়াৰ ফলত বহুতো সত্ৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। সেই কথাৰ অৱতাৰণা কৰি বৰুৱা ছাৰে কথাখিনি কৈছিল ।
(খ) ” বুজিছা, মাজুলীৰ সত্ৰসমূহৰ ভিতৰত দক্ষিণপাট, গড়মূৰ, আউনীআটী, কমলাবাৰী, বেঙেনাআটী, চামগুৰি আদি প্ৰতিখন সত্ৰৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে ।” — কোনখন সত্ৰৰ কি কি বৈশিষ্ট্য আছে ?
উত্তৰঃ কমলাবাৰী সত্ৰ :- এই সত্ৰ পুৰণি শিল্পকলাৰ লগত জড়িত সম্পদসমূহৰ সংৰক্ষণ তথা সাহিত্যকৰ্মৰ বাবে বিখ্যাত ।
গড়মূৰ সত্ৰ :- গড়মূৰ সত্ৰত আহোমৰ দিনৰ বৰটোপবোৰ সংৰক্ষিত হৈ আছে।
বেলগুৰি সত্ৰ :- ইয়াত শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ মহামিলন হৈছিল। এই মহামিলনক ‘মণিকাঞ্চন সংযোগ’ বোলা হয় ।
আউনীআটী সত্ৰ :- এই সত্ৰ অসমীয়া ঠাঁচৰ আ-অলংকাৰ আৰু বাচন-বৰ্তনৰ সৃষ্টি আৰু সংৰক্ষণৰ বাবে প্ৰখ্যাত । তদুপৰি পালনাম আৰু অপ্সৰা নৃত্যও আউনীআটী সত্ৰৰে অৱদান ।
চামগুৰি সত্ৰ :- চামগুৰি সত্ৰ মুখাশিল্পৰ বাবে প্ৰসিদ্ধ ।
প্ৰশ্ন ৪। ‘মনোৰম মাজুলী’ ভ্ৰমণ কাহিনীটো তোমাৰ আইতা আৰু মাৰা-দেউতাৰাৰ আগত বৰ্ণনা কৰা ।
উত্তৰঃ গ্ৰীষ্ম বন্ধত বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলে বৰুৱা ছাৰ আৰু গগৈ বাইদেউৰ তত্ত্বাৱধানত পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ মাজুলীলৈ গ’ল । বাছত উঠি তেওঁলোকে নিমাতীঘাট পালে । তেওঁলোকে ফেৰীত উঠি নদী পাৰ হ’ল। ফেৰীত গাড়ী-মটৰ, মাল-বস্তুও উঠোৱা হৈছিল । ল’ৰা-ছোৱালীহঁতে গৈ থাকোঁতে নদীত মাছ মৰা দৃশ্যও উপভোগ কৰিলে । আটায়ে কমলাবাৰী সত্ৰত উপস্থিত হৈ ডেকা সত্ৰাধিকাৰৰ নিৰ্দেশত এজন ভকতৰ সহযোগত সত্ৰ পৰিদৰ্শন কৰিলে । আটায়ে ভাত-পানী খাই, জিৰাই শঁতাই গড়মূৰ সত্ৰত উপস্থিত হ’ল । ইয়াত পাছত এখন জলাশয়লৈ গৈ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিলে ।
