Class 5 Assamese Chapter 11 অমলপ্ৰভা দাস

Join Telegram channel

Class 5 Assamese Chapter 11 অমলপ্ৰভা দাস, Class 5 Assamese Chapter 11 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board অমলপ্ৰভা দাস Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.

Class 5 Assamese Chapter 11 অমলপ্ৰভা দাস

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 11 অমলপ্ৰভা দাস Solutions for All Subject, You can practice these here

অমলপ্ৰভা দাস

Chapter – 11

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

প্রশ্ন : ১। পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 

(ক) অমলপ্ৰভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল ?

উত্তৰ : অমলপ্ৰভা দাসৰ পিতৃ আছিল ডা° হৰিকৃষ্ণ দাস আৰু মাতৃ আছিল হেমপ্ৰভা দাস।

(খ) অমলপ্রভা দাসে কেতিয়াৰপৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল ?

উত্তৰ : ১০ বছৰ বয়সৰ পৰাই অমলপ্ৰভা দাসে সূতা কাটিবলৈ আৰম্ভ কৰিছিল।

(গ) তেখেতে শৰণীয়া পাহাৰত কি কি উদ্যোগ পাতিছিল ?

উত্তৰ : অমলপ্ৰভা দাসে শৰণীয়া পাহাৰত তেল পেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ-পালন কৰা, তাঁত শালত কাপোৰ বোৱা আদি উদ্যোগ পাতিছিল।

(ঘ) এই উদ্যোগবোৰে (অমলপ্ৰভাই পতা) দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল ?

উত্তৰ : এই উদ্যোগবোৰে দেশবাসীৰ আৰ্থিক অৱস্থা টনকিয়াল হোৱাত, স্বাৱলম্বী হোৱাত আৰু প্ৰকৃত স্বৰাজ লাভ কৰাত সহায় কৰিব বুলি তেখেতে ভাবিছিল। 

(ঙ) চৰকাৰে অমলপ্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল ?

উত্তৰ : চৰকাৰে অমলপ্ৰভা দাসক ‘পদ্মবিভূষণ’ সন্মান দিবলৈ বিচাৰিছিল। 

প্রশ্ন : ২। তলৰ কথাখিনি কোনে, কাক, কিয় কৈছিল কোৱা আৰু লিখা।

“মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছো, তাক মান্যতা দিয়াৰ বাবে অন্তৰ কৃতজ্ঞতা জনাইছোঁ। কিন্তু মই এই সম্মান ল’ব নোৱাৰিম, কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাৱ আনি দিব। তাৰ বাবে মোক অনুগ্ৰহ কৰি মাৰ্জনা কৰে যেন।

উত্তৰ : এই কথাখিনি অমলপ্রভা দাসে ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহরু এখন চিঠিৰে জনাইছিল। অমলপ্রভা দাসে আগবঢ়োৱা সমাজ সেৱাৰ কামৰ বাবে। ভাৰত চৰকাৰে ‘পদ্মবিভূষণ’ সম্মান যাচিছিল। কিন্তু সেই সম্মানে মনলৈ অহংকাৰ ভাব আনিব বুলি অমলপ্রভা দাসে সন্মান গ্ৰহণ কৰা নাছিল। তেওঁৰ কামক ভাৰত চৰকাৰে মান্যতা দিয়াৰ বাবে কৃতজ্ঞতা জনাই প্রধানমন্ত্রী নেহৰুক চিঠিৰে সেই কথা জনাইছিল। 

প্রশ্ন : ৩। স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে পঢ়াৰ উপৰি মাক দেউতাকক কি কি কামত সহায় কৰিছিল ?

উত্তৰ : পঢ়া-শুনাত চোকা বুদ্ধিৰ অমলপ্ৰভাই পঢ়া-শুনাৰ উপৰি আজৰি সময়ত, স্কুলৰপৰা অহাৰ পিচত ফুলনিত ফুল ৰোৱা, গছ পুলিত পানী দিয়া আদি কামত মাক দেউতাকক সহায় কৰিছিল। 

প্রশ্ন : ৪। কটন কলেজত তেখেতৰ (অমলপ্ৰভা দাসক) পঢ়িবলৈ কিয় দিয়া নাছিল ?

