Class 5 Assamese Chapter 11 অমলপ্ৰভা দাস

Class 5 Assamese Chapter 11 অমলপ্ৰভা দাস, Class 5 Assamese Chapter 11 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board অমলপ্ৰভা দাস Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.

Class 5 Assamese Chapter 11 অমলপ্ৰভা দাস

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 11 অমলপ্ৰভা দাস Solutions for All Subject, You can practice these here.

অমলপ্ৰভা দাস

Chapter – 11

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(ক) অমলপ্রভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল? 

উত্তৰ: অমোলপ্ৰভা দাসৰ পিতৃৰ নাম ডা০ হৰিকৃষ্ণ দাস আৰু মাতৃৰ নাম হেমপ্ৰভা দাস।

(খ) অমোলপ্রভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল? 

উত্তৰ: দহ বছৰ বয়সৰ পৰা অমোলপ্ৰভা দাসে সূতা কৰিবলৈ আৰম্ভ কৰিছল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) তেখেতে শৰণীয়া পাহাৰত কি কি উদ্যোগ পাতিছিল? 

উত্তৰ: তেখেতে শৰণীয়া পাহাৰত তেলপেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা , তাঁতৰ কাপোৰ বোৱা আদি উদ্যোগ পাতিছিল। 

(ঘ) এই উদ্যোগবোৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল? 

উত্তৰ: এই উদ্যোগবোৰে দেশবাসীৰ আৰ্থিক অবস্থা টনকিয়াল হোৱাত, স্বাৱলম্বী হোৱাত আৰু প্ৰকৃত স্বৰাজ লাভ কৰাত সহায় কৰে।

(ঙ) চৰকাৰে অমলপ্রভা দাসক কি সম্মান দিবলৈ বিচাৰিছিল? 

উত্তৰ: চৰকাৰে অমলপ্রভা দাসক ‘পদ্মবিভূষণ’ সম্মান দিবলৈ বিচাৰিছিল।

২। তলৰ কথাখিনি কোনে ,কাক, কিয়,কৈছিল কোৱা আৰু লিখা।

‘মই সামান্যভাৱে যিকন সেৱা আগবঢ়াইছোঁ তাক সন্মানিত কৰাৰ বাবে অন্তৰৰকৃতজ্ঞতা জনাইছোঁ। কিন্তু মই এই সম্মান লব নোৱাৰিম, কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাৱ আনি দিব। তাৰ বাবে মোক অনুগ্ৰহ কৰি মৰ্জনা কৰে যেন।’

উত্তৰ: উক্ত কথাষাৰ অমলপ্রভা দাসে ভাৰতৰ প্ৰধামন্ত্ৰী জৱাহৰলাল নেহৰুক এখন চিঠিৰ দ্বাৰা জনাইছিল, যিহেতু ভাৰত চৰকাৰে অমলপ্ৰভা দাসক সমাজ সেৱা কৰাৰ বাবে ‘পদ্মবিভূষণ’ ৰে সম্মান দিব বিচাৰিছিল। কিন্তু তেঁওৰ মতে এই সম্মান গ্ৰহণ কৰিলে তেওঁৰ অহংকাৰ ভাৱ আহি যাব সেয়েহে তেওঁ এই সন্মান লবলৈ অমান্তি হৈছিল।

৩। স্কুলীয়া জীৱনত অমলপ্রভা দাসে পঢ়াৰ উপৰি মাক দেউতাকক কি কি কামত সহায় কৰিছিল?

উত্তৰ: পঢ়া শুনাৰ উপৰি অমলপ্রভা দাসে মাক – দেউতাকক আজৰি সময়ত স্কুলৰ পৰা অহাৰ পিছত ফুলনিত ফুল ৰোৱা, গছ পুলিত পানী দিয়া আদি কামত সহায় কৰিছিল।

৪। কটন কলেজত তেখেতক পঢ়িবলৈ কিয় দিয়া নাছিল ? 

উত্তৰ: সেই সময়ত কটন কলেজত ছোৱালী পঢ়াৰ কোনো ধৰণৰ ব্যৱস্থা নাছিল সেইবাবে কটন কলেজত অমলপ্ৰভা দাসক পঢ়িব দিয়া নাছিল।

৫। শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দশ্য কি আছিল?

উত্তৰ: সেই সময়ৰ ডেকা – ডেকেৰীসকলক স্বাৱলম্বী কৰাত সহায় কৰাই শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ মূল কাৰণ আছিল।

1 thought on “Class 5 Assamese Chapter 11 অমলপ্ৰভা দাস”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top