⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 5 Assamese Chapter 7 ফুলকোঁৱৰৰ গীত

Class 5 Assamese Chapter 7 ফুলকোঁৱৰৰ গীত, Class 5 Assamese Chapter 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board ফুলকোঁৱৰৰ গীত Class 5 অসমীয়া Question Answer can be of great value to excel in the examination.

Class 5 Assamese Chapter 7 ফুলকোঁৱৰৰ গীত

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 5 Assamese Chapter 7 ফুলকোঁৱৰৰ গীত Solutions for All Subject, You can practice these here.

ফুলকোঁৱৰৰ গীত

Chapter – 7

অংকুৰণ

পাঠভিত্তিক ক্রিয়া কলাপ

১। গীতটিৰ কাহিনী ভাগ নিজৰ কথাৰে সজাই – পৰাই লিখা।

উত্তৰ: ফুলকোঁৱৰৰ গীতটিত কবিয়ে মালিনী নামৰ ছোৱালী এজনীৰ বাৰ বছৰে শুকাই থকা বাগিছা এখন কিদৰে তমস্কাৰ হৈছিল তাৰে এক সুন্দৰ প্ৰকাশ কৰিছে। 

এদিনাখন এজন ফুলকোঁৱৰ কাঠৰ পখী ঘোঁৰাত আহি মালিনীৰ ফুলনি বাগিছাত পৰিল। পখী ঘোঁৰাত অহাৰ বাবে তেওঁ ছমাহৰ বাট এদিনতে কৰিছিল। ফুলনিত পৰিয়েই তেঁও ভৰিৰে ফুল টিপা মৰাত সেউতী, মালতী, তগৰ আদি ফুল বোৰৰ শিপা মেলিব ধৰিলে। তাৰ পিছত তেওঁ মুখেৰে শংখ বজাওঁতে ফুলবোৰে পোখা মেলিছিল। তাৰ পিছত তেওঁ শাল মাৰোতে সকলোৱে ডাল মেলিলে আৰু চলি মাৰোতে কলি পেলায়। তেনেদৰেই শূল মাৰোতে কলি পৰা ফুল বোৰ উলাই। ফুলনিৰ ভাল দশা দেখি বাটোৰুৱাই তৱধ মানিলে আৰু মালিনীক আকৌ বাৰ বছৰৰ ফুলনিখন তমস্কাৰ হৈ উঠাত অভিনন্দন জনালে। 

২। তলৰ শব্দবোৰৰ অৰ্থ লিখা।

উত্তৰ: টিপা – আঙুলি বা হাতেৰে মৰা চেপা।

শাল: এমূৰ – জোঙা ছুটী খুটি।

চলি – চাচি এৰুওৱা পাতল কাঠ।

শূল – জোঙা অস্ত্ৰ।

দশা – ভাগ্য বা অবস্থা। 

শখাঁ – শংখ।

তমস্কাৰ – পৰিপাটি।

৩। উওৰ দিয়া:

(ক) ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল?

উত্তৰ: ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল।

(খ) ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ কত পৰিছিল? 

উত্তৰ: ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ মালিনী ৰ বাৰীত পৰিছিল। 

(গ) ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে?

উত্তৰ: ফুলকোঁৱৰে কাঠৰ পখীঘোঁৰাত উৰি অহাৰ বাবে ছমাহৰ বাট এদিনতে পাইছিল। 

(ঘ) ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে?

উত্তৰ: ফুলনিখনৰ ফুলবোৰ ফুলকোঁৱৰে ফুলাইছিল।

৪। বুজাই লিখা।

(ক) ই বোলে মালিনী            সি বোলে মালিনী

                       তোৰ দশা ভাল হ’ল,

                           গীটফাকিত “মালিনী” কাক বোলা হৈছে? মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে?

উত্তৰ: উক্ত গীতফাকিত মালিনী বুলি বাগিছাখনৰ গৰাকীক কোৱা হৈছে। বাৰ বছৰৰ মালিনীৰ এই বাগিছাখন বৰ্তমান শুকান ফুলৰ বাৰী হৈ আছিল। ফুলকোঁৱৰে আহি শুকান ফুলৰ বাগিছাখন তমস্তকাৰ কৰাত বাটোৰুৱা এ তৱধ মানি মালিনীৰ দশা এতিয়া ভাল হল বুলি কৈছিল।

(খ) ফুলকোঁৱৰৰ হাতৰ পৰশত ফুলনিবাৰী খন কেনেদৰে তমস্কাৰ হৈছিল ?

উত্তৰ: কাঠৰ পখীঘোঁৰাত আহি মালিনীৰ বাৰীত পৰা ফুলকোঁৱৰে প্ৰথমে শুকাই পৰি থকা ফুলত ভৰিৰে টিপা মাৰোতে ফুলবোৰৰ শিপা মেলিব ধৰিলে, মুখেৰে শংখ বজাওতে পোখা মেলিলে , শাল মাৰোতে ডাল মেলিলে আৰু চলি মাৰোতে কলি পেলালে আৰু অবশেষত শূল মাৰোতে ফুলবোৰ ফুলি উঠিল আৰু ফুলনি বাৰী খনৰ তমস্কাৰ হয়।

(গ) শিপা ধৰাৰ পৰা কি কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল?

উত্তৰ: শিপা ধৰাৰ পিছত ফুলগছ বোৰে পোখা মেলে , ডাল ওলাই, কলি পেলাই আৰু তাৰ পিছত ফুল ফুলি উঠে।

(ঘ) বাৰ বছৰীয়া শুকান ফুলৰ বাৰিখন কেনেদৰে সলনি হয়? 

উত্তৰ: বাৰে বছৰীয়া বাৰী খনত কাঠৰ পখিঘোঁৰাত অহা ফুলকোঁৱৰ আহি শুকান হৈ পৰি থকা ফুলবোৰক নিজৰ স্পৰ্শৰে তমস্কাৰ কৰি তোলে।

৫। ‘ ক ‘ অংশৰ লগত ‘ খ ‘ অংশ মিলাই লিখা।

“ক” অংশ“খ” অংশ
(ক) জেউতি চৰিলেফুলৰে তিৰ্ বিৰ্ দেখে
(খ) ফুলনি বাৰীত থাকোঁতেসবেও পেলালে কলি কোঁৱৰে
(গ) কাঠৰ পখী ঘোঁৰা এৰিইপাহি সিপাহী লেখি ফুলকোঁৱৰে
(ঘ) তগৰ গুটীমালীউৰি যাওঁ উৰি যাওঁ কৰিল
(ঙ) কৰে হৰি হৰিসৱালৈ মাৰিল শাল

উত্তৰ :  

“ক” অংশ“খ” অংশ
(ক) জেউতি চৰিলেউৰি যাওঁ উৰি যাওঁ কৰিল
(খ) ফুলনি বাৰীত থাকোঁতেইপহি সিপাহি লেখি কোঁৱৰে
(গ) কাঠৰ পখী ঘোঁৰা এৰিসবালৈ মাৰিলে শাল ফুলকোঁৱৰে
(ঘ) তগৰ গুটীমালীসবেও পেলালে কলি
(ঙ) কৰে হৰি হৰিফুলৰে তিৰবিৰ দেখি
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top