আবেলি তেওঁলোক কমলাবাৰীৰ অতিথিশালাত উপস্থিত হ’ল আৰু নিশা ‘কেলিগোপাল’ ভাওনা উপভোগ কৰিলে। পিছদিনা সূৰ্যোদয়ৰ আগতেই সকলোৱে পুৱাৰ প্ৰসংগৰ স্থানত উপস্থিত হ’ল । পাছত তেওঁলোকে হাত নাও আৰু যন্ত্ৰচালিত নাৱৰ বিষয়ে ছাৰৰ পৰা জানিব পাৰিলে । সিদিনা সকলোৱে চামগুৰি সত্ৰত উপস্থিত হৈ মুখাবোৰ দেখি বৰ আনন্দ পালে । গধূলি কমলাবাৰী সত্ৰৰ অতিথগৃহত উপস্থিত হৈ তেওঁলোকে ভাওনা তথা তেওঁলোকৰ দলটোৱে পৰিবেশন কৰা অনুষ্ঠান উপভোগ কৰি পাছদিনা প্ৰত্যাৱৰ্তন কৰিলে ।
প্ৰশ্ন ৫। পাঠত পোৱা কঠিন শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ অথবা অভিধান চাই জানি লোৱা ।
উত্তৰঃ (ছাত্ৰ-ছাত্ৰী নিজে কৰা)
প্ৰশ্ন ৬। মাজুলীৰ বিষয়ে দহটা বাক্য লিখা ।
উত্তৰঃ মাজুলী পৃথিৱীৰ ভিতৰত অন্যতম বৃহৎ নদীদ্বীপ । মাজুলী ‘সত্ৰনগৰী’ নামেৰে বিশ্ববিখ্যাত । ইয়াত বৰ্তমানে সত্ৰৰ সংখ্যা বাইশখন । পূৰ্বতে ইয়াৰ পঁয়ষষ্ঠিখন সত্ৰ আছিল । গৰাখহনীয়াৰ কবলত পৰি সত্ৰসমূহ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’ল । মাজুলীৰ নৈসৰ্গিক শোভা অভিশয় মনোহৰ । ইয়াৰ জলাশয়সমূহত স্থানীয় আৰু পৰিভ্ৰমী চৰায়ে বিচৰণ কৰি ফুৰে । অসমৰ মূল স্থলভাগৰ লগত মাজুলী জলপথৰেৰে সংযুক্ত হৈ আছে । মাজুলীত বিভিন্ন জনগোষ্ঠীৰ মানুহে শান্তিৰে সহাৱস্থান কৰি আছে । সকলোৱে নিজ নিজ জনগোষ্ঠীয় উৎসৱ-পাৰ্ৱণ আনন্দেৰে পালন কৰে ।
প্ৰশ্ন ৭। উপযুক্ত পুৰুষবাচক বিভক্তিৰে বাক্য পূৰ কৰা ।
(ক) ছাৰ, আপোনাৰ দেউতা—কোন আছিল ?
উত্তৰঃ ছাৰ, আপোনাৰ দেউতাক কোন আছিল ?
(খ) গগৈ বাইদেৱে ক’লে–“তগৰ, তোমাৰ মা–আহিছে ।”
উত্তৰঃ গগৈ বাইদেৱে ক’লে-“তগৰ, তোমাৰ মাৰা আহিছে ।”
(গ) তোৰ ককা–ৰ বয়স কিমান হ’ল ?
উত্তৰঃ তোৰ ককাৰৰ বয়স কিমান হ’ল ?
(ঘ) তোমাৰ পেহী–ক চিনি পাওঁ ?
উত্তৰঃ তোমাৰ পেহীয়েৰাক চিনি পাওঁ ?