উত্তৰ : সেই সময়ত কটন কলেজত ছোৱালী পঢ়াৰ ব্যৱস্থা নাছিল। সেইবাবে অমলপ্রভাক কটন কলেজত পঢ়িব দিয়া নাছিল। 

প্রশ্ন : ৫। শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য কি আছিল ?

উত্তৰঃ সেই সময়ৰ ডেকা-ডেকেৰীসকলক স্বাৱলম্বী হোৱাত সহায় কৰাই শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য আছিল ।

প্রশ্ন : ৬। জানো আহা :

শব্দঅর্থ
পৰম্পৰাঅনুক্ৰমিক, এটাৰ পিচত এটা।
নম্রনত, শান্ত, দো খাই থকা।
নিষ্ঠাশ্রদ্ধা, দৃঢ়ভক্তি, একাগ্রতা।
থমকিৰৈ যোৱা আগ নবঢ়াকৈ থকা।
সহশিক্ষাল’ৰা-ছোৱালী উভয়ে শিক্ষা লাভ কৰা ব্যৱস্থা।

প্রশ্ন : ১। তলৰ যুক্তাক্ষৰ কেইটাৰে একোটাকৈ শব্দ লিখা। 

ব্রু, ষ্ট্ৰ, স্ব, ণ্ঠ, ষ্ণ, স্ৰ, ন্থ, শ্র, ন্স, প্ল

উত্তৰ : ব্রু বব্রুবাহন, ব্রুটাছ

ষ্ট্ৰ–ৰাষ্ট্ৰ, ৰাষ্ট্ৰীয়

স্ব―স্বৰাজ, স্বাধীন

ণ্ঠ―কণ্ঠ, বৈকুণ্ঠ

ষ্ণ―বিষ্ণু, বৈষ্ণৱ

ম্ৰ―নম্ৰ, বিনম্ৰ

ন্থ―গ্ৰন্থ, মন্থৰা

শ্র―শ্রম, শ্রমিক

ন্ম―জন্ম, জন্মাষ্টমী

প্ল―বিপ্লৱ, আপ্লুত

প্রশ্ন : ২। এটা শব্দত প্ৰকাশ কৰোঁ আহা :

উত্তৰ : (ক) সমাজ সেৱা কৰা লোক → সমাজসেৱী।

(খ) দেশক ভালপোৱা মানুহ → দেশপ্রেমিক।

(গ) বিপ্লৱ কৰোঁতা জন → বিপ্লৱী।

(ঘ) দেশৰ কাৰণে মৃত্যু বৰণ কৰা লোক → ছহিদ।

(ঙ) নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক → স্বনিৰ্ভৰশীল, আত্মনিৰ্ভৰশীল।

প্রশ্ন : ৩। উদাহৰণৰ দৰে শব্দ গঠন কৰা।

উদাহৰণ – নম্ৰ – নম্রতা

উত্তৰ : (ক) সাধু → সাধুতা

(খ) ভদ্র→ভদ্রতা

(গ) দৃঢ় → দৃঢ়তা

(ঘ) শিক্ষক → শিক্ষকতা

(ঙ) সার্থক →সার্থকতা

(চ) মূৰ্খ → মূর্খতা, মূর্খামি

(ছ) সৰল → সৰলতা

(জ) উজ্জ্বল → উজ্জ্বলতা

প্রশ্ন : ৪। অৰ্থৰ পাৰ্থক্য দেখুৱাই তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য  ৰচনা কৰা ।

