Class 6 Assamese Chapter 11 সঞ্চয়

Class 6 Assamese Chapter 11 সঞ্চয় Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Assamese Chapter 11 সঞ্চয় and select needs one.

SEBA Class 6 Assamese Chapter 11 সঞ্চয়

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Assamese Chapter 11 সঞ্চয় Solutions for All Subject, You can practice these here…

সঞ্চয় – নীলমণি ফুকন

পাঠ: 11

ক্ৰিয়া-কলাপ

চমুকৈ উত্তৰ দিয়া

প্ৰশ্ন ১। কবিতাটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া । 

উত্তৰঃ ( ছাত্র-ছাত্ৰী নিজে কৰা) ।

প্ৰশ্ন ২। কবিতাটি লয়, ছন্দ আৰু তালৰ লগত সংগতি ৰাখি আবৃত্তি কৰা ।

উত্তৰঃ  ( ছাত্র-ছাত্ৰী নিজে কৰা) ।

প্ৰশ্ন ৩। তলত দিয়া শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধানত চাই লিখা–

কৰকৰা, হৰে, বৰ্ষণ, কৃপণ, কুন্ধি,  পুণ্যতোয়ো, শান্তিয়নী, ঘুলি, নিৰ্মল, হিত

উত্তৰঃ কৰকৰা — নিৰস; শুকান । 

হৰে–হৰণ কৰে । 

বৰ্ষণ– বৰষুণ । 

কৃপণ –ধন খৰচ কৰিব নোখোজা; চিপচ । 

কুন্ধি — নাৱৰ ভিতৰৰ খোটালি । 

পুণ্যতোয়ো — পবিত্ৰ পানী থকা (গংগা, যমুনা, আদি নদী) । 

শান্তিয়নী — শান্তি বা শুদ্ধি কৰা (পানী) । 

ঘুলি — ম’হ, গাহৰি আদি জন্তুৱে বোকা লেটি লোৱা খাল । 

নিৰ্মল — মলি নথকা । 

হিত — উপকাৰ । 

প্ৰশ্ন ৪। কবিতাটিৰ মূলভাব লিখা । 

উত্তৰঃ ‘সঞ্চয়’ৰ মূলভাব : কবি নীলমণি ফুকনদেৱে ‘সঞ্চয়’ কবিতাটোৰ মাজেৰে সঞ্চয়ৰ প্ৰকৃত উদ্দেশ্যৰ ওপৰত আলোকপাত কৰিছে । কবিৰ মতে উঁইপোকে কৰা শুকান মাটিৰ সঞ্চয় আৰু মৌ-মাখিয়ে কৰা মৌ-জোলৰ সঞ্চয়ৰ মাজত পাৰ্থক্য থকাৰ নিচিনা কৃপণ আৰু জ্ঞানীৰ সঞ্চয়ৰ মাজতো বহুত পাৰ্থক্য আছে । কৃপণে কৰা জ্ঞানৰ সঞ্চয়ে বহুতৰে মনৰ ভিতৰত অজ্ঞানতাৰ এন্ধাৰ দূৰ কৰে । যেনে পাত্ৰতেই থোৱা নাযাওক কিয়, গংগাজল সদায় পবিত্ৰ । কিন্তু লেতেৰা পানী সোণৰ পাত্ৰত থ’লেও সি লেতেৰাই আৰু কামত নলগাই হৈ থাকিব । আনৰ বা সমাজৰ হিত সাধন নকৰা সঞ্চয়ক কেতিয়াও প্ৰকৃত সঞ্চয় বুলিব নোৱাৰি ।

প্ৰশ্ন ৫। কি কৰিলে প্ৰকৃত সঞ্চয় হোৱা বুলি কবিতাটিত কোৱা হৈছে ? 

উত্তৰঃ যি সঞ্চয়ৰদ্বাৰা আনৰ হিত সাধন হয়, সেই সঞ্চয়কহে প্ৰকৃত সঞ্চয় বুলি কোৱা হয় ।

প্ৰশ্ন ৬। জ্ঞানৰ সঞ্চয়ে পোহৰ বিলাই,

            মনৰ নেদেখা কুন্ধিবোৰত ।।

‘কুন্ধি’ শব্দটোৱে সাধাৰণতে নাৱৰ খোটালিক বুজায় । কবিতা ফাকিত থকা ‘কুন্ধি’ শব্দটোৱে কিহৰ খোটালিক বুজাইছে ?