(ঙ) প্ৰভাতৰ আইতা– আহিব ।
উত্তৰঃ প্ৰভাতৰ আইতাক আহিব ।
প্ৰশ্ন ৮। পাঠৰ পৰা যুৰিয়া শব্দবোৰ বিচাৰি লিখা । যেনে–খলা-বমা ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলৰ, ছাৰ-বাইদেউসকলে, নীৰৱে-নিতালে, গৰু-ম’হ, কাটি-কাটি, মাজে- মাজে, লুকা-ভাকু, সৰু-সৰু, আহি-আহি, আহ-যাহ, আন-আন, সৰু-বৰ, জিৰাই-শঁতাই, উঠা-নমা, খলা-বমা, গছ-লতা, হাত-ভৰি, খোৱা-লোৱাৰ, পাতি-পাতি, সুকীয়া-সুকীয়া, আ-অলংকাৰ, বাচন-বৰ্তনৰ ।
Sl. No. | Contents |
Chapter 1 | সবাতোকৈ আপোন |
Chapter 2 | বুধিয়ক বীৰবল |
Chapter 3 | অসমীয়া ভাষাৰ বিকাশৰ কথা |
Chapter 4 | বিহু আদৰণি |
Chapter 5 | গুৰুদক্ষিণা |
Chapter 6 | মিত্ৰামিত্ৰ |
Chapter 7 | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা |
Chapter 8 | বেবৰিবাং |
Chapter 9 | আইতাক মই কিদৰে পঢ়িবলৈ শিকিলোঁ |
Chapter 10 | মহীয়সী হেলেন কেলাৰ |
Chapter 11 | সঞ্চয় |
Chapter 12 | মনোৰম মাজুলী |
Chapter 13 | আবিষ্কাৰৰ কাহিনী |
Chapter 14 | স্কাউট আৰু গাইড |
Chapter 15 | মহো-হো গীত |
প্ৰশ্ন ৯। বাক্য সাজা :
পৰিভ্ৰমী, ৰহণ, সংৰক্ষণ, মণিকূট, সীৰলু, মায়াময়, কিৰিলি ।
উত্তৰঃ পৰিভ্ৰমী :- আমাৰ গাঁৱৰ উত্তৰ ফালে থকা বিলখনি শৰৎ কালত পৰিভ্ৰমী চৰাইৰে ভৰি পৰে ।
ৰহণ :- অস্তগামী সুৰুযৰ হেঙুলী ৰহণেৰে পাহাৰখন ৰঙীন হৈ উঠিছে ।
সংৰক্ষণ :- ঢেকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে চৰকাৰে বহুতো ব্যৱস্থা হাতত লৈছে ।
মণিকূট :- নকৈ সজা নামঘৰৰ মণিকূটত আজি বিগ্ৰহ প্ৰতিষ্ঠা কৰা হ’ব ।
সীৰলু :- চহৰীয়া ল’ৰাটোৱে নাঙলৰ সীৰলু দেখি বৰ আনন্দ পালে দেই ।
মায়াময় :- পুৱাৰ কুঁৱলীয়ে মায়াময় পৰিৱেশৰ সৃষ্টি কৰিছে ।
কিৰিলি :- সন্ধিয়া হোৱাৰ লগে লগে বৰগছৰ পৰি চৰাইবোৰে কিৰিলি পাৰি উঠে।
প্ৰশ্ন ১০। সমাৰ্থক শব্দ লিখা ।
পৃথিৱী, সুচল, আনন্দ, লেখীয়া, চুই, শেষ, বেছি, বিখ্যাত, নিশা
উত্তৰঃ
শব্দ সমাৰ্থক শব্দ
পৃথিৱী – ধৰণী
সুচল – স্বচ্ছল
আনন্দ – ৰং
লেখীয়া – দৰে
চুই – স্পৰ্শ কৰি
শেষ – অন্ত
বেছি – অধিক
বিখ্যাত – প্ৰসিদ্ধ
নিশা – ৰাতি
প্ৰশ্ন ১১। ভ্ৰমণ কিয় কৰিব লাগে ? এই ভ্ৰমণৰ পৰা কি কি লাভ হয় পাঠৰ আধাৰত লিখা ।
উত্তৰঃ মানুহে কৰ্মময় জীৱনৰ এলাহ আঁতৰ কৰি নতুন উদ্যমেৰে কাম কৰাৰ শক্তি পাবলৈ, আনন্দ লাভ কৰিবলৈ আৰু ন ন অভিজ্ঞতা তথা শিকনি আহৰণ কৰিবলৈ ভ্ৰমণ কৰা উচিত ।