উদাহৰণ—কথা – অচিনাকি মানুহৰ লগত কথা কওঁতে সাৱধান হ’ব লাগে।

কঠা – পাঁচ কঠাই এবিঘা মাটি হয়। 

উত্তৰ : পাত – শীত কালত গছৰ পাতবোৰ সৰি যায়।

পাট – পাট কাপোৰ অসমৰ গৌৰৱৰ বস্তু।

ছুটী – চাকৰিয়ালসকলে প্ৰয়োজনত ছুটী লব পাৰে।

চুটি— চুটি গল্প সাহিত্যৰ এটি উল্লেখযোগ্য বিভাগ।

হাত – সময়ৰ কাম সময়মতে নকৰি হাত সাৱটি বহি থাকিলে অসুবিধা হয়।

হাট — আমাৰ গাঁৱত প্ৰতি ৰবিবাৰে এখন সাপ্তাহিক হাট বহে।

গাওঁ — আহাঁ আমি সকলোৱে মিলি অসমৰ জাতীয় সঙ্গীতটো গাওঁ।

গাঁও — নগৰৰপৰা আমাৰ গাঁও ভালেখিনি দুৰত।

ল’ৰা — ল’ৰাবিলাকে ক্রিকেট খেলি আছে।

লৰা ― ধুমুহা আহিব বুলি মানুহবিলাক লৰা-লৰিকৈ ঘৰলৈ ওভতিছিল।

গড় ― শিক্ষক মহোদয়ে আজি আমাক গড় উলিওৱা অঙ্ক শিকাইছিল।

গঁড় – গঁড় অসমৰ আপুৰুগীয়া সম্পদ।

প্রশ্ন : ৫। ভাব বহলাই লিখোঁ আহাঁ :

‘যত্ন কৰিলে ৰত্ন পায়।’

উত্তৰঃ ৰত্ন এবিধ দুষ্প্রাপ্য মূল্যবান পাথৰ। কিন্তু যত্ন কৰিলে সেই দুষ্প্রাপ্য ৰত্নও মানুহে লাভ কৰিব পাৰে। ইয়াৰদ্বাৰা বুজোৱা হৈছে যে মানুহে যত্ন কৰিলে ফল লাভ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে যত্ন কৰি পঢ়া-শুনা কৰিলে ৰত্ন স্বৰূপ সুফল লাভ কৰিব পাৰে, অৰ্থাৎ পৰীক্ষাত পাছ কৰিব পাৰে। ব্যৱসায়ী মানুহ এজনে সজ ভাবে যত্ন কৰিলে ব্যৱসায়ত উন্নতি লাভ কৰিব পাৰে। মানুহক যি কোনো বিষয়ৰ কামত উদগণি যোগাবৰ বাবে অসমীয়া ভাষাত উক্ত বচনটি ব্যৱহাৰ কৰা হয়। যত্নৰ অসাধ্য একো নাই বুলি ইয়াৰদ্বাৰা বুজোৱা হৈছে।

প্রশ্ন : ৬। তলৰ দফাটো পঢ়া আৰু উদাহৰণত দিয়াৰ দৰে বাকচত বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদ লিখা। 

সৰুৰেপৰাই অমলপ্ৰভা দাস পঢ়া-শুনাত বৰ চোকা আছিল। সেই বুলি তেখেত অনবৰতে কিতাপ পঢ়ি থকা বিধৰো নাছিল। স্কুল ছুটীৰ পিছত ঘৰলৈ গৈ মাক দেউতাকক কামত সহায় কৰি দিছিল। ফুলনিত গছপুলি ৰোৱা, শাক-পাচলিত পানী দিয়া আদি কাম কৰি তেখেতে বৰ ভাল পাইছিল। পঢ়া-শুনাৰ লগতে খেলা-ধুলা, গান-নাচতো তেখেত পাৰ্গত আছিল।

উদাহৰণ— 

বিশেষ্যবিশেষণসর্বনাম
অমলপ্রভাপাৰ্গততেখেত

উত্তৰ :

বিশেষ্যবিশেষণসর্বনাম
অমলপ্রভাচোকাতেখেত
কিতাপঅনবৰতে
ফুলনিভাল
গছপুলি
শাক-পাচলি
পানী
খেলা-ধুলা, নাচ-গানপাৰ্গততেখেত

গ-জ্ঞান সম্প্ৰসাৰণ

প্রশ্ন : ১। জানো আহা :

১৯০১ চনৰ ১৬ মাৰ্চত বজালীৰ দৈশিঙৰি গাঁৱত চন্দ্ৰপ্ৰভা শইকীয়াৰ জন্ম হৈছিল। তেখেতৰ দেউতাকৰ নাম আছিল ৰাতিৰাম মজুমদাৰ আৰু মাকৰ নাম আছিল গংগাপুৰীয়া মজুমদাৰ।

সেই সময়ত ছোৱালী শিক্ষাৰ প্ৰচলন নাছিল বাবে দৈশিঙৰী গাঁৱতো পঢ়াশালি নাছিল ৭। চন্দ্ৰপ্ৰভাৰ পঢ়াৰ অদম্য হেপাহৰ বাবে মাহীয়েকৰ ঘৰত থাকি প্রাথমিক শিক্ষা লাভ কৰিছিল। প্রাথমিক শিক্ষাৰ পাছত ওচৰত এম্‌ ই স্কুল নথকাত পঢ়িব নোৱাৰি ঘৰত এনেয়ে বহি নাথাকি দৈশিঙৰি গাঁৱৰ ছোৱালী বিলাকৰ বাবে এখন প্রাথমিক স্কুল আৰম্ভ কৰি দিয়াত গাঁৱৰ ছোৱালীবিলাকে অকণমান হ’লেও শিক্ষাৰ পোহৰ পাইছিল।

