Class 5 Assamese Chapter 3 অৰূপৰ আবেদন

Class 5 Assamese Chapter 3 অৰূপৰ আবেদন, Class 5 Assamese Chapter 3 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board অৰূপৰ আবেদন Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.

Class 5 Assamese Chapter 3 অৰূপৰ আবেদন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 3 অৰূপৰ আবেদন Solutions for All Subject, You can practice these here.

অৰূপৰ আবেদন

Chapter – 3

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

উত্তৰ দিয়া:

১। (ক) অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল? 

উত্তৰ: অৰূপৰ পেট – চলা অসুখ হোৱাত সি দুৰ্বল হৈ পৰাৰ বাবে কেইবাদিনো স্কুলত অনুপস্থিত আছিল।

(খ) অৰূপৰ পেট – চলা ৰোগ কিয় হৈছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰ: গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ গৈ অৰূপৰ পেট – চলা ৰোগ হয়।

(গ) অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰী গৰাকীয়ে কি কৈছিল?

উত্তৰ: ৰেহেনা খাতুন বাইদেৱে অৰূপে লিখিত ৰূপত জনোৱা বাবে ভাল পালে আৰু অৰূপক স্কুলত অনুপস্থিত থাকিলে বা থাকিব লগা হলে চুটি মঞ্জুৰীৰ বাবে আবেদন বা দৰ্খাস্তব্ল লিখিবলৈ শিকাই দিলে কাৰণ অৰূপে বাইদেউক যেনেকৈ লিখি দিছিল তাক চিঠি দিয়া বুলি হে ধৰা হৈ।

(ঘ) আবেদনক আৰু কি বুলি কয়?

উত্তৰ: আবেদনক দৰ্খাস্ত বুলিও কোৱা হয়।

(ঙ) অৰূপে পঢ়া স্কুলখনৰ নাম কি?

উত্তৰ: অৰূপে পঢ়া স্কুলখনৰ নাম হ’ল নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়।

(চ) অৰূপে কি বিচাৰি আৱেদন কৰিছিল?

উত্তৰ: অৰূপে ছুটী মঞ্জুৰী বিচাৰি আৱেদন কৰিছিল।

২। শব্দবোৰৰ অৰ্থ লিখোঁ আহা: 

ব্যস্ত, খতি, পেট – চলা, ছুটী, মঞ্জুৰ, একান্ত, শৈলী, শিৰোনামা।

উত্তৰ: ব্যস্ত – কোনো কামত লাগি থকা।

খতি – কায্যক্ষম হৈ নথকা বা চলন্ত অৱস্থাত নথকা বা বন্ধ থকা।

পেট – চলা – বেছিকৈ শৌচ হোৱাৰ ফলত পেটৰ অসুখ হোৱা ৰোগ। 

ছুটী – অৱসৰ বা কোনো কামৰ পৰা অলপ সময় অব্যাহত হৈ থকা।

মঞ্জুৰ – সন্মতি বা গ্ৰহণ কৰা।

একান্ত – অতি নম্ৰ ভাবৰ ধৰণ বা একাগ্ৰ ।

শৈলী – পদ্ধতি।

শিৰোনামা –  যিকোনো পত্ৰ ৰ ওপৰৰ অংশত লিখা নাম ।

৩। ‘ অৰূপ তুমি দেখোন কেইবাদিনো স্কুল খতি কৰিলে, কিবা অসুখ – বিসুখ হৈছিল নেকি?’ — এই প্ৰশ্নটো কোনে, কেতিয়া, কাক কৰিছিল ? 

উত্তৰ: অৰূপৰ পেট – চলা অসুখ হোৱাত সি দহ দিন স্কুলত অণুপস্থিত আছিল আৰু ইমান দিনৰ পিছত তাক স্কুলত দেখি ৰেহানা খাতুন বাইদেৱে অৰূপক উক্ত প্ৰশ্নটি কৰিছিল।

৪। স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আৱেদন কৰিব লাগে ? 

উত্তৰ: স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আৱেদন কৰিব লাগে।

৫। অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আৱেদন খনৰ মাজত কি কি পাৰ্থক্য দেখিলা ? কোৱা আৰু লিখা। 

উত্তৰ: অৰূপে লিখা পত্ৰ খনক চিঠি বুলি কব পাৰি আনহাতে বাইদেৱে আৱেদন বা দৰ্খাস্ত লিখিবলৈ শিকাই দিছিল। দুয়োটাৰে লিখন পদ্ধতি বেলেগ বেলেগ হয়। প্ৰথমতে অৰূপে লিখা পত্ৰ খনত বিদ্যালয়ৰ নাম – ঠিকনা উল্লেখ নাছিল আনহাতে বাইদেৱে শিকোৱা আৱেদন খনত আৰম্ভণিয়ে বিদ্যালয়ৰ নাম উল্লেখ কৰি কৰিছে।

দ্বিতীয়তে অৰূপৰ পত্ৰ খনত বিষয় উল্লেখ নকৰি মূল কথাতে বিষয়টো বৰ্ণনা কৰা আছিল তাৰ বিপৰীতে বাইদেৱে শিকোৱা আৱেদনত বিষয় উল্লেখ কৰিহে মূলকথা লৈ আগবঢ়া হৈছিল। 

তৃতীয়তে অৰুপৰ পত্ৰ ত কোনো অভিভাৱকৰ চহী নাছিল আনহাতে বাইদেৱে শিকোৱা আৱেদনত অভিভাৱকৰ চহী আছিল। এনেবোৰ পাৰ্থক্যই অৰূপ আৰু শিক্ষয়িত্ৰী বাইদেউ ৰ আৱেদনক পৃথক কৰি তুলিছে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top