ভ্ৰমণ কৰিলে আমাৰ বহুতো লাভ হয়; যেনে –
(ক) আমি ভিন ভিন কৃষ্টি-সংস্কৃতিৰ লগত পৰিচিত হ’ব পাৰোঁ ।
(খ) ভ্ৰমণে আমাৰ কৰ্মব্যস্ত জীৱনত নতুন আনন্দ প্ৰদান কৰে ।
(গ) ভ্ৰমণৰ দ্বাৰা আমি বেলেগ বেলেগ পৰিৱেশৰ প্ৰাকৃতিক পটভূমিৰ লগত চিনাকি হ’ব পাৰোঁ ।
(ঘ) ভ্ৰমণে আমাক ব্যৱহাৰিক শিক্ষা প্ৰদান কৰে ।
প্ৰশ্ন ১২। অসমৰ এখন প্ৰসিদ্ধ তীৰ্থস্থান বৰদোৱা । বৰদোৱা কিয় প্ৰসিদ্ধ, দলত আলোচনা কৰি লিখা।
উত্তৰঃ অসমৰ একশৰণ নামধৰ্মৰ প্ৰৱৰ্তক, অসমীয়া সংস্কৃতিক বিশ্বপৰ্যায়লৈ নিওঁতা শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত জন্ম লাভ কৰিছিল । সেই সূত্ৰে এই স্থান অতি প্ৰসিদ্ধ আৰু বৈষ্ণৱসকলৰ বাবে অতিশয় পবিত্ৰ ।
প্ৰশ্ন ১৩। ভাওনাৰ উপৰি মুখা অন্য কি কি কামত ব্যৱহাৰ হয়, দুজনে লগ হৈ আলোচনা কৰি লিখা ।
উত্তৰঃ ভাওনাৰ উপৰি মুখা মহো-হো উৎসৱত ব্যৱহৃত হয়। খেতিয়কে পাঁচলিৰ বাগিচাতো মুখা ওলোমাই থয়, যাতে কু-দৃষ্টিৰ পৰা তেওঁৰ খেতিডৰা ৰক্ষা হয় । সুন্দৰবনৰ ডাঠ হাবিৰ মাজলৈ গৈ মৌ আহৰণ কৰা লোকসকলে বাঘৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ মূৰৰ পাছফালে মূখা পৰিধান কৰে । ভূটান, চীনদেশ, জাপান আদি দেশৰ লোক উৎসৱত মুখাৰ ব্যৱহাৰ আছে । দক্ষিণ আমেৰিকাৰ কাৰ্নিভেলতো মুখ্য ব্যৱহৃত হয় ।
প্ৰশ্ন ১৪। তলৰ কবিতাংশ পঢ়া আৰু প্ৰশ্নসমূহৰ উত্তৰ লিখা ।
অসমৰ কাশীপুৰী দ্বাৰকা মথুৰাপুৰী
অসমৰ বৰপেটা ধাম,
চাই যোৱা বাটৰুৱা পৰাণ জুৰাই যোৱা
শুনি যোৱা হৰিগুণ নাম ।
চউপাশে তাল-খোল মৃদংগৰ মহোৰোল
থানে থানে হৰি সংকীৰ্তন,
সুখী দুখী পাপী তাপী চাই যোৱা কাষ চাপি
মানৱৰ ই মহামিলন ।
নাই পূজা আৱাহন নাই বলি বিসৰ্জন
উচ্চ-নীচ ভেদাভেদ জ্ঞান,
নাই কাৰো উচ্চাসন নাই কাৰো নীচাসন
হৰিভক্ত সকলো সমান ।
কবি– শৈলধৰ ৰাজখোৱা
(ক) বৰপেটা ধামক কিহৰ লগত তুলনা কৰিছে?
উত্তৰঃ কবিয়ে বৰপেটা ধামক পবিত্ৰ তীৰ্থস্থান কাশী, দ্বাৰকা আৰু মথুৰাপুৰীৰ লগত তুলনা কৰিছে ।
(খ) কবিয়ে বাটৰুৱাক কি শুনি যাবৰ বাবে কৈছে ?
উত্তৰঃ কবিয়ে বাটৰুৱাক হৰিগুণৰ নাম যাবলৈ কৈছে ।
(গ) কবিয়ে কাক কাক কাষ চাপি কি চাই যাবলৈ কৈছে ?
উত্তৰঃ সুখী, দুখী, পাপী আৰু তাপিতসকলক কবিয়ে মানৱৰ মহামিলন চাই যাবলৈ কৈছে ।
(ঘ) কবিয়ে ক’ত সকলো সমান বুলি কৈছে ?
উত্তৰঃ কবিয়ে বৰপেটা ধামত সকলো সমান বুলি কৈছে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.