এদিন বিদ্যালয় উপ-পৰিদৰ্শকে বিদ্যালয় পৰিদৰ্শন কৰিবলৈ আহি কমবয়সীয়া চন্দ্ৰপ্ৰভাৰ সমাজ সেৱাৰ মনোভাৱ দেখি আচৰিত হৈছিল আৰু চন্দ্ৰপ্ৰভাই পুনৰ পঢ়াৰ সুবিধা পাবৰ বাবে জলপানীৰ ব্যৱস্থা কৰি দি নগাঁৱৰ মিছন স্কুলত ভৰ্তি কৰাই দিছিল। তাৰপৰাই নৰ্মাল পাছ কৰি চন্দ্ৰপ্ৰভাই শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিল। চন্দ্ৰপ্ৰভাই পাছত নাৰীসকলক বাহিৰৰ সমাজলৈ উলিয়াই আনিবৰ বাবে মহিলা সমিতি গঠন কৰিছিল। স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা চন্দ্ৰপ্ৰভা এগৰাকী সু-বক্তা আৰু সুলেখিকাও আছিল।

প্রশ্ন : ১। উত্তৰ দিয়া :

(ক) চন্দ্ৰপ্ৰভা শইকীয়াৰ জন্ম ক ত আৰু কেতিয়া হৈছিল ?

উত্তৰ : ১৯০১ চনৰ ১৬ মাৰ্চত বজালীৰ দৈশিঙৰী গাঁৱত চন্দ্ৰপ্ৰভা শ‍ইকীয়ানীৰ জন্ম হৈছিল।

(খ) তেখেতে (চন্দ্ৰপ্ৰভাই) প্রাথমিক শিক্ষা কেনেকৈ লাভ কৰিছিল ?

উত্তৰ : মাহীয়েকৰ ঘৰত থাকি তেখেতে (চন্দ্ৰপ্ৰভাই) প্রাথমিক শিক্ষা লাভ কৰিছিল।

(গ) চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ (কাৰণে) বাবে কি কৰিছিল ? 

উত্তৰ : চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে এখন প্রাথমিক স্কুল আৰম্ভ কৰিছিল। 

(ঘ) তেখেতক (চন্দ্ৰপ্ৰভা শইকীয়ানীক) পুনৰ পঢ়া আৰম্ভ কৰাৰ বাবে কোনে সুবিধা দিছিল ? 

উত্তৰ : চন্দ্ৰপ্ৰভাৰ স্কুল পৰিদৰ্শন কৰিবলৈ অহা উপ-পৰিদৰ্শকজনে তেখেতক পুনৰ পঢ়া আৰম্ভ কৰাৰ বাবে সুবিধা কৰি দিছিল।

(ঙ) তেখেতে (চন্দ্ৰপ্ৰভাই) নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল ?

উত্তৰ : তেখেতে (চন্দ্ৰপ্ৰভাই) নাৰীসকলৰ বাবে মহিলা সমিতি স্থাপন/গঠন কৰিছিল। 

প্রশ্ন : ২। অমলপ্রভা দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কি কি দিশত মিল আৰু কি কি দিশত অমিল দেখিছা লিখা। 

উত্তৰ : অমলপ্ৰভা দাস আৰু চন্দ্ৰপ্ৰভা শ‍ইকীয়ানীৰ মাজত সাধাৰণ মিল আছিল যে দুয়ো দেশপ্রেমী আছিল। দেশৰ মঙ্গলৰ বাবে বা উন্নতিৰ বাবে দুয়ো কিবা কৰিব বিচাৰিছিল অমলপ্ৰভাই ক্ষুদ্র উদ্যোগ পাতি ডেকা-গাভৰুসকলক স্বাৱলম্বী হোৱাৰ সুযোগ দিয়াৰ যত্ন কৰিছিল আৰু চন্দ্ৰপ্ৰভা শ‍ইকীয়ানীয়ে নাৰী শিক্ষাৰ বাবে যত্ন কৰিছিল আৰু নাৰীসকলক বাহিৰৰ জগতখনলৈ উলিয়াই অনাৰ যত্ন কৰি মহিলা সমাজ গঠন কৰিছিল। দুয়ো গান্ধীজীৰ আদৰ্শ গ্ৰহণ কৰিছিল। স্বাধীনতা আন্দোলনত যোগদান কৰিছিল।