উত্তৰঃ কবিতা ফাকিত উল্লেখ থকা ‘কুন্ধি’ শব্দটোৰ দ্বাৰা কবিয়ে মানুহৰ মনৰ ভিতৰত খোটালিক বুজাইছে । 

প্ৰশ্ন ৭। উত্তৰ দিয়া । 

(ক) উঁয়ে কি সঞ্চয় কৰে ?

উত্তৰঃ উঁয়ে নিৰস, শুকান মাটি সঞ্চয় কৰে ।

(খ) মৌ-মাখিৰ সঞ্চয়ৰ ফলত কি বৰ্ষণ হয় ?

উত্তৰঃ মৌ-মাখিৰ সঞ্চয়ৰ ফলত মধু বৰ্ষণ হয় ।

(গ) উঁইৰ সঞ্চয়ৰ ফলত কি বৰ্ষণ হয় ?

উত্তৰঃ উঁইৰ সঞ্চয়ৰ ফলত মাটিৰ ৰস নোহোৱা হয় ।

(ঘ) জ্ঞানৰ সঞ্চয়ে  মনৰ নেদেখা কুন্ধি বোৰক কি বিলায় ?

উত্তৰঃ জ্ঞানৰ সঞ্চয়ে  মনৰ কুন্ধিবোৰত পোহৰ বিলায় ।

(ঙ) জল ক’ত সাঁচি থ’লে নিৰ্মল নহয় ?

উত্তৰঃ সোণৰ পাত্ৰত থ’লেও পানী নিৰ্মল নহয় ।

প্ৰশ্ন ৮। কবিতাফাকি পঢ়া আৰু উত্তৰ দিয়া ।

(ক) পূণ্যতোয়া গংগা জল সাঁচি থ’লে,

    হয় শান্তিয়নী পবিত্ৰ জল ।

–পূণ্যতোয়া শব্দটোৱে কি বুজাইছে ?

— গংগাজল সাঁচি থ’লে কি হয় ?

উত্তৰঃ ‘পূণ্যতোয়া’ শব্দটোৱে পবিত্ৰ পানী থকা নদীক বুজাইছে ।

গংগাজল সাঁচি থ’লে সি শান্তিয়নী কৰা পবিত্ৰ জল হয় । 

(খ) বহলাই লিখা । 

    সাঁচি থোৱাকেই সঞ্চয় নকয়

     যদি তাৰে হিত সাধন নহয় ।

উত্তৰঃ সাঁচি থোৱা কাৰ্যই সঞ্চয়ৰ নাম পাব নোৱাৰে।  প্ৰকৃত সঞ্চয়ৰ নাম পাব লাগিলে সি সমাজৰ হিত সাধন কৰিব পৰা বিধৰ হ’ব লাগিব । কৃপণৰ ধনৰ সঞ্চয়ৰ কোনো মূল্য নাই; জ্ঞানী লোকে কৰা জ্ঞানৰ সঞ্চয়হে প্ৰকৃত সঞ্চয় । ইয়াৰ দ্বাৰা সমাজৰ পৰা অজ্ঞানতাৰ এন্ধাৰ দূৰ হয় ।

প্ৰশ্ন ৯। বাওঁ ফালে থকা শব্দবোৰ সোঁফালৰ বিপৰীতাৰ্থক শব্দবোৰৰ লগত মিলাই লিখা। 

     বাওঁ-ফাল         সোঁ-ফাল

       অসাধু             ব্যয় সাধু আন্ধাৰ

       পোহৰ             অজ্ঞান মলিয়ন দেখা

        জ্ঞান                অহিত

       নেদেখা

       হিত

উত্তৰঃ   

শব্দ            বিপৰীতাৰ্থক শব্দ

অসাধু     –          সাধু

পোহৰ     –         আন্ধাৰ

জ্ঞান      –         অজ্ঞান

নেদেখা   –         দেখা

হিত       –         অহিত

প্ৰশ্ন ১০। খাই, কৰি, বাই, থৈ, উঠি— এই অসমাপিকা ক্ৰিয়াপদকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰা। 

উত্তৰঃ খাই :- ৰতনে ভাত খাই বজাৰলৈ গ’ল ।

কৰি :- ৰহিমে ঘৰৰ কাম কৰিহে স্কুললৈ যায় ।

বাই :- সিহঁতে হাল বাই উঠি জলপান খালে । 

থৈ :- তই মোনাখন মোমায়েৰৰ ঘৰতে থৈ ঘৰলৈ আহিবি । 

উঠি :- বুধুৱাই গছত উঠি ডালবোৰ কাটিছে । 

প্ৰশ্ন ১১। কবিতাটিৰ পৰা পাঁচটা ক্ৰিয়াপদ বাছি উলিওৱা ।

উত্তৰঃ হৰে, থলে, নহয়, নকয়, আৰু হয় ।

প্ৰশ্ন ১২। কবিতাটিৰ পৰা যুক্তাক্ষৰ থকা পাঁচটা শব্দ বিচাৰি তাত থকা যুক্তাক্ষৰকেইটাৰে একোটাকৈ আন শব্দ লিখা । 

উদাহৰণ     সঞ্চয়    ঞ্চ     পঞ্চম

উত্তৰঃ  

বৰ্ষণ               ৰ্ষ             বিমৰ্ষ

জ্ঞান              জ্ঞা           বিজ্ঞানী

কুন্ধিবোৰৰ      ন্ধ            অন্ধকাৰ

গঙ্গাজল        ঙ্গ            বঙ্গ

পাত্ৰ              ত্ৰ             পবিত্ৰ

প্ৰশ্ন ১৩। মৌ-মাখিৰ দৰে আন বহুতো কীট-পতংগই অলেখ পৰিশ্ৰম কৰি  ভৱিষ্যতৰ বাবে খাদ্যবস্তু সংগ্ৰহ কৰে । তুমি জনা তেনে এবিধ কীট-পতংগৰ বিষয়ে পাঁচটা বাক্য লিখা । 

উত্তৰঃ পাত কটা পৰুৱা : উত্তৰ আমেৰিকা মহাদেশৰ ত্ৰিনিদাদ আৰু টবেগ’ত এইবিধ পৰুৱা পোৱা যায় । ইহঁতে গছৰ পাতবোৰ কাটি আনি নিজৰ বাহত সঞ্চয় কৰে । সেই পাতবোৰত ভেঁকুৰ লাগিলে পৰুৱাবিধে সেই ভেঁকুৰ খাদ্য হিচাপে খায় । পাতকটা পৰুৱাৰ বৈজ্ঞানিক নাম ‘ আট্ৰা চেফালেটিছ’ । ইহঁতে গভীৰ বর্ষাৰণ্যত ডাঙৰ জাক পাতি বাস কৰে । 

Sl. No.Contents
Chapter 1সবাতোকৈ আপোন
Chapter 2বুধিয়ক বীৰবল
Chapter 3অসমীয়া ভাষাৰ বিকাশৰ কথা
Chapter 4বিহু আদৰণি
Chapter 5গুৰুদক্ষিণা
Chapter 6মিত্ৰামিত্ৰ
Chapter 7ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
Chapter 8বেবৰিবাং
Chapter 9আইতাক মই কিদৰে পঢ়িবলৈ শিকিলোঁ
Chapter 10মহীয়সী হেলেন কেলাৰ
Chapter 11সঞ্চয়
Chapter 12মনোৰম মাজুলী
Chapter 13আবিষ্কাৰৰ কাহিনী
Chapter 14স্কাউট আৰু গাইড
Chapter 15মহো-হো গীত

প্ৰশ্ন ১৪। “কৃপণে সঞ্চয় কৰা ধন অথলে যায় । কিন্তু সৎ লোকে সঞ্চয় কৰা ধনেৰে সমাজৰ হিত সাধন হয় । ” এই বিষয়ে দলত আলোচনা কৰা । 

উত্তৰঃ কৃপণে সঞ্চয় কৰা ধন কাৰো কামত নাহে । কৃপণ লোকে আনৰ উপকাৰৰ কাৰণে এটকাও খৰচ কৰিব নোৱাৰে । আনকি নিজৰ বাবেও খৰচ নকৰে । সেইবাবে তেওঁ জীৱনটো উপভোগ কৰিব নোৱাৰে । চোৰ-ডকাইতে তেনে লোকৰ ধন সৰকাবলৈ অনবৰতে চেষ্টা চলাই থাকে ।

আনহাতে, সৎ লোকে নিজৰ লগতে আনৰ উপকাৰৰ কথাও সমানে চিন্তা কৰে।  সেয়েহে সঞ্চয় কৰা ধন সৎ লোকে সমাজৰ হিত সাধন কৰা অনুষ্ঠান-প্ৰতিষ্ঠানলৈ দান হিচাপে আগবঢ়ায় । এনে আঁৰতো বহু সৎ লোকৰ আৰ্থিক সহায়ৰ অৱদান থাকে । এতেকে সৎ লোকে সঞ্চয় কৰা ধনেৰে সমাজৰ হিত সাধন হয় ।