পার্থক্য আছিল দুয়োৰে শিক্ষা-দীক্ষাত। অমলপ্ৰভা উচ্চ শিক্ষিতা, অসমৰ প্ৰথম গৰাকী মহিলা এম. এছ চি আছিল। চন্দ্ৰপ্ৰভা উচ্চ শিক্ষিতা নাছিল, কেৱল নর্মাল পাছ আছিল। অমলপ্ৰভাই চাকৰি কৰা নাছিল, চন্দ্ৰপ্ৰভাই শিক্ষয়িত্ৰীৰ চাকৰি কিছুদিন কৰিছিল। অমলপ্ৰভাৰ মাক-দেউতাক শিক্ষিত আছিল চন্দ্ৰপ্ৰভাৰ নাছিল।

প্রশ্ন : ৩। গান্ধীজীয়ে যতঁৰত সূতা কাটিছিল। যঁতৰৰ উপৰি আৰু কিহেৰে সূতা কাটিব পাৰি ?

উত্তৰ : যঁতৰৰ উপৰি হাতেৰে সুতা কাটিব পাৰি। 

প্রশ্ন : ৪। কবিতাটো আবৃত্তি কৰিবলৈ শিকা

‘অক্কমাণিৰ গান’ – জ্যোতিপ্ৰসাদ আগৰৱালা।

   মা, মই আজি

         সোণ বৰণৰ

         সপোন দেখিলোঁ 

   তোৰ আঙুঠিৰ ৰঙা বাখৰ 

         পাখি পিন্ধি উৰা দেখিলোঁ। 

   মা, অ’ মা

         তোৰ যে মা

         ৰঙা বগা হালধীয়া

         কেচৰছীয়া

         ৰিহা এখন আছিল

   তাৰ নিচিনা

         চৰাই এটাই

         মোৰ কাষলৈ আহিল।

     মা, অ’ মা

         মই টুক বুলিলে

    সি কুতুক্ কুতুক্‌ কৰে

        আৰু ঘূৰ বুলিলে

        লৰ-মাৰি গৈ ফুৰ-ফুৰকৈ উৰে

   বুইছ’ মা, তাৰ চকু দুটা

        ঠিক, তোৰ আঙুঠিৰ বাখৰ

        আৰু গোটেই গাতে অঁকা বঁকা

        সোণৰ ৰূপৰ আখৰ

প্রশ্ন : ৫। আমাৰ ৰাজ্যৰ বিভিন্ন দিশত পাৰদৰ্শিতা দেখুওৱা মহিলাসকলৰ নাম শিক্ষক/অভিভাৱকৰ সহযোগত লিখা।

নৃত্যগীতবাদ্যখেলকবিতা ৰচনাগল্প লিখাসাঁতোৰা
ইন্দিৰা পিপাৰবিনমনালিছানলিনীবালাদিপালী দত্তমিঠু বৰুৱা
পি বৰাচুলতানাবৰুৱানিৰ্মলপ্ৰভাড° গায়ত্ৰী
শাৰদীদীপালিধৰ্মেশ্বৰীবৰা কাকতি
শ‍ইকীয়াবৰঠাকুচন্দনাবৰুৱাণীবৰ্ণালী ভঁৰালী
পুষ্পসঙ্গীতাগগৈকৰবী ইত্যাদিমামণি ৰয়চম 
ভূঞাকাকতিনীলিমা দত্ত
ইত্যাদিমৌচুমী কন্দলী

ঘ- প্রকল্প

প্রশ্ন : ১। পাঠত থকা বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদবোৰেৰে তলৰ তালিকাৰ দৰে এখন তালিকা তৈয়াৰ কৰা।

বিশেষ্য, বিশেষণ আৰু সৰ্বনামপদৰ তালিকা

বিশেষ্যবিশেষণসর্বনাম
অমলপ্রভানম্র, বিনয়ীতেখেত, তাকেই
মহাত্মা গান্ধীদৃঢ়তাসম্পন্নমই
বিনোৱাজীপাৰ্গত

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top