প্ৰশ্ন ১৫। ‘মৌ’ শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰ চোৱা—

মৌ-কুঁৱৰী (মৌ-বাহৰ ৰাণী)  মৌ-জোলোঙা

মৌ-কোঁহ                            মৌ-পিয়া

মৌ-গুটি                             মৌ-বাহ

মৌ-চাক                             মৌ-বিচনী

মৌ-চেপা                            মৌ-মাখি

মৌ-জোল                           মৌ-সিতা ইত্যাদি

অভিধান চাই এই শব্দবিলাকৰ অৰ্থ আয়ত্ত কৰা । একেদৰে ‘মুখ’ শব্দটোৰে আৰম্ভ হোৱা শব্দবিলাকৰ অৰ্থ অভিধানত চোৱা আৰু আয়ত্ত কৰা ।

উত্তৰঃ মৌ-কুঁৱৰী  – মৌ-মাখিৰ বাহৰ ৰাণী ।

মৌ-কোঁহ   – মৌ-মাখিৰ বাহৰ মৌৰ ভঁৰাল ।

মৌ-গুটি    – মৌ- মাখি ।

মৌ-চাক    – মৌ বাহ ।

মৌ-চেপা   – মৌ-বাহ চেপিলে ৰস একেধাৰে ওলাই থকাৰ দৰে ধাৰ নিছিগা। 

মৌ-জোল  –  মৌ-মাখিয়ে সঞ্চয় কৰা ৰস; মধু ।

মৌ-জোলোঙা – মৌ-মাখিয়ে ফুলৰ পৰা মৌ কঢ়িয়াই অনা সিহঁতৰ শৰীৰৰ জোলোঙা বা মোনা ।

মৌ-পিয়া – ফুলৰ ৰস খোৱা এবিধ ক্ষুদ্ৰ চৰাই ।

মৌ-বাহ – মৌ-মাখিয়ে ওখ ঠাইত সজা বাহ ।

মৌ-বিচনী – মৌ-চাকৰ কাষত ওলমি থকা চেপেটা ঘূৰণীয়া অংশ ।

মৌ-মাখি – ফুলৰ মধু সংগ্ৰহ কৰা পতংগ বিশেষ ।

মৌ-সিতা – মৌ- জাল চেপি উলিওৱাৰ পাছত মৌ-বাহ বা তাৰ ম’ম জাতীয় পদাৰ্থ ।

মুখ : মুখ-চোকা – সংকোচ নকৰাকৈ আনক টান কথা ক’ব পৰা । 

মুখ-আন্ধাৰি – পুৱা বা সন্ধিয়াৰ ক্ষীণ আন্ধাৰ ।

মুখ-চতুৰ – কথা কোৱাত পাকৈত ।  

মুখ-চন্দ্ৰ – পূৰ্ণিমাৰ জোনৰ দৰে ধুনীয়া মুখমণ্ডল । 

মুখলৈ চা  – কৃপা কৰ্ । 

মুখ-থেকেচা খা – হামখুৰি খাই পৰ্ ।

মুখপত্ৰ – দল, সংস্থা আদিৰ আলোচনী । 

মুখপাত্ৰ – দল, সংস্থা আদিৰ বক্তব্য ৰখাৰ অধিকাৰ প্ৰাপ্ত অধিকাৰী ।

মুখবান্ধ – সংযত হৈ কথা ক ।

মুখ বিকটা – যন্ত্ৰণা, ঘৃণা আদিত মুখমণ্ডল বিকৃত কৰ্ ।

মুখৰাখ্ – সন্মান বা প্ৰতিশ্ৰুতি ৰক্ষা কৰ্ ।

মুখলাগ্ – বেয়া নজৰ পৰ্ । ইত্যাদি । 

প্ৰশ্ন ১৬। তলত কবিতাটি পঢ়া । 

 বৰুৱাৰ ঘৰতে পৰুৱা সোমাই

      নিলে ভঁৰালৰ ধান, 

বাৰিষা আহিলে আকাশ পৰিব

    পৰুৱাই বচাব প্ৰাণ ।

ফৰিঙে সুধিলে–“কষ্ট কৰি দেহা 

    কিয়নো কৰিছা নষ্ট ?” 

পৰুৱা ৰাণীয়ে হাঁহি মাৰি ক’লে–

    “সময়ত পস্তাবা মস্ত ।” 

আহিল বাৰিষা ফেনে-ফোটোকাৰে 

    পৰুৱা উঠিল গছত, 

য’ত ধান, কণী আৰু পোৱালি

     সকলোকে নিলে লগত ।

ফৰিং বপুৰা উঠি উঠি গৈ 

     পৰিল পানীৰ পাকত 

ৰাণীৰ আদেশত মাউখে উঠি

    পৰুৱাই ধৰিলে ঠেঙত ।

সুধিলে ৰাণীয়ে– “ফৰিং বোপাই 

     বল কিয় নাইকিয়া ? 

হাতযুৰি ক’লে—“ক্ষমা মহাৰাণী, 

    ভোকতে হলোঁ মই চিয়াঁ ।

এতিয়া বুজিলো সঞ্চয়ৰ বল 

     আন গর্বতকৈ চৰা,

কৰিম সঞ্চয় ভাল কামলৈ

   নিশ্চয় আজিৰ পৰা ।”

–ওপৰৰ কবিতাটিৰ কোনকেইটা  পংক্তিৰ ভাব ‘সঞ্চয়’ কবিতাটিৰ শেষৰ পংক্তি দুটাৰ লগত মিলে ভাবি উলিওৱা ।

–ওপৰৰ কবিতাটিৰ দৰে তোমালোকেও প্ৰচলিত কাহিনী সাধুকথা আদিৰ আলমত সঞ্চয়ৰ সু-অভ্যাসৰ ভিত্তিত কবিতা ৰচনা1 কৰা আৰু শিক্ষকক দেখুওৱা । 

উত্তৰঃ ওপৰৰ কবিতাফাকিৰ ‘কৰিম সঞ্চয় ভাল কামলৈ/নিশ্চয় আজিৰ পৰা’ —এই পংক্তি দুটা ‘সঞ্চয়’ কবিতাটিৰ শেষৰ পংক্তি দুটাৰ লগত মিলে ।

     ৰজাৰ পুতেক ধোঁৱাখুলীয়া

            বহি বহি খায়, 

      খৰচ-ভৰচ কৰি থাকে

            চিন্তা হ’লে নাই ।

       যত যিমান দামী বস্তু

           কিনি আনি থয়,

    আকো দিয়ে তাকো দিয়ে

            ভঁৰাল উদং হয় ।

      ৰজাই ভাবে এশিকনি

          নিদিলে যে নহ’ব,

     এওঁ দেশৰ ৰজা হ’লে

       দেশ ৰসাতলে যাব ।

  সেয়ে কোঁৱৰক পঠিয়ালে গৈ

          দূৰৰ দেশলৈ,

   চাৰিকুৰি ধন দিলে লগত

          খাদ্য কিনিবলৈ ।

  কোঁৱৰৰ ধন দুদিনতে শেষ

          সাদিনৰ বাট বাকী, 

  কি কৰে এতিয়া দূৰণিৰ দেশ

         কোনো নাই চিনাকি । 

  ভোকত কোঁৱৰ লেবেজান হৈ

        পৰিল গছৰ তলত,

   সকলো বুজিলে, বোধোদয় হ’ল ।

         ৰাজকোঁৱৰ মনত ।

    মোহৰ কিছু সাঁচি থোৱা হ’লে

        নহ’লহেঁতেন এনে অৱস্থা,

     পণ কৰিলে সঞ্চয় কৰি ল’ব

           ভৱিষ্যতৰ সুব্যৱস্থা ।

প্ৰশ্ন ১৭। মানুহে অলপ অলপকৈ সঞ্চয় কৰা ধনেৰে ভৱিষ্যতে কি কি ভাল কাম কৰিব পাৰে লিখা ।

উত্তৰঃ টোপ টোপ বৰষুণৰ পানীয়ে নদ-নদী ওপচায় । কণ কণ ফুলৰ ৰসেৰে মৌ-বাহ ভৰে । একেদৰে সদায়ে কৰা অলপীয়া সঞ্চয়ৰ ধনে সৰ্বশেষত বিশাল হ’ব পাৰে । মানুহে অলপ অলপকৈ কৰা সঞ্চয়ৰ ফলত ভৱিষ্যতে বহুতো কাম কৰিব পাৰে ।

পঢ়ি ভাল পোৱা ল’ৰা-ছোৱালীয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ ধন সঞ্চয় কৰি ভৱিষ্যতে দামী কিতাপো ক্ৰয় কৰিব পাৰে।  কোনোৱে টেকেলিত জমা কৰা ধনেৰেও ভৱিষ্যতে ভাল কাপোৰ এযোৰ ল’ব পাৰে।  ইচ্ছা কৰিলে দুৰ্গত লোককো সহায় কৰিব পাৰে । নিজৰ বাবে প্ৰয়োজনীয় বাইচাইকেল ক্ৰয় কৰিব পাৰে।  ডাঙৰ মানুহে অলপ অলপকৈ বেংকত জমা কৰা ধনেৰে ভৱিষ্যতে ঘৰ সজাবও পাৰে । মুঠতে সঞ্চয়ৰ সমান কাৰো বল নাই ।

2 thoughts on “Class 6 Assamese Chapter 11 সঞ্চয়”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top